( অপূৰ্ব দাস )
অসাৱধানতাৰ বাবে আমি কেতিয়াবা এনেকুৱা ভুল কৰি যাওঁ যিয়ে ভৱিষ্যতে যকৃতৰ ক্ষতি কৰিব পাৰে। এই কথা উপলব্ধি হোৱাৰ সময়লৈকে সমস্যাটো বহু আগবাঢ়ি যায় আৰু আপুনি বিপদত পৰে । যকৃতৰ স্বাস্থ্যৰ বাবে সময়মতে সজাগ হোৱাটো জৰুৰী।
যকৃত আপোনাৰ ফিল্টাৰ। যিয়ে আপুনি খোৱা সকলো বস্তু ফিল্টাৰ কৰি ইয়াৰ পুষ্টিকৰ উপাদান আপোনাৰ শৰীৰলৈ প্ৰেৰণ কৰে। এই পুষ্টিকৰ উপাদানসমূহে শৰীৰৰ সকলো অংগক কাম কৰিবলৈ শক্তি প্ৰদান কৰে। অৱশ্যে এই কামত লিভাৰটো বৰ ভাগৰুৱা হৈ পৰে। কিন্তু কিছুমান ভাল অভ্যাসে আপোনাৰ লিভাৰটো পুনৰ মেৰামতি কৰে আৰু ই প্ৰতিদিনে একেটা কষ্টৰে কাম কৰিবলৈ সাজু হৈ পৰে। কিন্তু কিছুমান বস্তু আছে যিয়ে আপোনাৰ যকৃত ধ্বংস কৰে। কল্পনা কৰকচোন যেতিয়া আপুনি আপোনাৰ শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱা ফিল্টাৰটো ধ্বংস কৰি তেন্তে আপোনাৰ স্বাস্থ্যৰ কি হ’ব ? এই ৫ টা দৈনিক ভুলৰ ফলত লিভাৰৰ ক্ষতি হয়। যদি আপুনি আপোনাৰ লিভাৰ নষ্ট হোৱাটো নিবিচাৰে, তেন্তে এতিয়াই সেইবোৰ নিয়ন্ত্ৰণ কৰক-
লিভাৰ কিয় ক্ষতিগ্ৰস্ত হয় ?
প্ৰকৃতিয়ে শৰীৰক সুৰক্ষা দিবলৈ যকৃতক প্ৰস্তুত কৰি তুলিছে। কিন্তু খাদ্য আৰু দৈনন্দিন কাম-কাজ দুয়োটাকে ধৰি আপোনাৰ কিছুমান দৈনন্দিন অভ্যাসে ইয়াৰ ক্ষতি কৰে। এই বিষাক্ত পদাৰ্থবোৰ ক্ৰমান্বয়ে যকৃতত থিতাপি লৈ আঘাত কৰে আৰু তাত সৰু সৰু ঘাঁ ওলাবলৈ আৰম্ভ কৰে। চিকিৎসাৰ ক্ষেত্ৰত ইয়াক লিভাৰ চিৰ’ছিছ বুলি কোৱা হয়।
লিভাৰ চিৰ’ছিছৰ লক্ষণসমূহ অবিৰতভাৱে আওকাণ কৰি প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত লিভাৰ বিকল হৈ পৰে বা যকৃতৰ ক্ষতি হয়।
এই লক্ষণসমূহে ইংগিত দিয়ে যে আপুনি আপোনাৰ যকৃতৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব লাগিব।
আটাইতকৈ ভাল কথাটো হ’ল যে লিভাৰৰ ক্ষতিৰ প্ৰতিটো পৰ্যায়তে আপোনাৰ শৰীৰে বিভিন্ন সংকেত দিয়ে। যদিহে এই লক্ষণসমূহ আৰম্ভণিতে লক্ষ্য কৰা হয়, তেন্তে চিকিৎসাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায়।
• ছাল আৰু চকু হালধীয়া হোৱা
এয়া যকৃতৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ প্ৰাথমিক লক্ষণ। জণ্ডিচ হওক বা হেপাটাইটিছ হওক। ছাল আৰু চকু হালধীয়া হোৱাৰ প্ৰতি গুৰুত্ব দিব লাগে। ইয়াৰ লগতে কিছুমান মানুহৰ জ্বৰ হোৱাৰ সমস্যাও হ’ব পাৰে।
• পেটৰ বিষ আৰু ফুলা
যেতিয়া আপোনাৰ যকৃতত ঘাঁ থাকে, তেতিয়া ফুলা বা সৰু সৰু ঘাঁ গঠন হ’বলৈ আৰম্ভ কৰে, তেতিয়া স্বাভাৱিকতে পেটত বিষ আৰু ফুলাৰ সন্মুখীন হ’বলগীয়া হয়। যদি আপুনি সঘনাই পেটৰ বিষ বা ফুলাৰ সমস্যাৰ সন্মুখীন হৈছে তেন্তে কোনো পলম নকৰাকৈ বিশেষজ্ঞৰ পৰামৰ্শ ল’ব লাগে।
• প্ৰস্ৰাৱৰ গাঢ় হালধীয়া ৰং
এইটো এটা ডাঙৰ লক্ষণ যিয়ে আপোনাৰ দুৰ্বল স্বাস্থ্যৰ দিশলৈ আঙুলিয়াই দিয়ে। আপুনি নিশ্চয় লক্ষ্য কৰিছে যে যিকোনো ঔষধ খালে প্ৰস্ৰাৱৰ ৰং গাঢ় হালধীয়া হৈ পৰে। অৰ্থাৎ ঔষধবোৰে যকৃতত প্ৰভাৱ পেলাইছে। ঔষধ নোখোৱাকৈও যদি প্ৰস্ৰাৱৰ ৰং হালধীয়া হৈ পৰে তেন্তে সোনকালে চিকিৎসকৰ লগত কথা পাতিব লাগে।
• খাবলৈ মন নোযোৱা
পেট ভৰি থকা বা ফুলা অনুভৱ কৰা, ভোক কমি যোৱা বা বমি বমি লগা, বমি হোৱা আদিও আপোনাৰ যকৃতত কিছু সমস্যা হোৱাৰ লক্ষণ। এইবোৰক আওকাণ কৰা উচিত নহয়।
• ভৰি ফুলা
ইউৰিক এচিড বৃদ্ধি আৰু যকৃতৰ ক্ষতি হ’লে ভৰি বা ভৰিৰ গোৰোহা ফুলা দেখা যায়। কেতিয়াবা ডায়েবেটিছৰ বাবে ভৰি ফুলাৰ সন্মুখীন হ’বলগীয়া হয়। অৰ্থাৎ ভৰি ফুলা কেতিয়াও স্বাভাৱিক নহয়।
• সকলো সময়তে ভাগৰুৱা অনুভৱ কৰা
যেতিয়া আপোনাৰ শৰীৰে পৰ্যাপ্ত পৰিমাণৰ পুষ্টিকৰ উপাদান নাপায় তেতিয়া আপুনি সকলো সময়তে দুৰ্বল আৰু ভাগৰুৱা অনুভৱ কৰে। লিভাৰৰ ক্ষতিৰ বাবেও এনে হ’ব পাৰে। কাৰণ আপোনাৰ যকৃতে বিষাক্ত পদাৰ্থ আঁতৰোৱা আৰু পুষ্টিকৰ পদাৰ্থ সঠিকভাৱে যোগান ধৰাৰ কাম কৰিব পৰা নাই বাবে অনবৰতে ভাগৰ লাগে।
• শুকান ছাল আৰু তাৰ ওপৰত নীলা দাগ
এয়া তেজ জমা হোৱাৰ লক্ষণ। যকৃতে সঠিকভাৱে কাম নকৰাৰ সময়ত ছালৰ বিভিন্ন ঠাইত শুকান আৰু নীলা দাগ হোৱাৰ ৰূপত ইয়াৰ লক্ষণ দেখা যায়। আয়ুৰ্বেদত ইয়াক তেজত পিত্তৰ পৰিমাণ বৃদ্ধি বুলিও কোৱা হয়। ইয়াৰ ফলত ছালত খজুৱতিও হ'ব পাৰে।
এই ৫টা ভুলে যকৃত ধ্বংস কৰিব পাৰে :
কিছুমান কথা আপোনাৰ নিয়ন্ত্ৰণত নাই, আনহাতে কিছুমান কথা আছে যিবোৰ আপুনি এৰাই চলিব পাৰে। এই ভুলবোৰ এৰাই চলিব পৰা বস্তু।
• মদ খোৱা
বিশেষজ্ঞসকলে বাৰে বাৰে কয় যে ভাৰতীয় জলবায়ু আৰু জীৱনশৈলীৰ বাবে মদ একেবাৰেই উপযোগী নহয়। তথাপিও ফেশ্বনৰ বাবে ই বিলাসী পাৰ্টিৰ অংশ হৈ পৰিছে। আনহাতে সাধাৰণ ভাৰতীয়ৰ বাবে পুৰুষেই হওক বা মহিলাই হওক মদ খাই ভাল পোৱা হৈছে। মদৰ পেগ এটাও যকৃতৰ ক্ষতি কৰিব পাৰে।
• চিন্তা নকৰাকৈয়ে ড্ৰাগছ ( ঔষধ ) সেৱন কৰা
বুজিব যে আপুনি যি খাওক, ভাল বা বেয়া প্ৰথমে আপোনাৰ যকৃতলৈ যায়। কিন্তু ঔষধ বিভিন্ন ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰি এনেদৰে প্ৰস্তুত কৰা হয় যে ইয়াৰ দ্ৰুত প্ৰভাৱ পৰে। আনহাতে আপোনাৰ যকৃত এই কঠিন ৰাসায়নিক পদাৰ্থৰ বাবে সাজু নহয়। এই কাৰণেই মৃদু চৰ্দি আৰু জ্বৰৰ ঔষধ সেৱন কৰাৰ পিছতো কোষ্ঠকাঠিন্যত আক্ৰান্ত হয়। ঔষধৰ অত্যধিক ব্যৱহাৰেও ঔষধৰ দ্বাৰা প্ৰৰোচিত হেপাটাইটিছৰ সৃষ্টি কৰিব পাৰে।
• যিকোনো ধৰণৰ ধঁপাত ব্যৱহাৰ
চিগাৰেট, গাঞ্জা , বিড়ি বা ধঁপাত যিকোনো ৰূপত সেৱন কৰিলেও আপোনাৰ স্বাস্থ্যৰ ক্ষতি হ’য় । ইয়াৰ বিষাক্ত পদাৰ্থই অক্সিডেটিভ চাপৰ সৃষ্টি কৰে। যাৰ বাবে কোষবোৰ মুক্ত মূলকৰ সংস্পৰ্শলৈ আহে। বাৰে বাৰে এনে হ’লে যকৃতত ফুলা আৰু আঘাতৰ সৃষ্টি হ’ব পাৰে।
• উচ্চ চেনি , চৰ্বি , তেল, জলকীয়া আৰু নিমখ খাদ্য
আপুনি জানি আচৰিত হ’ব, কিন্তু ৰিফাইন চেনিৰ অত্যধিক ব্যৱহাৰ আপোনাৰ যকৃতৰ বাবে মদৰ দৰেই বিপজ্জনক। মূলতঃ ই ফ্ৰুক্ট’জক চৰ্বিলৈ ৰূপান্তৰিত কৰে। এই প্ৰক্ৰিয়াৰ সময়ত কিছুমান কণা ইয়াৰ ভিতৰৰ স্তৰত লাগি থাকে। যাৰ বাবে যকৃতৰ ভিতৰত চৰ্বিৰ জমা হ’বলৈ আৰম্ভ কৰে। এই চৰ্বিৰ অত্যধিক জমা হোৱাৰ বাবে ই নন-এলকহলিক ফেটি লিভাৰ ডিজিজ (NAFLD)ৰ কাৰণ হৈ পৰে। থিক তেনেদৰে সদায় তেল, চৰ্বি, নিমখ আৰু জলকীয়া অত্যাধিক খালেও লিভাৰৰ ক্ষতি হয়।
মেদবহুলতা বা অতিৰিক্ত ওজন
যেতিয়া আপুনি প্ৰয়োজনতকৈ অধিক কেলৰি খায়, তেতিয়া সেইবোৰ চৰ্বিৰ ৰূপত শৰীৰত জমা হ’বলৈ আৰম্ভ কৰে। এই চৰ্বিয়ে যকৃতকো ইয়াৰ বলি কৰি তোলে। অধ্যয়নত এই কথাও প্ৰকাশ পাইছে যে অতিৰিক্ত ওজনে যকৃতৰ কাৰ্য্যক্ষমতা লেহেমীয়া কৰে। কেৱল এয়াই নহয়, অতিৰিক্ত ওজনৰ লোকৰ ছাল, হৃদযন্ত্ৰ আৰু ৰক্তচাপতো নেতিবাচক প্ৰভাৱ পৰে।