Good Assam is a Multi Language New E-Magazine and a Digital Media. Every day you can read Health News , Vastu tips , Various types of articles , Stories , Novels and more. If you would like to publish your article, please send us a message in the message box of our Facebook Page or send your article to us by email. Our e-mail : goodassam@hotmail.com || Want to promote your advertise in Good Assam? Please contact us. Good Assam now Available on Facebook Instagram and YouTube. Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam24.in ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব।

Type Here to Get Search Results !

Mandiad

ভাৰতত বন্ধ হ’ল ৮৪ লাখ হোৱাটছএপ একাউণ্ট ! আপোনাৰো বন্ধ হ'ব পাৰে

ভাৰতত বন্ধ হ’ল ৮৪ লাখ হোৱাটছএপ একাউণ্ট ! আপোনাৰো বন্ধ হ'ব পাৰে।




By Good Assam 



হোৱাটছএপ দেশৰ ভিতৰতে সৰ্ববৃহৎ মেছেজিং প্লেটফৰ্মত পৰিণত হৈছে। কিন্তু শেহতীয়াকৈ হোৱাটছএপে ভাৰতত প্ৰায় ৮৪ লাখ একাউণ্ট বন্ধ কৰি দিছে।


Whatsapp দেশৰ সৰ্ববৃহৎ মেছেজিং প্লেটফৰ্মত পৰিণত হৈছে। কিন্তু শেহতীয়াকৈ হোৱাটছএপে ভাৰতত প্ৰায় ৮৪ লাখ একাউণ্ট বন্ধ কৰি দিছে। এই পদক্ষেপ গ্ৰহণ কৰিছে হোৱাটছএপৰ মূল কোম্পানী মেটাই। ইয়াৰ মূল উদ্দেশ্য হৈছে প্লেটফৰ্মত ক্ৰমাৎ বৃদ্ধি পোৱা প্ৰৱঞ্চনা আৰু অপব্যৱহাৰ বন্ধ কৰা।






কোম্পানীটোৱে কয় যে এই সিদ্ধান্ত ব্যৱহাৰকাৰীসকলক অনলাইন জালিয়াতিৰ পৰা ৰক্ষা কৰাৰ লগতে নিৰাপদ পৰিৱেশৰ ব্যৱস্থা কৰিবলৈ লোৱা হৈছে। মেটাৰ স্বচ্ছতা প্ৰতিবেদন অনুসৰি ১ আগষ্টৰ পৰা ৩১ আগষ্টৰ ভিতৰত ৮৪.৫ লাখ (৮৪ লাখতকৈ অধিক) একাউণ্ট নিষিদ্ধ কৰা হৈছিল। তথ্য প্ৰযুক্তি আইনৰ ধাৰা 4(1)(d) আৰু ধাৰা 3A(7)ৰ অধীনত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

নীতি উলংঘাৰ বাবে ১৬.৬ লাখ একাউণ্ট ততাতৈয়াকৈ ব্লক কৰা হয়। আন একাউণ্টসমূহ পৰ্যালোচনা কৰাৰ পিছত সন্দেহজনক কামত জড়িত বুলি ধৰা পৰিলে নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

ব্যৱহাৰকাৰীৰ অভিযোগ নোহোৱাকৈ নিজৰ নিৰীক্ষণৰ সময়ত হোৱাটছএপে সক্ৰিয়ভাৱে ১৬ লাখতকৈ অধিক একাউণ্ট নিষিদ্ধ কৰিছিল।

এতিয়া ইয়াৰ আঁৰৰ কাৰণৰ বিষয়ে কওঁ - আচলতে WhatsApp ৰ কিছুমান চৰ্ত আৰু নিয়ম আছে, পালন নকৰিলে WhatsApp ৰ একাউণ্ট বন্ধ কৰাৰ অধিকাৰ আছে।

ইয়াৰ ভিতৰত অনুমতি অবিহনে এটা মেচেজকে কেইবাজনলৈ Forward কৰা , স্পেমিং আৰু জালিয়াতিৰ কাৰ্য্যকলাপ, ভুৱা বা বিভ্ৰান্তিকৰ তথ্য বিয়পোৱা আদি অন্তৰ্ভুক্ত।


ইয়াৰ উপৰিও স্থানীয় আইন উলংঘা কৰা এনে একাউণ্ট নিষিদ্ধ কৰা হৈছিল। ১০,৭০৭ ব্যৱহাৰকাৰীয়ে একাউণ্টৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে। ইয়াৰে ৯৩% নীতি উলংঘা কৰাৰ ক্ষেত্ৰত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। হাৰাশাস্তি, প্ৰৱঞ্চনা বা অনুপযুক্ত আচৰণৰ সৈতে জড়িত অভিযোগৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া হৈছিল।


প্লেটফৰ্মক সুৰক্ষিত আৰু নিৰ্ভৰযোগ্য কৰি তোলাৰ বাবে WhatsApp ৰ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। মেটাই লাখ লাখ একাউণ্ট নিষিদ্ধ কৰাটোৱে দেখুৱাইছে যে কোম্পানীটোৱে প্ৰৱঞ্চনা আৰু অপব্যৱহাৰ ৰোধৰ বাবে কঠোৰ পদক্ষেপ অব্যাহত ৰাখিছে।



Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.