( অপূৰ্ব দাস )
শ্ৰী হৰি বিষ্ণুৰ মহান কথা আমাৰ পুৰাণত উল্লেখ আছে। এই জগতৰ সৃষ্টিকৰ্তা ব্ৰহ্মাদেৱক বিষ্ণুৱে নিজেই নিজৰ নাভিৰ পদুমৰ পৰা সৃষ্টি কৰিছিল।
ভগৱান বিষ্ণুৰ বৰ্ণনা কৰোতে তেওঁক সংখ, চক্ৰ গদা, পদ্ম আৰু কৌস্তুভ ৰত্নেৰে সজ্জিত বুলি কোৱা হয়। ভগৱান বিষ্ণু এই সংসাৰ ৰক্ষা কৰে।
কিন্তু ভগৱান বিষ্ণুই কেনেকৈ সুদৰ্শন চক্ৰ লাভ কৰিছিল জানেনে? আহক আপোনাক জনাও-
শিৱ পুৰাণৰ মতে এসময়ত অসুৰৰ কাৰণে এই পৃথিৱীত বহুত আতংকৰ সৃষ্টি হৈছিল। সেই অসুৰবোৰে কেৱল মানুহকে নহয়, দেৱতাকো অত্যাচাৰ কৰিবলৈ ধৰিলে। এনে অৱস্থাত জগতৰ পৰা ধৰ্ম নোহোৱা হ’বলৈ আৰম্ভ কৰিলে । যেতিয়া অসুৰে মানুহৰ ওপৰত অত্যাচা কৰি যজ্ঞ কৰা বন্ধ কৰিলে তেতিয়া দেৱতাসকলে নিজৰ অংশ পোৱা বন্ধ হ'ল। এনে পৰিস্থিতিত সকলো দেৱতাই শ্ৰী বিষ্ণুৰ ওচৰলৈ গৈ নিজৰ সমস্যাৰ কথা বৰ্ণনা ক’ৰিলে । সেই সময়ত শক্তিশালী অসুৰক বিনাশ কৰিবলৈ ভগৱান বিষ্ণুৰ হাতত অস্ত্ৰ নাছিল । তাৰ পিছত সকলো দেৱতাক পতিয়ন নিয়াই পুনৰ পঠিয়াই দিলে আৰু তেওঁ নিজেই কৈলাশ পৰ্বতলৈ গৈ শিৱৰ লগত ইয়াৰ বিষয়ে আলোচনা কৰিবলৈ গ'ল। শিৱ কিন্তু সেই সময়ত ধ্যানত মগ্ন হৈ আছিল। শিৱই এবাৰ ধ্যানত মগ্ন হ'লে সহজেতে ধ্যানৰ পৰা ঘূৰি অহাটো সম্ভৱ নহ'য়। সেয়েহে ভগৱান বিষ্ণুই এটা উপায় ভাবিল। ভগৱান বিষ্ণুৱে নিশ্চিত আছিল যে তেওঁ শিৱক আৰাধনা কৰি ধ্যান ভঙ্গ কৰিব ।
ভগৱান বিষ্ণুৱে কৈলাশ পৰ্বতত শিৱক আৰাধনা কৰিবলৈ আৰম্ভ কৰিলে। অৱশেষত শিৱৰ ধ্যান আতৰিল। ভগৱান বিষ্ণুই কৰা আৰাধনা দেখি শিৱ আচৰিত হ'ল। শিৱই ভগৱান বিষ্ণুৰ মনটো পৰীক্ষা কৰাৰ সিদ্ধান্ত ল'লে।
ভগৱান বিষ্ণুই শিৱক আৰাধনা কৰিবলৈ ১০৮ টা পদুম আনিছিল। তাৰে এটা পদুম লুকুৱাই থলে।
পূজা কৰোতে যেতিয়া এটা ফুল কম হ'ল, তেতিয়া ভগৱান বিষ্ণু বৰ আচৰিত হ’ল। ইফালে সিফালে ফুল বিচাৰিবলৈ ধৰিলে। বহু সময় পাৰ হৈ যোৱাৰ পাছতো যেতিয়া তেওঁ ফুলটো বিচাৰি নাপালে, পূজা-অৰ্চনাত ব্যাঘাত জন্মিব পাৰে বুলি তেওঁ পদুমসদৃশ চকুটো উলিয়াই তেওঁ শিৱক অৰ্পণ কৰিবলৈ আগবাঢ়িলে।
এই অপৰিসীম ভক্তি দেখি ভগৱান শিৱই বিষ্ণুৰ আগত উপস্থিত হʼল। শিৱই ক'লে - হে শ্ৰী হৰি, আপোনাৰ দৰে পিৱিত্ৰ মনৰ এই জগতত নাই। আপোনাৰ ভক্তি অপৰিসীম।
শিৱই তেওঁৰ পূজাৰ উদ্দেশ্য সুধিলে। ভগৱান শিৱৰ কথা শুনি বিষ্ণুৱে ক’লে - হে মহাদেৱ, আপুনি সকলো জানে। আপুনিও জানে যে পৃথিৱীত অসুৰৰ দ্বাৰা মহা ভয়ৰ সৃষ্টি হৈছে আৰু এতিয়া দেৱতাসকলকো ৰক্ষা কৰিব লাগিব। বিষ্ণুৰ এনে বাক্য শুনি ভগৱান শিৱই তেওঁক সুদৰ্শন চক্ৰ প্ৰদান কৰিলে যাৰ বাবে বিষ্ণুৱে সকলো অসুৰক হত্যা কৰি ধৰ্মক পুনৰ প্ৰতিষ্ঠা কৰিলে।
বি:দ্ৰ: এই কাহিনীটো শিৱ পুৰাণৰ মতেহে লিখা হৈছে। অন্যান্য ধৰ্ম গ্ৰন্থৰ মতে এই কাহিনীৰ মতভেদ দেখা যায়।