By Good Assam
নহৰু প্ৰায় প্ৰতিটো ভাৰতীয় পাকঘৰতে উপস্থিত থকা বস্তু। সাধাৰণতে দালি আৰু শাক-পাচলিৰ সোৱাদ বঢ়াবলৈ ব্যৱহাৰ কৰা হয়। খাদ্যৰ সোৱাদ আৰু সুগন্ধি বৃদ্ধি কৰাই নহয়, স্বাস্থ্যৰ বাবেও ই অতি উপকাৰী। নহৰুত ঔষধি গুণ প্ৰচুৰ পৰিমাণে পোৱা যায়। ভিটামিন-এ, ভিটামিন-বি, ভিটামিন-চি, কেলচিয়াম, মেগনেছিয়াম, প্ৰটিন, জিংক আৰু চেলেনিয়াম আদি বহুতো পুষ্টিকৰ উপাদান ইয়াত পোৱা যায়। ইয়াৰ উপৰিও ইয়াত এন্টি-বায়টিক, এন্টি-বেক্টেৰিয়েল, এন্টি-ইনফ্লেমেটৰী আৰু এন্টিঅক্সিডেন্ট গুণো আছে, যিয়ে বহু ৰোগ নিৰাময়ত সহায় কৰে। আপুনি জানেনে যে প্ৰতিদিনে ৰাতিপুৱা খালী পেটত মাত্ৰ দুটুকুৰা নহৰু খালে ই স্বাস্থ্যৰ বহু উপকাৰ সাধন কৰিব পাৰে। ইয়াৰ দ্বাৰা কলেষ্টেৰল আৰু হজম শক্তিৰ লগত জড়িত সমস্যা নিৰাময় কৰিব পৰা যায়। আহকচোন, ইয়াৰ উপকাৰিতাৰ বিষয়ে জানো-
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে :
নহৰুত প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু এন্টিঅক্সিডেন্ট থাকে, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে । ইয়াৰ উপৰিও ইয়াৰ এন্টি-বেক্টেৰিয়েল আৰু এন্টি-মাইক্ৰ’বিয়াল গুণ আছে, যিয়ে সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। প্ৰতিদিনে পুৱা ১-২ ফোটা নহৰু খালী পেটত সেৱন কৰিলে বহু গুৰুতৰ ৰোগৰ চিকাৰৰ পৰা হাত সাৰিব পাৰি।
পেটৰ লগত জড়িত সমস্যাৰ পৰা পৰিত্ৰাণ :
ৰাতিপুৱা খালী পেটত নহৰু সেৱন কৰিলে পাচনতন্ত্ৰ উন্নত হয়। ই পাচন এনজাইমৰ উৎপাদনত সহায় কৰে, যিয়ে আন্ত্ৰিক স্বাস্থ্য উন্নত কৰিব পাৰে। ইয়াৰ নিয়মীয়া সেৱনে গেছ, বদহজম, কোষ্ঠকাঠিন্যৰ দৰে পাচন সমস্যাৰ পৰা সকাহ দিব পাৰে।
বাতবিষত ফলপ্ৰসূ :
বাতবিষৰ সমস্যাত নহৰু খোৱাটো অতি উপকাৰী। আচলতে ইয়াৰ এন্টি-ইনফ্লেমেটৰী গুণ আছে, যিয়ে শৰীৰৰ প্ৰদাহ কমোৱাত সহায় কৰিব পাৰে। ৰাতিপুৱা খালী পেটত ২ ফোট নহৰু সেৱন কৰিলে গাঁঠিৰ বিষ আৰু ফুলাৰ সমস্যাৰ পৰা সকাহ পোৱা যায়।
হৃদযন্ত্ৰ সুস্থ কৰে :
ৰাতিপুৱা খালী পেটত নহৰু সেৱন কৰিলে হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী বুলি প্ৰমাণিত । ইয়াৰ দ্বাৰা উচ্চ কলেষ্টেৰল আৰু উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত সহায়ক হ’য়। ইয়াৰ উপৰিও ধমনী বন্ধ হৈ পৰা সমস্যা দূৰ কৰাত সহায় কৰিব পাৰে। ইয়াৰ নিয়মীয়া সেৱনে হৃদৰোগৰ সম্ভাৱনা কমোৱাত সহায় কৰে।
ওজন হ্ৰাস কৰাত সহায়ক :
ৰাতিপুৱা খালী পেটত দুই ফোট নহৰু খোৱাটোৱে ওজন কমাবলৈ সহায় কৰে। আচলতে ই বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰাত সহায় কৰে, যিয়ে শৰীৰত জমা হোৱা অতিৰিক্ত চৰ্বি জ্বলোৱাত সহায় কৰে। লগতে শৰীৰত জমা হোৱা বিষাক্ত পদাৰ্থবোৰ উলিয়াই দিয়ে, যিয়ে ওজন কমাবলৈ সহায় কৰে।
এইসকল লোকৰ বাবে ক্ষতিকাৰক:
• যি সকলৰ উচ্চ এচিডিটিৰ সমস্যা আছে।
• যি সকলৰ ধাতু দুৰ্বলতা আছে।
• যি সকলে মানসিক চাপত ভুগি থাকে।
• যি সকলৰ নিম্ন ৰক্তচাপ আছে।