( অপূৰ্ব দাস )
খোৱাৰ পিছত সকলোৰে টোপনি ধৰিবলৈ আৰম্ভ কৰে। শৰীৰটো ভাগৰুৱা হৈ পৰে আৰু এলেহুৱা অনুভৱ কৰিবলৈ আৰম্ভ কৰে। এতিয়া প্ৰশ্ন হয় যে খাদ্য খোৱাৰ পিছত কিয় এনেকুৱা হয় ?
সুস্থ হৈ থাকিবলৈ আমি সময়মতে খাদ্য খোৱাটো অতি প্ৰয়োজনীয়। আমি কি খোৱা উচিত তাৰ প্ৰতি সৰ্বোচ্চ মনোযোগ দিয়া উচিত। খাদ্য খোৱাৰ পিছতহে আমাৰ শৰীৰে পুষ্টিকৰ উপাদান লাভ কৰে, যাৰ ফলত শৰীৰ সুস্থ হৈ থাকে। কিন্তু, বহুবাৰ আপুনি নিশ্চয় অনুমান কৰিছে যে খাদ্য খোৱাৰ পিছত টোপনি অহা যেন লাগে। শৰীৰটো ভাগৰুৱা হৈ পৰে আৰু এলেহুৱা অনুভৱ কৰিবলৈ আৰম্ভ কৰে। এতিয়া প্ৰশ্ন উত্থাপন হয় যে খাদ্য খোৱাৰ পিছত ভাগৰুৱা অনুভৱ কৰা বা টোপনি অহাটো কোনো ৰোগৰ লক্ষণ নে ইয়াৰ আঁৰত কিবা বৈজ্ঞানিক তথ্য আছে?
আজি এই লেখাটোত আপোনালোকক জনাম যে খাদ্য খোৱাৰ পিছত টোপনি অহাৰ আঁৰৰ সকলো লুকাই থকা কাৰণ।
চিকিৎসকৰ মতে খাদ্য খোৱাৰ পিছত ভাগৰুৱা আৰু টোপনি অহাটো স্বাভাৱিক। সাধাৰণতে খাদ্য খোৱাৰ পিছত টোপনি অহাটো কোনো ৰোগৰ লক্ষণ নহয়। আচলতে খাদ্য খোৱাৰ পিছত শৰীৰত শক্তিৰ মাত্ৰা কমি যায় আৰু কিছুমান হ'ৰমনৰ নিঃসৰণ হয় , যি হ'ৰমনে টোপনি অহাত সহায় কৰে। যাৰ ফলত খাদ্যৰ পিছৰ টোপনি বুলি জনা যায়, এই টোপনি স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয়। আজিৰ আধুনিক যুগত ভাত খোৱাৰ পিছত মʼবাইল চায় বাবে টোপনি যোৱাত অসুবিধা হয়, যাৰ ফলত স্বাস্থ্য বেয়া হ'বলৈ আৰম্ভ কৰে। এই টোপনিয়ে মানসিক চাপ দূৰ কৰে।
এইবোৰ কাৰণতে খোৱাৰ পিছত টোপনি আহে
মেলাটনিন (Melatonin) হৈছে শৰীৰৰ টোপনি চক্ৰৰ লগত জড়িত পাইনেল গ্ৰন্থিৰ দ্বাৰা উৎপন্ন হোৱা হৰম’ন। ই শৰীৰৰ চাৰ্কেডিয়ান ৰিদম নিয়ন্ত্ৰণ কৰাত সহায় কৰে, যাতে আপুনি টোপনি যায়।
যদি আপুনি প্ৰটিন আৰু কাৰ্বহাইড্ৰেটযুক্ত খাদ্য খায় তেন্তে আপুনি অধিক টোপনি যায় , অৰ্থাৎ বেছি হ'ৰমন নিঃসৰণ হয়। কিন্তু লগাতকৈ অধিক নিঃসৰণ হ'লেও বেয়া। ইয়াৰ ফলত অধিক টোপনি যায় আৰু দেহত কলেষ্টেৰল জমা হ'বলৈ আৰম্ভ কৰে, যাৰ ফলত হৃদযন্ত্ৰৰ ৰোগ হ'য়। কমকৈ টোপনি যোৱা বা বেচিকৈ টোপনি যোৱা দুয়োটাই ক্ষতিকাৰক। আমি প্ৰতিদিনে প্ৰায় ৭-৮ ঘণ্টা টোপনি যাব লাগে।
কাৰ্বহাইড্ৰেট যুক্ত খাদ্য আৰু প্ৰ'টিন যুক্ত খাদ্যসমূহ সেৱন কৰিলে আন খাদ্য সামগ্ৰীতকৈ অধিক টোপনিৰ অনুভৱ হয়। আচলতে উচ্চ প্ৰটিনযুক্ত খাদ্যত ট্ৰিপট’ফেন নামৰ এমিনো এচিড পোৱা যায়, যিয়ে শৰীৰত আন এবিধ হ'ৰমন চেৰ’টনিন উৎপাদনত সহায় কৰে। চেৰʼটনিনে টোপনি গভীৰ টোপনি অহাত সহায় কৰে। সেয়েহে প্ৰটিন আৰু কাৰ্বহাইড্ৰেটৰ বাবে খাদ্য খোৱাৰ পিছত মানুহৰ টোপনি আহিবলৈ আৰম্ভ কৰে।
গৱেষণাৰ মতে, এজন ব্যক্তিয়ে খাদ্য খোৱাৰ পিছত ভাগৰুৱা অনুভৱ কৰে কাৰণ শৰীৰে অধিক চেৰ’টনিন উৎপাদন কৰে। চেৰ’টনিন হৈছে এনে এক হ'ৰমন যিয়ে মেজাজ আৰু টোপনিৰ চক্ৰ নিয়ন্ত্ৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
বিশেষজ্ঞসকলৰ মতে গধুৰ আহাৰ খোৱাৰ পিছত মানুহে অধিক টোপনি অনুভৱ কৰে। দুপৰীয়াৰ বহু আহাৰ খোৱা লোকসকলে কম খোৱা লোকতকৈ দুপৰীয়া অধিক ভাগৰুৱা আৰু এলেহুৱা অনুভৱ কৰাৰ প্ৰৱণতা থাকে।