( অপূৰ্ব দাস )
স্বাস্থ্যৰ বাবে দৈ উপকাৰী, কিন্তু গ্ৰীষ্মকালত ইয়াক সঠিকভাৱে সেৱন কৰিব লাগে।
গ্ৰীষ্মকালত দৈ খোৱাটো সাধাৰণতে স্বাস্থ্যৰ বাবে উপকাৰী বুলি গণ্য কৰা হয় যদিও ভুল ধৰণে বা অত্যধিক পৰিমাণে খালে শৰীৰৰ ক্ষতিও হ’ব পাৰে। আয়ুৰ্বেদৰ মতে গ্ৰীষ্মকালত দৈনিক দৈ খোৱাটো ক্ষতিকাৰক বুলি কোৱা হৈছে, গতিকে গ্ৰীষ্মকালত দৈ সেৱন কৰাৰ সময়ত কি কি কথা মনত ৰাখিব লাগে সেই বিষয়ে জানিবলৈ পঢ়িব -
দৈৰ প্ৰকৃতি আৰু ইয়াৰ শৰীৰত প্ৰভাৱ :
আয়ুৰ্বেদৰ মতে দৈ সোৱাদত টেঙা আৰু প্ৰকৃতিত গৰম। ই গধুৰ আৰু হজম হ’বলৈ সময় লাগে, যাৰ ফলত কফ আৰু পিত্ত দোষৰ ( গেছট্ৰিক ) সমস্যা হ’ব পাৰে। গ্ৰীষ্মকালত ইয়াক অতিমাত্ৰা সেৱন কৰিলে শৰীৰত তাপ বৃদ্ধি পায়, যাৰ ফলত ছালত পিম্পল, এলাৰ্জী, পাচনতন্ত্ৰৰ সমস্যা আদি হ’ব পাৰে।
কেনেকৈ দৈ সঠিকভাৱে সেৱন কৰিব?
গ্ৰীষ্মকালত দৈৰ সলনি মাখন খালে ভাল। তাত ক’লা নিমখ, জিৰা আৰু ক’লা জালুকৰ গুড়ি এচিকুট মিহলাই খাব। ইয়াৰ ফলত শৰীৰ শীতল হোৱাৰ লগতে পাচনতন্ত্ৰও মজবুত হ’ব। দিনত দৈ সেৱন কৰাটো ভাল। ৰাতি দৈ খালে পাচনতন্ত্ৰৰ সমস্যাৰ সৃষ্টি হোৱাৰ লগতে টোপনি ব্যাঘাত জন্মাব পাৰে। খালী পেটত দৈ একেবাৰেই নাখাব। ৰাতিপুৱা খালী পেটত দৈ খালে এচিডিটি আৰু গেছৰ সমস্যা হয়।
কি কি বস্তুৰ লগত দৈ খাব নালাগে?
টেঙা ফল: কমলা, নেমু, আনাৰস,আম আদি টেঙা ফল দৈৰ সৈতে খালে পাচনতন্ত্ৰৰ সমস্যা হ’ব পাৰে।
মাংস আৰু মাছঃ দৈ আৰু মাছ বা মাংস দুয়োটাতে প্ৰচুৰ পৰিমাণে প্ৰটিন থাকে। একেলগে খালে পাচনতন্ত্ৰৰ সমস্যা আৰু ছালৰ সমস্যা হ’ব পাৰে।
তেলীয়া খাদ্যঃ পৰঠা, ভাতুৰা বা পুৰিৰ দৰে ভাজি খাদ্য দৈৰ সৈতে খালে হজম শক্তি লেহেমীয়া হয় আৰু শৰীৰত গেছৰ সমস্যা বৃদ্ধি পায়।
পিঁয়াজ: পিয়াঁজ আৰু দৈ দুয়োটা গৰম প্ৰকৃতিৰ। একেলগে খালে ছালৰ ফোহা বা এলাৰ্জী হ’ব পাৰে।
গাখীৰ: দৈ আৰু গাখীৰ দুয়োটা দুগ্ধজাত সামগ্ৰী। একেলগে খালে এচিডিটি, বদহজম আৰু গেছৰ দৰে সমস্যা হ’ব পাৰে।
তিতা : তিতাৰ সৈতে কেতিয়াও দৈ খাব নালাগে।
দৈ খোৱাৰ ক্ষেত্ৰত সাৱধানতা :
ৰাতি দৈ একেবাৰেই নাখাব। ৰাতি দৈ খালে শৰীৰত কফ আৰু গেছট্ৰিক বৃদ্ধি পায়, যাৰ ফলত চৰ্দি- কাহ আৰু গেছট্ৰিক হ’ব পাৰে। পোনপটীয়াকৈ দৈ খোৱাৰ সলনি তাত অলপ ক’লা নিমখ, জিৰা বা মৌ মিহলাই খালে ভাল। ঠাণ্ডা বতৰত দৈ খোৱাৰ পৰা বিৰত থাকিব লাগে। সীমিত পৰিমাণত দৈ সেৱন কৰক বা বসন্ত, শৰৎ আৰু শীতকালত একেবাৰে সেৱন নকৰিব কাৰণ ই কফ বৃদ্ধি কৰে।