By Good Assam
অধ্যয়নত দেখা গৈছে যে প্ৰাপ্তবয়স্কৰ পৰা বৃদ্ধলৈকে সকলো বয়সৰ লোকৰ গেষ্ট্ৰাইটিছ কেন্সাৰৰ সম্ভাৱনা বৃদ্ধি পাইছে। ইয়াত আপোনাৰ খাদ্যাভ্যাসেও গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে। প্ৰচেছড খাদ্য, নিমখ আৰু চেনি অত্যধিক সেৱনে পেট আৰু বৃহদান্ত্ৰৰ কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে।
সুস্বাস্থ্যৰ বাবে পুষ্টিকৰ খাদ্য আৰু স্বাস্থ্যসন্মত জীৱনশৈলী পালন কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। আপুনি কি খায় , কেনেধৰণৰ জীৱনশৈলী পালন কৰে, ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ আপোনাৰ স্বাস্থ্যৰ ওপৰত পৰে। আপুনি জানেনে যে যদি আপোনাৰ খাদ্যাভ্যাসত কোনো ধৰণৰ বিঘিনি ঘটে, তেন্তে ইয়াৰ বাবে আপুনিও কেন্সাৰৰ দৰে গুৰুতৰ ৰোগৰ বলি হ’ব পাৰে!
অধ্যয়নত দেখা গৈছে যে কেন্সাৰ ৰোগে প্ৰায় প্ৰতিটো বয়সৰ লোকক আক্ৰান্ত কৰি আছে, শিশুও কৰ্কট ৰোগৰ বলি হৈছে। শেহতীয়া গৱেষণাৰ পৰা দেখা গৈছে যে প্ৰাপ্তবয়স্কৰ পৰা বৃদ্ধলৈকে সকলো বয়সৰ লোকৰ গেষ্ট্ৰাইটিছ কেন্সাৰৰ সম্ভাৱনা বৃদ্ধি পাইছে। ইয়াত আপোনাৰ খাদ্যাভ্যাসেও গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে।
খাদ্যাভ্যাসত কেনেধৰণৰ বিঘিনি ঘটিলে এই কেন্সাৰৰ আশংকা হ’ব পাৰে এই বিষয়ে জানিবলৈ পঢ়িব -
খাদ্যাভ্যাসৰ বিকাৰ আৰু পেটৰ সমস্যা :
আপুনি খোৱা বস্তুবোৰৰ ওপৰত আপোনাৰ স্বাস্থ্য নিৰ্ভৰ কৰে। কিন্তু পেটৰ স্বাস্থ্যৰ কথা আহিলে খাদ্যাভ্যাসৰ প্ৰতি সাৱধান হোৱাটো আৰু অধিক গুৰুত্বপূৰ্ণ হৈ পৰে। আমাৰ পাচনতন্ত্ৰই খাদ্য অবিৰতভাৱে প্ৰক্ৰিয়াকৰণ কৰি থাকে। এনে পৰিস্থিতিত যদি আপুনি অস্বাস্থ্যকৰ খাদ্য খায় তেন্তে ইয়াৰ গুৰুতৰ পৰিণতি হ’ব পাৰে, কেতিয়াবা ইয়াৰ ফলত কেন্সাৰৰো সৃষ্টি হ’য়।
অধ্যয়নত দেখা গৈছে যে প্ৰচেছড খাদ্য, নিমখ আৰু চেনিৰ অত্যধিক সেৱনে পেট আৰু বৃহদান্ত্ৰৰ কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে।
গেষ্ট্ৰাইটিছ কেন্সাৰৰ সম্ভাৱনা বৃদ্ধি :
গেষ্ট্ৰাইটিছ (GI) কৰ্কট ৰোগে পাচনতন্ত্ৰ আৰু পেটৰ অন্যান্য অংগত প্ৰভাৱ পেলায়। ডি এন এৰ পৰিৱৰ্তন বা খাদ্যাভ্যাসৰ বিসংগতিৰ ফলত এই ৰোগৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। এক অধ্যয়নৰ প্ৰতিবেদনত দেখা গৈছে যে যদি আপুনি দৈনিক উচ্চমানৰ খাদ্য গ্ৰহণ কৰে আৰু কিছুমান বিশেষ ধৰণৰ খাদ্য গ্ৰহণ কৰে, তেন্তে ই আপোনাক জি আই কেন্সাৰৰ পৰা ৰক্ষা কৰিব পাৰে।
পেটৰ কৰ্কট ৰোগ বিশেষভাৱে বহু দেশত সাধাৰণ। দূষিত খাদ্য আৰু পানীত ক্ষতিকাৰক বেক্টেৰিয়া থাকিব পাৰে যিয়ে পেটৰ আৱৰণত প্ৰদাহ সৃষ্টি কৰে আৰু বহু ধৰণৰ ৰোগ আৰু অধিক ভয়াৱহ কৰি তুলিব পাৰে। খাদ্যাভ্যাসৰ অসুবিধাই কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰা দেখা গৈছে।
কোনবোৰ খাদ্য ক্ষতিকাৰক বুলি গণ্য কৰা হয়?
চিকিৎসকৰ মতে, বহু গৱেষণাত ৰঙা প্ৰচেছড মাংস খোৱাৰ ফলত গেষ্ট্ৰাইটিছৰ কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি হোৱা বুলি বিবেচিত হৈছে। ইয়াৰ উপৰিও আল্ট্ৰা প্ৰচেছড খাদ্য ( চিপচ, তেলত ভাঁজি খৰখৰীয়া কৰা খাদ্য, পেকিং কৰা মিঠাই ইত্যাদি) আৰু পানীয়ই ( কল্ড ড্ৰিংকচ, মেংগ ড্ৰিংকচ, অন্যান্য পানীয় ) পেটৰ কেন্সাৰ সৃষ্টি কৰিব পাৰে, কাৰণ ইয়াত চেনি আৰু ছডিয়ামৰ পৰিমাণ বেছি। অতি প্ৰচেছড খাদ্যই উচ্চ কেলৰি আৰু পুষ্টিকৰ উপাদানৰ অভাৱৰ বাবে ওজন বৃদ্ধি আৰু মেদবহুলতাৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। বহু গৱেষণাত মেদবহুলতাক কেন্সাৰৰ এক প্ৰধান বিপদজনক কাৰক হিচাপে গণ্য কৰা হৈছে।
এই অভ্যাস অতি বিপদজনক :
স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে পেটৰ সমস্যাই হওক বা গেষ্ট্ৰাইটিছ কেন্সাৰেই হওক, মদ্যপান কৰাটো এই বিপদ বৃদ্ধিৰ বাবে আটাইতকৈ দায়ী বুলি বিবেচিত অভ্যাসসমূহৰ ভিতৰত অন্যতম। মদ্যপানে পেট, বৃক্ক , খাদ্যনলী, যকৃত, পেনক্ৰিয়াচ, স্তন কেন্সাৰ আদি বহুতো ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰা দেখা গৈছে। মদ্যপানৰ অভ্যাসে সময়ৰ লগে লগে কলাবোৰৰ ক্ষতি কৰিবলৈ আৰম্ভ কৰে, যাৰ ফলত কোষৰ ডি এন এৰ পৰিৱৰ্তন ঘটি কেন্সাৰৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।
কেন্সাৰৰ আশংকাৰ পৰা হাত সাৰিবলৈ প্ৰচেছড খাদ্যৰ পৰা আঁতৰি থাকি, নিমখ, তেলত ভজা খাদ্য আৰু চেনি বা মদ অত্যধিক সেৱন নকৰিলে কেন্সাৰৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰি।