Good Assam is a Multi Language New E-Magazine and a Digital Media. Every day you can read Health News , Vastu tips , Various types of articles , Stories , Novels and more. If you would like to publish your article, please send us a message in the message box of our Facebook Page or send your article to us by email. Our e-mail : goodassam@hotmail.com || Want to promote your advertise in Good Assam? Please contact us. Good Assam now Available on Facebook Instagram and YouTube. Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam24.in ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব।

Type Here to Get Search Results !

এই সকল ব্যক্তিয়ে ভুলতেও হালধি খাব নালাগে, ই স্বাস্থ্যৰ গুৰুতৰ ক্ষতি কৰিব পাৰে

এই সকল ব্যক্তিয়ে ভুলতেও হালধি খাব নালাগে, ই স্বাস্থ্যৰ গুৰুতৰ ক্ষতি কৰিব পাৰে।



( অপূৰ্ব দাস )

 হালধি স্বাস্থ্যৰ বাবে অতি স্বাস্থ্যকৰ। কিন্তু একাংশ লোকে সীমিত পৰিমাণত হালধি সেৱন কৰিব লাগে। আহক কোন কোন লোকে হালধি সেৱন পৰিহাৰ কৰিব লাগে জানো -



ভাৰতীয় সকলৰ খাদ্যত হালধি বহুলভাৱে ব্যৱহাৰ কৰা হয়। একে সময়তে বহু স্বাস্থ্য বিশেষজ্ঞই ইয়াক কাৰকুমিন পৰিপূৰক হিচাপে ব্যৱহাৰ কৰে। সাধাৰণতে হালধিক কাৰকুমিন পৰিপূৰক হিচাপে ব্যৱহাৰ কৰাটো নিৰাপদ। কিন্তু কিছুমান ৰোগ আৰু অৱস্থাৰ বাবে কাৰকুমিনৰ নেতিবাচক প্ৰভাৱ পৰিব পাৰে। এনে পৰিস্থিতিত একাংশ লোকে হালধি সেৱনৰ আগতে চিন্তা কৰাৰ প্ৰয়োজন।



 
• বৃক্কৰ সমস্যা হ’লে হালধি খাব নালাগে

 হালধি স্বাস্থ্যৰ বাবে অতি স্বাস্থ্যকৰ বুলি প্ৰমাণিত। কিন্তু যদি আপোনাৰ কিডনী সম্পৰ্কীয় সমস্যা আছে, তেন্তে হালধি সেৱন নকৰিব। দৰাচলতে হালধিত অধিক পৰিমাণে অক্সালেট থাকে। ইয়াৰ ফলত বৃক্কৰ সমস্যা বৃদ্ধি পাব পাৰে। গতিকে হালধি সেৱন সীমিত কৰক।


• পিত্তথলীৰ সমস্যা

 কাৰকুমিন পৰিপূৰকে পিত্তথলীত প্ৰভাৱ পেলায়। ই পিত্তথলীৰ মোনা সংকুচিত কৰে আৰু পিত্ত উৎপাদনত বাধা জন্মায় । অতিমাত্ৰা হালধি সেৱন কৰিলে পিত্তথলীত প্ৰভাৱ পৰিব পাৰে। গতিকে সীমিত পৰিমাণতহে সেৱন কৰিব লাগে।





• গেষ্ট্ৰাইটিছৰ সমস্যা

 বহু গৱেষণাত দেখা গৈছে যে বহু পৰিমাণে হালধি সেৱন কৰিলে পাচনতন্ত্ৰৰ সমস্যাৰ সম্ভাৱনা বৃদ্ধি পায়। এই অৱস্থাত ৰোগীয়ে বমি, পেটৰ বিষ, ডায়েৰিয়া আদি সমস্যাত ভুগিব পাৰে। এনে পৰিস্থিতিত যদি ইতিমধ্যে আপোনাৰ পাচনতন্ত্ৰৰ সমস্যা আছে, তেন্তে হলধি সেৱন কম কৰক।


• যকৃতৰ সমস্যা হ’লে হালধি নাখাব।

 যকৃত সুস্থ কৰি ৰখাটো অতি প্ৰয়োজনীয়। কিন্তু যদি আপুনি লিভাৰৰ সমস্যাত আছে তেন্তে এই পৰিস্থিতিত কাৰকুমিন গ্ৰহণ নকৰিব। ইয়াৰ ফলত আপোনাৰ সমস্যা বৃদ্ধি পাব পাৰে। গতিকে যকৃতৰ সমস্যাত ভুগি থকা লোকসকলে হালধি সেৱন কৰিব নালাগে। জণ্ডিছ হ'লেও হালধি সেৱন নকৰিব।


• ৰক্তক্ষৰণৰ সমস্যা বাঢ়িব পাৰে আৰু ৰক্ত উৎপাদন কম কৰে

 কাৰকুমিন অত্যধিক সেৱনে ৰক্তক্ষৰণৰ সমস্যা বৃদ্ধি কৰিব পাৰে, লগতে ৰক্ত কণিকা গঠণ হোৱাত কিছু বাধা প্ৰদান কৰে। যি সকলৰ দেহত তেজ কম তেওঁলোকে হালধি সেৱন একেবাৰে কমকৈ কৰিব। 

কাৰকুমিনৰ এন্টিপ্লেটলেটৰ প্ৰভাৱ পোৱা গৈছে। হালধিৰ কাৰকুমিনে কাটিলে ৰক্তকণিকা গোট হোৱা প্ৰক্ৰিয়াত বাধা দিয়ে । ইয়াৰ ফলত তেজ গোট হোৱাৰ ক্ষমতা হ্ৰাস পাব পাৰে। এনে পৰিস্থিতিত সীমিত পৰিমাণত হালধি সেৱন কৰিব লাগে।




 
এদিনত দিনত কিমান হালধি খাব লাগে?

 হালধি স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। কিন্তু বেছি হালধি সেৱন কৰিলে ক্ষতিকাৰক হ’ব পাৰে। দিনটোৰ ভিতৰত সুস্থ মানুহে সঠিক পৰিমাণত হালধি সেৱন কৰিব লাগে। যদি আপুনি সুস্থ থাকিব বিচাৰে তেন্তে দিনটোত প্ৰায় ৮ গ্ৰামতকৈ কম হালধি সেৱন কৰক। ইয়াতকৈ বেছি পৰিমাণে হালধি খোৱাৰ পৰা বিৰত থাকক।



Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.