Whatsapp ৰ জৰিয়তে কেনেকৈ গেছ চিলিণ্ডাৰ বুকিং কৰিব? কৌশল জানিবলৈ পঢ়িব।
By Good Assam
আপোনালোক সকলোৱে নিশ্চয় WhatsApp ব্যৱহাৰ কৰে। হয়তো গুৰুত্বপূৰ্ণ মেছেজ প্ৰেৰণৰ বাবে ব্যৱহাৰ কৰি আছে। কিন্তু আজি আপোনালোকক ইয়াৰ এটা বিশেষ সেৱাৰ বিষয়ে জনাইছো।
ভাৰতৰ কোটি কোটি লোকে হোৱাটছএপ ব্যৱহাৰ কৰে, সেয়েহে সকলো কোম্পানীয়েও হোৱাটছএপৰ জৰিয়তে নিজৰ সেৱা আগবঢ়ায়। এতিয়া হোৱাটছএপৰ জৰিয়তে গেছ বুকিং কৰিব পাৰিব তৎক্ষণাৎ।
মোবাইলৰ পৰা ফোন কৰি বা ব্যক্তিগতভাৱে অফিচলৈ গৈ গেছ ভৰাই বুকিং কৰাটো আমাৰ বাবে মূৰৰ বিষ হৈ পৰে। ইয়াৰ পৰা হাত সাৰিবলৈ হোৱাটছএপৰ জৰিয়তে গেছ বুকিং কৰিব পাৰিব। ইয়াৰ বাবে আপুনি আপোনাৰ গেছ সংযোগৰ সৈতে পঞ্জীয়ন কৰা নম্বৰৰ পৰা আপোনাৰ সেৱা প্ৰদানকাৰীক মেছেজ কৰিব লাগিব।
যি কোম্পানীৰ পৰা গেছ কিনিছে সেই কোম্পানীক হোৱাটছএপত মেছেজ কৰক। ইয়াত আপোনালোকৰ লগত তিনিটা কোম্পানীৰ নম্বৰ শ্বেয়াৰ কৰিছো।
এইচ পি ( HP GAS )- 9222201122,
ইণ্ডেণ ( Indane ) - 7588888824 আৰু
ভাৰত গেছ ( Bharat Gas ) -1800224344
প্ৰথমে নম্বৰটো চেভ কৰি HI লিখিব লাগিব, ইয়াৰ পিছত আপোনাৰ ভাষা বাছি ল’ব লাগিব। ইয়াৰ পিছত ইয়াৰ পৰাই গেছ বুক, নতুন সংযোগ, যিকোনো অভিযোগ ইত্যাদি সকলো কৰিব পাৰিব। আপুনি পৰ্দাত বহুতো বিকল্প দেখিব। যাৰ পৰা আপুনি আপোনাৰ প্ৰয়োজন অনুসৰি যিকোনো বিকল্প বাছি ল'ব পাৰিব।
গেছ ৰিফিল বুকিং কৰাৰ কেইঘণ্টামানৰ পিছত আপোনাৰ ওচৰলৈ আহিব এটা নতুন চিলিণ্ডাৰ। মন কৰিব, সেৱা এলেকাৰ ওপৰত নিৰ্ভৰ কৰি পলম হ’ব পাৰে।