( অপূৰ্ব দাস )
এতিয়া শীত কাল। এই সময়ত লাই শাক উভৈনদী।
আজি এনে এবিধ পুষ্টিকৰ ব্যঞ্জন আপোনালোকৰ বাবে লৈ আহিছো, যিবিধ লʼৰা- ছোৱালীৰ লগতে ডাঙৰেও খাই তৃপ্তি লাভ কৰিব।
এইখন ব্যঞ্জনখন খুবেই পুষ্টিকৰ; কাৰণ ইয়াত লাই শাক, মচুৰ দাইল আৰু চৰকাৰী প্ৰাথমিক বিদ্যালয়ত পোৱা দাইল খিচিড়ি এক-দুই মুঠিমানেৰে প্ৰস্তুত কৰা হৈছে।
কেনেকৈ ৰান্ধিব পাৰি জনাও আহক-
উপকৰণ:
(১) লাই শাক এমুঠিমানতকৈ ওলপ কম
(২) মচুৰ দাইল এবাতি
(৩) দাইল-খিচিড়ি এক-দুই মুঠি
(৪) মিঠাতেল
(৫) হালধি
(৬) আদা-নহৰু পিহা
(৭) গুড়ি কৰা পাঁচ ফোৰণ মচলা ৩-৪ চামুচ
(৮) ধনিয়াৰ পাত
(৯) পিয়াঁজ এটা
(১০) আলু এটা।
প্ৰণালী : প্ৰথমে লাই শাক ভালদৰে ধুই লৈ ডাঙৰকৈ কাটি থʼব। মচুৰ দাইল এবাতি ভালদৰে ধুব। আদা-নহৰু পিহি ল'ব। প্ৰাথমিক বিদ্যালয়ত পোৱা দাইল-খিচিড়িৰ এক-দুই মুঠি এটা বাতিত থৈ দিব।
এতিয়া কেৰাহীত কুটা পিয়াঁজ আৰু জলকীয়া ভাজিব। ৰঙচুৱা হ'লে দাইল খিনি আৰু কুটা আলু এটা দিব। সামান্য ভাজিলে তাত লাইশাক দিব। এতিয়া গৰম পানী জোখমতে দিব। উতল আহিলে হালধি , নিমখ আৰু খিচিড়ি মুঠি দিব। ঢাকন দি সিজিবলৈ দিব। আধা ঘণ্টা পাছত আদা-নহৰু পিহা আৰু পাঁচ ফোৰণ দিব। উতল আহি ভালদৰে সিজিলে গৰমে গৰমে ভাত বা ৰুটিৰ লগত খাব। আপোৰ সন্তানেও এনেদৰে আকৌ খাবলৈ বিচাৰিব। ইয়াত যদি বিচাৰে কেঁচা মটৰ আৰু বিলাহীও যোগ কৰিব পাৰি।