( অপূৰ্ব দাস )
ডেংগু এনে এক ৰোগ যাৰ জ্ঞান অতি গুৰুত্বপূৰ্ণ। প্ৰায়ে মানুহে ডেংগুক সাধাৰণ জ্বৰ বুলি গণ্য কৰে আৰু ইয়াৰ প্ৰতি কম গুৰুত্ব দিয়ে। ইয়াৰ বাবেই চিকিৎসা পলম হোৱাৰ বাবে ৰোগীৰ বাবে বহুগুণ সমস্যা বাঢ়ি যায়। ডেংগুৰ বিষয়ে সজাগ হৈ থকা আৰু অৱগত হৈ থকাটো প্ৰয়োজনীয়। প্ৰয়োজন হ’লে পৰীক্ষা কৰি চিকিৎসকৰ পৰামৰ্শ লওক।
ডেংগু কি?
• ডেংগু হৈছে ইডিছ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত মহৰ জৰিয়তে বিয়পি পৰা ৰোগ।
• ডেংগু বিয়পোৱা মহে পানীত প্ৰজনন কৰে আৰু এই মহে ৰাতিতকৈ দিনত বেছিকৈ কামোৰে।
• ডেংগু ভাইৰাছে সমগ্ৰ শৰীৰত জ্বৰ, মূৰৰ বিষ, ফোহা, ৰঙা ৰঙৰ দাগ যি ৰঙা পৰি উঠে আৰু বিষৰ সৃষ্টি কৰিব পাৰে।
• যিহেতু ডেংগুৰ জ্বৰৰ লগতে হাত-ভৰিৰ তীব্ৰ বিষ হয়, সেয়েহে ইয়াক ব্ৰেক-ব’ন জ্বৰ বুলিও কোৱা হয়।
• ডেংগু জ্বৰৰ বেছিভাগ ক্ষেত্ৰতে মৃদু আৰু প্ৰায় এসপ্তাহৰ পিছত নিজাববীয়াকৈ আঁতৰি যায়।
• ডেংগুৰ গুৰুতৰ ক্ষেত্ৰত প্লাজমা বা ৰক্ত বাহিৰ হ’ব পাৰে।
ডেংগু জ্বৰ হোৱাৰ কাৰণ কি?
ডেংগু ভাইৰাছৰ ফলত ডেংগু জ্বৰ হয়। এই ভাইৰাছ দুটা প্ৰজাতিৰ ইডিছ – ইডিছ এজিপটি আৰু ইডিছ এলব’পিকটাছৰ সংক্ৰমিত মাইকী মহৰ কামোৰৰ দ্বাৰা বিয়পে।
ডেংগু বিয়পোৱা মাইকী মহ Aedes য়ে যেতিয়া ডেংগু আক্ৰান্ত মানুহক কামোৰে তেতিয়া ই এই ভাইৰাছৰ বাহক হৈ পৰে। তাৰ পিছত যেতিয়া এই মহে এজন সুস্থ মানুহক কামোৰে তেতিয়া সেইজন ব্যক্তি এই ভাইৰাছত আক্ৰান্ত হয়। এইদৰে ডেংগুৰ সংক্ৰমণ বৃদ্ধি পায়।
এই ভাইৰাছ মহৰ দ্বাৰা দেহত প্ৰৱেশ কৰি ইয়াৰ বৃদ্ধি পায়। ইয়াৰ পিছত ই আন কলালৈ বিয়পি পৰে, লগতে গলৰ গ্ৰন্থিলৈও বিয়পি পৰে। ইয়াৰ বাবে ডিঙিত বিষ হয় আৰু গিলিবলৈ অসুবিধা হয়।
চিকিৎসাৰ ক্ষেত্ৰত ক’বলৈ গ’লে ডেংগু ভাইৰাছ ফ্লেভিভাইৰাছ প্ৰজাতিৰ অংশ, যাৰ চাৰিটা ভিন্ন চেৰ’টাইপ আছে। এই চাৰিটা চেৰ’টাইপ হ’ল – DENV-1, DENV-2, DENV-3 আৰু DENV-4।
এজন ব্যক্তি যেতিয়া এটা চেৰ’টাইপৰ দ্বাৰা সংক্ৰমিত হয়, তেতিয়া তেওঁৰ শৰীৰে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি সেই বিশেষ চেৰ’টাইপৰ পৰা আজীৱন সুৰক্ষা লাভ কৰিব পাৰে। কিন্তু ৰোগীয়ে সদায় অন্য চেৰ’টাইপৰ পৰা প্ৰতিৰোধ ক্ষমতা নাপাবও পাৰে। এনে পৰিস্থিতিত এজন ব্যক্তি ডেংগুৰ চাৰিটা ভিন্ন চেৰ’টাইপৰ দ্বাৰা বিভিন্ন সংক্ৰমণত ভুগিব পাৰে।
ডেংগুৰ বিপদজনক কাৰকসমূহ কি কি?
কেবাটাও কাৰকে মৃদু জ্বৰ পৰা তীব্ৰ ডেংগু হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। এই বিপদসমূহ হ’ল-
মহৰ সংস্পৰ্শলৈ অহা :
পানী থকা আৰু অধিক মহৰ প্ৰজনন হোৱা অঞ্চলত থাকিলে – ডেংগুৰ সম্ভাৱনাও বৃদ্ধি পায়।
পূৰ্বৰ ডেংগু সংক্ৰমণ : আগতে ডেংগু ৰোগত আক্ৰান্ত হোৱা ৰোগীৰ বাবেও ডেংগুৰ আশংকা থাকে। পৰৱৰ্তী সময়ত তেওঁলোকৰ নতুন চেৰ’টাইপ (ভিন্ন ডেংগু ভাইৰাছৰ চেৰ’টাইপৰ সংক্ৰমণ) সংক্ৰমণে ডেংগুৰ বিপদজনক কাৰক বৃদ্ধি কৰে।
অন্তৰ্নিহিত স্বাস্থ্যজনিত অৱস্থা: ডায়েবেটিছ আৰু হৃদৰোগত আক্ৰান্ত লোকসকলৰ ডেংগুৰ আশংকা বেছি হ’ব পাৰে।
গৰ্ভাৱস্থাঃ গৰ্ভৱতী মহিলাৰ অকাল প্ৰসৱৰ আশংকা থাকিব পাৰে।
ডেংগু জ্বৰৰ লক্ষণসমূহ কি কি?
আক্ৰান্ত মহে কামোৰাৰ পিছত সাধাৰণতে ৪ৰ পৰা ১০ দিনৰ ব্যৱধানৰ পিছত ডেংগু জ্বৰৰ লক্ষণ দেখা দিয়ে। বিভিন্ন ৰোগীৰ ক্ষেত্ৰত এই লক্ষণসমূহৰ তীব্ৰতা ভিন্ন হ’ব পাৰে। এই লক্ষণসমূহ তলত দিয়া ধৰণৰ-
• উচ্চ জ্বৰ – ৰোগীৰ উচ্চ জ্বৰ হয় যি ১০৫ ডিগ্ৰী পৰ্যন্ত হ’ব পাৰে।
• তীব্ৰ মূৰৰ বিষ – ৰোগীৰ তীব্ৰ মূৰৰ বিষ হয় যিটো বেছিভাগেই চকুৰ আশে-পাশে হয়।
• চকুৰ ভিতৰ ফালে বিষ – ৰোগীৰ চকুৰ পিছফালে বিষ হোৱাটোৱেই ডেংগুৰ প্ৰধান লক্ষণ।
• গাঁঠি আৰু পেশীৰ বিষ – পেশী, গাঁঠি আৰু হাড়ৰ বিষ হয় আৰু সেয়েহে ইয়াক ব্ৰেক-ব’ন জ্বৰ বুলিও কোৱা হয়।
• বমি হোৱা বা বমি লগা– গেষ্ট্ৰাইটিছৰ লক্ষণ যেনে বমি আৰু পেটৰ বিষ হ'ব পাৰে।
• ছালৰ ফোহা বা ৰঙা সৰু সৰু দৱৰা – কিছুদিন জ্বৰ হোৱাৰ পিছত ছালত ফোহা ওলাবলৈ আৰম্ভ কৰে।
• সামান্য ৰক্তক্ষৰণ – দাতৰ আঁলু আৰু নাকৰ পৰা সামান্য ৰক্তক্ষৰণ হ'ব পাৰে।
ডেংগুৰ গুৰুতৰ ক্ষেত্ৰত ডেংগু শ্বক চিনড্ৰম (DSS) বা ডেংগু হাই জ্বৰ (DHF) হ’ব পাৰে। দুয়োটা অৱস্থাতে এই অৱস্থা মাৰাত্মক বুলি প্ৰমাণিত হ’ব পাৰে আৰু ৰোগীক জৰুৰী চিকিৎসা আৰু যত্নৰ প্ৰয়োজন হয়। তীব্ৰ ডেংগুৰ লক্ষণসমূহ তলত দিয়া ধৰণৰ-
• ভাগৰ
• অস্থিৰতা
• পেটৰ তীব্ৰ বিষ
• বমি হোৱা
• দ্ৰুত উশাহ-নিশাহ
• দাতৰ আঁলুৰ পৰা তেজ ওলোৱা বা নাকৰ পৰা তেজ ওলোৱা।
• বমি আৰু সৌচত তেজ
• দেহত শেঁতা আৰু ঠাণ্ডা পৰা ছাল ইত্যাদি।
ডেংগু জ্বৰ কেনেকৈ চিনাক্ত কৰিব?
ডেংগু জ্বৰৰ নিদানৰ বাবে পৰীক্ষাগাৰৰ পৰীক্ষা অন্তৰ্ভুক্ত কৰা হয়।
১/ ক্লিনিকেল মূল্যায়ন
এই পৰীক্ষাত স্বাস্থ্য বিশেষজ্ঞসকলে ৰোগীৰ লক্ষণ, শেহতীয়া ভ্ৰমণ ইতিহাস, ডেংগুৰ ইতিহাস আৰু মহৰ কামোৰৰ সম্ভাৱনাৰ মূল্যায়ন কৰে। প্ৰচণ্ড জ্বৰ, তীব্ৰ মূৰৰ বিষ, পেশী আৰু গাঁঠিৰ বিষ আৰু ছালত ৰঙা ফোহা ওলোৱাৰ বাবে ডেংগুৰ সন্দেহৰ সৃষ্টি হয়।
২/ পৰীক্ষাগাৰৰ পৰীক্ষা
এই পৰীক্ষাত শৰীৰত ডেংগু ভাইৰাছ বা এন্টিব’ডিৰ উপস্থিতিৰ বাবে তেজৰ পৰীক্ষা কৰা হয়। ইয়াত দুটা পৰীক্ষা অন্তৰ্ভুক্ত কৰা হৈছে –
PCR Polymerase Chain Reaction: এই পৰীক্ষা সাধাৰণতে সংক্ৰমণৰ প্ৰাৰম্ভিক পৰ্যায়ত তেজত থকা ভাইৰাছৰ জিনীয় পদাৰ্থ ধৰা পেলাবলৈ কৰা হয়।
ELISA Enzyme-Linked Immunosorbent Assay: এই পৰীক্ষাত ৰোগ প্ৰতিৰোধ ক্ষমতাই উৎপন্ন কৰা এন্টিব’ডি ধৰা পেলায় যিয়ে ভাইৰাছৰ পৰা ৰক্ষা কৰে, অৰ্থাৎ ইমিউন’গ্ল’বিউলিন এম আৰু ইমিউন’গ্ল’বিউলিন জি. - এই পৰীক্ষা ভাইৰাছ সংক্ৰমণৰ পিছৰ পৰ্যায়ত ব্যৱহাৰ কৰা হয়।
ডেংগুৰ চিকিৎসা কেনেকৈ কৰা হয়?
ডেংগুৰ চিকিৎসাৰ বাবে চিকিৎসকৰ পৰামৰ্শ লওক। ডেংগুৰ চিকিৎসাৰ সময়ত জ্বৰৰ জটিলতা ৰোধ কৰা আৰু ডেংগুৰ লক্ষণৰ পৰা সকাহ দিয়াত গুৰুত্ব দিয়া হয়। ডেংগুৰ চিকিৎসাৰ বিভিন্ন চিকিৎসা পদ্ধতিৰ ভিতৰত আছে:
• পানীৰ অভাৱ হ'বলৈ নিদিয়া : hydration অৰ্থাৎ শৰীৰত পানীৰ অভাৱ ৰোধ কৰিবলৈ পানী খাব লাগে। ইয়াৰ বাহিৰেও মৌখিক ৰিহাইড্ৰেচন মুখৰ যোগেদি কৰিব লাগে আৰু ৰোগীক চুপ খাব দিব লাগে।
• বিষ আৰু জ্বৰ নিয়ন্ত্ৰণঃ স্বাস্থ্যসেৱা পেছাদাৰী বা চিকিৎসকে দিয়া ঔষধ আৰু নিৰ্দেশনা মানি চলিব লাগে। নিজাববীয়াকৈ ঔষধ খোৱাৰ পৰা বিৰত থাকিব লাগে।
• জিৰণি: সোনকালে আৰোগ্য লাভৰ বাবে জিৰণি ল’ব লাগে। শাৰীৰিক ক্ৰিয়া-কলাপ কমাই পৰ্যাপ্ত পৰিমাণে আৰাম লওক।
• নিৰীক্ষণ: ৰোগীৰ লক্ষণসমূহ ভালদৰে নিৰীক্ষণ কৰিব লাগে। যদি অৱস্থাটো গুৰুতৰ হৈ পৰে তেন্তে চিকিৎসালয়ত ভৰ্তি হ’ব লাগে। ইয়াৰ উপৰিও IV চিকিৎসা - অৰ্থাৎ শগৰাত তৰল পদাৰ্থ দিয়া আৰু যত্ন অব্যাহত ৰাখিব।
ডেংগু কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি?
• ডেংগু প্ৰতিৰোধৰ বাবে মহৰ সংখ্যা নিয়ন্ত্ৰণ কৰিব লাগিব। ডেংগুৰ আশংকা হ্ৰাস কৰাৰ কিছুমান উপায় আগবঢ়োৱা হ’ল-
• ৰৈ হৈ থকা পানী আঁতৰাই পেলাওক। এনে ঠাইত মহে প্ৰজনন কৰে, যেনে- পাত্ৰ, ফুলৰ পাত্ৰ, নলা, কুলাৰ ইত্যাদি।
• য’ত স্থিৰ হৈ থকা পানী আঁতৰাব নোৱাৰি তাত পলুনাশক আৰু কীটনাশক ঔষধ ব্যৱহাৰ কৰক।
• দীঘল হাতৰ চোলা, পেণ্ট আৰু মোজা পিন্ধিব। ইয়াৰ ফলত মহৰ সংস্পৰ্শলৈ অহা কম হ’ব।
• ছাল আৰু কাপোৰত মহ আঁতৰি যোৱা ক্ৰীম বা লোচন প্ৰয়োগ কৰিব লাগে।
• মহৰ প্ৰাদুৰ্ভাৱ থকা অঞ্চলত শুই থকাৰ সময়ত আঁঠুৱা ব্যৱহাৰ কৰিব লাগে।
• ঘৰৰ দুৱাৰ-খিৰিকীত জাল লগাওক যাতে মহে সোমাব নোৱাৰে।
• ডেংগুৰ প্ৰাদুৰ্ভাৱ থকা যিকোনো অঞ্চললৈ যাওঁতে এয়াৰ কণ্ডিচনাৰ আৰু জালযুক্ত খিৰিকী থকা কোঠা এটা বাছি লওক।
• ঘৰত দিনত,গধূলি আৰু ৰাতি শালধূনা প্ৰয়োগ কৰক।