ডায়েবেটিচ, কেন্সাৰ আৰু পুৰুষৰ যৌন ৰোগ দূৰ কৰে এইবিধ পাচলিৰ শিপাই ।
( অপূৰ্ব দাস )
কেৱল ভাৰততে নহয়, বিশ্বৰ বহু দেশত ভেণ্ডি পাকঘৰৰ এক গুৰুত্বপূৰ্ণ অংশ। সমগ্ৰ বিশ্বতে ভেণ্ডি শাক-পাচলি হিচাপে খায় । কিছুমান নিৰ্বাচিত শাক-পাচলিৰ দৰে ভেণ্ডি বহু ধৰণে প্ৰস্তুত কৰি খাব পাৰি। আপুনি জানি আচৰিত হ’ব যে ভেণ্ডিত বহুতো ঔষধি গুণ পোৱা যায়, যিয়ে আমাক বহু ৰোগৰ পৰা মুক্ত কৰাত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কিন্তু এটা কথা নিশ্চিত যে আপুনি হয়তো কেৱল ভেণ্ডি পাচলি বা ভেণ্ডিৰ উপকাৰিতাৰ বিষয়েহে জানে বা আপুনি হয়তো কাৰোবাৰ মুখৰ পৰা শুনিছে। কিন্তু আজি আপোনালোকক ক’ম ভেণ্ডিৰ শিপাৰ উপকাৰিতাৰ বিষয়ে, যাৰ বিষয়ে আপুনি হয়তো কেতিয়াও শুনা নাছিল।
ভেণ্ডিত মিউচিলেজ থাকে বাবেই বীজলুৱা হয়। এই বীজলুৱা অংশখিনি হৈছে পেকটিন জাতীয় পদাৰ্থ। ইয়াত গেলেক্ট’জ, ৰেম্ন’জ আৰু গেলেক্ট’ৰ’নিক এছিড থাকে।
পেকটিনৰ ওপৰত কৰা গৱেষণাৰ পৰা প্ৰমাণিত হৈছে যে ই হাঁওফাঁও , হাড়ৰ ৰোগ, গোণোৰিয়া ৰোগ, ডায়েবেটিচ, কেন্সাৰ, প্ৰস্ৰাৱ জ্বলা-পোৰা ৰোগ দূৰ কৰে। ই মানৱ দেহৰ ৰোগ প্ৰতিৰোধী ক্ষমতাও শক্তিশালী কৰে। তদুপৰি ই ঘা আৰু আঘাতৰ বাবে ফুলা নিৰাময় কৰে।
ভেণ্ডিৰ শিপাৰ উপকাৰীতা :
ভেণ্ডিৰ শিপাৰ আটাইতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ ব্যৱহাৰ হৈছে গনোৰিয়াৰ চিকিৎসাত। গনোৰিয়া হৈছে যৌন সংক্ৰামক ৰোগ, যিয়ে পুৰুষ আৰু মহিলা উভয়কে আক্ৰমণ কৰে।
এইটো এটা অতি জটিল ৰোগ কাৰণ ইয়াৰ লক্ষণ দেখা নাযায়। গনোৰিয়াত আক্ৰান্ত পুৰুষসকলে বহু ধৰণৰ সমস্যাৰ সন্মুখীন হ’বলৈ আৰম্ভ কৰে। এই ৰোগত আক্ৰান্ত পুৰুষসকলে প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা অনুভৱ কৰে। ইয়াৰ বাহিৰেও ইহঁতৰ যৌনাংগৰ পৰা বগা বা হালধীয়া ৰঙৰ তৰল পদাৰ্থ ওলাই আহে। আন মহিলাসকলেও এই ৰোগৰ বাবে প্ৰস্ৰাৱ কৰাৰ সময়ত বিষ বা জ্বলা-পোৰাৰ অভিযোগ কৰে। গনোৰিয়া হ’লে ভেণ্ডিৰ শিপাৰ গুড়ি ব্যৱহাৰ কৰা হয়। গনোৰিয়া ৰোগৰ চিকিৎসাত ১ৰ পৰা ২ গ্ৰাম ভেণ্ডিৰ শিপাৰ গুড়ি মিচিৰিৰ লগত মিহলাই খালে অতি উপকাৰী।
ভেণ্ডি ফলৰ উপকাৰিতাৰ :
ভেণ্ডি শিপাৰ গুড়িৰ উপৰিও ভেণ্ডিয়ে নিজেই বহু ৰোগত প্ৰচণ্ড উপকাৰ প্ৰদান কৰে। ভেণ্ডিত বহু ধৰণৰ পুষ্টিকৰ পদাৰ্থ পৰ্যাপ্ত পৰিমাণে পোৱা যায় যিয়ে আমাক বহুতো উপকাৰ প্ৰদান কৰে।
• ভেণ্ডিত কেলচিয়াম, মেগনেছিয়াম, পটাছিয়াম, ফছফৰাছ, আইৰণ, ভিটামিন এ, ভিটামিন চি, ভিটামিন বি ৬, ভিটামিন ডি আদি প্ৰচুৰ পৰিমাণে পোৱা যায়।
• মহিলাসকলে সন্মুখীন হোৱা বহু ধৰণৰ যোনি সম্পৰ্কীয় ৰোগত ভেণ্ডি অতি উপকাৰী।
• সপোন দোষ বা অকালতে বীর্যপাতত ভোগা পুৰুষেও ভেণ্ডি খাই আৰোগ্য লাভ কৰিব পাৰে।
• ইয়াৰ উপৰিও প্ৰস্ৰাৱৰ লগত জড়িত বহু ধৰণৰ ৰোগো ভেণ্ডিৰ দ্বাৰা আৰোগ্য হয়।
• আপুনি জানি আচৰিত হ’ব যে ভেণ্ডি ব্যৱহাৰ কৰিলে কেন্সাৰৰ দৰে বিপজ্জনক ৰোগৰ পৰা সকাহ পাব পাৰি।
• ভেণ্ডি খাই থাকিলে আমাৰ হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে। কাৰণ ভেণ্ডিত যথেষ্ট পৰিমাণে আঁহ থাকে। ইয়ে বেয়া কলেষ্টোৰেল বৃদ্ধি হোৱাত বাধা দিয়ে।
• ভেণ্ডি খালে পেটৰ গেছ, সৌচ টান হোৱা সমস্যাও দূৰ হয়।
• ভেণ্ডি খালে ডায়েবেটিচ, গেষ্ট্ৰীক ৰোগ, দেহৰ চৰ্বি কমোৱা, কৰ্কট ৰোগ, প্ৰস্ৰাৱ জ্বলা-পোৰা ৰোগ দূৰ কৰাত সহায় কৰে।
আশাকৰোঁ এই লিখনিৰ দ্বাৰা আপুনি উপকৃত হ'ব।