ভিটামিন ইৰ অতিমাত্ৰা সেৱন ভয়ংকৰ ! মগজু-যকৃতত প্ৰভাৱ পৰে, আনকি মৃত্যু পৰ্যন্ত হ'ব পাৰে।
( অপূৰ্ব দাস )
ভিটামিন ই হৈছে চৰ্বিত দ্ৰৱীভূত ভিটামিন আৰু ই যকৃত আৰু চৰ্বি ভৰ্তি কলাত দীৰ্ঘদিন ধৰি জমা হৈ থাকে। অতিৰিক্ত ভিটামিন ই সেৱনৰ ফলত শৰীৰে বৃহৎ পৰিমাণৰ ভিটামিন ই জমা কৰে, ইয়াৰ ফলত মগজু - লিভাৰ আদিৰ বিপদজনক অৱস্থা হ'য়।
শৰীৰৰ বাবে ভিটামিন অতি গুৰুত্বপূৰ্ণ উপাদান যদিও বয়স, স্বাস্থ্য আৰু লিংগ অনুসৰি শৰীৰৰ ইয়াৰ প্ৰয়োজন বেলেগ বেলেগ। শৰীৰক প্ৰতিটো ভিটামিনৰ প্ৰয়োজন। আন ভিটামিনৰ দৰে ভিটামিন E ও শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ। ই তেজ জমা হোৱা ৰোধ কৰে, কোষক অক্সিডেটিভ ক্ষতিৰ পৰা ৰক্ষা কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
ছাল আৰু চুলিৰ বাবেও ই অতি উপকাৰী। ইয়াৰ এন্টিঅক্সিডেন্ট গুণৰ দ্বাৰা ইয়াক ক্ষতিৰ পৰা ৰক্ষা কৰে।
ভিটামিন ই গুটি জাতীয় শস্য, বাদাম, শাক-পাচলি, মাছ-মাংস আদিত পোৱা যায়। অৱশ্যে ইয়াৰ সীমিত পৰিমাণেহে লাভজনক। অত্যধিক পৰিমাণৰ ভিটামিন ই শৰীৰৰ বাবে বিপদজনক ।
অত্যধিক পৰিমাণৰ ভিটামিন ই কিয় বিপজ্জনক?
বহু গৱেষণাৰ মতে ভিটামিন ইয়ে হাওঁফাওঁৰ কাৰ্য্যক্ষমতা, মানসিক স্বাস্থ্য, যকৃতৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰিব পাৰে আৰু মাহেকীয়াৰ বিষৰ পৰা সকাহ দিব পাৰে।
বাদাম, সূৰ্য্যমুখী গুটি, ৰঙালাউৰ গুটি, তিল, সৰিয়হ, নাৰিকল, পালেং শাক, কিউই, বিলাহী আদি প্ৰাকৃতিক উৎসৰ পৰা এই পুষ্টি লাভ কৰিবলৈ চেষ্টা কৰা উচিত। কাৰণ ইয়াৰ অত্যধিক পৰিমাণে শৰীৰত বিষাক্ততাৰ সৃষ্টি কৰে।
ভিটামিন E ৰ বিষক্ৰিয়া :
ভিটামিন ই হৈছে চৰ্বিত দ্ৰৱীভূত ভিটামিন আৰু ই যকৃত আৰু চৰ্বি ভৰ্তি কলাত দীৰ্ঘদিন ধৰি জমা হৈ থাকে। ইয়াৰ ফলত শৰীৰত বিষাক্ত হ’ব পৰা বৃহৎ পৰিমাণৰ ভিটামিন ইৰ জমা হ'য় আৰু ইয়াৰ পৰা মুক্ত হ'ব নোৱাৰে ।
ভিটামিন ই অত্যধিক পৰিমাণে গ্ৰহণ কৰিলে লিভাৰ, মগজু, , স্নায়ু, অগ্নাশয় আদিৰ বিপদ বাঢ়ে।
যদিহে এদিনত ১৫ মিলিগ্ৰামতকৈ অধিক ভিটামিন ই সেৱন কৰা হয়, তেন্তে বমি, ভাগৰুৱা হোৱাৰ পৰা আৰম্ভ কৰি মগজুৰ ষ্ট্ৰোক, ৰক্তক্ষৰণ আৰু পেশীৰ দুৰ্বলতা আদি লক্ষণ দেখা যায়।
ভিটামিন ই বিষক্ৰিয়া সেইসকল লোকৰ ক্ষেত্ৰতহে হ’ব পাৰে যিসকলে ইয়াক বৃহৎ পৰিমাণে গ্ৰহণ কৰে। সাধাৰণতে ভিটামিন ই সমৃদ্ধ প্ৰাকৃতিক খাদ্যই ইয়াৰ অতিৰিক্ততা সৃষ্টি নকৰে। ইতিমধ্যে এন্টিকোএগুলেণ্ট বা এন্টিপ্লেটলেট গ্ৰহণ কৰাসকলৰ ক্ষেত্ৰত ভিটামিন ই বিষক্ৰিয়া গুৰুতৰ হ’ব পাৰে।
ভিটামিন ই অত্যধিক সেৱনৰ ফলত কি ক্ষতি হয়?
১. ভিটামিন ইৰ অধিক মাত্ৰাত গেষ্ট্ৰাইটিছ ব্লিডিং আৰু ইন্ট্ৰাক্ৰেনিয়েল ব্লিডিং আদি গুৰুতৰ সমস্যাৰ সৃষ্টি হব পাৰে।
২) এক অধ্যয়নত কোৱা হৈছে যে অত্যধিক পৰিমাণে ভিটামিন ই সেৱন কৰিলে আনকি মৃত্যুও হ’ব পাৰে।
৩) অতিমাত্ৰা ভিটামিন ই সেৱন কৰিলে বমি, মূৰৰ বিষ, ডায়েৰিয়া, পেটত বিষ আৰু ভাগৰুৱা হ’ব পাৰে।
৪) অতিৰিক্ত ভিটামিন ইয়ে ষ্ট্ৰোক আৰু প্ৰষ্টেট কেন্সাৰৰ সম্ভাৱনাও বৃদ্ধি কৰে।