( অপূৰ্ব দাস )
যেতিয়া আপুনি দাঁত ব্ৰাছ নকৰাকৈ পোনে পোনে বিচনাত পৰে তেতিয়া ই মুখৰ স্বাস্থ্যৰ লগত জড়িত বহু সমস্যাৰ সৃষ্টি কৰিব পাৰে। জানো আহক ৰাতি শুৱাৰ আগতে ব্ৰাছ কৰাটো কিয় গুৰুত্বপূৰ্ণ?
আমি দিনটোত দুবাৰ ব্ৰাছ কৰিব লাগে। ৰাতিপুৱা এবাৰ আৰু ৰাতি শুৱাৰ আগতে দ্বিতীয়বাৰ। কিন্তু অতি কম সংখ্যক লোকে এই ৰুটিন মানি চলে। মানুহে মাত্ৰ ৰাতিপুৱা ব্ৰাছ কৰে। কিন্তু এনে অসাৱধানতাই আপোনাৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে। ৰাতি ব্ৰাছ নকৰিলে কি হ’ব পাৰে জানো আহক -
এই সমস্যাসমূহ হ’ব পাৰে:
মুখৰ দুৰ্গন্ধ: খাদ্য খোৱাৰ পিছত মুখৰ ভিতৰত লাখ লাখ বেক্টেৰিয়া উৎপন্ন হয়। কেৱল এয়াই নহয়, দাঁত ক্ষয়ৰ বাবে মুখৰ পৰা বেয়া গোন্ধ ওলাবলৈ আৰম্ভ কৰে সেয়ে প্ৰতি নিশা শুৱাৰ আগতে দাঁত ব্ৰাছ কৰিব লাগে আৰু লগতে ফ্লছ কৰিব লাগে। ই দাঁত, দাঁতৰ আঁলু আৰু জিভাৰ পৰা বেক্টেৰিয়া আৰু প্লেক আঁতৰোৱাত সহায় কৰি মুখৰ দুৰ্গন্ধ প্ৰতিৰোধ কৰে।
দাঁতৰ আঁলুৰ ৰোগ আৰু পেটৰ ৰোগঃ
যদি আপুনি দাঁত ব্ৰাছ নকৰাকৈ শুই থাকে তেন্তে দাঁতৰ ক্ষয় আৰু দাঁতৰ ৰোগৰ দৰে গুৰুতৰ সমস্যাত ভুগিব পাৰে। আচলতে ৰাতি ব্ৰাছ নকৰাৰ বাবে মুখত বেক্টেৰিয়া হ’বলৈ আৰম্ভ কৰে। ইয়াৰ ফলতেই দাঁতৰ ৰোগ আৰু পেটৰো ৰোগ হোৱা দেখা। সেয়েহে সদায় দিনত ২ বাৰকৈ দাঁত ভালদৰে ব্ৰাছ কৰা উচিত।
হৃদৰোগৰ সম্ভাৱনাঃ
আচৰিত লাগিলেও কিছুমান গৱেষণাৰ মতে মুখৰ স্বাস্থ্যৰ প্ৰতি অৱহেলা, দাঁতৰ আঁলুৰ ৰোগ আৰু হৃদৰোগৰ মাজত সম্পৰ্ক আছে। কাৰণ দাঁতৰ আশে-পাশে থকা শীৰাবোৰ ফুলে আৰু ৰক্তক্ষৰণ হয়।
শীৰাবোৰ দুৰ্বল হোৱাৰ বাবেও তেজৰ সোঁতত বাধা পৰে আৰু ধমনীত ইয়াৰ প্ৰভাৱ পৰে। ইয়াৰ ফলত হৃদযন্ত্ৰলৈ তেজৰ সোঁতত বাধা আহিব পাৰে। এইয়া এক গৱেষণাৰ পৰা ধৰা পৰিছে। বিষেশকৈ চকু আৰু কাণৰ ক্ষমতাও কমি যায়।
এই দাঁত ব্ৰাছিং টিপছসমূহ মানি চলক:
মুখৰ সুস্থ স্বাস্থ্যৰ বাবে দিনটোত দুবাৰকৈ ২ মিনিটৰ বাবে দাঁত ব্ৰাছ কৰিব লাগে।
ফ্ল’ৰাইডযুক্ত টুথপেষ্ট ব্যৱহাৰ কৰক। ফ্ল’ৰাইডে দাঁতৰ স্বাস্থ্য বহু পৰিমাণে উন্নত কৰে, যাৰ ফলত দাঁত শক্তিশালী হয়।
আপোনাৰ বাবে উপযুক্ত টুথব্ৰাছ ব্যৱহাৰ কৰক। সদায় কোমল ব্ৰাছ ব্যৱহাৰ কৰিব লাগে।
৩ৰ পৰা ৪ মাহৰ মূৰে মূৰে টুথব্ৰাছ সলনি কৰিব লাগে।