যদি আপুনি ডায়েবেটিছত আক্ৰান্ত তেন্তে ভুলতেও এই তিনিটা ভুল নকৰিব, নহ’লে চেনি নিয়ন্ত্ৰণ কৰাটো কঠিন হ’ব।
By Good Assam
বিশ্বজুৰি ডায়েবেটিছ ক্ৰমাৎ বৃদ্ধি পোৱা গুৰুতৰ স্বাস্থ্যজনিত সমস্যা। শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে সকলো বয়সৰ লোকেই ইয়াৰ বলি হ’ব পাৰে। এই কাৰণেই ইয়াৰ প্ৰতিৰোধৰ ক্ষেত্ৰত সৰুৰে পৰা সাৱধান হোৱাটো প্ৰয়োজনীয়।
চিকিৎসকে কয় যে, তেজৰ চেনিৰ মাত্ৰা বৃদ্ধি নহ’বলৈ জীৱনশৈলী আৰু খাদ্য দুয়োটাকে সঠিকভাৱে ৰখাটো গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। ইয়াত খাদ্যই বিশেষ ভূমিকা পালন কৰে। আপুনি কি খায় আৰু কি নাখায় তাৰ প্ৰত্যক্ষ প্ৰভাৱ আপোনাৰ চেনিৰ মাত্ৰাত পৰিব পাৰে।
স্বাস্থ্য বিশেষজ্ঞসকলে কয়, ডায়েবেটিছ এনে এক ৰোগ যাৰ সঠিক ব্যৱস্থাপনাই আপোনাৰ জীৱনৰ মান বৃদ্ধি কৰিব পাৰে। ইয়াত যিকোনো অসাৱধানতাই আন বহুতো জটিলতাৰ সৃষ্টি কৰিব পাৰে। যিসকল লোক ডায়েবেটিছ ৰোগত আক্ৰান্ত বা যিসকল ডায়েবেটিছৰ আশংকাত ভুগিছে তেওঁলোকক কিছুমান কথাত বিশেষ যত্ন লোৱাৰ পৰামৰ্শ দিয়া হয়।
স্বাস্থ্য বিশেষজ্ঞসকলে কি কয়?
এনে বহুতো অভ্যাস আছে যিয়ে ডায়েবেটিছৰ অৱস্থা আৰু বেয়া কৰি তুলিব পাৰে। বেছিভাগ মানুহেই এই বিষয়ে অজ্ঞাত। ডায়েবেটিছত কি কৰিব নালাগে সেই সম্পৰ্কে তথ্য আৰু ব্যৱস্থাসমূহ গুৰুত্বসহকাৰে অনুসৰণ কৰাটো গুৰুত্বপূৰ্ণ যাতে আপুনি গুৰুতৰ বিপদৰ পৰা সুৰক্ষিত থাকে।
ডায়েবেটিছৰ বাবে নিয়মীয়াকৈ চিকিৎসকৰ পৰামৰ্শ লোৱাৰ প্ৰয়োজন। নিয়মিতভাৱে তেজৰ চেনিৰ মাত্ৰা পৰীক্ষা নকৰা আৰু প্ৰয়োজনীয় ঔষধ নোখোৱাটোৱে সমস্যাটো আৰু বেছি ভয়াৱহ কৰি তুলিব পাৰে। ইয়াৰ উপৰিও দৈনন্দিন জীৱনৰ কিছুমান কামৰ প্ৰতিও গুৰুত্ব দিয়াটো জৰুৰী।
কেৱল চেনিয়েই নহয়, এইবোৰ বস্তুও ক্ষতিকাৰক :
চেনিৰ পৰা তৈয়াৰী খাদ্যই তেজত চেনিৰ পৰিমাণ দ্ৰুতগতিত বৃদ্ধি কৰে। ডায়েবেটিছত মিঠা বস্তুৰ পৰা আঁতৰি থকাটো গুৰুত্বপূৰ্ণ। কিন্তু কেৱল এইটোৱেই যথেষ্ট নহয়। বেছিভাগ মানুহেই নাজানে যে ফাষ্ট ফুড, যেনে বাৰ্গাৰ, পিজ্জা, প্ৰচেছড স্নেকছ, মম, মেগি, পৰঠা, পেকিং কৰা ফলৰ ৰস আদিত আৰু মইদাৰে তৈয়াৰ কৰা খাদ্যত অধিক পৰিমাণৰ কাৰ্বহাইড্ৰেট ,চৰ্বি আৰু চেনি থাকে , যাৰ ফলত তেজৰ চেনিৰ মাত্ৰা অস্বাভাৱিকভাৱে বেছি হ'য়। এইবোৰ বস্তু অতিৰিক্তভাৱে সেৱন কৰিলেও ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। ডায়েবেটিছ ৰোগীয়ে সময়মতে খাদ্য খোৱাৰ অভ্যাস গঢ়ি তোলাটোও গুৰুত্বপূৰ্ণ।
ব্যায়াম নকৰাৰ ক্ষতিকাৰক অভ্যাস :
শাৰীৰিক কাৰ্যকলাপৰ অভাৱে ডায়েবেটিছ পৰিচালনা কৰাটো কঠিন কৰি তোলে। নিয়মীয়া ব্যায়ামৰ ফলত শৰীৰৰ ইনচুলিন সংবেদনশীলতা বৃদ্ধি পায় আৰু তেজৰ চেনিৰ পৰিমাণ ভালদৰে নিয়ন্ত্ৰণ কৰে । ব্যায়াম নকৰাৰ ফলত ডায়েবেটিছৰ জটিলতা বৃদ্ধি পাব পাৰে। ডায়েবেটিছ হওক বা নহওক, তথাপিও নিয়মিতভাৱে ৩০ মিনিট ব্যায়াম কৰাটো অভ্যাস কৰি লওক।
ব্যায়ামৰ জৰিয়তেও ওজন নিয়ন্ত্ৰিত হয়। অতিৰিক্ত ওজনৰ বাবে ডায়েবেটিছৰ সম্ভাৱনাও বৃদ্ধি পায়। এনে ধৰণৰ ব্যায়াম কৰিব লাগে যেনে- চাইকেল চলোৱা, লাহে লাহে দৌৰা, খোজ কঢ়া, এঠাইতে কৰা কিছুমান ব্যায়াম আদি কৰা অতি দৰকাৰ।
অত্যধিক মানসিক চাপ ভাল নহয় :
অত্যধিক মানসিক চাপ লোৱাৰ অভ্যাস ডায়েবেটিছ ৰোগীৰ বাবেও ক্ষতিকাৰক, ই তেজৰ চেনিও বৃদ্ধি কৰে । মানসিক চাপৰ ক্ষেত্ৰত শৰীৰত ষ্ট্ৰেছ হৰম’ন (কৰ্টিছল)ৰ মাত্ৰা বৃদ্ধি পায়, যাৰ ফলত ইনচুলিনৰ ফলপ্ৰসূতা হ্ৰাস পায়। যোগ, ধ্যান, সঠিক টোপনিৰ দ্বাৰা মানসিক চাপ হ্ৰাসৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ভাল আৰু পৰ্যাপ্ত টোপনিয়ে মানসিক চাপ আৰু ডায়েবেটিছ দুয়োটাকে নিয়ন্ত্ৰণ কৰে।