ঝুমুৰ অসমৰ চাহ জনজাতিসকলৰ নৃত্য। ভাদ মাহৰ শুক্লা একাদশী তিথিত উদ্যাপিত চাহ জনজাতিসকলৰ কৰম পূজাৰ অংগৰূপে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰা হয়। মূলতঃ স্ত্ৰী প্ৰধান হ'লেও পুৰুষেও ঝুমুৰ নৃত্যত অংশগ্ৰহণ কৰে। এই নৃত্যত নাচনীসকলে একেলগে হাতত ধৰাধৰি কৰি এটা দীঘলীয়া শাৰীৰ সৃষ্টি কৰে; প্ৰথমজনী নাচনীয়ে নিজৰ সোঁহাতৰ আঙুলিটো দ্বিতীয়জনী নাচনীৰ বাওঁহাতৰ আঙুলিত সুমুৱাই নাচে।
সাধাৰণতে ডেকা-গাভৰুৱে অংশ লোৱা ঝুমুৰ নৃত্যত ডেকাই ঢোল, মাদল, তাল, বাঁহী আদি বাদ্য বজায় আৰু ঝুমুৰ গীত গায়। ডেকাৰ এটি গীত শেষ হোৱাৰ লগে লগে নাচনীয়ে গীতৰ শেষৰ দুফাঁকি পুনৰাবৃত্তি কৰি নাচিবলৈ লয়। কৰম পূজাৰ দিনা সন্ধিয়াৰে পৰা ঝুমুৰ নৃত্য আৰম্ভ হয় আৰু বিভিন্ন সুৰ, তাল, লয়েৰে ওৰে নিশা চলি থাকে। বিহু নাচৰ দৰে ঝুমুৰ নৃত্যতো যৌন আবেদন পৰিলক্ষিত হয়।
ঝুমুৰ" শব্দটো চাওঁতালী মুণ্ডাৰি ভাষাৰ "ঝুম" অৰ্থাৎ মানুহৰ জুম বা ভীৰ আৰু "অইৰ" মানে ঘেৰি ধৰা । ঝুম + অইৰ = ঝুমইৰ শব্দৰপৰা অহা বুলি কোৱা হয়। স্থানবিশেষে ইয়াক "ঝুমুই" বুলিও পোৱা যায়।
কৰম পূজা কি ?
অসমৰ চাহ জনগোষ্ঠীসকলৰ এক তাৎপৰ্য্যপূৰ্ণ অনুষ্ঠান।
কৰম পূজা অসমৰ চাহ জনগোষ্ঠীসকলৰ মাজত এক সৰ্বজনীন, জনপ্ৰিয় আৰু তাৎপৰ্য্যপূৰ্ণ অনুষ্ঠান। মুখ্যতঃ ই এক কৃষিভিত্তিক পূজা। কৃষিকাৰ্য্যত যাতে প্ৰকৃতিৰ পৰা একো বাধা পোৱা নাযায় আৰু শস্যৰ উৎপাদন ভাল হয় তাৰ উদ্দেশ্যে এই পূজা পালন কৰা হয়। স্থানভেদে এই পূজা সামান্য অমিল হ'লেও মূলতঃ ইয়াৰ সম্বন্ধ প্ৰকৃতিৰ সৈতে।
অসমত কৰম পূজা বছৰৰ তিনিটা সময়ত আয়োজন কৰা হয়। ভাদ, আহিন আৰু আঘোণ মাহত কৰম পূজা পালন কৰা হয়। ক'ৰবাত তিনি দিন, ক'ৰবাত পাঁচ দিন আৰু ক'ৰবাত সাত দিন ধৰি এই পূজা পালন কৰা হয়। ভাদ মাহৰ শুক্লা-একাদশী তিথিত উদযাপন কৰা কৰম পূজাক 'ৰাজ কৰম' বা 'ৰাজি কৰম'বা 'ডাল কৰম' বোলে। আহিন মাহৰ বিজয়া দশমীৰ দিনা উদযাপন কৰা কৰমক 'বুড়ী কৰম' বোলে। আকৌ আঘোণ মাহৰ পূৰ্ণিমা তিথিত উদযাপন কৰা কৰমক 'জিতিয়া কৰম' বোলে।
কৰম পূজাত, বিশেষকৈ জাৱাত ঝুমুৰ বা ঝুমুই গীত-নৃত্যৰ বিশেষ ভূমিকা আছে। কৰম জাৱাৰ প্ৰথম দিনা কৰমতী বা নাৰীসকলক প্ৰাধান্য দি ঝুমুই গোৱা হয়:
কৰম কৰম কহলে আয়ো
কৰম কৈ-দি কৈসে আয়ো
শাওন ভাদ চইলে গেল ৰে
কুমাৰী ছড়ী কৰম গাড়েৰে।
ঝুমুই গীত আৰু নৃত্যৰ আৰম্ভণিত শ্ৰীহৰি, ঢোল, মাদল, ব্ৰজনাৰী আদিৰ উদ্দেশ্যে পৰম্পৰাগতভাৱে গীত-মাত পৰিৱেশন কৰা হয়। এই গীতবোৰত শ্ৰীকৃষ্ণৰ লীলা-খেলা আৰু ৰামায়ণ-মহাভাৰতৰ কাহিনী বৰ্ণোৱা হয়। প্ৰহৰ অনুসৰি ঝুমুই গীতৰ সুকীয়া বৈশিষ্ট্য থাকে। 'ৰেইসকা' সকলে এইবোৰক 'ঝিগা ফুলীয়া গীত', 'সোণাফুলীয়া গীত', গলবাৰীয়া গীত', 'ভিনচৰীয়া গীত' আদি নামেৰে নামকৰণ কৰে। কৰম পূজা হোৱাৰ আগে আগে বয়োজ্যেষ্ঠ এজনে এনেকৈ ঝুমু্ই আখৰা আৰম্ভ কৰে:
আখৰা বন্দনা কৰি
সৰস্বতী মা কে ধৰি
আখৰা বন্দনা কৰি
মদনে ঝুমুই লাগল ভাৰী।
পাছদিনা ৰাতিপুৱা 'ভিনচৰীয়া গীত' গাই আখৰা সমাপ্ত কৰা হয় আৰু কৰমতীসকলে সাতখন আঞ্জাৰে বাহীভাত খাই কৰম দেৱতেক নৈত উটুৱাই দিয়ে। এই মুহূৰ্তত বিষাদ মনেৰে ঝুমুইৰ গোৱা হয়:
দেহো দেহো কৰম গসাই
দেহো আশিসষে, দেহো আশিস
আৱত ভাদ মাস
আন ঘূৰাই।
শেষত ঝুমুই গীতেৰে কথা কটা-কটি কৰি ডেকা গাভৰুসকল ঘৰমুৱা হ্য় আৰু কৰম পূজাৰো সামৰণি পৰে।
অসমৰ চাহ জনগোষ্ঠী :
অসমৰ চাহ জনগোষ্ঠী বুলিলে অসমৰ চাহ বাগিচাসমূহৰ কৰ্মচাৰী আৰু প্ৰাক্তন কৰ্মচাৰীসকলক বুজায়। কেইবাটাও ভিন ভিন জনগোষ্ঠীৰ অন্তৰ্ভুক্ত চাহ জনগোষ্ঠীৰ লোকসকল আৰু তেওঁলোকৰ পৰিয়ালসমূহ পৰিয়াল ঘাইকৈ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সিঁচৰিত প্ৰায় ৮০০ চাহ বাগিচাৰ ভিতৰৰ আৱাসিক এলেকাত বসবাস কৰে। অসম চৰকাৰে তেওঁলোকক আনুষ্ঠানিকভাবে চাহ জনজাতি (ইংৰাজী: Tea tribes) নামেৰে অভিহিত কৰে। তেওঁলোকক ব্ৰিটিছ চৰকাৰে অসমৰ চাহ উদ্যোগ আৰু বাগিচাসমূহত কাম কৰিবলৈ শ্ৰমিক হিচাপে অসমলৈ আনিছিল। তেওঁলোক মূলতঃ ঝাৰখণ্ড, ওড়িশা, ছত্তীছগঢ়, পশ্চিম বংগ, অন্ধ্ৰ প্ৰদেশ আৰু বিহাৰৰ জনজাতীয় আৰু আদিবাসীলোক আছিল। ব্ৰিটিছ সকলে ১৮৬০ চনৰ পৰা ১৮৯০ৰ সময়ছোৱাত কেইবাটাও পৰ্যায়ত শ্ৰমিক হিচাপে তেওঁলোকক অসমলৈ আনিছিল। অসমৰ চাহ জনগোষ্ঠী কেইবাটাও বহুভাষী জাতি-জনজাতীয় লোকৰ অসমসত্ত্ব মিশ্ৰণ। চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ লোকসকল সাধাৰণতে উজনি অসম আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰ পাৰৰ বেছিকৈ চাহ বাগিচা থকা অঞ্চলত পোৱা যায়। ডিব্ৰুগড় জিলা, তিনিচুকীয়া জিলা, চৰাইদেউ জিলা, যোৰহাট জিলা, গোলাঘাট জিলা, নগাঁও জিলা, শোণিতপুৰ জিলা, ওদালগুৰি জিলা আৰু কোকৰাঝাৰ জিলাত চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ জনবসতি অধিক। ইয়াৰ লগতে বৰাক উপত্যকাৰ কাছাৰ জিলা, কৰিমগঞ্জ জিলা আৰু হাইলাকান্দি জিলাতো তেওঁলোকৰ উল্লেখযোগ্য বসতি আছে। অসমৰ মুঠ চাহ জনগোষ্ঠীৰ মুঠ জনসংখ্যা প্ৰায় ৭০ লাখ। ইয়াৰে প্ৰায় ৪৫ লাখ মানুহ চাহ বাগিচাৰ ভিতৰৰ পৰিসৰত অৱস্থিত আৱাসিক এলেকাৰ আৱাসত বাস কৰে। ভিন ভিন জাতি-জনগোষ্ঠীৰ হোৱাৰ বাবে তেওঁলোকৰ ভাষা আৰু সংস্কৃতিৰ বৈচিত্ৰ্য দেখা যায়। তেওঁলোকে চাওৰা,ওড়িয়া, চাদ্ৰী, কুৰমালি, বঙালী, চাঁওতালি, খুৰুখ, খাৰিয়া, কুই, গণ্ডী আৰু মুণ্ডাৰী ভাষা ব্যৱহাৰ কৰে। বৰ্তমান বহুবছৰ একেলগে বসবাস কৰা বাবে তেওঁলোকৰ এক সংমিশ্ৰিত উমৈহতীয়া ভাষা আৰু সংস্কৃতি গঢ় লৈ উঠিছে। যদিও এক নিৰ্দিষ্ট সীমাত জন-সমাজৰ পৰা দূৰত্ব বজাই থকা বাবে ঠাই ভেদে তেওঁলোকৰ উমৈহতীয়া ভাষা আৰু সংস্কৃতিৰো তাৰতম্য দেখা যায়। তেওঁলোকে ঘাইকৈ অসমীয়া আৰু চাদ্ৰী ভাষা মিশ্ৰিত ভাষাক প্ৰচলিত মূল ভাষা বা লিংগুৱা ফ্ৰেনকা হিচাপে ব্যৱহাৰ কৰে। ইয়াৰ লগতে তেওঁলোকৰ আন আন ভাষাৰ শব্দয়ো এই মিশ্ৰিত ভাষাক সমৃদ্ধ কৰিছে।