By Good Assam
যদি আপুনিও ইউ পি আই বা অনলাইন বেংকিং ব্যৱহাৰ কৰে, তেন্তে এই নতুন Scam ৰ বিষয়ে জনাটো অতি প্ৰয়োজনীয়। ভাৰতীয় নেশ্যনেল পেমেণ্টছ কৰ্প’ৰেশ্যনে ইয়াৰ এক্স (টুইটাৰ) একাউণ্টত এই বিপদৰ বিষয়ে ব্যৱহাৰকাৰীসকলক সকীয়াই দিছে।
ইয়াৰ নাম হৈছে Call Merge Scam :
অনলাইন জালিয়াতিৰ নতুন পদ্ধতিৰ উন্মেষ ঘটিছে, আৰু এতিয়া কল মাৰ্জ কেলেংকাৰীয়ে মানুহৰ বৃহৎ লোকচানৰ সৃষ্টি কৰিছে। চৰকাৰ আৰু বেংকে অহৰহ মানুহক সতৰ্ক কৰি আছে যদিও অলপ অসাৱধানতাই আপোনাৰ কষ্টোপাৰ্জিত ধন কাঢ়ি নিব পাৰে। এই নতুন কেলেংকাৰীত প্ৰৱঞ্চকে ব্যৱহাৰকাৰীক তেওঁলোকৰ অজ্ঞাতে কল মাৰ্জ কৰি অ’টিপি লাভ কৰিবলৈ কয়। এবাৰ অ’টিপি লাভ কৰাৰ পিছত বেংক একাউণ্ট খালী কৰিবলৈ সময় নালাগে।
কল মাৰ্জ Scam কেনেকৈ কাম কৰে?
প্ৰথমে অচিনাকি নম্বৰৰ পৰা ফোন আহে। ফোন কৰাজনে দাবী কৰে যে তেওঁ আপোনাৰ নম্বৰটো চিনাকি কোনোবা এজনৰ পৰা পাইছে। তাৰ পিছত তেওঁ কয় যে তেওঁ ইতিমধ্যে আপোনাৰ চিনাকি কোনোবা এজনৰ লগত কথা পাতি আছে আৰু আপোনাকো কলটো মাৰ্জ কৰিবলৈ কয়। আপুনি কলটো মাৰ্জ কৰাৰ লগে লগে আপোনাৰ কলটো বেংকৰ অ’টিপি ভেৰিফিকেচন কলৰ সৈতে সংযুক্ত হৈ পৰে। ইয়াৰ পিছত আপোনাৰ ফোনত পোৱা অ’টিপি প্ৰৱঞ্চকসকলৰ ওচৰলৈ যাবলৈ আৰম্ভ কৰে আৰু তেওঁলোকে আপোনাৰ বেংক একাউণ্টৰ পৰা ধন উলিয়ায়।
এটা ছ’চিয়েল মিডিয়া পোষ্টত ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট নিগমে এনে কেলেংকাৰিৰ সন্দৰ্ভত সতৰ্কবাণী জাৰি কৰি ইয়াৰ পৰা হাত সাৰিবলৈ কিছু উপায়ৰ পৰামৰ্শ আগবঢ়াইছে। এন পি চি আইয়ে কোনো অজ্ঞাত কল একত্ৰিত কৰাত ( call conference / Call merging ) নিষেধাজ্ঞা আৰোপ কৰিছে আৰু এনে জালিয়াতিৰ কল এন পি চি আইৰ হেল্পলাইন নম্বৰ ১৯৩০ত ৰিপৰ্ট কৰিবলৈ পৰামৰ্শ দিছে।
• অজ্ঞাত কলাৰৰ পৰা কল মাৰ্জ নকৰিব – যদি কোনোবাই আপোনাক কল মাৰ্জ কৰিবলৈ কয়, তেন্তে প্ৰথমে কল কৰাজনক পৰীক্ষা কৰক।
• কাৰো লগত অ’টিপি শ্বেয়াৰ নকৰিব – কোনো বেংক বা বিত্তীয় প্ৰতিষ্ঠানে অ’টিপি নিবিচাৰে, গতিকে কোনোবাই বিচাৰিলে সাৱধান হওক।
• যদি কোনো কাৰণ নোহোৱাকৈ অ’টিপি আহে, তেন্তে তৎক্ষণাত ৰিপ’ৰ্ট কৰক – যদি আপুনি কোনো লেনদেন নোহোৱাকৈ অ’টিপি লাভ কৰে, তেন্তে তৎক্ষণাত বেংকৰ কাষ্টমাৰ কেয়াৰ বা ১৯৩০ হেল্পলাইন নম্বৰত অভিযোগ কৰক।
• UPI আৰু বেংকিং সুৰক্ষা বৈশিষ্ট্যসমূহ অন ৰাখক – 2FA (Two-Factor Authentication) সক্ৰিয় কৰক আৰু বেংক-সম্পৰ্কীয় কোনো সতৰ্কবাণীক আওকাণ নকৰিব।