( অপূৰ্ব দাস )
সকলোৰে স্বাস্থ্যৰ বাবে ভাল টোপনি অতি প্ৰয়োজনীয়। টোপনিৰ অভাৱৰ বাবে মানুহৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে। টোপনিৰ অভাৱ হ'লে মানসিক চাপ বাঢ়ে। ইয়াৰ ফলত নাৰ্ভৰ সমস্যাৰ লগতে পেটৰ ( হজমৰ ) সমস্যাও বাঢ়ি যায়।
মানসিক চাপ এটা মানসিক স্বাস্থ্যজনিত সমস্যা আৰু ই আপোনাৰ জীৱনশৈলী আৰু টোপনিৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত। মানসিক চাপ পৰিচালনা নকৰিলে ক্ৰমান্বয়ে হতাশাৰ দৰে গুৰুতৰ মানসিক স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে। মানসিক চাপৰ বাহিৰেও টোপনিৰ অভাৱত বহুতো গুৰুতৰ ৰোগৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে তাৰে কিছুমানৰ বিষয়ে জনোৱা
হ'ল-
টোপনিৰ অভাৱত এই ৰোগবোৰৰ বলি হোৱা দেখা যায় -
(১) যকৃতৰ চিৰ’ছিছ
কিছুদিনৰ আগতে চীনৰ হুয়াঝং ইউনিভাৰ্চিটি অৱ চাইন্স এণ্ড টেকন’লজিৰ এক গৱেষণাত কোৱা হৈছে যে টোপনিৰ অভাৱত নন-এলক’হলিক ফেটি লিভাৰ ডিজিজ (NAFLD) আৰু লিভাৰ চিৰ’ছিছৰ সম্ভাৱনা বৃদ্ধি পায়। লিভাৰ চিৰ’ছিছ হৈছে এক প্ৰকাৰৰ দীৰ্ঘদিনীয়া ৰোগ যিটো লিভাৰৰ ক্ষতি হোৱাৰ বাবে আৰু দীৰ্ঘদিন ধৰি চিকিৎসা নোপোৱাৰ বাবে হয়। এই ৰোগত যকৃতত ঘাঁ হয় আৰু যকৃতৰ সুস্থ কোষবোৰৰ ক্ষতি হ’বলৈ আৰম্ভ কৰে।
(২) ডায়েবিটিছ
কিছু গৱেষণাৰ মতে কম টোপনি আৰু গভীৰ নিশা জাগি থকা আৰু ৰাতিৰ শ্বিফটত কাম কৰা আদি অৱস্থাই ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে।
(৩) পিচিঅ’এছ
আপুনি হয়তো জানি আচৰিত হ’ব যে মহিলাৰ পিচিঅ’এছ ৰোগটোও টোপনিৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত। য’ত পিচিঅ’এছৰ এটা প্ৰধান লক্ষণ হ’ল অনিদ্ৰা বা টোপনি অহাত অসুবিধা। একে সময়তে জিৰণি বা ভাল টোপনিৰ অভাৱত পিচিঅ’এছৰ লক্ষণসমূহো গুৰুতৰ হ’ব পাৰে।
• অনিদ্ৰা প্ৰতিৰোধৰ উপায় -
(১) ৰাতি লঘু আৰু সহজে হজম হোৱা খাদ্য খাব লাগে।
(২) ৰাতি শুৱাৰ আগতে বিচনাৰ ওচৰত বহি কোনো গুৰুতৰ বিষয়ৰ ওপৰত আলোচনা নকৰিব।
(৩) শুৱাৰ আগতে চাহ বা কফি খোৱাৰ পৰা বিৰত থাকিব লাগে।
(৪) ৰাতি অতিমাত্ৰা চিন্তা বা বেছি চিন্তা কৰাৰ অভ্যাস পৰিহাৰ কৰক।
(৫) ৰাতিৰ আহাৰ খোৱাৰ পিছত অলপ ( ১৫ বা ২০ মিনিট ) খোজ কাঢ়িব।
(৬) সদায় পৰিষ্কাৰ বিচনা আৰু নিস্তব্ধ কোঠাত শুব।
(৭) ৰাতি ১০:৩০ বজাৰ পিছত মোবাইল ফোন ব্যৱহাৰ কৰা উচিত নহয়।
(৮) পোহৰ বেয়া পোৱা সকলে কোঠাত পোহৰ ৰাখিব নালাগে।
(৯) কোঠাত পোহৰ নহ'লে টোপনি নোযোৱা সকলে কম পোহৰৰ ৰঙা লাইটহে ব্যৱহাৰ কৰিব।