সুখৰ আকাশ দুখৰ আকাশ
চুটিগল্প -লিখক : ড° অৰ্পণা দাস
স্বপ্নিলৰ ই-মেইলটো পোৱাৰ পিছৰে পৰা যোৱা তিনিটা উজাগৰী নিশা পাৰ কৰিলোঁ। সঁচাকৈ কেতিয়াবা কিছুমান মুহূৰ্তত জীৱনটো একেবাৰে অৰ্থহীন যেন ভাব হয়। জীৱনত পোৱা-নোপোৱাৰ হিচাপ কৰিবলৈ মন যায়। সৰুতে যে ভাগশেষ ৰৈ যোৱা হৰণ অংক কৰিছিলোঁ, তেনে এটা অংক যেনেই লাগিল মোৰ নিজকে। কিবা-কিবি নিমিলিলেই যেন ভাগশেষ ৰৈ যায়। পিছ মুহূর্ততে আকৌ ভাব হয় জন্ম হ'লোঁৱেই যেতিয়া পোৱাখিনিৰেইনো জীৱনটো সুন্দৰ নকৰোঁ কিয়! এনেকুৱা সময়তেই মনত পৰে গানৰ সেই কলিটো- “পালোঁনে নেপালোঁ নুসুধিবা মোক, বিচাৰি ফুৰিছোঁ সেয়ে বহুত মোৰ।” চাহ একাপৰ বৰ প্ৰয়োজন অনুভব কৰিছোঁ যদিও নিজে বনাই খাবলৈ মন যোৱা নাই। বিছনাৰ পৰা উঠি বেলকনিত থকা চকীখনত বহি বুকু ভৰাই এটা দীঘল উশাহ ল'লোঁ। এছাটি শীতল বতাহ আহি গাত লাগিল। বাহিৰত কাহিলি কাহিলি পোহৰ।
পুৱাৰ এই শান্ত-কোমল পৃথিৱীখনলৈ মৰম লাগি গ'ল।
সঁচাই এই পৃথিৱীখন বৰ সুন্দৰ। কিন্তু : এই সুন্দৰ পৃথিৱীখন স্বপ্নিলক লগ পোৱাৰ আগলৈকে মোৰ বাবে কাহানিও সুন্দৰ নাছিল। এই প্রেম বোলা শব্দটোৰ, অনুভৱটোৰ এক
প্রচণ্ড শক্তি আছে। মোক স্বপ্নিলৰ প্ৰেম- ভালপোৱাই পৃথিৱীক ভাল পাবলৈও শিকাইছিল। স্বপ্নিলৰ প্ৰেমেই মোক শিকাইছিল আকাশৰ নীলাৰে, গছৰ সেউজীয়াৰে, জোনৰ জোনাকেৰে, ৰঙা বেলিৰে হৃদয় ৰঙীন কৰাৰ কৌশল। তাৰ কথাত, তাৰ সান্নিধ্যত কি যাদু আছিল নাজানো। মিডাচৰ স্পৰ্শত সকলো সোণ হৈ যোৱাৰ দৰেই স্বপ্নিলৰ সান্নিধ্যত গোটেই পৃথিৱীখনেই যেন প্ৰেমৰ ওৰণি টানি লৈছিল মোৰ বাবে। কিন্তু আজি তিনিদিন আগতে পোৱা ই-মেইলটোৱে মোৰ সপোনবোৰ ভাঙি চুৰমাৰ কৰি পেলালে। সি লিখিছিল সি হেনো আৰু মোৰ হৈ থাকিব নোৱাৰে। পাৰোঁ যদি মই যেন তাক ক্ষমা কৰি দিওঁ। কানাডাতেই লগ পোৱা কোনোবা কেৰেলীয়ান ছোৱালী এজনীকহে সি একান্ত নিজৰ কৰি ল'ব খোজে। ....। আৰু কিবা- কিবি লিখিছিল সি। স্পষ্টকৈ পঢ়িব পৰা নাছিলোঁ। জোৰ কৰি বুকুৰ মাজত কান্দোনটোক চেপি ৰাখিলোঁ যদিও চকুপানীক বাধা দি ৰাখিব পৰা নাছিলোঁ। সেই তেতিয়াৰ পৰাই মই সুস্থিৰভাৱে একো চিন্তাই কৰিব পৰা নাই।
কলেজলৈয়ো যোৱা নাই এইকেইদিন।
অঃ স্বপ্নিল, তুমি জানি-বুজি কিয় এনে কৰিলা? তুমিতো ভালদৰে জানা মোৰ নিঃসংগ পৃথিৱীখনৰ কথা। আনকি তোমাৰ চিঠিখনৰ কথাকেইটা জনাব পৰাকৈয়ো যে মোৰ কাষত কোনোৱেই নাই।
স্বপ্নিলক প্রায় চাৰি বছৰ আগতে আচৰিত ধৰণে লগ পাইছিলোঁ। হয়, তেতিয়া বুক-ফেয়াৰ এখন চলি আছিল। তালৈকে কিতাপ দুখনমান কিনো বুলি ওলাই গৈছিলোঁ। গোটেই জজফিল্ডখন মানুহেৰে ভৰি পৰিছে। একেবাৰে উৎসৱমুখৰ পৰিবেশ। কিতাপৰ ষ্টলবোৰত যিমান ভিৰ, ঠিক সিমান ভিৰ ফাষ্ট ফুডৰ দোকানবোৰতো। ময়ো অকলে অকলে কিখন বিচাৰি ঘূৰি ফুৰিছোঁ। আৰে, এয়া হঠাৎ হ'ল কি? মানুহবোৰে দেখোন যেনিয়ে-তেনিয়ে দৌৰিছে আৰু দৌৰিছে। হে ভগৱান! সমুখত দেখোন মস্ত একুৰা জুই। ফাষ্টফুডৰ দোকানৰ ফালৰ পৰাই জুইকুৰা এইফালে আহি আছে। ইফালে মানুহৰ প্ৰচণ্ড ঠেলা-হেঁচা, চিঞৰ- বাখৰ; সিফালে ক্রমান্বয়ে বাঢ়ি অহা জুইৰ উত্তাপ। ক'লৈ যাম, কি কৰোঁ কৈ এঠাইতে ৰৈ গ'লোঁ মই। তেতিয়াই, ঠিক তেতিয়াই কোনোবা এজনে মোৰ বাঁওহাতখনত ধৰি টানি নি একেকোবেই ৰাস্তা পোৱালেগৈ। তৎ ধৰিব নোৱৰাকৈ নিমিষতে ঘটি গৈছিল ঘটনাটো।
: কি হ'ল, ৰৈ আছিলা যে তাত? দৌৰিবলৈয়ো পাহৰি গৈছিল? লওক, পানী গিলাচ খাই লওক। -ওচৰৰ দোকানখনৰ পৰা পানী গিলাচ আনি তেওঁ মোক কৈছিল।
একে শোহাই পানী গিলাচ শেষ কৰি পেলালোঁ। তেওঁ গিলাচটো দোকানখনত ওভোতাই দিবলৈ যোৱাৰ সময়কণতেই অলপ প্রকৃতিস্থ হৈ ল'লোঁ। এতিয়া তেওঁ উভতি আহিলে কি ক'ম বাৰু? নাই, মোক একো কোৱাৰেই সুযোগ নিদি তেওঁ নিজেই ক'লে- উঠক মোৰ গাড়ীত। আপোনাক ঘৰত থৈ আহোঁগৈ। চানমাৰিত নাথাকে জানো?
: হয়, আপুনি কেনেকৈ জানিলে?
মোৰ মাতটো কোনোমতেহে যেন ওলাল। মন্ত্রমুগ্ধ মানুহৰ দৰে তেওঁৰ পিছে পিছে গৈ গাড়ীত বহিলোঁ।
: আপোনাৰ মই বহু কথাই জানো। এই ধৰক, আপোনাৰ নাম হিয়া বৰুৱা। ইয়াৰেই কলেজ এখনত ল'ৰা-ছোৱালী পঢ়ুৱায়। এম আই ৰাইট? গাড়ী চলাই তেওঁ কৈ গৈছিল।
হয়, তেওঁ মোক একেবাৰে মই থকা এপার্টমেন্টটোৰ সমুখতেই নমাই দিলে।
: 'এতিয়া মই আহোঁ। পিছত নিশ্চয় লগ পাম' বুলি তেওঁ গ'লেই। ঘটনাৰ আকস্মিকতাত তেওঁৰ নামটোও সুধিবলৈ নহ'ল। আনকি ধন্যবাদ বুলিও মুখেৰে নোলাল।
কিছুদিনৰ পিছৰ কথা। মই প্রেক্টিকেল ক্লাছ এটাত ব্যস্ত হৈ আছোঁ। এনেতে ডিপার্টমেণ্টৰ পিয়ন ৰমেনে মোক ক'লেহি- আপোনাক বিচাৰি মানুহ এজন আহিছে।
ওলাই গৈ দেখোঁ যে সিদিনাৰ ল'ৰাজন।
: ডিষ্টাৰ্ব কৰিলোঁ নেকি? -মোক সুধিলে, ক্লাছ চলি আছে?
: নাই নাই। এই ৪ টাত ক্লাছ শেষ । এটাহে আছে , আপুনি মোৰ ৰূমতেই অলপ বহক। মই আহি আছোঁ' বুলি কৈ ক্লাছ কমলৈ আহিলোঁ। মনতে যুকিয়াই থাকিলোঁ তেওঁক কি ক'ম, কি নক'ম। আচলতে মোক বিচাৰি কোনোৱেই আজিলৈকে এনেদৰে অহা নাই।
- এওঁ বা কি কাৰণত আহিল! অলপ নার্ভাছ এ ফিল কৰিছোঁ। মোৰ কলিগবোৰৰ মাজত মই এজনী লাজকুৰীয়া ছোৱালী বুলিয়ে বিখ্যাত। কিছুমানৰ মতে আকৌ মই সাংঘাতিক অহংকাৰী। অহংকাৰী মই হওঁ নে নহওঁ সেই বিষয়ে নিশ্চিত নহওঁ, কিন্তু মোৰ লাজকুৰীয়া নেচাৰটোক অস্বীকাৰ নকৰোঁ। সেয়ে হয়তো মই আজিলৈকে কাৰোৱেই ভাল বন্ধু হ'ব পৰা নাই। এইবোৰকে ভাবি ভাবি ক্লাছটো শেষ কৰি ৰূমলৈ আহি এটা অচিনাকি ৰুমৰ এখন অচিনাকি চকীত বহাৰ দৰে চকীখনত অলপ উৎকণ্ঠাৰে বহিলোঁ। মোৰ সমুখতেই বহি আছে তেওঁ। এনেকুৱা বয়সৰ ল'ৰাৰ লগত কথা পতাৰ অনভিজ্ঞতা আৰু নার্ভাছনেছৰ বাবেই বোধকৰোঁ কি ক'ম কি নক'ম কৈ থাকোঁতেই খুউব স্পষ্টভাৱেই তেওঁ ক'লে- বেয়া নাপায় যদি আপোনাৰ লগত বহিব খুজিছোঁ
আধাঘণ্টামান সময়ৰ বাবে।
তেওঁ প্রতিটো শব্দ ইমান স্পষ্ট আৰু প্রত্যয়েৰে কয় যে সিদিনাৰ দৰে মই আজিও না কৰিব নোৱাৰিলোঁ আৰু অলপ পিছতে আমি এখন ৰেষ্টুৰেণ্টৰ দুখন চকী অধিকাৰ কৰি বহিলোঁ।
এইবাৰ যথেষ্ট আত্মবিশ্বাস আনি ক'লোঁ- এতিয়ালৈকে মই আপোনাৰ নামটোৱেই সোধা নাই। আনকি সিদিনা আপুনি কৰা সহায়ৰ বাবে ধন্যবাদ বুলিও কোৱা নহ'ল।
তেওঁ চকু-মুখত হাঁহিটো লৈয়ে ক'লে- অ' সিদিনা তেনে পৰিস্থিতিত আপুনি দেখোন দৌৰি পলাবলৈকে পাহৰিছিল। গতিকে আপোনাৰ পৰা ধন্যবাদ বিচৰাটো বাওনাই চন্দ্ৰলৈ হাত মেলাৰ দৰে হ'লহেঁতেন। নহয় জানো?
তেওঁৰ সৈতে ময়ো হাঁহিবলৈ যত্ন কৰিলোঁ। এফালৰ পৰা তেওঁ কৈ গ'ল- তেওঁৰ নাম স্বপ্নিল বৰুৱা। ঘৰ ডিব্ৰুগড়ত। ইঞ্জিনীয়াৰিং পাছ কৰি ভাল কোম্পানি এটাত ভাল অ'ফাৰ পাই জইন কৰিছে। ছমাহমান হ'ল বাংগালোৰৰ পৰা গুৱাহাটীলৈ ট্রেন্সফাৰ হৈ আহিছে।
মই কফিৰ কাপ সমুখত লৈ মাথোঁ শুনি থাকিলোঁ স্বপ্নিল বৰুৱাৰ কথা।
হঠাৎ তেওঁ গভীৰ প্রত্যয়েৰে অতি স্পষ্টকৈ লাহে লাহে ক'বলৈ ধৰিলে- মই আজি এটা বিশেষ কথা জনাবলৈহে তোমাৰ ওচৰলৈ আহিছিলোঁ। সঁচা কথা ক'বলৈ হ'লে তোমাক মোৰ প্ৰথম দেখাতেই ভাল লাগি গৈছে। মই তোমাৰ বন্ধু হ'ব বিচাৰোঁ। বন্ধু মানে মোৰ জীৱনৰ সুখৰ-দুখৰ বন্ধু, চিৰদিনৰ বাবে। আপত্তি আছে নেকি তোমাৰ?
মন কৰিলোঁ, এইবাৰ মোৰ প্ৰতি স্বপ্নিলৰ সম্বোধন আপুনিৰ পৰা তুমি হৈছে। মোৰ বুকুৰ ধপধপনিটো বাঢ়ি আহি শৰীৰটোকেই জিকাৰ খুৱাই দিলে। লগে লগে কি ক'ম ভাবি নাপালোঁ। বোধকৰোঁ মোৰ অৱস্থাটো তেওঁ গম পাই গৈছিল। লগে লগে ক'লে- কথাটো চিন্তা কৰিবলৈ তুমি সময় লোৱা। মোক এতিয়াই উত্তৰ নালাগে। - কার্ড এখন দি ক'লে- ইয়াত মোৰ ফোন নম্বৰ আছে। তোমাৰ সিদ্ধান্ত তুমি ফোনত জনাবা। মোৰ প্রস্তাৱত যদি তোমাৰ আপত্তি নাই, মোক আপুনিৰ সলনি তুমি বুলি ক'বা। মই সকলো বুজি পাই যাম। এতিয়া ব'লা তোমাক থৈ আহোঁ।
মোক নমাই থৈ অহাৰ পৰত পুনৰ ক'লে- তোমাৰ ফোনটোলৈ বাট চাই থাকিম।
ঘৰত সোমায়েই গাটো ধুই ল'লোঁ। পঢ়া-শুনাৰ কাম আছিল যদিও একো কৰিবলৈ মন নগ'ল। স্বপ্নিলে দিয়া কাৰ্ডখন টেবুলৰ ওপৰতে থ'লোঁ। বিছনাত বাগৰি সি কোৱা কথাবোৰেই ভাবি থাকিলোঁ। কিমান স্পষ্টকৈ, অকণো খোকোজা নলগাকৈ স্বপ্নিলে তাৰ মনৰ কথাখিনি প্রকাশ কৰিলে। স্পষ্টবাদিতা মই ভালপাওঁ যদিও নিজে আজিলৈকে স্পষ্টভাবে, খোলা মনেৰে কাৰো লগতেই কথা পতা নাই। কথা পতা নাই মানে পাতিবই নোৱাৰোঁ। মোক যেন অনবৰতে এক সংশয়ে বেঢ়ি থাকে। ছপা আখৰতহে পঢ়িছোঁ এনেদৰে ল'ৰাই ছোৱালীক প্ৰ'পজ কৰা। কিন্তু মোকো যে কোনোবাই এনেকৈ ক'ব, মোৰ বাবে সপোনৰো অগোচৰ। তাৰ মানে প্ৰেমৰ ক্ষেত্ৰত ময়ো লাকি নেকি? মই তেন্তে নিজকে ভাবি থকাৰ দৰে দুৰ্ভগীয়া নহওঁ। কিন্তু কিয় জানো, মোৰ মনটো এনেধৰণে গঢ় লৈ উঠিল যে সুখ আৰু দুখৰ ভিতৰত সি দুখলৈহে হাত মেলে। প্ৰতিটো সুখৰ আঁৰত মই দুখৰ প্ৰতিচ্ছবিহে দেখোঁ। সেয়েহে স্বপ্নিলক ভালপাওঁ বুলি ভাবিবলৈয়ো মোৰ সাহস নহয়। কিজানি স্বপ্নিলেও মোৰ দুখৰ ভঁৰাল আৰু গধুৰ কৰে। কিন্তু সি কোৱা কথাখিনি? সি যে ক'লে- প্রথম দেখাতেই মোক ভাল লগা বুলি। সি বাৰু মোক প্রথম ক'ত দেখিলে? তাকতো একো সোধাই নহ'ল। নিশ্চয় আগতেই দেখিছে। নহ'লে মোৰ নাম, ঠিকনা কেনেকৈ জানিব! তাৰ দৰে আকর্ষণীয়, পুৰুষসুলভ ব্যক্তিত্বৰ ল'ৰা এজনৰ বাৰু মোক কিয় ভাল লাগিল! মই ভবাত একোতেই অসাধাৰণ নহওঁ। কলেজ এখনত চাকৰি কৰোঁ, বাহিৰা কিতাপ অলপ-অচৰপ পড়ো, ভাল লগা গান শুনো। বচ্, সিমানেই। মই দেখাত অৱশ্যে কেনেকুৱা কোনোদিনে আইনাৰ আগত থিয় হৈ চিন্তা কৰি পোৱা নাই। মই মাত্র মোৰ দীঘল চুলিকোছা ভাল পাওঁ। সিয়ো বাৰু মোৰ চুলিকোছাকে ভাল পালে নেকি!
আত্মবিশ্বাসেৰে মই যেন ক'তোৱেই আগবাঢ়িব নোৱাৰোঁ। এনেদৰে চালে-বেৰে কোবাই কথাবোৰ ভাবি থাকোঁতেই যোৱা সোমবাৰৰ পৰা আজি দেওবাৰ পালেহি। কিবা সিদ্ধান্ত লোৱা-নোলোৱাৰ কথা একো চিন্তাই কৰিব নোৱাৰিলোঁ। হঠাতে কিয় জানো টেবুলৰ ওপৰতে থকা কাৰ্ডখনত স্বপ্নিলৰ নম্বৰটো দেখি এটা ফোন কৰিবলৈ মন গ'ল। লাহে লাহে নম্বৰটো টিপিলোঁ। সিফালে ৰিং হ'বলৈ ধৰিলে- ক্রিং... ক্রিং...। ফোনটো থৈয়েই দিম নে কথাই পাতিম ভাবি নাপাওঁতেই স্বপ্নিলৰ মাতটো স্পষ্টভাবে ভাহি আহিল- মই স্বপ্নিল বৰুৱাই কৈছোঁ। আপুনি কোনে কৈছে?
কম্পিত কণ্ঠেৰে মোৰ মাতটো ওলাল- মই মানে হিয়া বৰুৱাই কৈছোঁ। নাই, এনেই ফোন কৰিলোঁ তোমালৈ।
আশ্চৰ্য্য ভৰা কণ্ঠেৰে, আনন্দত যেন জঁপিয়াই উঠিব, তেনে ধৰণে সিফালৰ পৰা সি চিঞৰি ক'লে- কি, তুমি হিয়া! মোক তুমি বুলি কৈছা? প্লিজ, এতিয়া ফোনত একো নক'বা। মই গৈ আছোঁ এতিয়াই। তুমি ৰেডি হৈ থাকিবা। ক'ৰবাত বহি একেবাৰে ওচৰৰ পৰা তোমাৰ কথা শুনিম। হ'ব? এতিয়া থওঁ দেই।
ফোনটো থৈহে মোৰ সম্বিৎ ঘূৰি আহিল। মোৰ অজানিতেই কেতিয়া যে তাক তুমি বুলি কৈ পেলালোঁ গমেই নাপালোঁ। ক'ৰবাত পঢ়িছিলোঁ মানুহ প্ৰেমত পৰিবলৈ হেনো মাত্র তিনি ছেকেণ্ড সময় লাগে। ময়ো চাগৈ স্বপ্নিলৰ প্ৰেমত পৰিছোঁ। কিন্তু মই তাৰ দবে স্পষ্টকে কিয় একো ক'ব নোৱাৰোঁ! জোৰ কৰি সিদ্ধান্ত লৈ পেলালোঁ আজি সঁচাকৈ মোৰ মনৰ কথাবোৰ স্বপ্নিলৰ আগত উদঙাই দিম।
: হাতত সময় লৈ আহিছাতো? স্বপ্নিলে সুধিলে- গম পাইছানে আজিৰ সন্ধিয়াটো তোমাৰ আৰু মোৰ প্ৰথম সন্ধিয়া।
হয়। সেই প্রথম সন্ধিয়াটোতেই আমি দুয়োটাই বহুত কথা পাতিছিলোঁ। মই জীৱনত প্ৰথমবাৰৰ বাবে দ্বিতীয় এজন ব্যক্তিক মোৰ হৃদয়ৰ নিভৃত কোণত ঠাহখাই থকা কথাবোৰ
ক'ব পাৰিছিলোঁ।
স্বপ্নিলে কৈছিল- তোমাৰ পৰা ইমান সোনকালে ফোন পাম বুলি ভবাই নাছিলোঁ। তাকো মই বিচৰা ধৰণে ।
: ময়ো ভবা নাছিলোঁ তেনেকে ক'ম বুলি
: মানে? -অপাৰ বিস্ময়ত তাৰ চকু দুটা ডাঙৰ হৈ গ'ল।
: মানে হঠাতে হৈ গ'ল।
: তুমি কি ক'ব খুজিছা প্লিজ স্পষ্টকৈ কোৱা। -সি দুচকুত আকুলতা ভৰা চাৱনি লৈ ক'লে।
মই জোৰ কৰি লোৱা সিদ্ধান্তটো মনত পেলাই কৈ গ'লোঁ। -চোৱা স্বপ্নিল, তুমি মোৰ বহুত কথাই জানা বুলি কৈছা যদিও মই ভালদেৰে জানো যে মোৰ নাম আৰু ঠিকনাটোৰ বাহিৰে তুমি একোকে নাজানা। মোৰ ভিতৰৰ মানুহজনীক মাজে মাজে মোৰেই অচিনাকি যেন লাগে। আৰু তোমাৰ? তোমাৰ দৰে স্পষ্টবাদী ল'ৰা মোৰ খুবেই ভাল লাগে। কিন্তু মই নিজে আত্মপ্রত্যয়েৰে, স্পষ্ট দৃষ্টি-ভংগীৰে একো সিদ্ধান্তই ল'ব নোৱাৰোঁ। আচলতে মই এটা স্থিৰ সিদ্ধান্ত লৈ তোমালৈ ফোন কৰা নাছিলোঁ। হঠাৎ মন ন গ'ল, কৰি দিলোঁ আৰু ক'ব নোৱৰাকৈয়ে তোমাক 'তুমি' বুলি কৈ পেলালোঁ।
পিছৰখিনিতো জানাই। তুমি একোৱেই শুনিব নিবিচাৰিলা আৰু এতিয়া এয়া মই তোমাৰ লগত বহি আছোঁ। মোৰ বিৰাট ভয় লাগিছে।
: ভয়? কিহৰ ভয়?
: দুখৰ। দুখৰ ভয়। মোৰ দুখবোৰলৈ বৰ ভয় লাগে। এনে লাগে যেন ভগৱানে খুউব আটোমটোকাৰিকৈ মোলৈ দুখবোৰ উপহাৰ দিম বুলিহে থৈ দিয়ে।
: প্লিজ, তেনেকে নক'বা। তুমি নাজানা হিয়া মই তোমাক কিমান ভালপাওঁ।
স্বপ্নিল যেন কিছু আৱেগিক হৈ পৰিছে।
: আঁ, সেইটোও মোৰ বাবে এক সাঁথৰ। তোমাৰ দৰে ল'ৰা এটাই মোৰ তাতেনো এনে কি দেখা পালা?
: তুমি নিজকে কি বুলি ভাবা হা? মৰম মিহলি খঙেৰে সি ক'লে- তোমাৰ তাত যিখিনি আছে সেয়া তোমাৰ হিচাপত কম হ'ব পাৰে। কিন্তু মোৰ বাবে? এজনী ভাল ছোৱালীৰ থাকিবলগীয়া সকলোখিনিয়ে তোমাৰ আছে। অকল ভাল বুলি ক'লেই নহ'ব। ব-হু-ত ভাল। তদুপৰি তোমাৰ এটা ধুনীয়া মন আছে।
: মোৰ মন ধুনীয়া? কেনেকৈ জানিলা? আচৰিত হ'লোঁ মই।
: মোৰ মনে কৈছে।
তাৰ একেই প্রত্যায় ভৰা উত্তৰ। সি মোৰ হাত দুখন তাৰ দুহাতৰ মাজলৈ নি ক'লে- মোৰ দুচকুলৈ চোৱা, হিয়া। তুমি নিজকে মোৰ দুচকুৰে চোৱা। এতিয়াৰ পৰা তোমাৰ কাষত মই থাকিম। মোৰ মনটোক তোমাৰ মনৰ কাষতে উমলিবলৈ দিয়াচোন; দেখিবা তোমাৰ সকলো ভয় আঁতৰি গৈছে। প্লিজ চোৱানা মোৰ দুচকুলৈ।
মই লাহে লাহে এই প্রথম তাৰ দুচকত চকু থ'লোঁ। সঁচাই মোৰ নিঃসংগ অকণমানি পৃথিৱীখন দেখোন তাৰ দুচকুত জিলিকিছে। আৰু সেয়া সেই অকণমানি পৃথিবীখনলৈ কোনোবা এজন সোমাই আহিছে। সেয়া আন কোনো নহয়, স্বপ্নিল- মোৰ স্বপ্নিল।
আন এদিনৰ কথা। মোক সুধিলে স্বপ্নিলে- তোমাৰ জন্মদিন কেতিয়া?
: জন্মদিন! মই যেন উচপখাই উঠিলোঁ।
: কোৱা আকৌ। নে জন্মদিনটো ক'বলৈয়ো তোমাৰ ভয় লাগে? -তাৰ চকুত দুষ্টালি ভৰা হাঁহি।
: মোৰ জন্মদিন নাই।
: নাই? তুমি কোনোবা সৰগৰ পৰীৰ কোঁচত উঠি মোৰ ওচৰলৈ আহিলা নেকি?
কোৱানা সোনকালে। কিনো ইমান দামী প্রশ্নটো কৰিছোঁ? -স্বপ্নিলৰ যেন ধৈর্য্য হেৰাই যাব।
: সঁচাই কৈছোঁ, মোৰ জন্মদিন নাই। ভগৱানে আনকি মোৰ নিজৰ বুলিবলৈ জন্মদিন এটাও নিদিলে।
: মানে? -স্বপ্নিলৰ মাতটো অনুচ্চ স্বৰত ওলাল।
: মানে মোৰ জন্মদিনটোৱে মোৰ মাৰ মৃত্যুৰ দিন। মই জন্ম হোৱাৰ অলপ পিছতেই কিয় নাজানো মোৰ মা মৰি থাকিল।
কিছুমানৰ মতে ডাক্টৰৰ ভুলৰ বাবে আৰু কিছুমানৰ মতে মই কুলক্ষণীয়া বাবে মা মৰিল। সৰুতে যেতিয়া লগৰবোৰৰ জন্মদিন ৰংচঙীয়া বেলুনৰ মাজত কেক কাটি পাতে,
ময়ো ভাবোঁ মোৰ বা কেতিয়া হ'ব জন্মদিন! কিন্তু মোৰ জীৱনত জন্মদিন কোনোদিনেই নাহিল। দেউতাই চাগৈ মাক খুব ভাল পাইছিল। দেউতাৰ মনত মাৰ মৃত্যুয়ে গভীৰ আঘাত দিছিল আৰু সেই মৃত্যুৰ কাৰণ মই বুলি দেউতাই দৃঢ়ভাবে বিশ্বাস কৰিছিল।
সেয়ে মাৰ প্ৰতি থকা দেউতাৰ ভালপোৱাবোৰ মোৰ প্রতি ঘৃণা হৈ আহিছিল। এতিয়াও ৰিণিকি ৰিণিকি মনত আছে মোৰ। সেই দিনটো দেউতাৰ বাবে মাৰ মৃত্যু দিন নে মোৰ জন্মদিন আছিল নাজানো। দেউতাই গোটেই দিনটো মদ খাইছিল আৰু মাজে মাজে মোক অশ্রাব্য গালি পাৰিছিল। একো বুজি নোপোৱাকৈয়ে দেউতাৰ কাণ্ড দেখি মই দেউতাক খুউব ভয় কৰিছিলোঁ। লাহে লাহে বুজি পাইছিলোঁ মোৰ প্ৰতি দেউতাৰ ঘৃণাৰ কাৰণ। অলপ ডাঙৰ হওঁতেই মোক এখন
বোর্ডিং স্কুলত এডমিছন দিলে। মই তেনেই অকলশৰীয়া হৈ পৰিলোঁ। লাহে লাহে মই দুখবোৰকেই ভাল পাবলৈ ল'লোঁ। মোৰ জন্মদিন আৰু মাৰ মৃত্যুদিনৰ ভিতৰত মাৰ মৃত্যুটোৱেই বাছি ল'লোঁ। মোৰ মাৰ মৃত্যুৰ দিনটো মই মোৰ জন্মদিন মনত ৰাখিব পাৰোঁ? মোৰ জন্মদিন মই পাহৰি পেলালোঁ।
ইয়াৰ কষ্ট তুমি বুজি নোপোৱা স্বপ্নিল। উপলব্ধি কৰিব নোৱাৰা। মোৰ অনবৰতে ভয় লাগি থকা হ'ল জানোচা এবাৰ অনুভৱ কৰা সুখকৰ অনুভূতিয়ে দুখৰ অনুভূতিবোৰ বেছি কষ্টকৰ কৰি তোলে। কাৰণ সুখৰ বৰ্তমানতহে দুখৰ অস্তিত্ব স্পষ্ট। দুখৰ প্ৰতি মোৰ ভালপোৱাৰ কাৰণ দুখৰ প্ৰতি মোৰ ভয়নে সুখৰ প্ৰতি ঈর্ষা, মই নাজানো। বিশ্বাস কৰা স্বপ্নিল, তোমাক লগ পোৱাৰ আগলৈকে সুখৰ প্ৰতি মোৰ কোনো হেঁপাহ নাছিল। কেনেকৈ যে মই ডাঙৰ হৈ এইখিনি পালোঁহি ক'ব নোৱাৰোঁ। এতিয়া তোমাৰ বাহিৰে মোৰ আৰু কোনো নাই। সেই বোর্ডিং স্কুললৈ যোৱাৰে পৰা দেউতাৰ লগত মোৰ মুখামুখি নহ'ল।
আজি কেইবছৰমান আগতে দেউতাও ঢুকাল।
মই দেউতাৰ বাবে সদায় অপৰাধীৰ কাঠগড়াতেই ৰৈ গ'লোঁ। পৰিয়ালৰ বাকী মানুহবোৰৰ পৰাও মই দূৰে দূৰে থাকিয়ে ভাল পোৱা হ'লোঁ। জানানে সুখতকৈ দুখৰ স্মৃতি বেছি গভীৰ। কথাবোৰ কৈ কৈ এসময়ত মই ভাগৰি পৰিছিলোঁ।
কিছু নিস্তব্ধতাৰ পিছত স্বপ্নিলে সুধিছিল- তুমি বাৰু তোমাৰ মাক ভাল পোৱানে?
: নাজানো। যিজনী মানুহক মই এদিনৰ বাবেও লগ নাপালোঁ, কেনেকৈ জানিম তেওঁক ভাল পাওঁ নে নাই! দেউতাই দেখোন থাকিও মোক মৰমেৰে আৱৰি ৰাখিব নোৱাৰিলে। তেওঁক দেখোন মই ভাল পাবলৈ সুযোগেই নাপালোঁ। তথাপিতো প্ৰকৃতিৰ নিয়ম বুলিয়েই নই মাক ভাল পাওঁ বুলিয়ে অনুভৱ কৰোঁ। জন্মৰ আগমুহূৰ্তলৈকে মাৰ মাজতেইতো আছিলোঁ।
: তাৰমানে তুমি মাক ভালপোৱা। তেনেহ'লে এইবাৰৰ পৰা তোমাৰ জন্মদিন পাতিব লাগিব। -স্বপ্নিলে দূৰৈৰ নীলা আকাশখনৰ ফালে চাই কৈছিল- এনে এটা দিনত তুমি দুখত থাকিলে তোমাৰ মাৰ আত্মাই শান্তি নাপাব।
: কিন্তু মই নোৱাৰিম যেন লাগিছে, ইমান দিনৰ নিয়ম ভাঙিব। এই ক্ষেত্রত মই বৰ অসহায় স্বপ্নিল।
: নহয় হিয়া, তুমিতো মোক ভাল পোৱা। মোৰ বাবে তুমি নিয়ম ভাঙিব লাগিব। শুনা হিয়া, জীৱনৰ সংজ্ঞা ইমান ঠেক নহয়। জীয়াই থকা মানেই জীৱন নহয়। সঁচা অর্থত জীৱনক বহু কিবাকিবি লাগে।
সেই বছৰ জীৱনত প্রথম জন্মদিনৰ উপহাৰ বুলি স্বপ্নিলৰ পৰা এটা উপহাৰ পাইছিলোঁ। এপাহ ফুলৰ সৈতে মোৰ মৰমৰ কিতাপ এখন আৰু আকাশ নীলা চুৰিদাৰ এযোৰ।
স্বপ্নিলে কৈ গৈছিল- এইযোৰ কাপোৰ পিন্ধিলে তোমাক অপূর্ব লাগিব। এইটো মোৰ বৰ প্ৰিয় ৰং। কাৰ ৰং জানানে এইটো? উদাৰ আকাশৰ আৰু গভীৰ সাগৰৰ।
আৰু সেই তেতিয়াৰ পৰাই মোৰো ভাল পাবৰ মন গ'ল, অনুভৱ কৰিবলৈ মন গ'ল আকাশৰ উদাৰতা, সাগৰৰ গভীৰতা। চুই চাবলৈ মন গ'ল আকাশৰ নীলা, সাগৰৰ নীলা। লাহে লাহে মোৰ অকণমানি পৃথিৱীখন ভৰি পৰিল জোন, বেলি, তৰা, আকাশ, ফুল, চৰাই, পাহাৰ, নদী, সাগৰেৰে। আৰু যে কত কি! পৃথিৱীখন যে ইমান সুন্দৰ আগতে অনুভৱেই কৰিব পৰা নাছিলোঁ। আগতে জোনাকৰ আকাশতো মই আন্ধাৰহে বিচাৰি পাইছিলোঁ আৰু এতিয়া যেন আঁউসীৰ আকাশতো জোনাক নামে।
দিনবোৰ বৰ মিঠা আছিল। কেতিয়াবা বেছিদিনৰ বাবে স্বপ্নিল কোম্পানিৰ কামত বাহিৰলৈ যাব লগা হ'লে নীলা আকাশখনেই মোক সংগ দিছিল।
: তোমাৰ চুলিখিনি অলপ চুটিকৈ কাটিবানে? মই বেছি দীঘল চুলি ভাল নাপাওঁ। -স্বপ্নিলে কৈছিল এদিন।
সঁচাকৈয়ে এদিন বিউটি পার্লাৰত সোমাই চুলিখিনি কান্ধত পৰাকৈ কটাই পেলালোঁ। স্বপ্নিলৰ বাবেই চুলিখিনি কটাবলৈ অলপো বেয়া নালাগিল। সিদিনাই প্রথম থ্রেডিঙো কৰাইছিলোঁ। মই নিজকে নিজে আইনাত চাবলৈ শিকিলোঁ, নিজকে সজাই ভাল পোৱা হ'লোঁ আৰু নিজকে ধুনীয়াও দেখা হ'লোঁ। এদিন যেতিয়া আকাশ নীলা শাড়ীৰে, মেলা চুলিৰে স্বপ্নিলৰ সমুখত থিয় দিছিলোঁ, আচৰিত হৈ কৈছিল সি- তুমি সঁচাই ধুনীয়া, ঠিক তোমাৰ মনটোৰ দৰেই।
চাৰি বছৰ কেনেকৈ যে পাৰ হ'বৰ হ'ল গমেই নাপালোঁ। এদিন খবৰ আহিল স্বপ্নিল কানাডালৈ যাব লাগিব কোম্পানিৰ ট্রেইনিং এটাত এবছৰৰ বাবে। মোৰ কিন্তু খুউব ভাল লাগিছিল খবৰটো পাই। স্বপ্নিলৰ দুচকুত মোব পৃথিবীখন আৰু অলপ ডাঙৰ হোৱাৰ সপোন দেখি। নীলা আকাশৰ উদাৰতা, বিশালতাখিনিৰ কাষতেই মোক থৈ বহু প্রতিশ্রুতি দি সিয়ো গৈছিল।
দুয়ো দুয়োকে লগ পাই থাকিলোঁ ফোনৰ মাজেৰে, ই-মেইলৰ মাজেৰে। তথাপি নীলা আকাশখন দেখিলে তালৈ বৰ মনত পবে। একেলগে নীলাবোৰ চুবলৈ মন যায়। আকাশব নীলাবোৰে মোক যিমান সংগ দিয়ে, ঠিক যেন সিমানেই স্বপ্নিল কাষত নথকা দুখৰ অনুভৱখিনিকো জোঁকাৰি দিয়ে।
কিন্তু লাহে লাহে তাৰ মোলৈ অহা ফোন কমিবলৈ ধৰিলে। ইনবক্সটো তাৰ মেইলে মোৰ বাবে সদায় বৈ নথকা হ'ল। কি হ'ল বাৰু? মোক পাহবৰৰ আখৰা নহয়তো?
আকৌ নীলা আকাশৰ ফালে চায়েই সাহস গোটাওঁ।
ওহোঁ, এয়া অসম্ভব। কিন্তু অৱশেষত মোৰ ইনবক্সৰ পৰা, ফোনৰ পৰা সঁচাই আকাশৰ নীলা হেৰাই গ'ল।
আৰু এয়া স্বপ্নিলৰ ই-মেইলটোৱে মোৰ বাবে উন্মেষিত কৰিলে অন্য এক আকাশ। নীলাবিহীন এখনি দুখৰ আকাশ। মোৰ আগতেও এখন দুখৰ পৃথিবী আছিল। সেই দুখ আছিল নোপোৱাৰ দুখ।
কিন্তু, এতিয়াৰ দুখ হ'ল পাই হেৰুওৱাৰ দুখ। এখন সুখৰ আকাশৰ পিছত দুখৰ আকাশ দেখাৰ দুখ। হয়তো পাই হেৰুওৱাৰ দুখ, নোপোৱাৰ দুখতকৈ বহু বেছি গাঢ়। দুখৰ সংজ্ঞা সদায় একে নহয়। ক'ত বাৰু ভুল হৈ গ'ল?
গাখীৰ দিয়া গুৱালটোৰ মাততহে মই বাস্তবলৈ ঘূৰি আহিলোঁ। চাহকাপ খাই গাটো ধুই থাকোঁতেই সিদ্ধান্ত লৈ পেলালোঁ- স্বপ্নিলক হেৰুৱালোঁ যদিও সি দিয়া সাহসখিনিতো মই হেৰুওৱা নাই। সেই সাহসৰ সৈতেই মই গোটেই জীবন থাকিব পাৰিম।
আজি কলেজলৈ গৈয়ে তালৈ মোৰ শেষ চিঠিখন লিখিব লাগিব।
আৰু এয়া মই লিখি আছোঁ-
"মৰমৰ স্বপ্নিল, এতিয়াও তোমাৰ প্রিয় ৰং নীলা নে?
তুমি এতিয়াও ভাল পোৱানে আকাশৰ নীলা? আৰু সাগৰৰ? নে তুমি নীলাক পাহৰিয়েই পেলালা? মই কিন্তু এতিয়াও খুউব ভালপাওঁ আকাশৰ নীলা, সাগৰৰ নীলা। বহুত ধন্যবাদ তোমাক স্বপ্নিল, মোক যোৱা চাৰি বছৰে এই পৃথিৱীৰ সুন্দৰ ৰূপ তোমাৰ দুচকুৰ মাজেৰে চাবলৈ সুযোগ দিয়াৰ বাবে, এই পৃথিবীক ভাল পাবলৈ শিকোৱাৰ বাবে। তোমাক লগ নাপালে চাগৈ মোৰ পৃথিৱীখন তেনেই অকণমানি, অকলশৰীয়া হৈয়ে থাকিলহেঁতেন। মোৰ প্ৰেমৰ পৃথিৱীখন সেউজ কৰাৰ বাবে তোমাৰ ওচৰত মই চিৰ কৃতজ্ঞ হৈ ৰ'ম। মই এই সেউজ ৰং সদায় জীপাল কৰি ৰাখিম। তোমাৰ লগত মোৰ শুভেচ্ছা সদায়ে থাকিব। তুমি যেন দুখৰ আকাশ এখন কেতিয়াও নেদেখা।
মই নীলা আকাশ খুউব ভাল পাওঁ যদিও জানা স্বপ্নিল, এতিয়া তোমাৰ অবিহনে নীলা আকাশখন চাবলৈ যেন মোৰ বৰ কষ্ট হ'ব। পাৰিবানে স্বপ্নিল, পৃথিবীৰ এনে এখন ঠাইৰ ঠিকনা দিব য'ৰ পৰা দেখা পোৱা নাযায় সুবিশাল, উদাৰ নীলা আকাশ? পাৰিবানে? পাৰা যদি ক'বা। মোৰ কষ্ট অলপ হ'লেও কমিব। ইতি তোমাৰ হিয়া।"