( অপূৰ্ব দাস )
যদি যৌন সম্পৰ্ক স্থাপনৰ হেঁপাহে আপোনাক উন্মাদ কৰি তুলিছে, তেন্তে ইয়াৰ সৈতে ভালদৰে নিয়ন্ত্ৰণ কৰাৰ কাৰণ জনাটো গুৰুত্বপূৰ্ণ। আপোনালোকক জনাম অত্যধিক যৌনতাৰ ইচ্ছা কাৰণ আৰু এই সমস্যাৰ পৰা মুক্তি পোৱাৰ উপায়।
যদি আপুনি ভাবে যে কেৱল পুৰুষৰ ক্ষেত্ৰতহে এনেকুৱা হয়, তেন্তে আপোনাক কওঁ যে ইয়াত লিংগৰ কোনো ভূমিকা নাই। মহিলাও পুৰুষৰ দৰেই কামুক হৈ পৰে। আপোনাৰ যৌন ক্ষমতা কিমান বেছি তাৰ ওপৰত নিৰ্ভৰ কৰে।
মহিলাৰ কামনাৰ কথা আহিলে মহিলাৰ ক্ষেত্ৰতো হৰম’নবোৰৰ পৰিৱৰ্তনৰ বাবে হৈ উঠে । কেৱল প্ৰতিমাহে নহয়, মূলতঃ গৰ্ভাৱস্থা আৰু ৰজোনিবৃত্তিৰ সময়তো এনেকুৱা হয়।
আপুনি জানি আচৰিত হ’ব যে উচ্চ যৌন ক্ষমতা আপোনাৰ আৱেগিক আৰু মানসিক অৱস্থাৰ ওপৰতো নিৰ্ভৰ কৰিব পাৰে। আপোনাৰ মেজাজেই যৌনতাৰ প্ৰতি আগ্ৰহ জগাই তোলে – সেয়েহে ইয়াক চেক্স ড্ৰাইভ বুলি কোৱা হয়।
কঠিন কাম আৰু সদায় ব্যায়াম নকৰা মানুহৰ চেক্স বেছি হয়। কিয় হয় বাৰু? বিশেষজ্ঞ সকলৰ মতে - পৰিশ্ৰম আৰু ব্যায়াম নকৰা মানুহৰ দেহত কলেষ্টেৰল আৰু কলৰি বেছি থাকে। এনে লোকে মাছ বা মাংস খুব খাই ভাল পায়। শৰীৰ অনবৰতে গলম হৈ থাকে আৰু যৌন হ'ৰমন নিঃসৰণ বেছি হয়, যাৰ ফলত চেক্স বেছিকৈ জাগে।
বিশেষজ্ঞসকলৰ মতে, ৰাতিপুৱাৰ সময়ত উচ্চ যৌন ইচ্ছাশক্তি হোৱাটো একেবাৰেই স্বাভাৱিক হ'য়। কিয়নো ৰাতিপুৱা যৌন শক্তি বঢ়াৰ কাৰণ এইটোৱেই যে - ৰাতিৰ আহাৰ খাই কোনো পৰিশ্ৰম নকৰি শুই থকাৰ ফলত দেহত কলৰি বেছি হ'য়, যাৰ ফলত ৰাতিপুৱা যৌন শক্তি বৃদ্ধি পায়।
আন এটা কথা আপুনি বুজিব লাগিব যে আপোনাৰ মগজুটোৱেই হৈছে আটাইতকৈ ডাঙৰ যৌন অংগ। যেতিয়া আপুনি যৌন সম্পৰ্কৰ কথা চিন্তা কৰে , তেতিয়াহে যৌন ইচ্ছা খুব জাগে ।
গতিকে, আপোনাৰ উচ্চ যৌন ক্ষমতাৰ বাবে মগজুক দোষাৰোপ কৰিলে সেয়া সম্পূৰ্ণ ভুল নহয়।
প্ৰতিজন ব্যক্তিৰ কামনাৰ মাত্ৰা বেলেগ বেলেগ হ’ব পাৰে। কাৰোবাৰ স্বাভাৱিক কামনা দিনটোত প্ৰায় এবাৰ হ’ব পাৰে, বা আন কাৰোবাৰ কামনা শূন্য হ’ব পাৰে। উচ্চ কামনা চিন্তাৰ বিষয় হৈ পৰে, কাৰণ যেতিয়া আপুনি খুব যৌন হেঁপাহ অনুভৱ কৰে তেতিয়া ই যৌন সমস্যাৰ সৃষ্টি কৰিব পাৰে। ইয়াক নিয়ন্ত্ৰণৰ বাহিৰত যৌন আচৰণ (OCSB) বা অতি যৌনতা বুলি কোৱা হয়।
আপুনি হাইপাৰচেক্সুৱেল নে নহয় কেনেকৈ জানিব?
এই লক্ষণসমূহে আপোনাক ক’ব পাৰে যে আপোনাৰ OCSB বা অতি যৌনতা আছে-
• আপোনাৰ যৌন ইচ্ছা বৃদ্ধিয়ে আপোনাৰ স্বাস্থ্য, সম্পৰ্ক, জীৱন আৰু কৰ্মত নেতিবাচক প্ৰভাৱ পেলায়।
• মনোযোগ বা একাগ্ৰতা হ্ৰাস পায়
• যৌন কামনাৰ হেঁপাহৰ প্ৰতি আপুনি অধিক গুৰুত্ব দিয়ে
• মানসিক চাপ, হতাশা, নিসংগতা আদি সমস্যাৰ পৰা হাত সাৰিবলৈ যৌন আচৰণ ব্যৱহাৰ কৰে
• সুস্থ সম্পৰ্ক বা ঘনিষ্ঠতা বজাই ৰখাত আপুনি অসুবিধাৰ সন্মুখীন হয় অৰ্থাৎ যাৰে তাৰে লগতে চেক্স কৰিব বিচাৰে।
• কোনো এটা সৰু কথাতে অতি খং উঠে
• ঘৰত বা ৰুমত পৰিয়ালৰ মানুহ নাথাকিলে মʼবাইলত পৰ্ণ চোৱাৰ হেঁপাহ।
• ৰাতি সপোনত বীৰ্য বাহিৰ হৈ থাকে।
• ছোৱালী বা লʼৰা দেখিলেই যৌনতাৰ কথা মনলৈ আহে।
এই লক্ষণবোৰে অতি যৌনতাৰ ইংগিত দিয়ে।
উচ্চ কামনাৰ অন্যান্য কাৰণ :
ডিম্বাণু নিঃসৰণৰ সময়ত মহিলাৰ ইষ্ট্ৰজেনৰ মাত্ৰা বৃদ্ধি হোৱাটোৱেই হৈছে যৌন ইচ্ছা বৃদ্ধিৰ অন্যতম সাধাৰণ কাৰণ। পুৰুষৰ টেষ্টষ্টেৰনৰ মাত্ৰা অধিক হোৱাটোও কামনাশক্তি বৃদ্ধিৰ সৈতে জড়িত বুলি ধৰা হৈছে। আন সম্ভাৱ্য কাৰণসমূহ হ’ল -
• হৰম’নৰ উঠা-নমা
• মহিলাৰ ঋতুস্ৰাৱ
• ঋতুভিত্তিক পৰিৱৰ্তন
• ওমেগা-৩ সমৃদ্ধ খাদ্যৰ পৰিমাণ বৃদ্ধি কৰা
• মদ্যপান কৰা
• মহিলা ক্ষেত্ৰত গৰ্ভাৱস্থাৰ হৰম’ন
• পুৰুষ মহিলাৰ অত্যধিক হস্তমৈথুন কৰা
• অধিক কেলৰি ( বেছিকৈ খোৱা)
• পৰিশ্ৰম নকৰা ইত্যাদি।
• অধিক যৌনতাই কি ক্ষতি কৰে?
অত্যাধিক যৌন সম্পৰ্ক কৰা বা হস্তুমৈথুন কৰা স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। যৌন ৰসত ভিটামিন ডি, ভিটামিন বি ১২, জিংক , ফলিক এচিড, প্ৰ'টিন আদি থাকে। যদি এইবোৰ অত্যাধিক ক্ষয় হয় তেতিয়া লিভাৰ, বৃক্ক, হাৰ্ট, মগজু আৰু স্নায়ুৰ ক্ষতি হ'য় লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায়।
ব্যক্তিজনৰ মানসিক চাপ বৃদ্ধি পায়, খঙাল প্ৰকৃতিৰ হ'য় আৰু অকলশৰীয়াকৈ থাকিবলৈ ভাল পায়। স্মৃতিশক্তিও দুৰ্বল হৈ আহে। অত্যাধিক যৌন সম্পৰ্ক বা হস্তুমৈথুনে দ্ৰুত স্খলনৰ সমস্যাও বৃদ্ধি কৰে।
কেনেকৈ কম কৰিব পাৰে আপোনাৰ কামনা ?
• আপুনি যি অনুভৱ কৰে সেয়া আপোনাৰ সংগীৰ সৈতে শ্বেয়াৰ কৰক।
• কিছুমান মানুহে নিজৰ যৌন শক্তিক আন কামত লগাই বহুত সকাহ, সুখ আৰু গৌৰৱ অনুভৱ কৰে। জনপ্ৰিয় কাৰ্য্যকলাপৰ ভিতৰত দীৰ্ঘ দূৰত্বৰ দৌৰ, নৃত্য, গীটাৰ পাঠ, ব্লগিং , লিখা-মেলা, ৰন্ধা-বঢ়া আৰু যোগাসন আদি উল্লেখযোগ্য।
• পত্নীৰ সৈতে সপ্তাহত দুই তিনিবাৰ যৌন সম্পৰ্ক স্থাপন কৰক । অবিবাহিত সকলে সপ্তাহত এবাৰ হস্তমৈথুন কৰক। তেতিয়া কোনো ক্ষতি নহ'য়।
• পৰিশ্ৰম কৰিব যাতে যৌনতা নিয়ন্ত্ৰণ হ'য়। প্ৰতিদিনে ব্যায়াম কৰিব।
• বেলৰ পাত এখন বা দুখনকৈ ১৫-২০ দিনমান খালেও যৌন উত্তেজনা কম হ'য়, কাৰণ বেল পাতত খোৱা বাবে উপযোগী পাৰা থাকে। শিৱ লিংগৰ পৰাও ক্ষতিকাৰক শক্তিৰ বিকিৰণ ওলায় বুলি নিশ্চয় শুনিছে। শিৱ যিহেতু ধ্বংসৰ প্ৰতীক সেয়েহে ধ্বংস নহ'বলৈ শিৱ লিংগত পানী আৰু বেলপাত অৰ্পণ কৰা হয়, যাতে নিয়ন্ত্ৰণত থাকে।
• গৰম খাদ্য যেনে - পিয়াঁজ, জলকীয়া, গাহৰি মাংস, হাঁহৰ মাংস, মাদক দ্ৰব্য, তেলাল খাদ্য কমাই খাব।