By Good Assam
ভাৰতৰ অধিক সংখ্যক লোকক উদ্যোগী কৰি তোলাৰ বাবে চৰকাৰে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে। চৰকাৰৰ গুৰুত্ব এতিয়া মানুহক আত্মনিয়োগৰ বাবে প্ৰেৰণা দিয়াত, যাতে তেওঁলোকে আনৰ বাবে কৰ্মসংস্থাপনৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ বাবে ৰাজ্য চৰকাৰ বিশেষকৈ উদ্যোগ বিভাগে বহু আঁচনি চলাই আছে। ২০২৫ বিত্তীয় বৰ্ষৰ বাবে মুখ্যমন্ত্ৰী যুৱ আৰু মহিলা উদ্যোগী আঁচনিৰ অনুমোদন জনায়।
বৰ্তমান এই আচঁনি লাভ কৰিবলৈ অনলাইন প্ৰক্ৰিয়াৰ আৰম্ভণ হৈছে। পঞ্চম শ্ৰেণীলৈ পঢ়ি স্কুল বাদ দিয়া আৰু নিবনুৱা সকলৰ বাবে খুবেই ভাল আঁচনি। পুৰুষ -মহিলা সকলোৱে এই আৱেদন কৰিব পাৰিভ । এই আচঁনিৰ জৰিয়তে ৮ হেজাৰকৈ টকা লাভ কৰিব।
কেনেকৈ আৱেদন কৰিব?
(১) তলত দিয়া লিংকটোত ক্লিক কৰক -
(২) ৩ টা বিকল্পৰ প্ৰথমটো বাচনি কৰিব -
Learner/Participant
(৩) মোবাইল নম্বৰ বহুৱাব - I Agree ত ক্লিক কৰক।
(৪) Continue ত ক্লিক কৰক -
(৫) এতিয়া ৪ টা সংখ্যাৰ পাছৱৰ্ড বহুৱাব।
(৬) যদিহে পাছৱৰ্ড নাই তেন্তে Forgot Password ত ক্লিক কৰক।
(৭) ইয়াৰ পিছত মʼবাইল নম্বৰলৈ এটা OTP আহিব।
(৮) মʼবাইলত OTP বহুৱাই নতুন পাছৱৰ্ড ছেট কৰিব।
(৯) আকৌ প্ৰথম পেজ খোল খাব। এতিয়া মʼবাইল নম্বৰ আৰু পাছৱৰ্ড বহুৱাই ইন্টাৰ কৰাৰ পিছত আকৌ OTP আহিব। এইটো বহুৱাই লʼগইন কৰিব।
(১০) এতিয়া আপোৰ একাউণ্ট হৈ গ'ল। আধাৰ KYC কৰিব। ইয়াৰ পিছত Select E-KYC ত ক্লিক কৰি বাচনি কৰিব - By OTP/ ইয়াত ক্লিক কৰিব।
(১১) আধাৰ নম্বৰ বহুৱাব। ইয়াৰ পিছত I agree.... ক্লিক কৰক।
(১২) Continue ত ক্লিক কৰিলে আধাৰ কাৰ্ডত লিংক হৈ থকা নম্বৰত আকৌ OTP আহিব। OTP Verification হৈ যোৱাৰ পিছত কিছুমান কৰ্ছ অনলাইন ল'ব লাগিব।
(১৩) এই কৰ্ছ সমূহ বিনামূলীয়া।
(১৪) অনলাইনত থকা যিকোনো এটা কৰ্ছ বাচনি কৰি ইয়াৰ বিষয় আৰু ভিডিঅ' সমূহ চাব লাগিব।
(১৫) ভিডিঅ' সমূহ ভালদৰে চাই ল'ব, শেষত এটা অনলাইন পৰীক্ষাৰ প্ৰশ্ন দেখিব। শুদ্ধ উত্তৰ দিব পাৰিলে আপুনি টকা লাভ কৰিব।
(১৬) ইয়াত নিজৰ certificate ডাউনলোড কৰিব।
(১৭) টকা পাবলৈ প্ৰফাইলৰ Edit বিকল্পলৈ যাব আৰু বেংক একাউণ্ট নম্বৰ সংযোগ কৰিব।