( অপূৰ্ব দাস )
বাস্তু শাস্ত্ৰই ঘৰৰ স্থান, ৰঙ, দিশ অনুযায়ী কি কৰিব লাগে আৰু কি কৰিব নালাগে সেই বিষয়ে নিৰ্দেশনা দিয়ে। বাস্তুৰ দোষ কেনেকৈ পৰিহাৰ কৰিব পাৰি, ইয়াত বাস্তুৰ দোষ প্ৰতিৰোধৰ প্ৰতিকাৰো কোৱা হৈছে।
ঘৰ সাজোতে বাথৰুম-টয়লেট, পূজা কক্ষ, পাকঘৰ বাস্তু সন্মত হোৱা উচিত। নহ'লে ঘৰখনত বহু অশুভ প্ৰভাৱ পৰি থাকে।
আজি আপোনালোকক জনাম যে পাকঘৰত পূজা কক্ষ বা মন্দিৰ সজাব পাৰি নে?
প্ৰতিঘৰ মানুহৰ ঘৰতে পূজা কক্ষ বা মন্দিৰক বহু সন্মান দিয়ে। পাকঘৰত মন্দিৰ বনাব লাগে নে নাই এই বিষয়ে আলোচনা কৰোঁ আহক -
বাস্তু শাস্ত্ৰৰ মতে পূজাস্থলী শোৱনি কোঠাত , চিৰিৰ তলত, বাথৰুম-শৌচাগাৰৰ ওচৰত, শোৱা কোঠাৰ সন্মুখত, বা পাকঘৰত হ’ব নালাগে । যদি এই ঠাইবোৰত মন্দিৰ নিৰ্মাণ কৰে তেন্তে সেয়া অনুচিত হ’ব, আৰু ইয়াৰ ফলত বাস্তুৰ দোষৰ সৃষ্টি হ’ব। বাস্তু দোষৰ বাবে ঘৰখনত অমংগল ঘটনা ঘটে আৰু অশুভ প্ৰভাৱ পৰে। টকা-ধনৰ হানি হয় আৰু ৰোগ আদি হৈ থাকিবলৈ আৰম্ভ কৰে।
উত্তৰ-পূব কোণটো পূজা কক্ষৰ বাবে আটাইতকৈ উপযুক্ত ঠাই আৰু অগ্নি কোণটো পাকঘৰৰ বাবে উপযুক্ত বুলি বিবেচিত হৈছে, যদি দুয়োটা ঠাই একে ঠাইতে থাকে তেন্তে উত্তেজনাৰ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে।
পাকঘৰত পিঁয়াজ-হালধি ব্যৱহাৰ কৰি বহু ধৰণৰ আমিষ খাদ্য তৈয়াৰ কৰা হয়; যিহেতু এই ব্যঞ্জনবোৰ ভগৱানক অৰ্পণ কৰা নহয়, গতিকে মন্দিৰৰ ওচৰত ৰন্ধা হ’লে ইয়াৰ ফলতো ঋণাত্মক শক্তিৰ সৃষ্টি হয়।
ঈশ্বৰৰ স্থান ঘৰৰ উত্তৰ-পূব দিশত, ভুল দিশত মন্দিৰ নিৰ্মাণ বা উত্তৰ-পূব কোণত পাকঘৰ বা আন ঠাইত নিৰ্মাণ কৰিলে ঘৰৰ সুখ আৰু সমৃদ্ধি কমি যায়; আৰ্থিক আৰু মানসিক চাপ স্থায়ী হৈ থাকে।
যদি ঘৰৰ ঠাই সৰু বা একেলগে পাকঘৰ-মন্দিৰ সাজিব লাগে, তেন্তে মনত ৰাখিব যে মন্দিৰটো পাকঘৰত উত্তৰ-পূব দিশত ৰাখিব লাগে আৰু চৌকাটো অগ্নি কোণত থাকিব লাগে।
যদিহে পাকঘৰত মন্দিৰটো আছে তেন্তে মাটিত থাকিব নালাগে, ঈশ্বৰৰ মূৰ্তি সদায় উচ্চতাত থাকিব লাগে আৰু মূৰ্তিবোৰ ইটোৱে সিটোৰ সন্মুখত ৰাখিব নালাগে, মন্দিৰটো পূব বা উত্তৰ দিশত হ’ব লাগে।