আজি অসমীয়াৰ হেঁপাহৰ মাঘ বা ভোগালী বিহু। সমগ্ৰ অসমতে আনন্দেৰে পালন।
By Good Assam
উত্তৰ-পূবৰ ৰাজ্যসমূহত পালন কৰা মাঘ বিহু অসমৰ এক প্ৰধান উৎসৱ। যোৱা কালি উৰুকাৰ নিশাৰ পৰাই মাঘ বিহু উৎসৱ পালন কৰা হৈছে। ভাৰতীয় সংস্কৃতিত এই উৎসৱৰ গুৰুত্ব জানিবলৈ পঢ়িব।
উত্তৰ-পূবৰ ৰাজ্যসমূহত পালন কৰা মাঘ বিহু অসমৰ এক প্ৰধান উৎসৱ। আজি সমগ্ৰ অসমতে মাঘ বিহু উৎসৱ পালন কৰা হৈছে। উত্তৰ ভাৰতত মকৰ সংক্ৰান্তি, পঞ্জাৱ-হাৰিয়ানাত লোহৰী আৰু দক্ষিণ ভাৰতৰ পংগলৰ দৰে উৎসৱ সমূহ পালন কৰে । একেদৰে উত্তৰ-পূবৰ অসম ৰাজ্যত মাঘ বিহু পালন কৰা হয়।
ইয়াৰ ইতিহাস :
আহোম ৰাজত্বকালৰ ৰাজকীয় পৃষ্ঠপোষকতাত এই বিহু পালন কৰা হৈছিল বুলি জানা যায়। বিহুৰ সময়ত ৰংঘড় প্রাঙ্গনত বিভিন্ন খেলাৰ আয়োজন কৰা হৈছিল। আহোম ৰজাই ৰংঘৰত উপস্থিত থাকি এই উৎসব উপভোগ কৰিছিল। সেই সময়ৰ পৰাই অসমত মʼহ যুঁজ, কুকুৰাৰ যুঁজ কণী যুঁজ ইত্যাদিৰ প্রচলন হৈছে বুলি জনা যায়।
আজি ৰাতি পুওৱাৰ লগে লগে গা-পা ধুই মেজিত জুই লগাই দিয়ে। জুই জ্বলি উঠিলে মন্ত্ৰ মাতি মাহ, মগু, পিঠা, চাউল, ঘিঁউ আদি দি অগ্নিক সেৱা কৰে। মেজি জ্বলি শেষ হ'লে তাৰ ছাঁইৰে সকলোৱে ফোঁট লয়। অৱশ্যে নৰাৰ সুবিধা নথকা ঠাইত কাঠ-বাঁহ আদিৰেই মেজি বনায়। মেজি ঘৰ দহনৰ পিছত আধাপোৰা বাঁহচালি লৈ লাগনী গছত ওলোমাই দি উদ্ভিদৰ বৃদ্ধিৰ কামনা কৰা হয়।
বিশ্বাস কৰা হয় যে ছাই আৰু আধা পোৰা বাঁহে পথাৰ আৰু বাগিচাৰ উৰ্বৰতা বৃদ্ধি কৰে। লেণ্টাৰ্ন আৰু মধ্য গ্ৰীষ্মৰ জুই জ্বলোৱা ইউৰোপীয়সকলেও উৰ্বৰতাৰ মাধ্যম হিচাপে ছাই আৰু আঙঠাৰ কাৰ্যকাৰীতাৰ ওপৰত বিশ্বাস কৰিছিল। তেওঁলোকৰ কিছুমানৰ মাজত গছৰ গা-গছত খেৰেৰে ঘূৰণীয়াকৈ বন্ধাৰ নিয়ম আছিল। এই জুইৰ ৰীতি-নীতিবোৰ ইণ্ডো-ইউৰোপীয় মূলৰ বুলি বিশ্বাস কৰা হয়।
ভোগালী বিহুৰ মূল খাদ্য হৈছে বিহুৰ পিঠা :
মাঘ বিহুক ভোগালী অৰ্থাৎ ভোগৰ উৎসৱ বুলি কোৱা হয়। বিহু উপলক্ষে অসমীয়া ৰাইজে বিভিন্ন ধৰণৰ জা-জলপান, পিঠা-পনা আৰু লাড়ুৰ প্ৰস্তুত কৰে। এই উৎসৱৰ এক বিশেষ পিঠা হ'ল তিল পিঠা। ইয়াৰ উপৰিও খোলাচাপৰীয়া পিঠা, টেকেলী পিঠা, পানী পিঠা, চুঙা পিঠা, ঘিলা পিঠা, সুতুলী পিঠা, তেল পিঠা, হেঁচা পিঠা, ডেকা পিঠা, মালপোৱা, কল পিঠা, ভুৰভুৰী পিঠা ইত্যাদি তৈয়াৰ কৰা হয়। তদুপৰি ভজা চাউল, হুৰুম, কোমল চাউল, চিৰা, সান্দহ, মুড়ী, আখৈ, চুঙা চাউল ইত্যাদি জলপান তৈয়াৰ কৰা দেখা যায়। ঘৰতে পতা বিভিন্ন দৈ যেনে টেঙা দৈ, চুঙা দৈ, এঠা দৈ, মাখনৰে আলহী অতিথিক আপ্যায়ন কৰা হয়। কিছুমান অঞ্চলৰ জলপান অতি বিখ্যাত যেনে: হাজো-ৰামদিয়াৰ দৈ, সৰভোগৰ গাখীৰ, গোলাঘাটৰ মিছামৰাৰ গুৰ, তিতাবৰৰ চাউল, জাজীৰ ম'হৰ এঠা দৈ। আমিষ আহাৰৰ ক্ষেত্ৰত নামজ্বলা গোৱালপাৰাৰ গদাধৰ নদীৰ ইলিচ, নগাৱৰ লাচিম ভাঙোন, উজান বজাৰৰ মাছ, কাকডোঙাৰ বৰালি।