( অপূৰ্ব দাস )
তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিবলৈ বহু খাদ্যৰ পৰা আঁতৰি থকাটো বাঞ্ছনীয়। ইয়াৰ ভিতৰত কিছুমান দালিও। কিছুমান খাদ্য গ্ৰহণ কৰিলে তেজৰ চেনি বৃদ্ধি হ’ব পাৰে। সেয়েহে তেনে খাদ্যৰ পৰা আঁতৰি থকাটোৱেই ভাল।
ডায়েবেটিছৰ সমস্যা আজিকালি যথেষ্ট সাধাৰণ হৈ পৰিছে। ইয়াৰ ফলত তেজত চেনি আৰু গ্লুক’জৰ মাত্ৰা বৃদ্ধি পায়, যাৰ ফলত বহুতো বিপদজনক আৰু মাৰাত্মক ৰোগৰ সৃষ্টি হ’ব পাৰে। ডায়েবেটিছ হৈছে এক দীৰ্ঘদিনীয়া ৰোগ যাৰ কোনো নিৰাময় নাই। খাদ্যাভ্যাস বা জীৱনশৈলীৰ পৰিৱৰ্তন কৰিহে ইয়াক কন্ট্ৰোল কৰি ৰাখিব পাৰি। এই ৰোগত তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিবলৈ বহু বস্তু পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হয়।
বগা বুটঃ ডায়েবেটিছ ৰোগীয়েও বগা বুটৰ পৰা আঁতৰি থাকিব লাগে। ইয়ে বিশেষ ক্ষতি নকৰে যদিও ইয়াক হজম কৰাটো অতি কঠিন। ইয়াৰ ফলত কোষ্ঠকাঠিন্য আৰু এচিডিটিৰ সমস্যা হ’ব পাৰে। বগা বুটত প্ৰটিন পোৱা যায়, যিটো ডায়েবেটিছ ৰোগীৰ বাবেও উপকাৰী। মাত্ৰ কম পৰিমাণে খাওক।
ৰাজমাঃ ডায়েবেটিছ ৰোগীয়েও ৰাজমা পৰিহাৰ কৰিব লাগে। আচলতে ইয়াত যথেষ্ট পৰিমাণৰ কেলৰি থাকে, যাৰ ফলত চেনিৰ মাত্ৰা বৃদ্ধি পাব পাৰে। ইয়াৰ ফলত তেজৰ চেনিৰ মাত্ৰা অধিক বৃদ্ধি হ’য়। বহু পৰিমাণে ৰাজমা খোৱাতো হজম শক্তি নষ্ট হ’ব পাৰে। ইয়াৰ বাবে পেটটো গধুৰ অনুভৱ হ’ব পাৰে। অৱশ্যে ডায়েবেটিছ ৰোগীয়ে ইয়াক কম পৰিমাণে সেৱন কৰিব পাৰে।
মাটিমাহৰ দালিঃ ডায়েবেটিছ ৰোগীয়ে মাটিমাহৰ দালি খোৱাৰ পৰা বিৰত থাকিব লাগে। এই দালি হজম কৰাটো অতি কঠিন। বহুতে ইয়াত গাহৰি মাংস বা হাঁহৰ মাংস দি খায়, যাৰ ফলত হজম শক্তিত অধিক সমস্যাৰ সৃষ্টি হ’ব পাৰে। প্ৰচুৰ পৰিমাণে মাটিমাহৰ দালি খালেও তেজত ইউৰিক এচিড বৃদ্ধি পায় । আনকি কিডনিও ইয়াৰ দ্বাৰা প্ৰভাৱিত হ’ব পাৰে।