Good Assam is a Multi Language New E-Magazine and a Digital Media. Every day you can read Health News , Vastu tips , Various types of articles , Stories , Novels and more. If you would like to publish your article, please send us a message in the message box of our Facebook Page or send your article to us by email. Our e-mail : goodassam@hotmail.com || Want to promote your advertise in Good Assam? Please contact us. Good Assam now Available on Facebook Instagram and YouTube. Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam24.in ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব।

Type Here to Get Search Results !

Mandiad

গল্প : প্ৰেম আৰু জীৱনৰ অংক

             গল্প : প্ৰেম আৰু জীৱনৰ অংক




              


 পাইনগছৰ বতাহ গাত লাগিলে কিবা যেন আউল লাগি যায়। ভুল কৰিবলৈ মন যায়; কাৰোবাক জোকাই চাবলৈ মন যায়; জীৱনৰ কোনো এক নিৰিবিলি কেঁকুৰিত ৰৈ এটা ৰিস্ক ল’বলৈ মন যায়। সেইবুলি শ্বিলঙৰ জনজীৱনত ইতিমধ্যে ঘটি যোৱা আৰু আগলৈয়ো ঘটি থাকিবলগীয়া সকলো ভুলৰ বাবেই পাইনক জগৰীয়া কৰিব নোৱাৰি।

 পাইনৰ বতাহত মৃদু প্ৰৰোচনাহে আছে; কোনো ভয়ানক অভিসন্ধি নাই। তেনেকুৱা প্ৰৰোচনাত শ্ৰীমতী দত্তই ইচ্ছাকৃতভাৱে ৰুবিনৰ ঘৰত ছাতিটো এৰি থৈ আহে; আন্নি নামৰ খাচী ছোৱালীজনীয়ে কোনো অচিনাকি মানুহৰ ঘৰলৈ এনেয়ে এবাৰ ফোন কৰে; লাইটুম্‌খ্ৰাৰ ডাঙৰ গিৰ্জাটোৰ চোতালত থিয় হৈ খাৰম’ফ্লাঙে নান্সিক সোধে, – এতিয়াই তাৰ লগত তাই বিয়া হ’ব পাৰিব নেকি?

 শ্বিলঙত এইবিলাক তেনেই সৰু-সুৰা ঘটনা। ভুল হৈছে হৈছে, ধৰি নাথাকিব। বৰ বেছি এটা পূৰ্ণহতীয়া চৰ।

 “আই ৰিমাইণ্ড ইউ নট টু ডু ইট এগেইন্‌।”

 “ছৰি।”

 বচ, তাৰ পাছত সকলো শান্ত। পাহৰি যাওক, জীৱন উপভোগ কৰক।

 কিন্তু বৈশালীয়ে এটাৰ পাছত এটাকৈ যি ভুল কৰি গৈছে, সেয়া আমাৰ বাবে উদ্বেগজনক। লাবানৰ কেঞ্চেছ ট্ৰেছৰ যিটো ভাৰাঘৰত তেওঁলোক থাকিবলৈ লৈছে, সেই ঘৰটোৰ আগেৰে গধূলি দুই-তিনিটা ডেকা ল’ৰা একেলগে গ’লে সিহঁতৰ মাজত চেপা গুণগুণনি এটাৰ সৃষ্টি হয়। মুখত আপোনা-আপুনি হাঁহি একোটা বিৰিঙি আহে। সেই হাঁহিৰ সুৰ আৰু সেই সুৰৰ প্ৰতিধ্বনি তাইৰ বাবে বৰ সুবিধাজনক নহয়। মই নিজেই বৈশালীৰ নিন্দা কৰিছোঁ। তাইক বিয়া কৰাবলৈ ওলোৱা বৰুৱা উপাধিৰ মানুহ এটাক সতৰ্ক কৰি দিছোঁ। মাত্ৰ তিনিদিনৰ আগেয়ে সেই মানুহটোৱে স্বইচ্ছাই শ্বিলং এৰিছে। সেইবাবেই,—বোধকৰোঁ সেইবাবেই আজি গধূলি পাঁচবজাত মোৰ অ'কলেণ্ডৰ অফিছত তাই মোক এবাৰ লগ পাব খুজিছে। মোৰ চিন্তা হৈছে। বোধকৰোঁ তাই মোক কথা শুনাব। সঁচা ক’বলৈ গ'লে মোৰ ভয়েই লাগিছে।
এই মুহূৰ্তত বৈশালীৰ মুখামুখি হোৱাটো বৰ সহজ কথা নহ'ব। বৰুৱাই কেনেকৈ ইমানবোৰ কথা জানিলে, সেই কথাটো বুজিবলৈ তাইৰ চাগৈ বেছি সময় নালাগিল। কিন্তু মইহে ক'ব লাগিছেনে? অইন মানুহে নেদেখে? বৰুৱাৰ অফিছৰে বেনাৰ্জীবাবুৱে এলিফেন্ট ফলছৰ শিল এছটাত তাইক খাচী ডেকা এটাৰ আঙুলিবোৰ চুই থকা দেখি আহিছে। অনিল বণিক্য নামৰ অভিযন্তা এজনৰ সৈতে এবাৰ তাই গুৱাহাটীৰ পৰা বাছত একেলগে আহিছিল; তাৰ দুসপ্তাহ পাছত সেই মানুহটোৰ সৈতে তাই ড্ৰিমলেণ্ডত ছিনেমা চাবলৈ গৈছে। তাইহে ভাবে কোনেও দেখা নাই বুলি! শ্বিলঙৰ পুলিছ বজাৰৰ নিচিনা ঠাইডোখৰত আপুনি নিজকে লুকুৱাব পাৰিব?

 ছেণ্ট এন্থনিজ কলেজত পঢ়োতে আমাৰে সহপাঠী ৰাজীৱ তামুলীৰ সৈতে তাই এটা সম্পৰ্ক গঢ়িছিল। সেই সম্পৰ্কৰ কথা তেতিয়া কমপক্ষেও পাঁচশ ছাত্ৰ-ছাত্ৰীয়ে জানিছিল। সেই পাঁচশৰ অন্ততঃ পঞ্চাশজন ছাত্ৰ এই শ্বিলঙতে থাকি গৈছে। এই হিচাপটো বৈশালীয়ে নাজানে?

 যোৱা আঠ-নবছৰ ধৰি তাই প্ৰায় একেধৰণেই চলি আছে। নিৰ্ধাৰিত কাৰ্যক্ৰম। নতুনকৈ কোনোবা ডেকা অভিযন্তা আহিলে কেনেবাকৈ চিনাকি হৈ লোৱা; তাৰ পাছত স্পেছিয়েল ডিশ্ব খাবলৈ মতা; বিহুৰ সময়ত পিঠা, কাটা নিমকি, গাজৰৰ পায়স। এইবিলাক কৰোঁতে তাই আগতেও তেনে কাম কৰিছে যেন নালাগে। প্ৰতিবাৰতেই যেন কথাবোৰ নতুন। আমোদজনক কথাটো হ'ল,— তাই নিজেই কোনো প্ৰস্তাৱ দিবলগীয়া নহয়। তাই মাথোন এটা পৰিবেশৰ সৃষ্টি কৰে। ভালেমান দিন ছিনেমা-টিনেমা চোৱা নাই, চোৱাৰ লগো নাই, টিকেট কাটিবলৈ কাৰোবাক যে পঠিয়াব তাৰো উপায় নাই,— এনেকুৱা ধৰণৰ দুখলগা কথাবোৰ কাটা নিমকি চোবোৱা মানুহটোৰ আগত ক'লে তেওঁ তাৰ ব্যৱস্থা নকৰাকৈ পাৰেনে? গতিকে পাছৰটো দেওবাৰে দুখন টিকেটৰ যোগাৰ হৈ যায়।


 “শনিবাৰে আপুনি ফ্ৰি আছেনে?”

 “কিয়?”

 “ভালেমান দিন বৰাপানীলৈ যোৱা নাই।”

 বৈশালীৰ মাকে তাইক আগবঢ়াই দিয়ে। সেইকেইটা দিন তেৱোঁ সম্ভাব্য জোঁৱাইগৰাকীক লৈ ব্যস্ত হৈ থাকে। ইদলী বনায়, ড্ৰয়িং ৰুমৰ কুশ্বন ক'ভাৰ সলনি কৰে; ঘৰটোত ৰুচি আৰু চৌখিনতাৰ পৰিচয় দিবলৈ বেৰত দুখন আকৰ্ষণীয় পেইণ্টিং ওলমায়। জীয়েক ওভতোতে পলম হ'লে সন্ধিয়াৰ আলহীক তেওঁ জীয়েক

লাইব্ৰেৰিলৈ গ'ল বুলি কয়।
এদিন সঁচাকৈয়ে গৈছিল। ছেণ্ট এন্থনিজৰ পৰা বাহিৰে বাহিৰে বৈশালী এদিন ছেণ্ট্ৰেল লাইব্ৰেৰিলৈ গৈছিল। কলিনছ এনছাইক্ল'পেডিয়াৰ দুটা শকত ভলিউমৰ মাজেদি হাত সুমুৱাই আঙুলিৰ চেপত সযতনে ৰাখি থোৱা কাগজৰ নুৰা এটা ৰাজীৱলৈ আগবঢ়াই কৈছিল,— “মই সম্পৰ্কটো ৰাখিব নোৱাৰিম।”

 “কিয়?”— ৰাজীৱ চিঞৰি উঠিল। সেই চিঞৰ গহীন ৰিডিং ৰুমটোত বেসুৰা হৈ বাজি থাকিল কিছু সময়লৈ।

 “তাত সকলো লিখা আছে।”—অনুচ্চ স্বৰেৰে কৈ বৈশালী গুচি গ'ল।

 কিনো লিখা থাকিব! তিনিদিন পাছত আচল কথাটো ওলাল। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তা এজন বৈশালীহঁতৰ ঘৰলৈ যাবলৈ আৰম্ভ কৰিছে। ৰাজীৱ তামুলীৰ কথা তেওঁ গম নাপায়? কিয় নাপাব? পায়।

 ৰাজীৱ তামুলীৰ বিষয়ে,—মানে তেওঁলোকৰ সম্পৰ্কটোৰ বিষয়ে ‘জনস্বাস্থ্য কাৰিকৰী’য়ে গম পায়। ‘জনস্বাস্থ্য’ৰ বিষয়ে খাচী ডেকাজনে গম পায়। অনিল বণিক্যই তামুলীৰ বাহিৰে আন দুগৰাকীৰ কথা গম নাপায়। বৰুৱাই কাৰো নাম নাজানে, কিন্তু বৈশালীৰ জীৱনত, তাকো ইন হাৰ আৰ্লি ডে’জ, কোনোবা এজন আছিল বুলি শুনিছে। কৈশোৰত,— বা যৌৱনৰ প্ৰথম দিনবোৰত মনৰ মাজত কোনোবা এজন থাকেই! নাথিং ছিৰিয়াছ; বৰুৱাই সেইবোৰ নাভাবে। কিন্তু ইমানবোৰ মানুহ, ইমানবোৰ ঘটনা? বৰুৱা আতংকিত হৈ উঠে। নাই, নাই, আৰু নোৱাৰি! এই নগৰখনেই এৰি গুচি যাব লাগিব ক'ৰবালৈ, দূৰৰ ক'ৰবালৈ।

 বৈশালীয়ে কেনেকৈ এইবোৰ চম্ভালে, সেয়া এক ৰহস্য। মই জনাত, যোৱা এঘাৰ বছৰত বৈশালীয়ে বিভিন্ন সময়ত সাতজন মানুহক আপোন কৰিবলৈ চেষ্টা কৰিছে; তাৰে চাৰিজনৰ লগত মুঠতে ন বাৰ বৰাপানীলৈ গৈছে; এবাৰ এজনৰ লগত খৃষ্টমাছৰ সন্ধিয়াটো কটাইছে; দুজনৰ লগত আপাৰ শ্বিলঙলৈ গৈছে; এলিফেণ্ট নামৰ জলপ্ৰপাতটোৰ শিল এছটাত বহি ফটো উঠিছে; প্ৰায় পঁচিছখনমান চিঠি আৰু শুভেচ্ছাপত্ৰ লিখিছে; অসংখ্য টেলিফোন কৰিছে; আৰু দুটা সন্ধিয়া দুজনক নিজৰ দুখৰ কথাবোৰ কৈছে। এই এঘাৰ বছৰৰ বিভিন্ন সময়ত চাৰিজনক তাই আৰু আন তিনিজনে তাইক নাকচ কৰিছে। তেওঁলোকৰ তিনিজনে বিভিন্ন কাৰণত শ্বিলং এৰিছে। বৰুৱাৰ বাহিৰে বৈশালীৰ প্ৰতি আন কাৰো সাংঘাতিক অভিযোগ নাই। হৈ যায়,— পাইনৰ তলত এনেকুৱা কেতিয়াবা হৈ যায়।

 অথচ মই এই ছোৱালীজনীৰ ভৱিষ্যৎ সম্পৰ্কে খুবেই উদ্বিগ্ন। ইমান দৌৰিছা, তোমাৰ ভাগৰ নালাগেনে? অকণো আমনি নালাগেনে? সুধিবলৈ মন যায়। কিন্তু সোধাৰ সাহস মোৰ নাই। সিমানখিনি অধিকাৰো নাই। কেঞ্চেছ ট্ৰেছৰ সেই ঘৰটোলৈ দহবাৰমান গৈছোঁ। বিষ্ণুপুৰত সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰি বৈশালীহঁতৰ ঘৰত এনিশা দুগৰাকী শিল্পীৰ বিশ্ৰামৰ ব্যৱস্থা কৰিছোঁ। কোৰাছ গাবলৈ যোৱা আঠজনী ছোৱালীক টয়লেটৰ ব্যৱস্থা হিচাপে বৈশালীহঁতৰ ঘৰটো দেখুৱাই দিছোঁ। সঘন আহযাহ নাথাকিলেও বৈশালীৰ মাকে মোক তাইৰ কাৰণে ভাল ল’ৰা এটা চাবলৈ কৈ পাইছে। অনিল বণিক্যৰ বয়সটো প্ৰকৃততে কিমান, সেই কথা সুধি পাইছে।

 কিন্তু তাতকৈ বহুত বেছি কথা আমাৰ পৰা লুকুৱাইছে। প’ল’ফিল্ডত ফুটবল খেল চাই থাকোঁতে কাণত পৰে,— বৈশালী কালি বৰাপানীলৈ গৈছিল। পুলিছ বজাৰৰ বুক ষ্টলৰ মালিকজনে সোধে, – “বৈশালীৰ লগত সেই নতুন ‘ছোকৰা’টো কোন? সিহঁত কালি চেৰাপুঞ্জিলৈ গৈছিল নেকি?” মোৰ সহকৰ্মীয়ে খবৰ দিয়ে,— “এই এপ্ৰিলত বৈশালীৰ উপাধি বৰুৱা হ’ব।”

 এপ্ৰিলত বৈশালী কিয়, গোটেই শ্বিলংখনেই যেন কিবা এটাৰ কাৰণে সাজু হৈ উঠে! শ্বিলং ধুনীয়া হয়। ৰ'দ আৰু ছাঁৰ লুকাভাকুৱে মালভূমিটোক কৰি তোলে অধিক মোহনীয়, অধিক ৰহস্যময়। ইউকেলিপটাছৰ গোন্ধ এটা হঠাৎ নাকত লাগে। একা-বেঁকা বাটবোৰেৰে পাৰ হয় ৰং-বিৰঙৰ ইউনিফৰ্ম পিন্ধা স্কুলীয়া ছাত্ৰ-ছাত্ৰী, কান্ধত টুকুৰি কঢ়িয়াই একো একোজনী কং। এপ্ৰিলত ডেটিং হয়। পাইনৰ তলত হৃদয়ৰ দিয়া-নিয়া হয়।

 এইটো মাৰ্চ মাহ৷ সঁচাকৈয়ে এপ্ৰিলত বিয়াৰ কথা চলিছিল নে নাই নাজানো; কিন্তু তিনিদিনৰ আগেয়ে বৰুৱা শ্বিলং এৰি গুচি গ'ল।

 যোৱাৰ সময়ত তেওঁ বাৰু বৈশালীক কথাবোৰ মই কৈছোঁ বুলি কৈ গ'ল নেকি? দেখা যাওক।

 মোৰ অফিছৰ থাৰ্ডফ্ল’ৰৰ খিৰিকিয়েদি তললৈ জুমি চাই বৈশালীক আহি থকা দেখিছোঁ। ঘড়ীত হয়তো পাঁচ বাজিছে। মই লিফটেৰে নামিছোঁ। তাৰ পাছত এটা আক্ৰমণৰ মুখামুখি হ’বলৈ নিজকে সাজু কৰিছোঁ। সমুখত, গে'টখনৰ ওচৰত বৈশালী আহি ৰ'লহি। অফিছত সকলোৰে সন্মুখত অপদস্থ নহ’বলৈ মই ক'লো,— “ব’লা অকণ আগবাঢ়ি যাওঁ, তোমাৰ যি ক’বলগীয়া আছে তাতে ক’বা।”

 তাই মান্তি হ’ল। ৰাস্তাৰ সিপাৰে ৱাৰ্ড চাহাবে বন্ধোৱা লে’ক। লে’কৰ মাজডোখৰত কেলেণ্ডাৰত দেখুৱাব পৰাকৈ এখন কাঠৰ সাঁকো। সাঁকোখনত থিয় হৈ মানুহে ৰঙা- ক’লা বৰণীয়া মাছবোৰক খুৱাবলৈ বুটভজা দলিয়াইছে। একো একোটা বুটক কেন্দ্ৰ কৰি মাছবোৰে পানীত খলকনি তুলিছে। ব’টিং ছেণ্টাৰৰ কিপাৰ এজনে চৈধ্য নম্বৰ ব’টখনক উদ্দেশ্য কৰি প্ৰাণপণে ঘণ্টাটো বজাইছে। কংকিট বেঞ্চ এখনত এহাল মানুহক ঘনিষ্ঠ হোৱা দেখা গৈছে।

 চাৰিওফালে এবাৰ চকু ফুৰাই মই বৈশালীক ক'লো,—“এতিয়া কোৱা।”

 “কি?”

 “যি ক’বলৈ তুমি মোক লগ পাবলৈ বিচাৰিছিলা।”

 “সেইবোৰ ইয়াত নহয়।”

 “তাৰমানে?”

 “ইমান ছিৰিয়াছ নহ’বাচোন। আমাৰ ঘৰলৈ এবাৰ যাবা। কিমানদিন যে তুমি যোৱা নাই। মায়ে তোমাৰ কথা কৈয়েই আছে।”

 মই তধা লাগি তাইলৈ চাই থাকিলো। সেইযোৰ তাইৰ চেলাউৰি, সেই দুটা ওঁঠ। মুখখনৰ ক’তো অকণো বিশ্বাসঘাতকতাৰ চিন নাই। বৰং নিজৰ যৌৱনৰ ওপৰত প্ৰবল আস্থা।

 এখন্তেক ৰৈ তাই আকৌ ক’লে,— “আজিকালি তোমাক লগেই নাপাওঁ। শনিবাৰে,— শনিবাৰে তুমি ফ্ৰি আছা?”

 “আছোঁ। তুমি বৰাপানীৰ কথা ভাবিছা?”

 “অঁ।”

 মোৰ মূৰৰ ওপৰেদি পাইনগছৰ বতাহ বলিছে। মই জীৱনৰ বহু শনিবাৰ বৰবাদ কৰিছোঁ। ফৰ এ ছেঞ্জ— বৰাপানী—বেয়া নালাগিব। আপুনি কি কয়?



লেখক: অতনু ভট্টাচাৰ্য


*********************************************


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.