( অপূৰ্ব দাস )
ভাত হৈছে অসমৰ প্ৰধান খাদ্য, ভাতৰ অবিহনে অসমৰ লোকে জীয়াই থাকিব নোৱাৰে। তেনে ক্ষেত্ৰত ভাতে স্বাস্থ্যৰ ক্ষতি কৰাৰ কথা আচহুৱা যেন লাগে। কথাটো মিছা নহয়, বৰং এক সত্য উদ্ঘাটন আৰু এইয়া ৮ বছৰৰ অনুসন্ধান!
কেনেকৈ ভাতে আমাৰ স্বাস্থ্য ক্ষতি কৰিব পাৰে?
আমি সকলোৱে জানো যে ভাত অসমৰ প্ৰধান খাদ্য, এনে ক্ষেত্ৰত ভাতে স্বাস্থ্যৰ ক্ষতি কৰাৰ কথা কেনেকৈ সম্ভৱ?
সত্যটো হ'ল - আজিৰ ভাত আগৰ ২৫-৩০ বছৰৰ আগৰ ভাত হৈ থকা নাই। আজিৰ মানুহৰ ডায়েবেটিচ ৰোগ বাঢ়িছে, ভাত কমকৈ খাবলৈ দিয়া হয়। লগতে এনে চাউলৰ ভাত খাবলৈ দিয়া হয় যি উহোৱা ধানৰ হ'য়।
ৰাসায়নিক সাৰৰ ব্যৱহাৰ:
আজিৰ খেতি পথাৰত ৰাসায়নিক সাৰ প্ৰয়োগ নকৰিলে উৎপাদন বৃদ্ধি নহ'য়। ধান বা অন্য শাক-পাচলিয়েই নহওক কিয় ৰাসায়নিক সাৰ প্ৰয়োগৰ কৰিবই। এই ৰাসায়নিক সাৰ প্ৰয়োগৰ বাবেই আজিৰ ভাত আৰু অন্যান্য শাক-পাচলি বিষাক্ত হৈ পৰিছে আৰু আমি তাকেই খাই আছো। যাৰ ফলত আজিৰ মানুহৰ বিভিন্ন ৰোগ হ'বলৈ আৰম্ভ কৰিছে।
তাহানিৰ দিনৰ সাৰ :
আগৰ দিনত ককাহঁতে খেতি কৰিছিল খুব আনন্দেৰে। সেই সময়ত ঘৰে ঘৰে গোহালিত গৰু। সেয়েহে গৰুৰ গোবৰ এটা দ' গাতত জমা কৰি থৈ সেইবোৰ পথাৰত জৈৱিক সাৰ হিচাপে প্ৰয়োগ কৰিছিল। ইয়াৰ ফলত শস্য আৰু শাক-পাচলিৰ উৎপাদন বৃদ্ধি হৈছিল । শস্য আৰু শাক-পাচলিৰ খেতিত জৈৱিক সাৰ প্ৰয়োগ কৰা বাবে বিষাক্ত হোৱা নাছিল।
খেতি কৰাৰ পদ্ধতি:
আগৰ দিনত খেতিৰ মাটি চহাবলৈ গৰুৰ হাল ব্যৱহাৰ কৰা হৈছিল। গৰুৰ হালে মাটিৰ গুণাগুণ আৰু জলচৰ জীৱৰ ক্ষতি নকৰে। আধুনিক পদ্ধতিৰ ট্ৰেক্টৰ বা অন্য যান্ত্ৰিক সজুঁলিয়ে মাটিৰ গুণাগুণৰ ক্ষতি সাধন কৰে। যাৰ ফলত মাটিৰ উৰ্বৰতা কমি গৈছে।
আধুনিক সজুঁলি আৰু ৰাসায়নিক সাৰ বা কীটনাশকৰ ব্যৱহাৰৰ ফলত মাটিৰ উৰ্বৰতা বৃদ্ধি কৰা মাছ , শামুক, কেচু আৰু অন্যান্য জলচৰ জীৱৰো ধ্বংস হৈছে।
আগৰ দিনত চাউল প্ৰস্তুত কৰাৰ পদ্ধতি:
সেই সময়ত ধান খেতি কৰিলে জৈৱিক সাৰ প্ৰয়োগ কৰিছিল লগতে গৰুৰে মৰণা মাৰিছিল। মানুহে দেহৰ ঘাম মাটিত পেলাই কষ্ট কৰিছিল যাৰ ফলত হজম শক্তি বৃদ্ধি পাইছিল। ধান উহোৱা হৈছিল আৰু সেই উহোৱা ধানৰ পৰা ঢেঁকীত বান্ধি চাউল প্ৰস্তুত কৰিছিল।
ঢেঁকীত বান্ধিলে চাউলৰ পৰা পুষ্টিদ্ৰব্য ওলাই নাযায়। ধান উহোৱাই চাউল প্ৰস্তুত কৰিলে অতিৰিক্ত কাৰ্বহাইড্ৰেট ওলাই যায় আৰু ই আহলৈ ৰূপান্তৰিত হয় । এই কাৰ্বহাইড্ৰেটৈই হৈছে স্বাস্থ্য ক্ষতি কৰা পদাৰ্থ, কাৰণ ইয়াক লিভাৰে শৰ্কৰা আৰু কলেষ্টেৰলৈ পৰিবৰ্তন কৰে।
ডায়েবেটিচ আৰু হৃদয় ৰোগৰ কাৰণ হৈছে কাৰ্বহাইড্ৰেট আৰু বেয়া কলেষ্টেৰল :
আজিৰ দিনত মানুহে ৰাসায়নিক সাৰ প্ৰয়োগ কৰা আৰু ধান উহোৱাই নেপেলোৱা চাউল, শাক-পাচলি খায়। যাৰ ফলত বিভিন্ন ৰোগে দেখা দিছে। তাৰে ভিতৰত ডায়েবেটিচ আৰু হৃদয় ৰোগ অন্যতম।
কাৰ্বহাইড্ৰেট অতিৰিক্তকৈ খাই থাকিলে আৰু কোনো শাৰীৰিক পৰিশ্ৰম বা ব্যায়াম নকৰিলে দেহত বেয়া চৰ্বি হিচাপে জমা হ'বলৈ আৰম্ভ কৰে। যকৃতে ইয়াক চেনিলৈ আৰু বেয়া কলেষ্টেৰলৈ পৰিবৰ্তন কৰে। ইয়াৰ ফলত অগ্নাশয়, যকৃত আৰু হৃদযন্ত্ৰৰ ক্ষতি হ'বলৈ আৰম্ভ কৰে। এই প্ৰধান অংগ কেইটা সমস্যাত ভুগিলে ৰোগ প্ৰতিৰোধ ক্ষমতাও হেৰুৱাই পেলায় আৰু বিভিন্ন ৰোগ হ'বলৈ আৰম্ভ কৰে।
তেলত ভজা খাদ্য , মইদা আৰু চেনিযুক্ত খাদ্য, ৰাসায়নিক সাৰ প্ৰয়োগ কৰা খাদ্য খোৱাৰ লগতে শাৰীৰিক পৰিশ্ৰম কম হোৱা আৰু মানসিক চাপ বঢ়াৰ বাবে আজিৰ মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি গৈ ৰুগীয়া হৈ পৰিছে।
ইয়াৰ ফলতেই ডায়েবেটিচ, হৃদযন্ত্ৰৰ ৰোগ, উচ্চ ৰক্তচাপ, পাথৰ বা অন্য ৰোগৰ সমস্যা বাঢ়িছে।
কেনেকৈ হাত সাৰিব পাৰিম ?
যদিহে বহু উদ্ভিদ ৰোপন কৰি, জীৱনশৈলীৰ পৰিৱৰ্তন আনি , বায়ু , পানী, মাটি প্ৰদূষণ ৰোধ কৰি খেতি কৰাৰ পদ্ধতি সলনি কৰা যায় তেন্তে এতিয়াও সময় আছে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী আৰু আয়ুস বৃদ্ধি কৰিবলৈ।
আগৰ দিনত মানুহৰ আয়ুস ১০০ বছৰ বা তাতকৈ অধিক আছিল, কিন্তু এতিয়া ৫০,৬০,৭০ বছৰতেই মৃত্যু হ'য়।
এই পৰিবৰ্তন হৈছে দ্ৰুতগতিত আৰু আৰামত সকলো লাভ কৰাৰ আধুনিক পদ্ধতিৰ বাবে। গতিকে এতিয়া পৰিৱৰ্তন আনিব পৰাটো একেবাৰে অসম্ভৱ হৈ পৰিছে। গতিকে সকলো কৰ্ম দ্ৰুতগতিত হোৱা বাবে মানুহৰ জীৱনত মৃত্যুও দ্ৰুতগতি লৈছে।