By Good Assam
ইয়াৰ পূৰ্বে ব্যৱহাৰকাৰীয়ে নতুন চিম সংযোগ লাভ কৰিবলৈ যিকোনো চৰকাৰী আইডি, যেনে ভোটাৰ আইডি বা পাছপ’ৰ্ট ব্যৱহাৰ কৰিব পাৰিছিল। কিন্তু এতিয়া নিয়ম সলনি হ’ল।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় ( PMO ) য়ে টেলিকম বিভাগক এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। এতিয়া সকলো নতুন চিম কাৰ্ড সংযোগৰ বাবে আধাৰ ভিত্তিক বায়’মেট্ৰিক পৰীক্ষণ বাধ্যতামূলক কৰা হৈছে এই পদক্ষেপৰ উদ্দেশ্য হৈছে ভুৱা নথি-পত্ৰৰ জৰিয়তে লাভ কৰা মোবাইল সংযোগৰ ক্ৰমবৰ্ধমান অপব্যৱহাৰ বন্ধ কৰা।
অপৰাধীয়ে অবৈধ চিম কাৰ্ড সজাবৰৈ ভুৱা নথি-পত্ৰৰ জৰিয়তে ক্ৰয় কৰে আৰু তাৰ পিছত ব্লেকমেইল আৰম্ভ কৰে।
প্ৰতিবেদন অনুসৰি পূৰ্বৰ ব্যৱহাৰকাৰীসকলে নতুন মোবাইল সংযোগ লাভ কৰিবলৈ যিকোনো চৰকাৰী আইডি, যেনে ভোটাৰ আইডি বা পাছপ’ৰ্ট ব্যৱহাৰ কৰিব পাৰিছিল।
এতিয়া নতুন চিম কাৰ্ড সক্ৰিয় কৰিবলৈ এতিয়াও আধাৰৰ জৰিয়তে বায়’মেট্ৰিক ভেৰিফিকেচনৰ প্ৰয়োজন হ'ব । এই নিয়ম মানি নচলিলে খুচুৰা বিক্ৰেতাসকলে চিম কাৰ্ড বিক্ৰী কৰিব নোৱাৰিব।