Good Assam is a Multi Language New E-Magazine and a Digital Media. Every day you can read Health News , Vastu tips , Various types of articles , Stories , Novels and more. If you would like to publish your article, please send us a message in the message box of our Facebook Page or send your article to us by email. Our e-mail : goodassam@hotmail.com || Want to promote your advertise in Good Assam? Please contact us. Good Assam now Available on Facebook Instagram and YouTube. Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam24.in ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব।

Type Here to Get Search Results !

Mandiad

সোণালী সম্পৰ্কৰ সোণালী ৰং

              সোণালী সম্পৰ্কৰ সোণালী ৰং
                  চুটি গল্প (অপূৰ্ব দাস )


জোনাকীয়ে অন্য দিনাৰ দৰে স্কুলৰ পৰা আহিয়েই কিতাপৰ বেগটো বিচনাত দলিয়াই থৈ কাপোৰ সলালে৷ গৰম আৰু ৰ’দৰ তাপত তাইৰ অসহ্য লাগিল ৷ আনদিনা স্কুলৰ পৰা আহিয়েই আইতাকক বিচাৰে৷ আইতাকে বহুত মৰম কৰে কাৰণে তাইও আইতাকক এৰিব নোখোজে৷ বুঢ়ী আইতাকে তাইক ধুনীয়া ধুনীয়া সাধু ক’য়৷ 


প্ৰতিদিনে জোনাকীয়ে আইতাকৰ মুখৰ পৰা এটা সাধু শুনিহে কিতাপ পঢ়িবলৈ ল’য়৷ নিশা শুবৰ সময়তো যেতিয়া তাই আইতাকক সাধু কবলৈ খাটনি ধৰে তেতিয়া বুঢ়ী ৰমনীয়ে -"মোৰ মূৰটো কালি স্কুলৰ পৰা আহি কিন্তু চাই দিব লাগিব দেই !" - এই বুলি কৈ তামোল খাই তাম বৰণীয়া হোৱা
সোলা দাঁত কেইটা উলিয়াই ধেক ধেক কৈ হাঁহি মাৰি নিৰ্জন ঠাইৰ বাঁহৰ তলত থকা ভূতৰ কাহিনী ক’য় ৷
আইতাকে কোৱা সাধু আৰু কাহিনীবোৰ শুনি সঁচা যেনেই লাগে ৷ তাইৰো ভূত চাবলৈ খুব মন যায় ৷ জোনাকীয়ে শুনিছে আইতাকে হেনো সৰু থাকোতে খুব বৰশী বাইছিল৷ এদিন বৰশী বাই লগৰ জনীৰ লগত সন্ধিয়া সময়ত ঘৰলৈ উভতি আহি থাকোতে নিৰ্জন ঠাইখন পাইছিল৷ তাৰে কাষতে মৰিশালী এখন আছিল৷ সেই মৰিশালীৰ ওচৰতে বাওঁনী ভূতুনী এজনীয়ে মৰা মানুহৰ হাড়বোৰ এক বিকট শব্দ কৰি খাই আছিল৷ ভূতুনী জনীক দেখি পাৰে মানে ঘৰৰ ফালে দৌৰিছিল৷ কৰবাত কৰবাত শিলত খুন্দা খাই উফৰিও পৰিছিল ৷ কচুপাতত লোৱা মাছকেইতা হ’লে হাতৰ পৰা ওলাই পৰা নাছিল৷ আইতাকৰ এনেবোৰ সঁচা কাহিনী শুনি তাই বৰ ৰং পায়৷ আজি কিন্তু জোনাকীয়ে আইতাকক মতাও নাই বিচৰাও নাই৷ জোনাকীৰ মাক দেউতাক সদায়েই নিজৰ নিজৰ কামত ব্যস্ত হৈ থাকে৷ বুঢ়ী ৰমনীয়ে হে - ক’ত গৈছে, কি খাইছে, কি কৰিছে ইত্যাদি নাতিনীয়েকৰ সকলো খবৰ ৰাখে আৰু জোনাকীৰ সৈতে ৰং-ধেমালি কৰি সময়বোৰ পাৰ কৰে৷ 
মাক লতাই জোনাকীলৈ ভাতসাজ সাঁজি ডাইনিঙতে থৈ বিৰক্তিৰে মাতিলে-

: মা জনী, অ’ মাজনী ৷ ভাত বাঢ়ি দিছো, খোৱাহি ৷ - এই বুলি কৈ মাকে কিবা কিবি বকিবলৈ ধৰিলে৷

জোনাকীয়ে ভাত নোখোৱাকৈ কান্দি কান্দি বিচনাত বাগৰ দি থাকিল ৷ মাক লতাই হাত-ভৰি কেইখন ধুই ল’লে ৷ আজি হেঁনো স্কুলত অভিভাৱকক লৈ আবেলিৰ পৰা সন্ধিয়ালৈকে এখন মিটিং আছে তালৈকে যাব ৷ ৰমনী বুঢ়ীয়ে নাতিনীয়িকৰ মাত নুশুনি বোৱাৰীয়েকক সুধিলে -

: অ’ বোৱাৰী, মইনাৰ আজি মাত শুনা নাই৷ স্কুলৰ পৰা আহিল নে?

: স্কুলৰ পৰা আহিয়েই দেখোন শুই আছে ৷ ভাতো খোৱা নাই ৷ কিবা পিশাচে চুলে নেকি ! দিনক দিনে কথা-বতৰা নুশুনা হৈ গৈছে ৷

: তাইনো কিখন জগৰ লগালে? তাইৰ একো হোৱা নাই নহয় ! গা বেয়া চাগে ৷

: জগৰ লগোৱা নাই নহয়৷ সদায় সদায় সেই সাধু নে যাদু সেইবোৰ কৈ কৈ কথা বতৰা নুশুনা কৰিলি ৷ - এই বুলি লতাই কঠোৰ মাতেৰে শাহুৱেকক কৈ নিজৰ কোঠালৈ সোমাই গ’ল৷

বোৱাৰীয়েকৰ মুখত এনে কঠোৰ আৰু অশুভ বচন শুনি বুঢ়ীৰ মনত বৰকৈ দুখ লাগিল ৷ মনৰ দুখতে বুঢ়ীয়ে ঘৰৰ পাছফালে থকা আম গছ জোপাৰ ওচৰলৈ গৈ তাৰে তলতে বহি চকুলো বোৱালে৷ আম গছ জোপা তাইৰ গিৰিয়েক হৰিহৰে ৰোৱা আছিল৷ ৰমনীয়ে আম খাই ভালপায় কাৰণে বিয়াৰ এমাহ পাছতেই আমৰ পুলি আনি ঘৰৰ পাছতে ৰুইছিল৷ পাৰ হৈ যোৱা অতীতৰ স্মৃতিবোৰ ৰমনীৰ মনলৈ আহিবলৈ ধৰিল ৷ সেয়া পঞ্চাশ বছৰৰ আগৰ কথা ৷ ৰমনীৰ গিৰিয়েক হৰিহৰে গল্প-কবিতা লিখিছিল৷ শিশুৰ বাবে শিশু পুথি লিখিছিল৷ নিজৰ গাওঁখনৰ চৰকাৰী প্ৰাথমিক স্কুলখনৰ এজন ভাল মাষ্টৰ আছিল৷ বহুতেই তেওঁক ভাল পাইছিল৷





বিয়াৰ তিনি বছৰ পাছতেই গিৰিয়েকৰ মৃত্যুত তাই অসহায় হৈ পৰিছিল৷ একমাত্ৰ এক বছৰীয়া সন্তান নিয়ৰক লৈয়েই দুখ-যন্ত্ৰণা বুকুত বান্ধি লৈ তাই জীয়াই থাকিল৷ সহায়ৰ হাত কাৰোপৰাই পোৱা নাছিল৷ কিন্তু এই সুখো বেছি দিন নাথাকিল৷ সেই সময়ৰ কথা ৷ নেৰা নেপেৰাকৈ বহুদিন বৰষুণ দি আছিল৷ চাৰিও ফালে বান পানী ৷ তাই অনাহাৰে- অনিদ্ৰাৰে দিন কটাব লগা হৈছিল ৷ ইফালে বতৰ বেয়া খাবলৈ একো নাই ৷ আনফালে সন্তানটোৰ টান জ্বৰ ৷ সেই সময়ত গাওঁ অঞ্চলত ডাক্তৰো নাছিল৷ নিজৰ সাচতীয়া সকলো ধন খৰচ কৰি গাওঁৰে বেজজনক দেখুৱালে৷ দুদিন মান জ্বৰ ভাল হৈছিল যদিও আকৌ জ্বৰ উঠিল৷ অনাহাৰে- অনিদ্ৰাৰে কান্দি-কান্দি তাই বেজজনৰ ওচৰলৈ গ’ল৷ বেজ জনে ক’লে-

: তোৰ যদি দিবলৈ টকায়েই নাই মই কেনেকৈ সহায় কৰিম!
: দেউ, আপোনাৰ ভৰিত ধৰিছোঁ৷ আপুনি মোৰ এই একমাত্ৰ বুকুৰ ধনটিক হেৰুৱাবলৈ নিদিব৷ কষ্ট কৰি পৰৰ ঘৰে ঘৰে কাম কৰি হলেও মই আপোনাক টকা আদায় দিম৷- ৰমনীয়ে কুমুদ বেজৰ ভৰিত ধৰি কাকুতি মিনতি কৰিলে৷

: হ’ব হ’ব ৷ তই ইমান কষ্ট কৰিব নালাগে ৷ মই সন্ধিয়া তোৰ ঘৰলৈ গৈ সকলো ঠিক কৰি আহিম৷ কান্দিব নাপায় নহ’য় ; উঠা ! - এই বুলি কৈ কুমুদ বেজে তাইৰ কান্ধত ধৰি উঠাই দি ঘৰলৈ যাবলৈ দিলে৷

ৰাতিৰ সময়ত কুমুদ বেজে ৰমনীৰ ঘৰলৈ গ’ল ৷ তাই আথে-বেথে বহিবলৈ দি ক’লে -

: দেউ, আপুনি সঁচাকৈয়ে মহান৷ মোক যে সহায় কৰিছে!
: এই খিনি ঔষধ লোৱা ৷ মোক বাৰু টকা নালাগে ৷ তোৰ দুখ বুজিয়েই এনেই দিছোঁ৷ হালধীয়া ৰঙৰ ঔষধ খিনি তোৰ পোনাটিৰ আৰু ৰঙা ৰঙৰ খিনি তোৰ কাৰণে৷

: দেউ, মোৰ কাৰণে কিয়?
: তই দুৰ্বল হৈ আছা যে সেইকাৰণে ৷ এইখিনি খালি তই দেহত শক্তি পাবি৷

তাই নিজৰ সন্তানটিক খুৱাই দি নিজৰ ভাগটোও খাই ল’লে৷ আছলতে কুমুদ বেজে তাইক সেইয়া গৰ্ভৱতী নোহোৱা ঔষধ হে খুৱালে৷

এইবাৰ কুমুদ বেজে কঁপা কঁপা মাতেৰে ক’লে
: তোৰ কাণত মনে মনে এটা কথা কওঁ শুনা !




তাই শুনিবৰ কাৰণে সামান্য হাউলি কাণখন পাতি দিলে ৷
কুমুদ বেজে সুবিধা পাই তাইক জোৰকৈ খামুচি ধৰি মুখত সোপা মাৰি ধৰি বিচনাখনত বগৰাই তাইৰ সকলো কাপোৰ ফালি পেলাই নৰপিশাচটোৱে তাইৰ ওপৰত জপিয়াই পৰিল৷ বাধা দিবলৈও শক্তি দেহত নাই কাৰণ তিনি দিন ধৰি লঘোনে আছে৷ হুৰ হুৰাই বৰষুণ পৰা কাৰণে তাইৰ চিঞৰ আৰু কান্দন কোনেও নুশুনিল৷ এনেদৰে পেলাই থৈ নৰপিশাচটো ঘৰলৈ গ’লগৈ৷ ৰাতি টানকৈ জ্বৰ উঠাত তাইৰ বুকুৰ কলিজাটিও কঁপি-কঁপি মৰি থাকিল৷ ৰাতি পুৱাহে তাইৰ কান্দন শুনি ওচৰৰ কেইজনমানে চাবলৈ দৌৰি আহিল৷
এসপ্তাহ মান পাছত নিজৰ সন্তানৰ বিয়োগ সহ্য কৰিব নোৱাৰি নদীত জপিয়াই আত্মহত্যা কৰিবলৈ ওলাইছিল কিন্তু নোৱাৰিল; কাৰণ, যি দিনাখন তাই আত্মহত্যা কৰিবলৈ গৈছিল সেই নদীটোৰ পাৰতে এটা কাৰোবাৰ সন্তান কান্দি থকা দেখিছিল৷ কি আচৰিত! সন্তানটিৰ কোনো মাক-দেউতাকে বিচাৰিও নাহিল৷ হ’য়তো ভগৱানে তাইৰ দুখ সহ্য কৰিব নোৱাৰি জীয়াই থাকিবলৈ তাইলৈ এইয়া সন্তান এটি উপহাৰ দিবও পাৰে৷ ল’ৰা সন্তানটি কোলাত তুলি লৈ লৰা লৰিকৈ তাই ঘৰ পালে আৰু তাই নাম দিলে মুন ৷
বহু বছৰ পাৰ হ’ল৷ সকলো ফালে পৰিৱৰ্তন হ’ল৷ এতিয়া আধুনিকতাৰ পৰশত আগৰ সেই বান পানী হোৱা গাওঁখন চহৰলৈ ৰূপাত্নৰিত হ’ল৷ মুন ডাঙৰ হ’ল৷ বি.এ পঢ়িয়েই সি এটা প্ৰাইভেট কোম্পানিত চাকৰি পালে৷ চাকৰিটো পোৱাত মাক ৰমনীয়ে গাওঁৰ গোঁসাই ঘৰত এটা শৰাই আগবঢ়ালে ৷ মনত আনন্দৰ ঢৌ ৷ হ’লেও আগৰ সেই যন্ত্ৰণাবোৰ পাহৰিব পৰা নাই৷ চাকৰিটোত যোগদান কৰিবৰ দিনাখনেই মুনে তাৰ প্ৰেয়সী জনীক ল’গ কৰিবলৈ গৈ পলুৱাই আনিলে ৷ এনেদৰে ৰমনীও বুঢ়ী হৈ আহিল ৷ মুন ডেকা হ’ল, বোৱাৰীয়েক আহিল আৰু নাতিনীয়েকৰ মুখ দেখিলে ৷ নিজৰ আপোন বুলিয়েইতো তাই সকলো কেইজনকে মৰম দিয়ে, আশিৰ্বাদ কৰে; কিন্তু কিয় বাৰু নুবুজে ৰমনীৰ হৃদয়ৰ কথা! বোৱাৰীয়েক লতা হিংসাকুৰীয়া মনৰ৷ শাহুৱেকক অনবৰতে কেটেৰা মাতেৰেই মাতে৷ পুতেকেও আগৰ দৰে বুঢ়ীক মৰম নকৰা হ’ল৷ মুনে পলুৱাই আনিছে যেতিয়া তাৰ হৃদয়ৰ ৷ বুঢ়ীয়ে একো কথাতে মাত মাতিব নোৱাৰে৷ বুঢ়ীয়ে কেতিয়াও লতাক বেয়াকৈ নক’য়৷ কৰিব লগীয়া কামবোৰ কৰি দিলেও লতাই শাহুৱেকক ভাল নাপায়৷ লতাই সাধুৰ পুথিবোৰ ভাল নাপায় ৷ ভূত-প্ৰেত এনে অন্ধবিশ্বাসে হেনো ল’ৰা-ছোৱালীক পাগল কৰে৷ মাকে জোনাকীক এনেবোৰ সাধু নুশুনিবলৈ সদায়েই সাৱধান বাণী শুনাই থাকে ৷ সাত বছৰীয়া জোনাকীয়ে কিন্তু মাকৰ কথা নামানে ৷ তাই সাধু শুনিব পালেহে কিতাপ পঢ়ে৷
লতাই গিৰিয়েক মুনক কথাবোৰ লগাই লগাই মাকক দেখিব নোৱাৰা কৰিলে৷ আগৰ দৰে মুনে মাকক ভাল নোপোৱা হ’ল ৷
নিজৰ সন্তানৰ দৰে বাৰু মুনক মৰম দিবপৰা নাই নেকি? নে সি নিজৰ মাক বুলি নাভাবে? ৷ এইবোৰ ভাবি ভাবি ৰমনীৰ দুখতে ৰাতি টোপনি নাহে৷ তাক অতীতৰ সকলো কথাবোৰ কৈছিল এদিন৷ মুনেও ৰমনীক নিজৰ মাক বুলিয়েই মানি আহিছে ; কিন্তু দিন যোৱাৰ লগে লগে ঘৈনীয়েক জনীক পোৱাৰ পাছত মুনে ৰমনীক আদৰ-সাদৰ নকৰা হ’ল আৰু মাকৰ পৰা যেন আঁতৰি ফুৰিবলৈ ধৰিছে৷ ৰমনী বুঢ়ী হোৱা কাৰণে আগৰ দৰে কাম-বন কৰিব নোৱাৰা হৈছে৷ তাৰ কাৰণেও বোৱাৰীয়েক লতাই কেটেৰা মাত মাতে৷ 
জোনাকী এজনী সৰু ছোৱালী৷ তাই এইবোৰ কথা বুজিব পৰা হোৱা নাই৷ সাধু শুনি ভাল পায়৷ আইতাকৰ মৰম বিচাৰে৷ মাকে জোনাকীক আইতাকৰ পৰা দূৰত জানো ৰাখিব পাৰিব? 

ৰমনীও সৰু থাকোতে নিজৰ আইতাকৰ পৰা সাধু শুনিছিল৷ সাধুকথা পঢ়িলে জ্ঞান-আনন্দ হে লাভ কৰে আৰু সৎ স্বভাৱৰ হ’য়৷ আগৰ পৰাই আইতাক-নাতিনীয়েক বা নাতিয়েকৰ মধুৰ সম্পৰ্ক এটা আছে৷ এনে সম্পৰ্ক আজি কালি যেন আধুনিকতাৰ পৰশত কৰবাত হেৰাই যাব ধৰিছে৷ ককা-আইতাৰ মুখৰ সাধুৰ সলনি মোবাইল, কম্পিউটাৰহে সংগী হ’ল৷ এনেদৰে এটা এটাকৈ অতীতৰ কথাবোৰ ৰমনী বুঢ়ীৰ মনত পাক খাবলৈ ধৰিল৷ হথাৎ ফেঁচু চৰাইৰ কুৰুলিত তাইৰ তন্ময়তা ভাঙিল৷ চাৰিও ফালে চোৱাত হে গাত তৎ আহিল৷ সন্ধিয়া আঁতৰি আন্ধাৰ হ’বলৈ ধৰিছে ৷ সৌ পশ্চিমৰ আকাশৰ পৰা কাঁচি জোনবাইটি মিচিকিয়াই হাঁহি ওলাইছে৷ চকুৰ পানী খিনি মচি বুঢ়ীয়ে এইবাৰ আকাশলৈ চালে ৷ দূৰৈৰ আকাশত কিচিক মচিককৈ জ্বলি থকা ত’ৰাবোৰ আৰু জোনটি চাই তাইৰ ভাল লাগিল৷ আমগছ জোপাৰ তলত বহি থকাৰ পৰা লাহে লাহে উঠিবলৈ ধৰোতেই পাছৰ পৰা মিহি কোমল সৰু এখন হাতৰ পৰশ তাইৰ হাতত পৰিল৷




: আইতা, তই ইয়াত অকলে অকলে কিয় এনেকৈ বহি আছ, ভয় লগা নাইনে?

সৰু ছোৱালী জনীৰ কোমল মাতত বুঢ়ীৰ হিয়া-মন চেনেহেৰে ভৰি পৰিল৷ বুঢ়ীৰ আকৌ দুচকু চলচলীয়া হৈ দুধাৰী চকুপানী বৈ পৰিল৷ কিচিৰ মিচিৰ জোনৰ পোহৰত আইতাকৰ দুচকুত চকুপানী দেখা পাই জোনাকীয়ে দুখ মনেৰে সুধিলে -

: আইতা, কি হৈছে? কিয় কন্দিছ আইতা ? আৰু ইয়াত অকলে বহি আছ কিয় ? মই বিচাৰি বিচাৰি ইয়াতে অকলে বহি থকা দেখি তোৰ কাষলৈ আহিলোঁ৷

: জোন, মই তোৰ কাৰণেই কান্দিছো৷ আজি স্কুলৰ পৰা আহি তই কিয় ভাত খোৱা নাছিলি?

: আইতা, মোক মা আৰু দেউতাই খুব কোবায় ; মৰম নকৰে৷ মাই কৈছে যে তোৰ সৈতে কথা পাতি সাধু শুনি থাকিলে হেনো স্কুলত নোৱাৰা হৈ যাম আৰু পিশাচে ধৰি পগলা কৰে৷ মাই তোৰ সৈতে মোক কথা পাতিবলৈ মানা কৰিছে৷ আজি আমাৰ ছাৰে কৈছে যে সাধু শুনিলে ভাল মানুহ হ’য়৷ সেই কাৰণে মই স্কুল চুটি হোৱাৰ পাছত এখন সাধু কিতাপ কিনিবলৈ যাব খুজিছিলোঁ ; কিন্তু দেউতাই মোক বাধা দিলে আৰু বহুত কোবালে ৷ সেই কাৰণে মই আজি স্কুলৰ পৰা আহি ভাত নাখালোঁ ৷

: মোৰ মৰমৰ জোন, তই যোৱা ঘৰলৈ ৷ তোৰ মা দেউতাৰাই ইয়াত এনেদৰে মোৰ সৈতে থকা গ’ম পালে মাৰিব ৷ 

: আইতা, মই আজি তোৰ লগতেই থাকিম ৷ মা-দেতাই এতিয়াও ঘৰলৈ অহা নাই৷ আমাৰ স্কুলৰ অভিভাৱক লৈ পতা সভাত গৈছে ৷ 

: তেনেখন নকৰিবি , জোন ! যোৱা আৰু কিতাপ পঢ়া ৷
: তই নগলে মইও নাযাওঁ ৷ ব’ল আইতা, আমি ইয়াৰ পৰা যাওঁ৷ 

জোনাকীলৈ ৰমনী বুঢ়ীৰ মৰম উপজিল৷ সৰু ছোৱালী জনীয়ে মৰম দিব যানে ; অথচ পুতেক আৰু বোৱাৰীয়েকেই নুবুজে তাইৰ হৃদয়ৰ বেথা ৷ তাইৰ আব্দাৰত বুঢ়ীয়ে তাৰ পৰা ঘৰলৈ উঠি আহিল৷ ৰাতি ন বাজিবৰ হ’ল৷ এতিয়াও মাক-দেউতাক অহা নাই৷ সকলো ছাত্ৰ-ছাত্ৰীৰে মাক-দেউতাকক লৈ স্কুলত এখন সভা পাতিছে ৷ সভাখনত বিভিন্ন জ্ঞানৰ আলাপ আলোচনা কৰিব ৷ বুঢ়ীয়ে কেকো জেকোকৈ বাহিৰৰ জুহালতে ভাত কেইটা ৰান্ধিলে৷ দুয়ো আইতাক নাতিনীয়েকে ভাত খাই বাগৰ দি থাকিল৷ জোনাকীয়ে সাধু শুনি শুনি টোপনি গ’ল৷ বুঢ়ীয়ে শুই থকাৰ পৰা উঠি জোনাকীৰ কাষতে বহি তাইৰ মুখলৈ চাই থাকিল৷
এই নিষ্পাপ ছোৱালী জনীয়েনো কি দোষ কৰিলে যে মাক দেউতাকে ইমানকৈ কোবায়! আৰু মইনো কি ইমান ডাঙৰ দোষ কৰিলোঁ , সিহঁত দুজনে মোক এৰাই চলিব ধৰিছে ৷ নিজৰ মাক নহ’য় কাৰণেই নেকি? -এনেদৰে বুঢ়ীয়ে ভাবি থাকোতে পুতেক-বোৱাৰীয়েকক অহাৰ মাত শুনিলে৷ বুঢ়ী সাৱধান হ’ল৷ আজি তাই দুয়োকে সকলো খুলি ক’ব ৷ যদি বুজি পায় তেনেহ’লে একেলগে থাকিব আৰু যদি একেই ব্যৱহাৰ, কেটেৰা মাত মাতে তেনেহ’লে বুঢ়ী বৃদ্ধাশ্ৰমলৈ গুছি যাব ৷ সিহঁতৰ সুখৰ বাবেই এই ঘৰ-দুৱাৰ সকলো এৰিব৷ কাইলৈ পুৱাতেই প্ৰথম বাছখনত উঠি বৃদ্ধাশ্ৰমলৈ যাব আৰু তাতেই থাকিব৷ হথাতে বুঢ়ীৰ কোঠালৈ মুন আৰু লতাই সোমাই আহি দুয়োজনে বুঢ়ীৰ ভৰিত ধৰি ক্ষমা মাগিবলৈ ধৰিলে৷ বুঢ়ী আচৰিত হ’ল আৰু ভাবিলে - নিশ্চয় স্কুলৰ সভাত গৈ জ্ঞান পালে চাগৈ ! বুঢ়ীয়ে পুতেক আৰু বোৱাৰীয়েকক মনৰ সকলো কথা খুলি ক’লে আৰু সিহঁতৰ ভুলৰ বাবে ক্ষমা কৰি দিলে৷

: আই , আমাক দুয়োকে ক্ষমা কৰি দে! আমি তোক বহুত দুখ দিলোঁ৷ - মুন আৰু লতাই চকু চলচলীয়া কৰি ক্ষমা মাগিলে৷

: তহঁতক নো মই কেতিয়া পৰৰ বুলি ভাবিছোঁ ৷ নিজৰ গৰ্ভৰ সন্তান নহ’লেও মই মুনক কেতিয়াও পৰৰ বুলি ভবা নাই ৷ আৰু তহঁত কেইজনৰ বাহিৰেনো কোন মোৰ আপোন আছে ? মা বুলি এষাৰ মৰমৰ মাত শুনিবলৈ মোৰ অন্তৰে সদায়েই হাহাকাৰ কৰি থাকে ৷ আজি মই বহুত সুখী ৷ মোৰ মনৰ কথা যে বুজি পালি ৷ 

মুন আৰু লতাই মা বুলি বুঢ়ীক সাৱটি ধৰি হুক হুকাই আনন্দতে কান্দিবলৈ ধৰিলে৷ জোনাকীয়ে টোপনিৰ পৰা সাৰ পাই আইতাক আৰু মাকক সাৱটি ধৰিল৷ সিহঁতৰ এনে মধুৰ সম্পৰ্ক দেখি আকাশৰ জোন আৰু তৰাবোৰে আনন্দতে আন্ধাৰৰ মাজে মাজে সোণালী ৰং চটিয়াবলৈ ধৰিলে ৷ 

                             #সমাপ্ত#

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.