Good Assam is a Multi Language New E-Magazine and a Digital Media. Every day you can read Health News , Vastu tips , Various types of articles , Stories , Novels and more. If you would like to publish your article, please send us a message in the message box of our Facebook Page or send your article to us by email. Our e-mail : goodassam@hotmail.com || Want to promote your advertise in Good Assam? Please contact us. Good Assam now Available on Facebook Instagram and YouTube. Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam24.in ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব।

Type Here to Get Search Results !

Mandiad

এই ৫ টা সমস্যা অপমাৰ্গৰ পাত ব্যৱহাৰ কৰি নিৰাময় কৰিব পাৰি। ব্যৱহাৰ পদ্ধতি জানিবলৈ পঢ়িব

এই ৫ টা সমস্যা অপমাৰ্গৰ পাত ব্যৱহাৰ কৰি নিৰাময় কৰিব পাৰি। ব্যৱহাৰ পদ্ধতি জানিবলৈ পঢ়িব।






( অপূৰ্ব দাস )



অপমাৰ্গ পাতৰ উপকাৰিতাৰ বিষয়ে জানো আহক - 


অপমাৰ্গ পাত ব্যৱহাৰ কৰি স্বাস্থ্য সম্পৰ্কীয় বহুতো সমস্যা নিৰাময় কৰিব পাৰি।  এই বিষয়ে তলত উল্লেখ কৰা হ'ল -





অপমাৰ্গ পাতৰ উপকাৰিতা আৰু ব্যৱহাৰৰ পদ্ধতি :


বনাঞ্চলত ইয়াক সহজে পোৱা যায়।  আয়ুৰ্বেদত বহু ধৰণৰ সমস্যা দূৰ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়।  ইয়াৰ কাঁইটীয়া গুটি থাকে, য’ত বেঙুনীয়া ৰঙৰ ফুলো ওলায়।  ইয়াৰ পাত ব্যৱহাৰ কৰি বহু ধৰণৰ সমস্যা দূৰ কৰিব পাৰি।  এই লেখাত আপোনালোকক অপমাৰ্গৰ উপকাৰিতা আৰু ইয়াৰ সঠিক ব্যৱহাৰৰ বিষয়ে ক'ম। 






মুখৰ আলচাৰৰ চিকিৎসা :


 অপামাৰ্গৰ পাতত থকা ঔষধি গুণে মুখৰ ঘাঁৰ চিকিৎসা কৰিব পাৰে।  ইয়াক ব্যৱহাৰ কৰিবলৈ এমুঠি মান অপামাৰ্গৰ পাত লৈ ২/৩ কাপ পানীত উতলাই ল'ব। কুহুমীয়া গৰম হ'বলৈ দিয়ক। ইয়াৰ পিছত মাখ কুলকুলীয়াব লাগে। দিনত এনেদৰে ৩/৪ বাৰমান কৰিব।  ইয়াৰ দ্বাৰা মুখৰ আলচাৰৰ সমস্যা বহু পৰিমাণে দূৰ হ’য়।




দাঁতৰ বিষৰ চিকিৎসা :


 অপামাৰ্গৰ পাতত এন্টি-বেক্টেৰিয়েল গুণ আছে, যাৰ ফলত দাঁতৰ চাৰিওফালে জমা হোৱা বেক্টেৰিয়া ধ্বংস কৰিব পাৰে।  দাঁতৰ বিষ কম কৰিবলৈ অপামাৰ্গ ব্যৱহাৰ কৰিব পাৰে।  ইয়াক ব্যৱহাৰ কৰিবলৈ পাতৰ পৰা ৰস উলিয়াব লাগে।  এতিয়া এই ৰসত কপাহ ডুবাই দাঁতত লগাব।  কিছু সময় এনেদৰে কৰিলে দাঁতৰ বিষৰ পৰা সকাহ পাব।






বাতবিষৰ বিষৰ পৰা সকাহ :


 বাতবিষৰ ফলত হোৱা বিষ আৰু ফুলা কম কৰিবলৈ অপামাৰ্গৰ পাত ব্যৱহাৰ কৰিব পাৰে।  ইয়াৰ বাবে পাত পিহি অলপ গৰম কৰি লওক।  ইয়াৰ পিছত আক্ৰান্ত অংশত লগাই বান্ধিব।  কিছু সময় এনেকৈ বান্ধি থওক।  এনে কৰিলে বিষ আৰু ফুলাৰ সমস্যা বহু পৰিমাণে হ্ৰাস পাব।



ডায়েবেটিছৰ সমস্যা হ্ৰাস কৰে :


ডায়েবেটিছৰ সময়ত হোৱা সমস্যা দূৰ কৰিবলৈ  অপামাৰ্গৰ পাত ব্যৱহাৰ কৰিব পাৰে।  ইয়াৰ বাবে অপামাৰ্গৰ পাত পিহি তাৰ ৰস উলিয়াই 15 ml দিনত এবাৰ সেৱন কৰক।  ইয়াৰ ফলত তেজৰ চেনিৰ পৰিমাণ হ্ৰাস পাব পাৰে।



ঘাঁবোৰ সোনকালে ভাল হয় :


 ঘাঁ সোনকালে ভাল কৰিবলৈও অপামাৰ্গৰ পাত ব্যৱহাৰ কৰিব পাৰে।  ইয়াৰ বাবে তিলৰ তেলত পাত ডুবাই কিছু সময় গৰম কৰি লওক।  ইয়াৰ পিছত ঘাঁত লগাব।  এই তেল দিনে ২ৰ পৰা ৩ বাৰ ঘাঁত লগালে ঘাঁ সোনকালে ভাল হ’য়।


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.