Good Assam is a Multi Language New E-Magazine and a Digital Media. Every day you can read Health News , Vastu tips , Various types of articles , Stories , Novels and more. If you would like to publish your article, please send us a message in the message box of our Facebook Page or send your article to us by email. Our e-mail : goodassam@hotmail.com || Want to promote your advertise in Good Assam? Please contact us. Good Assam now Available on Facebook Instagram and YouTube. Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam24.in ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব।

Type Here to Get Search Results !

Mandiad

অহাকালিৰ পৰা জোনবিল মেলা। অসমৰ এটি আকৰ্ষণীয় উৎসৱ।

অহাকালিৰ পৰা জোনবিল মেলা। অসমৰ এটি আকৰ্ষণীয় উৎসৱ।





( Good Assam )



অসমৰ এটি অতি আকৰ্ষণীয় উৎসৱ হ'ল জোনবিল মেলা । মৰিগাঁও জিলাৰ মধ্যৱৰ্তী অঞ্চলৰ জাগীৰোডৰ পৰা উত্তৰে তিনি কিলোমিটাৰ দূৰত্বত (গুৱাহাটী ৰ পৰা ৩২ কিমি) অৱস্থিত এখন বিলৰ নাম হৈছে জোনবিল। এই বিলৰ পাৰত অনুষ্ঠিত হোৱা মেলাৰ নামেই জোনবিল মেলা। মাঘ বিহুৰ পিছতে বা মাঘ বিহুৰ সময়তে এই মেলা অনুষ্ঠিত হয়।






এই মেলাৰ বিশেষ তাৎপৰ্য হৈছে পাহাৰত বসবাস কৰা জনজাতীয় তিৱা লোকসকলে তাত উৎপাদিত বিভিন্ন সামগ্ৰী ভৈয়ামত বাস কৰা তিৱা তথা অন্য জনগোষ্ঠীয় লোকসকলে তৈয়াৰ কৰা পিঠা, সান্দহ, শুকান মাছ আদিৰ সৈতে বিনিময় কৰে। ইয়াত জাতি-বৰ্ণ-ভাষা নিৰ্বিশেষে সকলোৱে সামগ্ৰী বিনিময় কৰে। সেয়ে এই মেলা হৈছে সম্প্ৰীতিৰ মেলা।




জোনবিল মেলাৰ আৰম্ভণি কোনে, কেতিয়া কৰিছিল তাৰ সঠিক তথ্য পোৱা নাযায় যদিও তাহানিৰ গোভাৰাজ্য প্ৰতিষ্ঠাৰ দিনৰে পৰা এই মেলাৰ আৰম্ভণি হোৱা বুলি পণ্ডিত-গৱেষকসকলে মত পোষণ কৰিছে। গোভাৰজাক এই মেলাৰ জন্মদাতা বুলি কোৱা হ'য়।






জোনবিল মেলাৰ ব্যুৎপত্তিগত অৰ্থ বিচাৰি গ'লে কিছুমান জনশ্ৰুতি লোকসমাজৰ মুখত প্ৰচলিত হৈ অহা শুনিবলৈ পোৱা যায়। গোভা ৰাজ্য প্ৰতিষ্ঠা কৰা ৰজাই এদিন ৰাণীৰ বিহাৰ কৰি ঘূৰি ফুৰোঁতে এখন বিলৰ কাষ পাইছিল। বিলৰ ফটফটীয়া পানীত জোনৰ পোহৰ পৰি জিলিকি উঠিছিল। তাকে দেখি ৰজা-ৰাণীৰ মনত আনন্দ লাগিছিল আৰু তেতিয়াই ৰজাই ৰাণীক কৈছিল, 'হেবে ছনাই পিল হঙদ' অৰ্থাৎ এইখন জোনটোৰ দৰে বিল। তিৱা ভাষাত 'ছনাই' মানে হৈছে জোন, এই ছনাই পিলৰ পৰাই কালক্ৰমত অপভ্ৰংশহৈ ছনাই পিল>জনাই পিল>জোনবিল হোৱা বুলি কোৱাৰ প্ৰবাদ আছে । ভৌগোলিক দৃষ্টিকোণৰ পৰা লক্ষ্য কৰিলে দেখা যায় যে এই বিলখনৰ আকৃতি কাঁচি জোনটোৰ দৰে, সেই বাবেও হয়টো ইয়াৰ নাম জোনবিল হ'ব পাৰে।





জোনবিল মেলা মাঘ বিহুৰ পিছৰ সপ্তাহত আৰম্ভ হয়। সপ্তাহটোৰ মঙ্গল-বুধবাৰৰ পৰা মানুহৰ সমাগম হয় যদিও শুক্ৰবাৰ আৰু শনিবাৰেহে প্ৰধান মেলা হয়। মেলা আৰম্ভ হোৱাৰ পূৰ্বে জোনবিলত ৰজাৰ পাৰিষদবৰ্গ তথা বিভিন্ন গাঁৱৰ নিৰ্দিষ্ট ব্যক্তিবোৰে মাছ মাৰে, ইয়াক 'ৰজা মাছ' মৰা বুলি কয়। সেই মাছেৰে জোনবিলৰ পাৰত ৰজাৰ সহিতে সকলোৱে মিলিজুলি ভোজভাত খায়। ইয়াৰ পিছদিনা সকলো ৰাইজলৈ এই বিলখন মাছ মৰাৰ বাবে মুকলি কৰি দিয়ে। 





এইবাৰ এই মেলা ২০২৫ চনৰ ১৬ জানুৱাৰীৰ পৰা অনুস্থিত হৈছে।





মেলাৰ মূল বিষয় হৈছে বিনিময় প্ৰথা। বৰ্তমান যুগত টকা-পইচাৰে ক্ৰয় বিক্ৰয় কৰাৰ সময়তে এই মেলাত থলুৱা খাদ্য দ্ৰব্যৰে আদান-প্ৰদান কৰি থকা প্ৰথা দেখা যায়। পাহাৰত বসবাস কৰা তিৱাসকলে তেওঁলোকৰ উৎপাদিত খাদ্য শস্য, কৃষি সামগ্ৰী যেনে- কচু, হালধি, বাঁহগাজ, জলকীয়া, ঠেকেৰা, লা, শালধূনা আদি ভৈয়ামৰ লোকসকলৰ সান্দহ, পিঠা, মাছ ইত্যাদিৰ সৈতে বিনিময় কৰে। এই মেলাত খাচিয়া, জয়ন্তীয়া, গাৰো, কাৰ্বি পাহাৰৰ লোকসকলেও অংশগ্ৰহণ কৰে। সকলোৱে নিজ নিজ দ্ৰব্য হোৰাত ভৰাই লয় আৰু মেলাত থাকিবৰ বাবে বিভিন্ন সা-সঁজুলি লৈ আহে। বিনিময় প্ৰথা আৰম্ভ হোৱাৰ সমান্তৰালভাৱে সেই ঠাইৰ ওচৰতে কুকুৰা যুঁজ আৰম্ভ কৰা হয়। আনহাতে গোটেই মেলাখন পৰিচালনা কৰিবৰ বাবে একোখন পৰিচালনা সমিতি থাকে। এই উদ্‌যাপন সমিতিয়ে যাৱতীয় সকলো সা-সুবিধাৰ ব্যৱস্থা কৰি দিয়ে।


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.