( গল্প - অপূৰ্ব দাস )
অৰুণে মানুহবিলাকৰ পৰা ভূতৰ কাহিনী শুনি আমনি পাইছিল। সি সদায় গাঁৱৰ ভূত-প্ৰেতৰ ৰহস্যৰ কথা শুনি আহিছিল। কিন্তু তাৰ কোনো বাস্তৱতা আছে বুলি সি কেতিয়াও বিশ্বাস কৰা নাছিল। সেয়েহে যেতিয়া গাঁৱৰ মানুহে "বেলগাঁৱৰ পুখুৰীৰ পাৰত নিশা এক আত্মা দেখা যায়" বুলি কৈছিল, অৰুণে মাথোঁ হাঁহি মাৰি ক’লে, "ভূত-প্ৰেত বুলি ক'তো একো নাই। যি দেখি, সেইবোৰ মাথোঁ মগজুৰ খেলা।"
এদিন সন্ধিয়া অৰুণেই ঠিক কৰিলে, সি নিজে বেলগাঁৱৰ পুখুৰীৰ পাৰত গৈ চাব। বন্ধু-বান্ধৱীয়ে বহু বাধা কৰিলে, কিন্তু অৰুণে নিজৰ সিদ্ধান্তত অটল আছিল। নিশাৰ আকাশত সুন্দৰ জোন দেখা গৈছিল। জোনৰ পোহৰে গাঁওখনক কোমলতাৰে পোহৰাই তুলিছিল। বাদুলি আৰু ফেঁচাৰ মাতত পৰিৱেশটো ভূতৰ চিনেমাৰ দৰে লাগিছিল। পুখুৰীৰ পাৰৰ আহত গছবোৰৰ ছাঁবোৰক ভয়ংকৰ দৈত্যৰ নিচিনা লাগিছিল।
সি ৰাতি ১২ মান বজাত পুখুৰীটোৰ কাষত উপস্থিত হ'ল। শীতল বতাহৰ সোঁত তাৰ গাত অলপ বেছিকৈ লাগিছিল। আহতৰ পাতবোৰৰ ফাকবোৰৰ পৰা জোনৰ পোহৰ সোমাই আহি এক অদ্ভূত ছবিৰ সৃষ্টি কৰিছিল। সি এটা চিগাৰেট জ্বলাই লৈ পুখুৰীটোৰ ওচৰতে বহি লʼলে। হাতত থকা মোবাইলতোলৈ চালে - নিশা ১২ বাজি ১৮ মিনিট। সি মোবাইলটো পেকেটত ভৰাই থৈ চিগাৰেটৰ ধোঁৱাৰ আমেজ লোৱাত লাগিল। ইয়াত আহিবলৈ বহুতেই তাক বাধা দিছিল। ঘৰত মাক-দেউতাকক এতিয়ালৈকে কোৱা নাই এই বিষয়ে।
হথাতে তাৰ মোবাইলটো বাজি উঠিল । সি পেকেটৰ পৰা উলিয়াই ৰিচিভ কৰিলে -
: দেহা, তুমি আজি কিয় এতিয়ালৈ ফোন কৰা নাই ? মই ৰৈ আছোঁ... দিনত এবাৰ কৰি খবৰেই নাই।
- তাৰ প্ৰেয়সীৰ অভিমান ভৰা ফোন কল।
: মই এটা বিশেষ কামত লাগি আছো, গতিকে মই যেতিয়া আজৰি হম তেতিয়া তোমাক জনাম। এতিয়া বহু ৰাতি হ'ল, তই চিন্তা নকৰি শুই থাক।
: কথা পাতিব মন নাই নেকি?
: ৰাতি বহুত হ'ল, অভিমান নকৰিবা। কালি মই তোমাক এটা চাৰপ্ৰাইজ দিব।
: চাৰপ্ৰাইজ !..... দেহা, থিক আছে বাৰু এতিয়া ৰাখিছোঁ।
- এই বুলি কৈ প্ৰেয়সীয়ে কলটো সামৰি শুই থাকিল।
মোবাইলটো চুইচ অফ কৰি সি আকৌ এটা চিগাৰেট জ্বলাই লৈ হুঁপিবলৈ ধৰিল ।
( Warning ⚠️: চিগাৰেট সেৱন স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। ই স্বাস-প্ৰশ্বাস জনিত ৰোগ আৰু হাওঁফাওঁৰ কৰ্কট ৰোগ সৃষ্টি কৰে। )
হথাতে সি পুখুৰীৰ পানীত কোনো এটা ছাঁ পৰি থকা দেখা পালে । সি ভাবিলে, সেইয়া আহত গথৰ ছাঁহে। কিন্তু যেতিয়া সি ওচৰলৈ গৈ চালে, কাকো দেখা নাপালে।
“তুমি কিয় আহিলা ইয়াত?” এজনী মৃদু, অথচ গভীৰ কণ্ঠৰ নাৰীৰ মাত শুনি অৰুণৰ গাৰ নোম শিয়ৰি উঠিল।
সি ঘূৰি চাই দেখিলে, এক ৰূপালী পোহৰৰ আভাৰে আবৃত এগৰাকী নাৰী । দীঘল সাপৰ দৰে চুলি, মসৃণ গা, কিন্তু চকু দুটিয়ে এক গভীৰ বিষাদ বহন কৰিছিল।
“ম...মই মাথোঁ চাবলৈ আহিছোঁ।” অৰুণেই কঁপা কঁপা কণ্ঠৰে ক’লে।
“ইয়াত অহা মানুহবোৰে মোৰ শান্তি হৰণ কৰে। মই শান্তি বিচাৰো, কিন্তু তঁহতৰ দৰে ডেকা কেইজনে ৰাতি মোৰ শান্তি ভংগ কৰিছিল । মই যে শান্তি বিচাৰি ফুৰিছো । তুমি জানানে, মোৰ কাহিনী?”
অৰুণে মূৰ দুপিয়াই কলে - নাই মই নাজানো ।
তাই আঙুলিৰে দেখুৱাই ক’লে, "ডেকা লʼৰাক কেৱল নাৰীৰ কোমল দেহ লাগে..... বাঘৰ দৰে জপিয়াই মোৰ শৰীৰ উপভোগ কৰিছিল লম্পদ কেইটাই । তুমিও উপভোগ কৰিবা নেকি?
অৰুণে ভয়ৰ পৰা অলপ সাহস আনি ক'লে - নাই, মই তেনেকুৱা স্বভাৱৰ নহয়। আচলতে মই ইয়াত আত্মাৰ বিননি শুনিবলৈ আহিছিলো। এইখন গাওঁৰ মানুহে কৈ থকা কাহিনীবোৰ সঁচা নে মিছা জানিবলৈ।
তাই ক'লে - বিশ্বাস মইও কৰা নাছিলোঁ, কিন্তু বিশ্বাস কৰিবৰ বাধ্য হ'লো। তাই হথাতে হাঁহি দিলে । আহত গছবোৰ তাইৰ হাঁহিত লʼৰিবলৈ ধৰিল।
এইয়া সি কি দেখিছে ? এনে দৃশ্য দেখি সি ভয়তে কঁপিবলৈ ধৰিল। তাইৰ চকু দুটি ৰঙাহৈ জ্বলিব ধৰিল।
অৰুণে দৌৰিব খুজিও দৌৰিব নোৱাৰি মাটিত বাগৰি পৰিল।
তাই অৰুণৰ ওচৰলৈ আহি এক বিকৎ ৰূপ ধাৰণ কৰি দীঘল দীঘল নখেৰে তাৰ গালত আচুৰি দিলে।
সি ভয়তে কঁপা কঁপা মাতেৰে ক'লে - মোক নামাৰিবা, মোক ক্ষমা কৰা। মই আৰু ইয়ালৈ কেতিয়াও নাহো। অনুগ্ৰহ কৰি মোক যাবলৈ দিয়া।
তাই ক'লে - তোক যাবলৈ দিম ? তুমি আজি মোৰ খাদ্য। তোৰ তেজ মই খাম.....
: প্লীজ, মো...ক যাবলৈ দিয়া, মই তোৰ একো অপকাৰ কৰা নাই। অৰুণে কাতৰে চিঞৰিব ধৰিলে।
: মোক যদি সহায় কৰা তেন্তে যাবলৈ দিম!
সি ক’লে, “মই তোমাক কেনেকৈ সহায় কৰিম?”
: মোক ধৰ্ষণ কৰি হত্যা কৰা ৬ জনক শাস্তি দিব লাগিব।
: মই কেনেকৈ চিনি পাম ? অৰুণে চিন্তাত পৰিল।
: আত্মাটোৱে নাম আৰু ঠিকনাবোৰ ক'লে। এইখন গাঁৱৰ দুজন আৰু বাকি চাৰিজন ওচৰৰ গাঁও খনৰ।
: ঠিক আছে, মই সহায় কৰিম আৰু অপৰাধীক শাস্তি প্ৰদান কৰিম। - অৰুণে আত্মাটোক কথা দিলে।
ইয়াৰ পিছত আত্মাটোৱে অৰুণক কিছুমান তথ্য দি আত্মাটো অদৃশ্য হৈ গ'ল। সি তাৰ পৰা যাবলৈ ওলাল। ৰাতিপুৱা হ'বলৈ বেছি সময় নাই। ইয়াত আহি সি যি ঘটনা দেখিলে এই ঘটনা ক'লে হয়তো কোনেও বিশ্বাস নকৰিব। সি প্ৰতিজ্ঞা লʼলে সেই দোষী কেইজনক উচিত শাস্তি দিবলৈ।