( অপূৰ্ব দাস )
পাইলছৰ আৰু সৌচ টান হোৱা ৰোগৰ ফলপ্ৰসূ ঘৰুৱা প্ৰতিকাৰঃ
পাইলছ হৈছে এনে এটা সমস্যা যিয়ে ব্যক্তিক অসুবিধা দিয়ে। খাদ্যাভ্যাস আৰু জীৱনশৈলী সলনি কৰি পাইলছ আৰোগ্য কৰিব পাৰি। বহুতো ঘৰুৱা ঔষধেও পাইল আঁতৰোৱাত ফলপ্ৰসূ কাম কৰে।
বেয়া খাদ্য খোৱাৰ বাবে পাইলছৰ সমস্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। পাইলছত মলদ্বাৰৰ তলৰ অংশত ফুলি উঠে। যাৰ বাবে মল পাৰ হোৱাত অসুবিধা হয়। বহু সময়ত প্ৰচণ্ড বিষ আৰু খজুৱতিৰ ফলত মানুহ অসুবিধা পায়। সময়মতে চিকিৎসা নকৰিলে পাইলছৰ সমস্যা গুৰুতৰ হৈ উঠিব পাৰে। ইয়াৰ শিপাৰ পৰা পাইলছ আঁতৰাবলৈ বহুতো ঘৰুৱা উপায় আৰু প্ৰতিকাৰো গ্ৰহণ কৰিব পাৰে। আয়ুৰ্বেদত বহুতো বস্তু আছে যাৰ ব্যৱহাৰে পাইলছৰ সমস্যা দূৰ কৰিব পাৰে। সৌচ টান হ'লে পাইলছৰ সমস্যা আৰু বেছি হয়গৈ। এই ৰোগত পাণৰ পাত অতি ফলপ্ৰসূ বুলি প্ৰমাণিত হৈছে । ইয়াৰ দ্বাৰা পাইলছৰ চিকিৎসা কৰিব পাৰি। পাণৰ পাতে কেনেকৈ পাইলছ আৰু সৌচ টান হোৱা ৰোগত কেনেকৈ ব্যৱহাৰ কৰিব পাৰি জানো আহক-
সৌচ টান হোৱা ৰোগ আৰু পাইলছত পাণৰ পাত উপকাৰী :
আয়ুৰ্বেদত পাণৰ পাত ঔষধি গুণেৰে ভৰপূৰ বুলি ধৰা হয়। বহু সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ পাণৰ পাত ব্যৱহাৰ কৰা হয়। পাণৰ পাত উষ্ম প্ৰকৃতিৰ , যাৰ ফলত হজম শক্তি উন্নত হোৱাত সহায় কৰে। ইয়াৰ ফলত মল পাৰ হোৱাত সহজ হয়। পাণৰ পাতে পাইলছৰ ফুলা কমায় আৰু পেট পৰিস্কাৰ কৰি ৰাখে। ইয়াৰ দ্বাৰা কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰাও তাৎক্ষণিক সকাহ পোৱা যায়।
পাণৰ পাত কেনেকৈ ব্যৱহাৰ কৰিব?
পাণৰ পাতৰ পানী :
কোষ্ঠকাঠিন্য দূৰ কৰিবলৈ পাণ পাতৰ পানী ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে কেৰাহীত ১ গিলাচ পানী ঢালি তাত ৩-৪ খন পাণৰ পাত দিব। পানী উতলিবলৈ দি থাকিব। উতলি উতলি আধা কমি গ’লে নমাই লৈ চেকি ল'ব। অলপ ঠাণ্ডা হোৱাৰ পিছত এই পানী পান কৰক। ইয়াৰ ফলত পাইছলৰ লক্ষণ হ্ৰাস পাব আৰু ইয়াৰ গুড়িৰ পৰা সমস্যা নাইকিয়া হ’ব।
পাণ পাতৰ পেষ্ট :
পাইলছ ৰোগীয়ে মলদ্বাৰৰ ফুলা ঠাইত পাণ পাত পিহি পেষ্ট বনাই লগাব পাৰে। ইয়াৰ বাবে পাণ পাত পিহি পেষ্ট বনাওক। আক্ৰান্ত ঠাইত পাতৰ পেষ্ট ৩ ঘণ্টা মান লগাই থৈ দিব। এই পেষ্ট দিনটোত ২ বাৰ লগাব । ইয়াৰ দ্বাৰা সমস্যা বহু পৰিমাণে সমাধান হ’ব।