( অপূৰ্ব দাস )
জীৱনশৈলীৰ অৱনতি ঘটাৰ বাবে আজিকালি বহু হৃদৰোগ দ্ৰুতগতিত বৃদ্ধি পাইছে। হাৰ্ট এটেকৰ সম্ভাৱনা দ্ৰুতগতিত বৃদ্ধি পাইছে। এনে পৰিস্থিতিত স্বাভাৱিক হৃদস্পন্দন আৰু বিপদজনক হৃদস্পন্দন জনাটো অতি প্ৰয়োজনীয়।
স্বাভাৱিক হৃদস্পন্দনক জিৰণি লোৱাৰ সময়ৰ হৃদস্পন্দন বুলি কোৱা হয়। এজন সুস্থ ব্যক্তিৰ বাবে জিৰণিৰ সময়ত হৃদস্পন্দন প্ৰতি মিনিটত ৬০-১০০ স্পন্দন হ’ব লাগে। শিশুৰ ক্ষেত্ৰত ই প্ৰতি মিনিটত ৭০-১২০ টা স্পন্দন হ’ব পাৰে।
আপোনাৰ হৃদস্পন্দনৰ পৰা জানিব পাৰি আপোনাৰ হৃদযন্ত্ৰ কিমান সুস্থ বা অসুস্থ । সাধাৰণতে আমাৰ হৃদযন্ত্ৰই এক মিনিটত ৭২ বাৰ পাম্প কৰে যদি হঠাতে এই হৃদযন্ত্ৰই পাম্প কৰা বন্ধ কৰে তেন্তে কেইছেকেণ্ডমানৰ ভিতৰতে অচেতন হৈ পৰিব।
যদিহে স্পন্দন পুনৰ আৰম্ভ নহয় তেন্তে তিনি-চাৰি মিনিটৰ ভিতৰত জীৱন হেৰুৱাব পাৰে। এই কাৰণেই হৃদস্পন্দন চলি থকাটো জীৱনৰ বাবে অতি গুৰুত্বপূৰ্ণ। কাৰণ ইয়াৰ দ্বাৰা হৃদযন্ত্ৰই তেজ সঠিকভাৱে পাম্প কৰি আছে নে নাই সেইটো গম পায়। তেনে পৰিস্থিতিত হৃদস্পন্দন কি, ইয়াৰ বিভিন্ন প্ৰকাৰ আৰু স্বাভাৱিক আৰু বিপজ্জনক হৃদস্পন্দনৰ মাজত পাৰ্থক্য কি জানো আহক -
হৃদস্পন্দন বহু কাৰণত প্ৰভাৱিত হব পাৰে। ইয়াৰ ভিতৰত বয়স বৃদ্ধি, স্বাস্থ্য সম্পৰ্কীয় সমস্যা, ব্যায়াম, ঔষধ আৰু মানসিক চাপৰ দৰে কাৰকসমূহ অন্তৰ্ভুক্ত। হৃদযন্ত্ৰৰ সুস্বাস্থ্য বজাই ৰাখিবলৈ হৃদস্পন্দনৰ পৰিসৰ স্বাভাৱিক হোৱাটো গুৰুত্বপূৰ্ণ। আনহাতে বিপজ্জনক হৃদস্পন্দনে ষ্ট্ৰোক বা হাৰ্ট এটেকৰ দৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে । গতিকে সময়ে সময়ে হৃদৰোগ বিশেষজ্ঞৰ ওচৰলৈ গৈ হৃদস্পন্দন পৰীক্ষা কৰিব লাগে।
স্বাভাৱিক হৃদস্পন্দনক জিৰণি লোৱাৰ সময়ত হৃদস্পন্দন বুলিও কোৱা হয়। এজন সুস্থ ব্যক্তিৰ বাবে জিৰণিৰ সময়ত হৃদস্পন্দন প্ৰতি মিনিটত ৬০-১০০ ভিতৰত স্পন্দন হ’ব লাগে। শিশুৰ ক্ষেত্ৰত ই প্ৰতি মিনিটত ৭০-১২০ টা স্পন্দন হ’ব পাৰে। একে সময়তে খেলুৱৈসকলৰ হৃদস্পন্দন জিৰণি লোৱাৰ সময়ত প্ৰতি মিনিটত ৪০-৬০ স্পন্দনলৈকে হ’ব পাৰে।
সক্ৰিয় বা কাম কৰা সময়ত হৃদস্পন্দন অৰ্থাৎ শাৰীৰিক কাৰ্য্যকলাপৰ সময়ত ২০ বছৰ বয়সৰ লোকৰ প্ৰতি মিনিটত ১০০-১৭০ স্পন্দন আৰু ৪০ বছৰ বয়সৰ লোকৰ ক্ষেত্ৰত প্ৰতি মিনিটত ৯০-১৫৩ স্পন্দন হ’ব পাৰে।
হৃদস্পন্দন অস্বাভাৱিক হ’লে বিপদজনক হৃদস্পন্দন বোলে। যেনে- মাজে মাজে হৃদস্পন্দন, বুকুৰ বিষ আৰু মূৰ ঘূৰোৱাৰ আদি সমস্যা। এই অৱস্থাত হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। হাৰ্ট এটেকৰ সম্ভাৱনাও অতি বেছি হ’ব পাৰে।
জিৰণিৰ সময়ত হৃদস্পন্দন প্ৰতি মিনিটত ৬০ স্পন্দনতকৈ কম হ’লে - ইয়াৰ ফলত ভাগৰুৱা, মূৰ ঘূৰোৱা আৰু উশাহ-নিশাহ লোৱাত অসুবিধা হ’ব পাৰে। প্ৰতি মিনিটত ১০০ স্পন্দনতকৈ অধিক হৃদস্পন্দনও বিপজ্জনক হৃদস্পন্দনৰ শ্ৰেণীত আহে। এনে অৱস্থাত তৎক্ষণাত চিকিৎসকৰ ওচৰলৈ যাব লাগে।
কেনেকৈ হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিব ?
• হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ এলেহুলা স্বভাৱ ত্যাগ কৰক।
• প্ৰতিদিনে ২০-৩০ মিনিট মধ্যমীয়া ব্যায়াম কৰিব।
• চৰ্বি আৰু তেল যুক্ত আহাৰ, অধিক creatinine ( body builder সকলে ব্যৱহাৰ কৰা) আৰু অধিক প্ৰ'টিন ব্যৱহাৰ কৰিলে হাৰ্টৰ সমস্যা বাঢ়ে।
• অত্যাধিক মানসিক চাপ আৰু অত্যাধিক ওজন দঙা টান কাম কৰাৰ পৰাও বিৰত থাকিব।
• সদায় টোপনি ৭-৮ ঘণ্টা লোৱা অতি প্ৰয়োজন।
• সপ্তাহত বা মাহত শৰীৰটো পৰিক্ষা কৰিবলৈ চিকিৎসকৰ ওচৰলৈ যাব লাগে।
• হথাতে মূৰ ঘূৰোৱা, আন্ধাৰ যেন দেখা, বমি বমি লগা, বুকুত বিষ, ঠাণ্ডা পানী বা ঠাণ্ডা বতাহ লাগিলে উশাহ-নিশাহত কষ্ট পোৱা নাইবা হথাতে উশাহ-নিশাহত কষ্ট পোৱা ইত্যাদি অনুভৱ কৰিলে তৎক্ষণাৎ চিকিৎসকৰ ওচৰলৈ যাওঁক।