By Good Assam
এতিয়া বেছিভাগ স্মাৰ্টফোনতেই এণ্ড্ৰইডৰ 14,15 শেহতীয়া সংস্কৰণত চলি থাকে। পুৰণি এণ্ড্ৰইড স্মাৰ্টফোনত হোৱাটছএপৰ সমৰ্থন বন্ধ কৰাৰ অৰ্থ হ’ল এই ডিভাইচসমূহত হোৱাটছএপে আৰু আপডেট, বাগ ফিক্স বা ছিকিউৰিটি পেচৰ দৰে সেৱা প্ৰদান নকৰে।
নতুন বছৰৰ পৰা কিছুমান এণ্ড্ৰইড স্মাৰ্টফোনত হোৱাটছএপ সেৱা বন্ধ কৰি দিয়া হ'ব । মেটাই ঘোষণা কৰিছে যে ২০২৫ চনৰ ১ জানুৱাৰীৰ পৰা কিটকেট বা পুৰণি সংস্কৰণৰ বহু এণ্ড্ৰইড স্মাৰ্টফোনত হোৱাটছএপে কাম নকৰে। এই পদক্ষেপ কোম্পানীটোৱে এপটোৰ সুৰক্ষা বজাই ৰখাৰ কৌশলৰ অংশ।
২০১৩ চনত মুকলি কৰা এণ্ড্ৰইড কিটকেট এতিয়া যথেষ্ট পুৰণি আৰু ইয়াক চলোৱা স্মাৰ্টফোনসমূহে ছিকিউৰিটি আপডেট লাভ কৰা বন্ধ কৰি দিছে। ইয়াৰ ফলত স্মাৰ্টফোনত হোৱাটছএপ চলোৱা ব্যৱহাৰকাৰীৰ সুৰক্ষাৰ বিপদ বৃদ্ধি পাইছে। যিহেতু এতিয়া বেছিভাগ স্মাৰ্টফোনেই এণ্ড্ৰইডৰ বহু নতুন সংস্কৰণত চলি থাকে, গতিকে হোৱাটছএপৰ সমৰ্থন শেষ কৰাৰ অৰ্থ হ’ল হোৱাটছএপে আৰু ডিভাইচটোত আপডেট, বাগ ফিক্স বা ছিকিউৰিটি পেচৰ দৰে সেৱা প্ৰদান নকৰে। হোৱাটছএপ ২০২৫ চনত বন্ধ হ'ব লগা সেই এণ্ড্ৰইড স্মাৰ্টফোনবোৰৰ সম্পূৰ্ণ তালিকা চাওক-
• চেমচাং
চেমচাং স্মাৰ্টফোনৰ ভিতৰত আছে চেমচাং গেলেক্সি এছ ৪ মিনি, চেমচাং গেলেক্সি এছ ৩, চেমচাং গেলেক্সি নোট ২ আৰু চেমচাং গেলেক্সি এছ ৩ৰ দৰে মডেল।
• মটৰ’লা
মটৰ’লা কোম্পানীটোৰ স্মাৰ্টফোনসমূহৰ ভিতৰত আছে Moto G, Moto RAZR HD আৰু Moto E 2014।
• HTC
এইচটিচি স্মাৰ্টফোনত এইচটিচি ৱান এক্স, এইচটিচি ৱান এক্স+, এইচটিচি ডিজায়াৰ ৫০০ আৰু এইচটিচি ডিজায়াৰ ৬০১ৰ দৰে মডেল আছে।
• এল জি
এল জি স্মাৰ্টফোন এল জি অপ্টিমাছ জি, এল জি নেক্সছ ৪, এল জি জি ২ মিনি আৰু এল জি এল ৯০ত কাম নকৰিব হোৱাটছএপে।
• sony
চনী এক্সপেৰিয়া জেড, চনী এক্সপেৰিয়া এছ পি, চনী এক্সপেৰিয়া টি আৰু চনী এক্সপেৰিয়া ভিৰ দৰে চনী ফোন ব্যৱহাৰ কৰা লোকসকলে হোৱাটছএপ ব্যৱহাৰ কৰিব নোৱাৰিব।
হোৱাটছএপৰ মতে, এই এপটোৱে কেৱল এণ্ড্ৰইড ৫.০ আৰু নতুন এণ্ড্ৰইড ফোন, আই অ’ এছ ১২ আৰু নতুন আইফোনতহে কাম কৰিব। ইয়াৰ পূৰ্বে কোম্পানীটোৱে ঘোষণা কৰিছিল যে আইফোন ৫এছ, আইফোন ৬ আৰু আইফোন ৬ প্লাছ ব্যৱহাৰকাৰীয়ে আৰু নিজৰ ডিভাইচত হোৱাটছএপ ব্যৱহাৰ কৰিব নোৱাৰিব। অৱশ্যে আইফোন ব্যৱহাৰকাৰীয়ে ২০২৫ চনৰ ৫ মে’লৈকে নিজৰ ডিভাইচ আপগ্ৰেড কৰিব পাৰিব। সেয়েহে এইবোৰ ফোন আনে বিক্ৰী কৰিব বিচাৰিলেও নিকিনিব।