মাৰ্চ -২০২৫ , এই মাহৰ সম্পূৰ্ণ ৰাশিফল জানিবলৈ পঢ়িব।
মেষ ৰাশিঃ
মাৰ্চ মাহৰ ৰাশিফল 2025 অনুসৰি, এই মাহটোৱে সাধাৰণভাৱে আপোনাক উন্নত ফলাফল প্ৰদান কৰিব। আপোনাৰ কেৰিয়াৰৰ গৃহৰ স্বামী এই মাহতো যোৱাটো মাহৰ দৰেই আপোনাৰ লাবৰ গৃহত স্থিত হৈ আছে। সাধাৰণভাৱে ইয়াক এক অনুকূল স্থিতি বুলি ক’ব পৰা যায়। কিন্তু মাহটোৰ আৰম্ভণিতে শনিয়ে কিছু লোকচান কৰিব পাৰে। ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে এই মাহত তুলামূলকভাৱে অধিক সাৱধানতাৰে কাম কৰিব লাগিব। শিক্ষাৰ দৃষ্টিকোণৰপৰা মাৰ্চ মাহটোৱে আপোনাক মিশ্ৰিত ফল প্ৰদান কৰিব। পাৰিবাৰিক দিশতো মাৰ্চ মাহটোৱে অনুকূল ফল প্ৰদনা কৰাৰ সম্ভাৱনা আছে। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত দেখা গৈছে যে এই মাহত আপোনাৰ পঞ্চম গৃহৰ স্বামী সূৰ্য্য মাহটোৰ আৰম্ভণিতে আপোনাৰ লাভৰ গৃহত থাকিব, এই স্থিতিক ভাল বুলি ক’ব পৰা যায় কিন্তু শনিৰ প্ৰভাৱৰ ফলত মাজে-সময়ে কিছুমান সমস্যা আহিব পাৰে। বৈবাহিক জীৱনত এই মাহত শুক্ৰৰ স্থিতি অনুকূল হোৱাৰ বাবে দাম্পত্য জীৱন সুখময় হ’ব। আৰ্থিক দিশত এই মাহত আপোনাৰ লাভৰ গৃহৰ স্বামী শনি সাধাৰণতে অনুকূল স্থিতিত আছে কিন্তু মাহটোৰ আৰম্ভণিতে অস্ত হোৱাৰ কাৰণে লাভৰ গ্ৰাফডাল কিছু কম হ’ব পাৰে। স্বাস্থ্যৰ দিশৰপৰা মাৰ্চ মাহটোৱে যথেষ্ট পৰিমাণে অনুকূল ফলাফল প্ৰদান কৰিব পাৰে। আপুনি সুস্বাস্থ্যৱান হৈ থাকিব পাৰিব। মাত্ৰ কিছু সাৱধানতা অৱলম্বন কৰাৰ আৱশ্যকতা আছে।
উপায়:
নিয়মিতভাৱে মন্দিৰলৈ যাওক।
বৃষ ৰাশিঃ
এই মাহটো আপোনাৰ বাবে যথেষ্ট পৰিমাণে অনুকূল হ’ব। মাৰ্চ মাহৰ ৰাশিফল 2025 অনুসৰি আপোনাৰ কেৰিয়াৰৰ গৃহৰ স্বামী এই মাহত নিজৰ ৰাশিতেই কৰ্মস্থানত স্থিত হৈছে। এনে পৰিস্থিতিত কৰ্মক্ষেত্ৰৰ সৈতে জড়িত বিষয়ত আপুনি নিজৰ পৰিশ্ৰমৰ অনুপাতে ফলাফল প্ৰাপ্ত কৰিব। শিক্ষাৰ দিশৰপৰা মাৰ্চ মাহটোত আপুনি কিছু অতিৰিক্ত কষ্ট কৰাৰ প্ৰয়োজন হ’ব। কিন্তু অনুকূল কথাটো হ’ল যে আপোনাৰ দ্বাৰা কৰা পৰিশ্ৰমে আপোনাক ভাল ফল প্ৰদান কৰিব। পাৰিবাৰিক দিশত আপুনি কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। মাৰ্চ মাহেকীয়া ৰাশিফল 2025 অনুসৰি, প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত দেখা যায় কোনো বিবাদ বা ভুল বুজাবুজি হ’ব পাৰে কিন্তু যদিহে আপুনি নিষ্ঠাৱান হৈ সম্পৰ্কৰ শুধৰণিৰ বাবে আৰু ভুল বুজাবুজি দূৰ কৰিবৰ বাবে চেষ্টা কৰে তেনেহ’লে অতি শীঘ্ৰেই সম্পৰ্কৰ শুধৰণি হ’ব। বৈবাহিক জীৱনৰ ক্ষেত্ৰত দেখা যায় যে এই মাহত আপুনি মিশ্ৰিত ফলাফল প্ৰাপ্ত কৰিব। আৰ্থিক দিশত আপোনাৰ লাভ এই মাহত মধ্যমীয়া হ’ব। স্বাস্থ্যৰ দৃষ্টিকোণৰপৰা এই মাহটোৱে কিছু পৰিমাণে অনুকূল ফলাফল প্ৰদান কৰিব। সৰু-সুৰা স্বাস্থ্যজনিত সমস্যা হ’ব পাৰে কিন্তু কোনো ডাঙৰ সমস্যা নহয়।
উপায়
প্ৰত্যেক বৃহস্পতিবাৰে মন্দিৰত গাখীৰ আৰু চেনী দান কৰক।
মিথুন ৰাশিঃ
সাধাৰণভাৱে এই মাহটোৱে আপোনাৰ বাবে মজলীয়া ফলাফল কঢ়িয়াই আনিব। আপোনাৰ কেৰিয়াৰৰ গৃহৰ স্বামী এই মাহত স্বাদশ গৃহত স্থিত হ’ব তথা শুক্ৰ আৰু চন্দ্ৰমাৰ প্ৰভাৱত থাকিব। এই কাৰণবশতঃ কৰ্মক্ষেত্ৰৰ সৈতে জড়িত বিষয়ত আপুনি মধ্যমীয়া ফল প্ৰাপ্ত কৰিব। শিক্ষাৰ দৃষ্টিকোণৰপৰা এই মাহটোৱে আপোনাক উন্নত ফলাফল প্ৰদান কৰিব। আনহাতে উচ্চ শিক্ষাৰ বাবে এই মাহত অধিক কষ্ট কৰিব লাগিব লাগিব পাৰে। কিন্তু অনুকূল কথাটো হ’ল যে সকলো শিক্ষাৰ্থীয়েই নিজৰ কষ্টৰ ফলস্বৰূপে ভাল ফল প্ৰাপ্ত কৰিব আনহাতে গুৰুত্বহীনতাৰ বাবে আশা কৰাতকৈ কম ফলাফল লাভ কৰিব পাৰে। পাৰিবাৰিক দিশত আপুনি মাৰ্ মাহত সন্তোষজনক ফলাফল লাভ কৰিব। যদিহে প্ৰেমৰ সম্পৰ্কৰ কথা ক’বলৈ যোৱা যায় তেনেহ’লে ক’ব পাৰি যে এই মাহত পঞ্চম গৃহৰ স্বামী শুক্ৰৰ স্থিতি যথেষ্ট ভাল হ’ব। তাৰ উপৰিও শুক্ৰ হৈছে প্ৰেমৰ কাৰক গ্ৰহ। বিশেষ অনুকূল কথাটো হ’ব যে শুক্ৰই আপোনাৰ লগ্ন বা ৰাশি স্বামী বুধৰ সৈতে যুটী কৰিব, এনে স্থিতিত প্ৰেমৰ সম্পৰ্কত যথেষ্ট অনুকূল ফল লাভ কৰাৰ সম্ভাৱনা আছে। বৈবাহিক জীৱনৰ ক্ষেত্ৰত ক’ব পাৰি যে এইক্ষেত্ৰত মধ্যমীয়া ফলাফল লাভ কৰিব। আৰ্থিক দিশত দেখা যায় আপুনি কৰা কষ্ট অনুসৰি ফল প্ৰাপ্ত কৰিব। স্বাস্থ্যৰ দিশতো মাৰ্চ মাহটোৱে মিশ্ৰিত ফলাফল প্ৰদান কৰিব। গুৰুত্বহীন হ’লে স্বাস্থ্য কিছু দুৰ্বল হ’ব পাৰে।
উপায়:
নিয়মিতভাৱে হনুমান চালিশা জপ কৰক।
কৰ্কট ৰাশিঃ
এই মাহটোৱে সাধাৰণভাৱে আপোনাক মিশ্ৰিত ফলাফল প্ৰদান কৰিব। কেতিয়াবা কেতিয়াবা অৱশ্যে সংঘৰ্ষৰ স্তৰ বৃদ্ধি পাব পাৰে। কৰ্মক্ষেত্ৰত কিছু জটিলতা বা সমস্যাৰ উদ্ভৱ হ’ব পাৰে। লৰ-ঢপৰাও বৃদ্ধি পাব পাৰে। মাৰ্চ মাহেকীয়া ৰাশিফল 2025 অনুসৰি, শিক্ষাৰ দিশৰপৰা এই মাহটোৱেমধ্যমীয়া বা মধ্যমীয়াতকৈ কিছু উন্নত ফলাফল প্ৰদান কৰাৰ সম্ভাৱনা আছে। পাৰিবাৰিক দিশত দেখা গৈছে যে মাৰ্চ মাহটো আপোনাৰ বাবে এইক্ষেত্ৰত কিছু দুৰ্বল হ’ব পাৰে। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত ক’ব পাৰি যে এই মাহত পঞ্চম গৃহৰ স্বামী মঙ্গল দ্বাদশ গৃহত স্থিত হ’ব যি প্ৰেম জীৱনলৈ কিছু দুৰ্বলতা আনি দিব পাৰে। বৈবাহিক জীৱন বা দাম্পত্য জীৱনৰ সুখৰ ক্ষেত্ৰত দেখা যায় এই ক্ষেত্ৰত এই মাহটো যোৱা মাহৰ তুলনাত উন্নত ফলদায়ক হ’ব। আৰ্থিক দিশত দেখা যায় আপুনি যি স্তৰত কাম কৰি আছে সেই স্তৰৰ লাভ আপুনি প্ৰাপ্ত কৰিব। স্বাস্থ্যৰ দিশৰপৰা মাৰ্ মাহটো কিছু দুৰ্বল হ’ব পাৰে। স্নায়ুৰ সৈতে সম্বন্ধিত কোনো সমস্যাই দেখা দিয়াৰ আশংকা কৰা হৈছে।
উপায়
নিয়মিতভাৱে গণপতি অথৰ্বশীৰ্ষ পাঠ কৰক।
সিংহ ৰাশিঃ
এই মাহটো আপোনাৰ বাবে কিছু পৰিমাণে সংঘৰ্ষৰে ভৰা বা কিছু দুৰ্বল হ’ব পাৰে। শিক্ষাৰ দিশৰপৰা মাৰ্চ মাহটোৱে আপোনাক মধ্যমীয়া ফলাফল প্ৰদান কৰিব। পাৰিবাৰিক দিশতো এই মাহটোৱে মজলীয়া ফলাফল কঢ়িয়াই আনিব। মাৰ্চ মাহৰ বাবে প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত দেখা যায় যে এই মাহত আপোনাৰ পঞ্চম গৃহৰ স্বামী বৃহস্পতিৰ স্থিতি সিমান শক্তিশালী নহ’ব। সেইকাৰণে কামৰ ব্যস্ততা বা অন্য কাৰণৰ বাবে সঙ্গীৰ সৈতে লগ পোৱাৰ সুযোগ কম হ’ব পাৰে। যাৰ ফলত আপোনাৰ প্ৰেমাস্পদ কিছু অভিমানী হৈ পৰিব পাৰে। বৈবাহিক জীৱনৰ সুখৰ ক্ষেত্ৰত ক’ব পাৰি যে এই মাহত এইক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰাটো উচিত হ’ব। পৰস্পৰৰ মাজত সৰু-সুৰা যুক্তি-তৰ্ক হ’ব পাৰে। আৰ্থিক দিশৰ ক্ষেত্ৰত ক’ব পাৰি যে এই মাহত আমদানীৰ ক্ষেত্ৰত নিৰন্তৰতা কম দেখা যাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত এই মাহত কিছু দুৰ্বল ফলাফল লাভ কৰাৰ আশংকা কৰা হৈছে। আপোনাৰ নিজৰ শাৰীৰিক প্ৰকৃতি অনুসৰি খোৱা-বোৱাৰ প্ৰতি গুৰুত্ব দিয়াটো যথেষ্ট গুৰুত্বপূৰ্ণ হ’ব।
উপায়
এই মাহত নিমখ কমকৈ খাওক আৰু দেওবাৰে নিমখ একেবাৰে নাখাব।
কন্যা ৰাশিঃ
এই মাহত আপুনি সাধাৰণভৱাে মধ্যমীয়া বা মধ্যমীয়াতকৈ কিছু উন্নত ফলাফল লাভ কৰিব পাৰে। আপোনাৰ কেৰিয়াৰৰ গৃহৰ স্বামী এই মাহত নিম্ন অৱস্থাত সপ্তম গৃহত থাকিব। সাধাৰণভাৱে এই স্থিতিক অনুকূল বুলি ক’ব পৰা নাযায়। ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে এই মাহত কিচু লাভ প্ৰাপ্ত কৰিলেও কোনো ডাঙৰ বিপদাশংকা লোৱাটো তেওঁলোকৰ বাবে উচিত নহ’ব। শিক্ষাৰ দিশৰপৰা মাৰ্চ মাহটোৱে মিশ্ৰিত ফল প্ৰদান কৰিব। পাৰিবাৰিক দিশত মাৰ্চ মাহটোৱে আপোনাক মিশ্ৰিত ফল প্ৰদান কৰিব। মাৰ্চ মাহত প্ৰেমৰ ক্ষেত্ৰত দেখা যায় যে এই মাহটো আপোনাৰ প্ৰেম জীৱনৰ বাবে অনুকূল হ’ব। বৈবাহিক জীৱনৰ ক্ষেত্ৰত আপুনি মিশ্ৰিত ফল লাভ কৰাৰ সম্ভাৱনা আছে। আৰ্থিক দিশত দেখা যায় যে এই মাহত আপোনাৰ ধনৰ গৃহৰ স্বামী শুক্ৰ গ্ৰহ উচ্চ অৱস্থাত থাকিব। এনে স্থিতিত আৰ্থিক দিশত ই আপোনাক সহায় কৰিব। স্বাস্থ্যৰ দিশৰপৰা মাৰচ্ মাহটোৱে আপোনাক কিছু দুৰ্বল ফল প্ৰদান কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি যথেষ্ট ধ্যান ৰাখিব লাগিব। পৰিৱৰ্তিত ঋতু অনুসৰি নিজৰ খাদ্য সন্তুলিত কৰি ৰাখিবলৈ চেষ্টা কৰা উচিত।
উপায়
ক’লা গাই গৰুক ঘেঁহুৰ ৰুটি খুৱাওক।
তুলা ৰাশিঃ
এই মাহটোৱে সাধাৰণভাৱে মিশ্ৰিত বা মধ্যমীয়া ধৰণৰ ফল প্ৰদান কৰিব। কেৰিয়াৰৰ গৃহৰ স্বামী হৈছে চন্দ্ৰ গ্ৰহ যি নিজৰ স্থিতি পৰিৱৰ্তন কৰি থাকে। কৰ্মক্ষেত্ৰত মাৰ্চ মাহটোৱে মিশ্ৰিত ফল প্ৰদান কৰিব। ব্যৱসায়ৰ সৈতে জড়িত লোকসকলেএই মাহত যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগিব, কাম ব্যৱসায়ৰ কাৰক গ্ৰহ বুধ নিম্ন অৱস্থাত থাকিব। শিক্ষাৰ দিশৰপৰা মাৰ্চ মাহটোত আপুনি অতিৰিক্ত পৰিশ্চম কৰিবলগীয়া হ’ব পাৰে। যথেষ্ট কষ্ট কৰিলে আপুনি ভাল পৰিণামৰ আশা কৰিব পাৰে। পাৰিবাৰিক দিশৰ ক্ষেত্ৰত ক’ব পাৰি যে আপুনি মধ্যমীয়া স্তৰৰ ফলাফল প্ৰাপ্ত কৰিব। মাৰ্চ মাহত প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত ক’ব পাৰি যে এই মাহত প্ৰেম জীৱনত সৰু-সুৰা যুক্তি তৰ্ক হ’ব পাৰে। বৈবাহিক জীৱনৰ সুখৰ ক্ষেত্ৰত দেখা গৈছে যে এই মাহত স্পতম গৃহৰ স্বামী ভাগ্যৰ স্থানত থাকিব যি অনুকূল স্থিতিও নহয় আৰু প্ৰতিকূলো নহয়। আৰ্থিক দিশৰ ক্ষেত্ৰত দেখা যায় যে এই মাহত আমদানীৰ ক্ষেত্ৰত উন্নত ফলাফল লাভ কৰিব। ক’ৰবাত আৱদ্ধ হৈ থকা ধন লাভ কৰিব। স্বাস্থ্যৰ দিশৰপৰা মাৰ্চ মাহটোৱে কিছু দুৰ্বল ফল প্ৰদান কৰিব পাৰে। সেয়েহে এই মাহত স্বাস্থ্যৰ প্ৰতি সম্পূৰ্ণ সজাগ হৈ থকাৰ প্ৰয়োজনীয়তা আছে।
উপায়
নিয়মিতভাৱে গণপতি অথৰ্বশীৰ্ষ পাঠ কৰক।
বৃশ্চিক ৰাশিঃ
মাৰ্চ মাহৰ ৰাশিফল 2025 অনুসৰি, এই মাহটো আপোনাৰ বাবে কিছু ওপৰঞ্চি কষ্ট কৰিবলগীয়া আৰু মিশ্ৰিত ফল প্ৰদান কৰিব। এই মাহটো কৰ্মক্ষেত্ৰত কিছু সজাগ হৈ কাম কৰিব লাগিব। এই মাহত ব্যৱসায়ৰ সৈতে জড়িত ক্ষেত্ৰত কোনো ধৰণৰ ডাঙৰ বিনিয়োগ কৰাটো উচিত নহ’ব। শিক্ষাৰ ক্ষেত্ৰত মাৰ্চ মাহত মিশ্ৰতি ফল প্ৰাপ্ত কৰাৰ সম্ভাৱনা আছে। পাৰিবাৰিক দিশত মাৰ্চ মাহটোৱে আপোনাক অনুকূল ফল প্ৰদান কৰিব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত দেখা যায় যে এই মাহত আপুনি প্ৰেমৰ স্মপৰ্কৰ বাবে সময় উলিয়াব, পৰস্পৰৰ প্ৰতি সহানুভূতিশীল হোৱাৰ প্ৰয়াস কৰিব। অৰ্থাৎ প্ৰেম জীৱন সাধাৰণভাৱে অনুকূল হ’ব। বৈবাহিক জীৱনৰ সুখৰ ক্ষেত্ৰত ক’ব পাৰি যে এই মাহত শুক্ৰৰ অনুকূল স্থিতিয়ে দাম্পত্য সুখ বৃদ্ধি কৰিব। আৰ্থিক দিশৰপৰা এই মাহত দেখা যায় আপোনাৰ লাভৰ গৃহৰ স্বামী বুধ গ্ৰহৰ স্থিতি দুৰ্বল। লাভৰ ক্ষেত্ৰত সেয়েহে এই মাহটো কিছু দুৰ্বল হ’ব। আনহাতে সঞ্চয়ৰ ক্ষেত্ৰত এই মাহটো অনুকূল হ’ব। স্বাস্থ্যৰ দৃষ্টিকোণৰপৰাএই মাহটোত আপুনি কিছু দুৰ্বল ফল লাভ কৰাৰ আশংকা কৰা হৈছে।
উপায়
মন্দিৰত গুড় আৰু বুটৰ দাইল দান কৰক।
ধনু ৰাশিঃ
মাৰ্চ 2025 আপোনাৰ বাবে মধ্যমীয়া ফলদায়ক হ’ব। আপোনাৰ কেৰিয়াৰৰ স্থানৰ স্বামী এই মাহত নিম্ন অৱস্থাত চতুৰ্থ গৃহত থাকিব। এফালে বুধৰ চতুৰ্থ গৃহত স্থিতি অনুকূল স্থিতি, আনফালে নিম্ন অৱস্থাত থকাটোক ভাল স্থিতি বুলি ক’ব পৰা নাযায় কিন্তু বুধে দশম গৃহত দৃষ্টি প্ৰদান কৰিব। এনেদৰে বুধৰদ্বাৰা মিশ্ৰতি কিন্তু মধ্যমীয়াতকৈ উন্নত ফল প্ৰাপ্ত কৰিব। শিক্ষাৰ দিশপৰা মাৰ্চ মাহটোৱে মজলীয়া ফল প্ৰদান কৰিব। পাৰিবাৰিক দিশত সন্তোষজনক ফল লাভ কৰাৰ সম্ভাৱনা আছে। প্ৰেমৰ ক্ষেত্ৰত দেখা যায় এই মাহত আপোনাৰ পঞ্চম গৃহৰ স্বামী মঙ্গলৰ স্থিতি অনুকূল নহয়। আনহাতে বৈবাহিক জীৱনৰ ক্ষেত্ৰতো দেখা যায় এই মাহত সপ্তম গৃহৰ অধিপতি নিম্ন অৱস্থানত থকাটো তথা সপ্তম গৃহত মঙ্গলৰ পৰিবহন দুয়োটা স্থিতিয়েই ভাল নহয়। আৰ্থিক দিশৰ ক্ষেত্ৰত ক’ব পৰা যায় যে এই মাহত আপোনাৰ লাভৰ গৃহৰ স্বামী শুক্ৰৰ স্থিতি যথেষ্ট ভাল সেয়েহে আপুনি নিজৰ পৰিশ্ৰমৰ অনুপাতে যথেষ্ট ভাল লাভ প্ৰাপ্ত কৰিব। অৰ্থাৎ যেনে কাম আপুনি কৰিব তেনে ফল আপুনি লাভ কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰপৰা মাৰ্চ মাহটোৱে কিছু কিছু ক্ষেত্ৰত দুৰ্বল ফল প্ৰদান কৰিব। এনে স্থিতিত সজাগ হৈ থকাটো ভাল, লগতে উচিত খোৱা-বোৱা কৰক, উচিত জীৱনশৈলী আঁকোৱালি লওক। তাৰ লগতে যোগ ব্যায়াম আদি কৰাটোও আপোনাৰ বাবে উপকাৰী হ’ব।
উপায়
অভাৱী আৰু ভোকাতুৰ লোকক নিজৰ সামৰ্থ অনুসৰি ভোজন কৰাওক।
মকৰ ৰাশিঃ
এই মাহটো সাধাৰণতে আপোনাৰ বাবে কিছু পৰিমাণে অনুকূল ফলদায়ক হ’ব। আপোনাৰ কেৰিয়াৰৰ স্থানৰ স্বামী এই মাহত উচ্চ অৱস্থাত তৃতীয় গৃহত পৰিবহন কৰিব। সাধাৰণতঃ শুক্ৰৰ বাবে ইয়াক ভাল আৰু অনুকূল স্থিতি বুলি ক’ব পৰা যায়। ফলস্বৰূপে কৰ্মক্ষেত্ৰৰ সৈতে জড়িত বিষয়ত আপুনি ভাল প্ৰদৰ্শন কৰিব পাৰিব। আপুনি নিজৰ কামত ভাল সফলতা লাভ কাৰৰ সম্ভাৱনা আছে। ব্যৱসায় কৰা লোকসকলৰ বাবে এই মাহটো অনুকূল হ’ব। শিক্ষাৰ দৃষ্টিকোণৰপৰা দেখা যায় যে মাৰ্চ মাহটোৱে আপোনাক যথেষ্ট পৰিমাণে অনুকূল ফল প্ৰদান কৰিব। মাত্ৰ কিছু সৰু-সুৰা জটিলতা সম্মুখলৈ আহিব পাৰে। কিন্তু অলপ পৰিশ্ৰমৰদ্বাৰাই সেই জটিলতাসমূহ আপুনি অতিক্ৰম কৰিব পাৰিব। মাৰ্চ মাহেকীয়া ৰাশিফল 2025 অনুসৰি, পাৰিবাৰিক বিষয়ত মাৰ্চ মাহত আপুনি মিশ্ৰিত কিন্তু তুলনামূলকভাৱে উন্নত ফল প্ৰাপ্ত কৰাৰ সম্ভাৱনা আছে। এই মাহত আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত দেখা গৈছে যে আপোনাৰ পঞ্চম গৃহৰ স্বামী শুক্ৰৰ স্থিতি যথেষ্ট ভাল, যি আপোনাৰ প্ৰেমৰ সম্পৰ্কত ভাল অনুকূলতা প্ৰদান কৰিব। বৈবাহিক জীৱনৰ ক্ষেত্ৰত দেখা গৈছে যে এই মাহত অনুকূল ফল লাভ কৰাৰ সম্ভাৱনা আছে। আৰ্থিক দিশৰ ক্ষেত্ৰত দেখা গৈছে যে এই মাহত আপোনাৰ লাভৰ গৃহৰ স্বামী মঙ্গলৰ স্থিতি যথেষ্ট ভাল, সেয়েহে লাভ হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত ক’ব পাৰি যে আপুনি তুলনামূলকভাৱে উন্নত পৰিণাম লাভ কৰিব। যদিহে আপুনি নিজৰ খোৱা-বোৱা সন্তুলিত কৰি ৰাখে তেনেহ’লে আপোনাৰ স্বাস্থ্য অনুকূল ৰূপত থাকিব।
উপায়
নিয়মিতভাৱে গণপতি অথৰ্বশীৰ্ষ পাঠ কৰক।
কুম্ভ ৰাশিঃ
এই মাহটো আপোনাৰ বাবে কিছু জটিলতাপূৰ্ম হোৱাৰ আশংকা কৰা হৈছে। আপোনাৰ কেৰিয়াৰৰ স্থানৰ স্বামী এই মাহত পঞ্চম গৃহত স্থিত হ’ব। আপুনি নিজৰ ব্যৱসায়ত সংযমৰদ্বাৰা কাম কৰিলে সফলতা প্ৰাপ্ত কৰিব পাৰিব। শিক্ষাৰ দৃষ্টিকোণৰপৰা মাৰ্চ মাহটো সাধাৰণ ৰূপত মধ্যমীয়া প্ৰমাণিত হ’ব। পাৰিবাৰিক দিশতো এই মাহটোৱে মধ্যমীয়া ফল প্ৰদান কৰিব। মাৰ্চ মাহেকীয়া ৰাশিফল 2025 অনুসৰি, প্ৰেম জীৱনৰ ক্ষেত্ৰত ক’ব পাৰি যে এই মাহত প্ৰেমাস্পদৰ সৈতে কোনো কথাত যুক্তি-তৰ্ক হোৱাৰ সম্ভাৱনা আছে কিন্তু এই যুক্তি-তৰ্কত শব্দচয়ন ঠিকে থাকিলে সম্পৰ্কৰ শুধৰণি হোৱাৰ সম্ভাৱনা আছে। আৰ্থিক দিশত ক’ব পাৰি যে এই মাহত লাভৰ গৃহৰ স্বামী বৃহস্পতিৰ স্থিতি মধ্যমীয়া স্তৰত আছে। সেয়েহে কঠোৰ পৰিশ্ৰম কৰি আৰ্থিক দিশক সজাগতা দেখুৱালে আপুনি সন্তোষজনক ফল লাভ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। নিজৰ ৰোগ প্ৰতিৰোধ স্তৰৰ প্ৰতি মনোযোগ ৰাখি ঋতু অনুযায়ী সঠিক খোৱা-বোৱা কৰিলে আপুনি সুস্বাস্থ্য অটুত ৰাখিব পাৰিব।
উপায়
निনিয়মিতভাৱে গণেশ চালিশা পাঠ কৰক।
মীন ৰাশিঃ
মাৰ্চ মাহটোৱে মীন ৰাশিৰ জাতকসকলক মধ্যমীয়া বা তাতোকৈ উন্নত ফলাফল প্ৰদান কৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত অধিক লৰা-ঢপৰা কৰিবলগীয়া হ’ব পাৰে। অৰ্থাৎ যিসকল লোকৰ চাকৰিত দৌৰা-ঢপৰা কৰিব লাগে বা যিসকল লোকে ফিল্ড ৱৰ্ক কৰে তেওঁলোকে এই মাহত যথেষ্ট ভাল ফল লাভ কৰিব। ব্যৱসায়ৰ সন্দৰ্ভত কৰা যাত্ৰাই অনুকূল ফল প্ৰদান কৰিব। পাৰিবাৰিক দিশত এই মাহটোৱে কিছু দুৰ্বল ফল প্ৰদান কাৰৰ সম্ভাৱনা আছে। মাৰ্চ মাহৰ প্ৰেম জীৱনৰ ক্ষেত্ৰত দেখা যায় যে এই মাহত প্ৰত্যক্ষ ৰূপত কোনো পাপী গ্ৰহৰ প্ৰভাৱ আপোনাৰ পঞ্চম গৃহত পৰা নাই। সেয়েহে প্ৰেমৰ সম্পৰ্কত অনুকূলতা দেখা যাব। কিন্তু দাম্পত্য জীৱনৰ স্থিতি কিছু দুৰ্বল দেখা যায়। কিছু পৰিপক্কতা আৰু সাৱধানতা অৱলম্বন কৰিলে দাম্পত্য জীৱন সন্তুলিত কৰি ৰাখিব পাৰিব। আৰ্থিক দিশত দেখা যায় এই মাহত সঞ্চয়ৰ দিশত দেখা যায় মঙ্গল হৈছে ইয়াৰ আৰু চতুৰ্থ গৃহৰ স্বামী যি অনুকূল স্থিতি নহয়। সেয়েহে সঞ্চয়ৰ ক্ষেত্ৰত জটিলতা দেখা যাব পাৰে। স্বাস্থ্যৰ দিশৰপৰা এই মাহটোৱে মধ্যমীয়া ফল প্ৰদান কৰিব। কেৱল কিছু সজাগতা অৱলম্বন কৰি নিজৰ স্বাস্থ্য মেইণ্টেইন কৰাৰ চেষ্টা কৰক। এনে কৰিলে স্বাস্থ্যজনিত সমস্যা কম হ’ব।
উপায়
মদ মাংস কণী আৰু অশ্লীলতা আদিৰপৰা দূৰত থাকক।