Good Assam is a Multi Language New E-Magazine and a Digital Media. Every day you can read Health News , Vastu tips , Various types of articles , Stories , Novels and more. If you would like to publish your article, please send us a message in the message box of our Facebook Page or send your article to us by email. Our e-mail : goodassam@hotmail.com || Want to promote your advertise in Good Assam? Please contact us. Good Assam now Available on Facebook Instagram and YouTube. Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam24.in ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব।

Type Here to Get Search Results !

Mandiad

বিশ্বৰ প্ৰথমটো AI ৰ দ্বাৰা জন্ম কেঁচুৱা। মহিলাই জন্ম দিলে এটি সুস্থ সন্তান

বিশ্বৰ প্ৰথমটো AI ৰ দ্বাৰা জন্ম কেঁচুৱা। মহিলাই জন্ম দিলে এটি সুস্থ সন্তান


By Good Assam 


AI এতিয়া কেৱল আমাৰ গাড়ী চলোৱা বা chat bot সৃষ্টি কৰাই নহয়, কিন্তু এতিয়া ই মানুহৰ জীৱন সলনি কৰি নতুন জীৱনৰ জন্ম দিয়াত সহায়ক বুলি প্ৰমাণিত হৈছে। এই ক্ৰমত বিশ্বৰ প্ৰথমটো AI-IVF কেঁচুৱা এতিয়া বাস্তৱত পৰিণত হৈছে।






 যদি কোনো ৰবট বা মেচিনে কাৰোবাক পিতৃ-মাতৃ হ’বলৈ সহায় কৰে, আচৰিত নহ'য় নে ? 

কল্পবিজ্ঞান চিনেমাৰ কাহিনী যেন লাগিব পাৰে, কিন্তু এতিয়া ই বাস্তৱত পৰিণত হৈছে। বিশ্বৰ প্ৰথম এনে সন্তানৰ জন্ম হৈছে, যাৰ আই ভি এফ প্ৰক্ৰিয়াত মানুহৰ পৰিৱৰ্তে এ আই আৰু ৰবটিক্সে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু এগৰাকী ৪০ বছৰীয়া মহিলাই এটা সুস্থ সন্তান জন্ম দিছে।





মেক্সিকোৰ গুয়াডালাজাৰাত জন্মগ্ৰহণ কৰিছিল এআই কেঁচুৱাটো। চিকিৎসা বিজ্ঞানৰ জগতখনৰ এক বৃহৎ বৈপ্লৱিক পদক্ষেপ । কনচিভেবল লাইফ ছায়েন্সৰ এটা দলে এআইৰ সহায়ত আইচিএছআই পদ্ধতিৰ ২৩টা পৰ্যায় প্ৰক্ৰিয়াকৰণ কৰিছিল। গতিকে ইয়াৰ বিষয়ে বিতংভাৱে জনাও আহক -


এই Ai IVF পদ্ধতিটো কি?

এই প্ৰযুক্তিত এআইয়ে সেই কাম কৰিছিল যিটো এতিয়ালৈকে অভিজ্ঞ চিকিৎসক আৰু ভ্ৰূণ বিশেষজ্ঞই কৰিছিল।

যেনেকৈ উত্তম শুক্ৰাণু নিৰ্বাচন কৰি কণীৰ লগত মিহলাই অৰ্থাৎ নিষেচন আৰু তাৰ পিছত ভ্ৰূণ প্ৰস্তুত কৰা। এতিয়া এই সকলোবোৰ প্ৰক্ৰিয়া এটা বিশেষ এআই আৰু ৰবটিক ব্যৱস্থাৰ দ্বাৰা সম্পূৰ্ণৰূপে স্বয়ংক্ৰিয় কৰা হৈছে। ইয়াত মানুহৰ কোনো কাম নাথাকিব । এআই এ আটাইতকৈ সুস্থ শুক্ৰাণু বাছি উলিয়ায় , তাৰ পিছত ৰবটিক বাহুৰ সহায়ত ইয়াক কণীত বেজী দিয়া হৈছিল। এই সমগ্ৰ কৌশলটোক Intracytoplasmic sperm injection (ICSI) বুলি কোৱা হয়।



কিয় এটা ডাঙৰ বিপ্লৱী পদক্ষেপ?

পৰম্পৰাগত আইভিএফ প্ৰক্ৰিয়াটো ব্যয়বহুল, ক্লান্তিকৰ আৰু কষ্টদায়ক। কেতিয়াবা এটাতকৈ অধিক চক্ৰৰ প্ৰয়োজন হয়, যাৰ সফলতা নিৰ্ভৰ কৰে ভ্ৰুণৰ বয়স, গুণগত মান আৰু চিকিৎসকৰ বিশেষজ্ঞতাৰ ওপৰত। এআইয়ে এতিয়া এই প্ৰক্ৰিয়াটোক অধিক সঠিক আৰু কাৰ্যক্ষম কৰি তুলিব পাৰিছে অতি কম সময়তে । এআইৰ ব্যৱহাৰে প্ৰজনন প্ৰক্ৰিয়াটোক: কম খৰচী, অধিক নিৰ্ভৰযোগ্য, ভুলমুক্ত আৰু অধিক লোকৰ বাবে সুলভ কৰি তুলিব পাৰিছে।


সঁচাকৈয়ে এই কৌশল সম্পূৰ্ণ নিৰাপদ নেকি?

প্ৰতিটো নতুন প্ৰযুক্তিৰ দৰেই এআইৰ সন্দৰ্ভতো কিছু নৈতিক আৰু আইনী উদ্বেগ উত্থাপন হৈছে। মানুহৰ মনত বহু প্ৰশ্ন উত্থাপন হ'ব পাৰে। যেনে, ভ্ৰূণৰ নিৰ্বাচন সম্পূৰ্ণৰূপে মেচিনৰ ওপৰত এৰি দিয়াটো সঠিক নেকি? মানৱ বিশেষজ্ঞ অবিহনে ইমান ডাঙৰ কাম সম্পন্ন কৰাটো নিৰাপদ নেকি? এতিয়াই যিকোনো কথা কোৱাটো উচিত নহ’ব। বৰ্তমান এই প্ৰযুক্তি সম্পূৰ্ণৰূপে গ্ৰহণ কৰিব পৰাকৈ কঠোৰ নিৰ্দেশনাৰে বৃহৎ পৰিসৰৰ ক্লিনিকেল ট্ৰায়েলৰ প্ৰয়োজন আছে। যদিহে সফল হয় তেন্তে আগলৈ চিকিৎসকক বহুটো সহায় কৰিব।



Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.