ৰাতিপুৱা নে গধূলি খোজ কঢ়াটো ভাল ? কোনটো বেছি উপকাৰী? জানিবলৈ পঢ়িব।
( অপূৰ্ব দাস )
যদি আপুনি সুস্বাস্থ্য বিচাৰে, তেন্তে নিয়মীয়া ব্যায়ামৰ অভ্যাস গঢ়ি তোলাৰ লগতে খাদ্যাভ্যাস আৰু জীৱনশৈলীও উন্নত কৰাটো ভাল। যদি আপুনি নিয়মিতভাৱে জিমলৈ যাব নোৱাৰে বা ব্যায়ামৰ বাবে সময় বিচাৰি নাপায়, তেন্তে খোজ কঢ়া-দৌৰাৰ দৰে ব্যায়াম বহুতে ভাল কাৰণ ইয়াৰ দ্বাৰা সূৰ্য পোহৰৰ পৰা ভিটামিন D লাভ হ'য়।
সুস্থ শৰীৰৰ বাবে নিয়মীয়াকৈ খোজ কঢ়াটো অতি গুৰুত্বপূৰ্ণ, কিন্তু প্ৰায়ে মানুহৰ মনত এই প্ৰশ্নটো আহে যে কোন সময়ত খোজ কঢ়াটো বা দৌৰাতো অধিক উপকাৰী?
কোনটোৰ পৰা কোনোবাই অধিক সুবিধা লাভ কৰিব পাৰে, ৰাতিপুৱা খোজ কাঢ়িলে নে সন্ধিয়া খোজ কাঢ়িলে? এই বিষয়ে বিতংকৈ জানিবলৈ পঢ়িব।
খোজ কঢ়াৰ অভ্যাসৰ বহু উপকাৰ :
বহু গৱেষণাই নিশ্চিত কৰিছে যে দৈনিক ১০ হাজাৰ খোজ কাঢ়িলে ই আপোনাৰ স্বাস্থ্যৰ বাবে বিশেষ উপকাৰ সাধন কৰিব পাৰে।
স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে খোজ কঢ়াৰ অভ্যাস ব্যায়ামৰ অন্যতম সহজ আৰু ফলপ্ৰসূ পদ্ধতি। ইয়াৰ বাবে আপোনাক কোনো বিশেষ সঁজুলিৰ প্ৰয়োজনো নাই। খোজ কঢ়াই পেশী আৰু হাড় শক্তিশালী কৰাৰ লগতে হৃদযন্ত্ৰৰ স্বাস্থ্য আৰু ওজন নিয়ন্ত্ৰণত সহায় কৰে। কেৱল এয়াই নহয়, ই মানসিক চাপ-উদ্বেগ হ্ৰাস কৰা, মেজাজ আৰু জ্ঞানমূলক কাৰ্য্য উন্নত কৰাত সহায় কৰে।
এতিয়া জানো আহক- ৰাতিপুৱা নে গধূলি খোজ কঢ়া বা দৌৰাটো উপকাৰী-
স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে যিকোনো সময়তে খোজ কঢ়াটো আপোনাৰ বাবে উপকাৰী। কিন্তু মৰ্নিং ৱাক এক প্ৰকাৰৰ উদ্দীপক যিয়ে শৰীৰ আৰু মনক সতেজ কৰি তোলে। ৰাতিপুৱাৰ সূৰ্য্যৰ পোহৰৰ পৰা খোজ কঢ়া বা দৌৰাৰ ঋ সময়ত ভিটামিন ডি পোৱা যায়। ভিটামিন ডি হাড় সুস্থ কৰি ৰখা আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত উপকাৰী। ভিটামিন D এ হজম শক্তিও বঢ়ায় , ভিটামিন D এ যৌন শক্তি বৃদ্ধি কৰে, ভিটামিন D এ মানসিক চাপ দূৰ কৰে।
যিসকলে শক্তি অনুভৱ নকৰে বা দুৰ্বল অনুভৱ কৰে তেওঁলোকৰ বাবে ই অতি সহায়ক হ’ব পাৰে। ৰাতিপুৱা খালী পেটত খোজ কঢ়াটোৱেও আপোনাৰ বিপাকীয় ক্ৰিয়াক উদ্দীপিত কৰে, যাৰ ফলত আপোনাৰ শৰীৰে বেয়া চৰ্বি অধিক কাৰ্যক্ষমভাৱে ক্ষয় কৰিব পাৰে আৰু আপোনাৰ ওজন নিয়ন্ত্ৰণত থাকে। ওজন নিয়ন্ত্ৰিত হৈ থাকিলে বহু ৰোগ হোৱাৰ আশঙ্কা কমে।
সন্ধিয়া খোজ কাঢ়িলে কি কি লাভ হয়?
সন্ধিয়া খোজকাঢ়িলেও স্বাস্থ্যৰ বহু উপকাৰ পোৱা যায়।
সন্ধিয়া খোজ কাঢ়িলে দিনটোৰ ব্যস্ততাৰ পিছত শৰীৰত শিথিলতা পোৱা যায়। খোজ কঢ়াৰ ফলত এণ্ড’ৰ্ফিন নামৰ হৰম’ন এবিধ নিৰ্গত হয় যিয়ে মানসিক চাপৰ পৰা উপশম দিয়ে আৰু মগজু উন্নত কৰে। যিসকলে কৰ্মসংক্ৰান্তীয় চাপ বা মানসিক অৱসাদগ্ৰস্ততাত ভুগিছে তেওঁলোকৰ বাবে এয়া এক উপযোগী ব্যায়াম। ৰাতিৰ আহাৰ খোৱাৰ পিছত খোজ কাঢ়িলে হজম শক্তি উন্নত হয় আৰু পেট ফুলা আৰু গেছ দূৰ হয়।
২০২০ চনত জাৰ্নেল অৱ স্লিপ ৰিচাৰ্চত প্ৰকাশিত এক অধ্যয়ন অনুসৰি সন্ধিয়া খোজ কাঢ়িলে টোপনিৰ মান উন্নত হয়। বিশেষকৈ ডায়েবেটিছ ৰোগীৰ বাবে খাদ্য খোৱাৰ পিছত খোজ কঢ়াটো অধিক উপকাৰী। মৰ্নিং ৱাক বা ইভিনিং ৱাক দুয়োটা আপোনাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। আপুনি আপোনাৰ প্ৰয়োজন অনুসৰি এইবোৰ নিৰ্বাচন কৰিব পাৰে। দৈনিক কমেও ১০ হাজাৰ খোজ কঢ়াৰ লক্ষ্য ৰাখক।