Good Assam is a Multi Language New E-Magazine and a Digital Media. Every day you can read Health News , Vastu tips , Various types of articles , Stories , Novels and more. If you would like to publish your article, please send us a message in the message box of our Facebook Page or send your article to us by email. Our e-mail : goodassam@hotmail.com || Want to promote your advertise in Good Assam? Please contact us. Good Assam now Available on Facebook Instagram and YouTube. Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam24.in ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব।

Type Here to Get Search Results !

Mandiad

অদৃশ্য শিকলিৰ বন্ধন



       






                           (গল্প)


 বাঃ! বহুদিনৰ মূৰত দেখাদেখি! কেনে আছা? ভালনে?—অতীব আগ্ৰহত যমুনা প্ৰায় দৌৰি অহাদি আগবাঢ়ি আহি ৰাস্তাৰ ইটো পাৰে ৰৈ অটলৈ হাত জোকাৰি থকা ছোৱালীজনীৰ হাততে ধৰিলেহি। ছোৱালীজনীয়ে চিনি পোৱা নাই চাগৈ— এই তুমি চিনি পোৱা নাই মোক? মই যমুনা।


 ছোৱালীজনীয়ে চাগে মনত পেলালে, কাৰণ তাইৰ হাতৰ চেপাটোও টান হোৱা যেন যমুনাই অনুভৱ কৰিলে। কিন্তু তেনেতে ক'ৰবাত সাংগিতীক সুৰ এটা শুনা গ'ল আৰু ছোৱালীজনীৰ হাতৰ চেপাটোও শিথিল হ’ল। তাই সামান্য হাঁহি ভেনিটী বেগ খুঁচৰি ম'বাইল ফোনটো উলিয়াই কথা পতাত লাগিল। কথা আৰম্ভ কৰাৰ আগতে তাই নিৰ্বোধৰ দৰে হাঁহি এটা যমুনালৈ এৰি দি ফোনৰ মাতৰ লগত একাত্ম হৈ গ'ল।


 যমুনাৰ নিজকেহে নিৰ্বোধ যেন লাগিল। কিমান সময় বাৰু ৰৈ থাকিব ছোৱালীজনীৰ কথা শেষ হোৱালৈ! তাই হাতৰ ঘড়ীটোলৈ চালে। ৯.৫০ মিনিট। স্কুল পাবলৈ ৫ মিনিটমানৰ বাট। হায়াৰ ছেকেণ্ডাৰীত পঢ়ায় বাবে দেৰিকৈ গৈ নিজৰ ভাগৰ ক্লাছটো ঠিকমতে কৰিলেগৈয়ো হয় যদিও তাই সদায় স্কুলৰ মৰ্ণিং এছেম্বলীত উপস্থিত থকাটো বিচাৰে। তাই থাকেও। আজিহে অতদিনৰ মূৰত বাটত এই চিনাকি মুখখন দেখি তাই ক’ব নোৱৰা হৈ দৌৰি আহিল। যমুনাই ছোৱালীজনীলৈ চালে— কথা শেষ হোৱাই নাই। হয় জানো এইজনীয়েই সেই বৰ্ণালী? আগতকৈ কিছু শকত হ’ল অৱশ্যে। ছোৱালী ছোৱালী ভাবটো আছে এতিয়াও! কথাচহকী বৰ্ণালী আৰু যমুনা কলেজত পঢ়াৰ সময়খিনিত নলে-গলে লগা বন্ধু আছিল। যমুনাক দেখিলেই সদায় বৰ্ণালীয়ে—‘এ-ই যমুনা’ বুলি দৌৰি আগবাঢ়ি আহিছিল। দুয়োৱে ভালকৈ বি এ পাছ কৰাৰ পাছত কিছুদিনলৈ সিহঁতৰ ঘনিষ্ঠতা চলি আছিল যদিও পাছত ক'ব নোৱৰাকৈ দুয়োৰে মাজৰ যোগসূত্ৰ কমি আহিছিল। এটা সময়ত চিঠি আৰু ফোনেৰে লোৱা বা বাতৰিৰ সংখ্যাও কমি গৈ শেষত নাইকিয়া হৈ পৰিল। যমুনা আঁতৰি আহিল এইখন চহৰলৈ আৰু বৰ্ণালী গুচি গ'ল ব্যস্ততাপূৰ্ণ গুৱাহাটীলৈ। —‘মই যাওঁ দেই, থাকা’ বুলি হাতেৰে ছোৱালীজনীৰ গাত লাহেকৈ থপৰিয়াই যমুনা আগবাঢ়িব খোজোঁতেই ছোৱালীজনীয়ে এখন হাতেৰে তাইৰ হাতত খামুচি ধৰি ৰখাই দিলে। মুখেৰে অজস্ৰ কথা, ফোনত। যমুনাৰ আমনি লাগিল। এই ফোনটোও যে এনে এটা আপদীয়া বস্তু! সন্মুখতে ৰৈ অতদিনৰ পুৰণা বান্ধৱীৰ আগ্ৰহত চেচাপানী পৰিছে, অথচ কোনে জানো কাঢ়ি নিছে বৰ্ণালীৰ মনটো তাইৰ কাষৰ পৰা? বৰ্ণালীয়ে তাইলৈ চাই হাঁহো হাঁহো কৰি ফোনৰ সিমূৰে থকা মানুহজন নে জনীক ক'লে— আজিলৈ এৰা আৰু মোৰ হাতত বহু পুৰণি সুকোমল হাত এখন আছে। আগতে তাইৰ লগত কথা হওঁ। এৰিছো দেই.... বুলি বৰ্ণালীয়ে ফোনটোৰ লাইন কাটি দিলে।



 পূৰ্ণমাত্ৰাই বিৰক্ত হোৱা যমুনাৰ বৰ্ণালীৰ শেষৰ বাক্যটোৱে কিছু বিৰক্তি কমাই আনিলে। তায়ো কিছু সহজ হৈ হাঁহিমুখ লৈ বৰ্ণালীলৈ চালে। – বাঃ তুমি যমুনা। চিনি নাপাম কিয়? তুমিও বেচ শকত হৈছা। কতদিনৰ মূৰত দেখা...! কিন্তু তোমাক অলপ ব’ৰ কৰিলো। এই এইমাত্ৰ ফোনত যে কথা পাতিলো। বৰ আৰ্জেন্ট আছিল জানা। ব’লাচোন ক'ৰবাত অকণ বহোগৈ। আহা, সেই ৰেষ্টুৰেণ্টখনলৈ যাওঁ।

 — নাই নাই, আজি নালাগে। অন্য এদিন। মোৰ দেৰি হ'ব।

 —দেৰি হ’ব? কিয়? তুমি ক'ৰবাত চাকৰি কৰা নেকি?

 —অ’, তুমি নাজানা নহয়? মই কস্তুৰবা বালিকা বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী। ৭ বছৰ মানেই হ’ল। তুমি?

 —নাই নাই। মোৰ চাকৰি-বাকৰি নাই। ঘৰতে থাকো। পতি সেৱা কৰি আজৰি পালে ফুৰো, বজাৰ কৰো, এয়াই। ছেঃ বহুদিনৰ মূৰত লগ পালো, অথচ ক’তো অকণ বহাও নহ'ল। বাৰুপাছত কেতিয়াবা ন? যাওঁগৈ তেনেহ'লে....


 —আঁ যোৱাই, আৰু ময়ো যাওঁ, কিন্তু তোমাক আকৌ ক'ত লগ পাম?


 —মোক? পাম নিশ্চয়। এই একে ঠাইতে থাকে যেতিয়া নিশ্চয় লগ পাম দেই, এই এই অট',ৰ’বা ৰ'বা—বৰ্ণালী খৰধৰকৈ গৈ অট’ত উঠিল। যমুনাৰ কথাটো অখজা যেন লাগিল— বৰ্ণালী ৰ'বাচোন ৰ’বা, মোতকৈ এতিয়া দেখোন তোমাৰহে লৰালৰি! তোমাৰ ফোন নাম্বাৰটো...।

 —অ’ ফোন নাম্বাৰটো! পাছত বুজিছা, আজি ময়ো এঠাইলৈ লৰালৰিকৈ যাব লাগে। মই নহ'লে তোমাৰ স্কুললৈকে আহি লগ ধৰিম। যাওঁ দেই, বাই...।



 অট’খন গুচি গ'ল। খৰখেদাকৈ যমুনাও যাব লাগিছিল। যোৱা নহ'ল। ঠাইতে ৰৈ তাই অট’খন যোৱাৰ ফালে চাই থাকিল। বৰ্ণালী কিয় গুচি গ'ল? তাইৰতো ক'তো লৰালৰিকৈ যোৱাৰ কথা নাছিল! তাই দেখোন মোৰে স'তে বহিবলৈ মোক ৰেষ্টুৰেণ্টখনলৈকে মাতিছিল! হঠাতে তাই গুচি গ'ল কিয়? তাই মানসিকভাৱে অস্থিৰ হৈ আছে নেকি? ক’তা? দেখাততো তাই বেচ শান্ত, উচ্ছল আৰু হাঁহিমুখেই আছে! ফোনৰনাম্বাৰটোও নিদিলে...। যমুনাই খোজ আগবঢ়ালে। খোজকাঢ়ি যাওঁতে তাই কলেজত বৰ্ণালীৰে স’তে কটোৱা সময়বোৰলৈ মনত পেলালে। সাংঘাতিক ধৰণে আৱেগিক আৰু ৰোমাণ্টিক মনৰ আছিল তাই। তাইৰ বাবে প্ৰেমেই জীয়াই থকাৰ মূল কথা। আন্তৰিক আৰু সহযোগিতাপূৰ্ণ প্ৰেম নহ'লে সংসাৰ নিটিকে।

 —এই বুজিছা, মই যেতিয়া বিয়া কৰাম, মানুহজনক যে ইম্মান মৰম কৰিম, তেওঁ যি কয় তাকেই কৰিম আৰু তেওঁ বিচৰাধৰণেৰেই মই সকলো দিম....।


 —তুমি দিবা, আৰু তোমাক? তোমাক যদি ‘গোৰ’ দিয়ে? এই ধৰা, তুমি তেওঁক বৰ মৰম লাগি চুমা এটা খালা আৰু তেওঁ যদি তোমাক কিয় চুমা খাবা’ বুলি চৰ এটা মাৰে?

 —ধেইত্! কি যে অসভ্য তুমি! তেনেকৈ কৈ মোৰ সপোন ভাঙি নিদিব। আৰু জানা, মৰম কৰিলে বন্য জন্তুও পোহনীয়া হয়। এই যমুনা, তুমি সঁচাকৈয়ে কোৱাচোন, যাৰ লগত মোৰ বিয়া হ’ব তেওঁ বাৰু মোক পৃথিৱীৰ আটাইবোৰ আলফুলীয়া মৰম দিবনে? খুব মৰম কৰিবনে অ’? সৰু ছোৱালীক কৰাৰ দৰে মৰম, বন্ধুৰ দৰে মিত্ৰতা আৰু বাপেকৰ দৰে শাসন...


 —আৰু পতিৰ দৰে পতিগিৰি... হিঃ হিঃকৈ হাঁহি যমুনাই তাইৰ কোলাত মূৰ থৈ কোনোবা অনামী পতিদেৱৰ সপোন দেখি থকা বৰ্ণালীৰ চুলিকোছা ঘটালি হাঁহি উঠিছিল। বৰ্ণালীয়ে তাইলৈ ঘোপাকৈ চাই কালো কান্দো হৈছিল। সিহঁত দুয়োৰে মাজৰ পাৰ্থক্যও আছিল এইকণেই। বৰ্ণালীয়ে বাস্তৱৰ কঠোৰতা দেখিও যেন নেদেখা হৈ সদায় সপোনৰ কাৰেং সাজি থাকে আৰু যমুনাই সদায় কল্পনাৰ ৰাজ্যতো বাস্তৱৰ কঠোৰতাকে দেখা পায়। অৱশ্যে তাই বৰ্ণালীৰ বন্ধুত্ব পূৰ্ণ সঁহাৰি দিছিল। বেচেৰী বৰ্ণালীজনীয়ে কেৱল মৰম-ভালপোৱাকেই জীৱনৰ অৰ্থ বুলি ভাবি কোনো হৃদয়ৱান, মৰমিয়াল ৰাজকুমাৰৰ সপোন দেখি আহিছে। ভগৱানে যেন দয়ালু হৈ তাইৰ সপোন ফলিয়ায়। তাই যেন পৃথিৱীৰ সমস্ত ভালপোৱাৰ, প্ৰেমৰ গৰাকী হয়। যমুনাই বৰ্ণালীৰ কান্দো কান্দো মুখখন দুয়ো হাতে তুলি ধৰি গহীন হৈ কৈছিল— ধেমালি কৰিছো অ’ বৰ্ণা, কোনে বাৰু নিবিচাৰে তুমি ভবাৰ মৰমিয়াল পতিৰ অকুণ্ঠ প্ৰেম! মই ভগৱানৰ ওচৰত মিনতি কৰিছো, তেওঁ যেন তোমাৰ বুকু ভৰাই প্ৰেম দিয়ে, তেনে প্ৰেম দিব পৰা এজন পুৰুষ দিয়ে।


প্ৰায় দুমাহ পাৰ হৈ গ'ল। এইকেইটা দিন যমুনাই অনবৰতে কেৱল বৰ্ণালীকেই দেখিলে। স্কুললৈ ওলাই আহিয়েই বৰ্ণালীৰ সন্ধানত তাইৰ চকু পিটপিটাই ফুৰে অগণন জনতাৰ মাজত। স্কুলত থকাৰ সময়খিনিতো তাই আশা পালি থাকে বৰ্ণালী আহিব বুলি। তাইতো আহিম বুলিয়েই কৈছিল। ঠিকনাও নাজানো, ফোন নম্বৰো নাপালো। ক’ত বা থাকে? তাই বাৰু নিজকে লুকুৱাই ৰাখিছে নেকি? লাহে লাহে যমুনা বৰ্ণালীৰ প্ৰতি অত্যুৎসাহী হৈ পৰিল। যেনে তেনে যেন তাই বৰ্ণালীক বিচাৰি উলিয়াব! কিন্তু কত পাব তাইক? কাৰ পত্নী? তাইৰ গিৰিয়েক চাকৰিয়াল নে ব্যৱসায়ী তাকো নাজানিলে। শেষত তাই বৰ্ণালীৰ মাকৰ ঘৰৰ ফোন নম্বৰ পুৰণি ডায়েৰীৰ মাজৰ পৰা বিচাৰি লৈ ফোন কৰি বৰ্ণালীৰ বৰ্তমানৰ ঠিকনা সংগ্ৰহ কৰিলে। তাই ঠিক কৰিলে যে কালিলৈকে তাইক লগ কৰিব।

∘∘∘


 অটখনত দিবলগীয়া ভাৰা আদায় দি তাই চৌহদটোলৈ সোমাই আহিল। মালীজাতীয় এজনে বাগিচাত কাম কৰি আছিল। তাই সুধিলে-

 —এইটো প্ৰবীৰ বৰুৱাৰ ঘৰ হয়নে?

 —হয়। মালীজনে মূৰ জোকাৰি ঘৰটোলৈ চালে। যমুনাই বাগিচাখনলৈ চালে। বিভিন্ন ‘ছিজন ফ্লাৱাৰ। বৰ্ণালীয়ে ‘ছিজন ফ্লাৱাৰ বেয়া পাইছিল। ১৫/২০ দিন ফুলি জমকাই মৰহি যায়। কথা নেকি? চিৰদিন জাতিষ্কাৰ হৈ ফুলা গছ হ’ব লাগে।

 —তেনেকুৱা ফুল ক’ত আছেনে? তোমাৰ সপোন কোঁৱৰৰ ঘৰত?

 —ধেৎ, ধেমালি নকৰিবা, গোলাপ, তগৰ, যুতিমালী, মাধৱীলতা— এইবোৰ কি? মই মোৰ ঘৰত সদায় এনে সুগন্ধি ফুল ভৰাই ৰাখিম চাবা।

 —এইবোৰতো নিৰ্দিষ্ট সময়তহে ফুলে।


 —হয়। কিন্তু দীঘলীয়াকৈ। আৰু এবাৰ ফুলিলে তাৰ সুবাস ৰৈ যায় বহুদিনলৈকে। গছজোপাৰ সেউজীয়াখিনিতো থাকেই...। যমুনাই বৰ্ণালীৰ, অৰ্থাৎ প্ৰবীৰ বৰুৱাৰ বাগিচাত এপাহো তেনে ফুল দেখা নাপালে। তাই খোজ আগবঢ়ালে, ডাঙৰ বাৰান্দাখনৰ মূৰে বান্ধি থোৰা প্ৰকাণ্ড কুকুৰটোৱে ভৌ-ভৌৱাই উঠিল— যমুনা থমকি ৰ’ল। এইটো জানো বৰ্ণালীৰ ঘৰ নহয়। কুকুৰ আৰু মেকুৰী পোহাৰ সম্পূৰ্ণ বিৰোধিতা কৰিছিল তাই। কথাই কথাই তাই কৈছিল- যিখন ঘৰত কুকুৰ-মেকুৰী থাকে, তাত মই নাই জানিবা। কাম কৰা জাতীয় ল'ৰা এজনে ভুমুকিয়ালে কাক লাগে?

 — বৰ্ণালী, মানে প্ৰবীৰ বৰুৱাৰ মিছেছ আছে নেকি? তাই সুধিলে।


 — আছে। আহক। বহক, মই মাতি দিওঁ। ল'ৰাজনে তাইক মাতি বহিবলৈ দি আঁতৰি গ'ল। ড্ৰয়িং ৰূমটোত চকু ফুৰাই যমুনাই তাত বৰ্ণালীৰ উপস্থিতি অনুভৱ কৰিব নোৱাৰিলে। তিনিবছৰ হাড়ে হাড়ে লগ লাগি থকা ছোৱালীজনীৰ মনোভাব ড্ৰয়িং ৰূমটোৰ ক'তো অকণো ফুটি উঠা নাই। গোটেই ৰূমটোতে বিদেশী পৰিৱেশ অথচ বৰ্ণালী আছিল সম্পূৰ্ণ ওলোটা— ‘ড্ৰয়িং ৰূমটোৱে সেই ঘৰ মানুহৰ মানসিকতা প্ৰতিপন্ন কৰে। নিজৰ নিজৰ ড্ৰয়িং ৰূমবোৰত নিজৰ জাতীয় বৈশিষ্ট্য ফুটি থাকিব লাগে’– তাইৰ কথা। ল'ৰাজন আকৌ সোমাই আহি ক'লে, বাইদেউ এটা কামত ব্যস্ত আছে, আপুনি অলপ সময় বহিব লাগিব। — হ’ব। যমুনাই শলাগিলে। ঘৰটোৰ ভিতৰত তাই কোনোবা ঘূৰি ফুৰাৰ উমান পালেও তাই কাৰো মাত নুশুনিলে। অলপ সময়ৰ পাছত বাহিৰত এখন গাড়ীৰ মৃদু শব্দ উঠি আঁতৰি যোৱা যেন পালে। যমুনাৰ উৎকণ্ঠা বাঢ়িবলৈ ধৰিলে। তেনেতে হাতত দুকাপ চাহ লৈ বৰ্ণালী সোমাই আহিল — এই, তোমাক বহুপৰ বহুৱালো নহয়?


 — মই আহিছো বুলি তুমি জানিছিলা জানো?

 — অঁ। তুমি সোমাই আহোঁতেই দেখিছিলো। ব্যস্ততাৰ বাবেহে আহিব পৰা নাই। আৰু মই নিশ্চিত যে তুমি আহিছা যেতিয়া মোক লগ নোপোৱাকৈ নাথাকা। মায়ে কালি ফোনত কৈছে, তুমি মোৰ ঠিকনা লৈছা বুলি। ভালেই কৰিলা। মইহে তোমাৰ তালৈ যাওঁ যাওঁ বুলিও যাব পৰা নাই। লোৱা, চাহ খোৱা।

  যমুনাই একেথৰে বৰ্ণালীলৈ চালে। তাই কোৱা কথাত কোনো গুৰুত্ব নিদি যমুনাই বৰ্ণালীৰ ভিতৰত কিবা আছে নেকি জানিবলৈ যেন তাইৰ মনৰ ভিতৰলৈ জুমিছে — কি চাইছা যমুনা? চাহ খোৱা। বৰ্ণালীয়ে যেন ধৰা পৰি যোৱাৰ ভয়ত লৰালৰি কৰিছে। যমুনাই চাহ তুলি ল'লে। দুয়ো নিঃশব্দে চাহ খোৱাত লাগিল। চাহ খোৱা শেষ হোৱাৰ পাছত কিছুপৰৰ নীৰৱতা। হাতৰ পৰা চাহৰ কাপ তলত থ’লেও যেন তাৰ পৰা হোৱা শব্দই সেই নীৰৱতা ভাঙি দুয়োকে আমনি কৰিব।

 — দিয়া কাপটো। থৈ আহোগৈ। তুমি তামোলজাতীয় কিবা খোৱা নেকি?


 — নাখাওঁ। বৰ্ণালী ভিতৰলৈ গৈ কাপ-প্লেট থৈ হাতত এজাপ এলবাম লৈ সোমাই আহিল। যমুনাৰ এলবাম চাই সময় কটোৱাৰ ইচ্ছা মুঠেই নাছিল।


বৰ্ণালীয়ে এতিয়াও তাইৰ পৰা পলাব বিচাৰি আছে নেকি?

 — চোৱানা এলবামকেইটা। আমাৰ বহুত পুৰণি ফটো আছে। মই প্ৰায়েই চাওঁ জানা।

 — নাচাওঁ। এলবামত থকা ফটোবোৰ মোৰ মনত ভালদৰে সজীৱ হৈ আছে। মোক তোমাৰ খবৰ লাগে। তুমি কেনে আছা, কি কৰিছা, তোমাৰ পতি, ঘৰ, প্ৰেম?


  বৰ্ণালীৰ মুখখন গহীন হ’ল। তাই আগুৱাই আহি যমুনাৰ নিচেই কাষতে বহি পৰিল। হঠাতে তাই যমুনাক সাবটি ধৰিলে। বৰ জোৰেৰে তাই যমুনাক আঁকোৱালি লৈছে যেন বহুদিন তাই কাকো আঁকোৱালি লোৱাই নাই অথবা তাই তাইৰ মানসিক আৱেগ দমন কৰিব বিচাৰিছে!

 —বৰ্ণালী, কি হৈছে অ’, চাওঁ এৰি দিয়া। সহজ হোৱাচোন —যমুনাই কোৱাৰ পাছতো তাই কিছুপৰ যমুনাক সাৱটি ধৰিয়েই থাকিল। কিছুপৰ পাছত তাই যমুনাক এৰি দিয়াত তাই বৰ্ণালীলৈ চালে— নাই, তাই কন্দা নাই— তুমি ভালে আছাতো?


 — আছো। বৰ্ণালীয়ে মূৰ জোকাৰিলে। কিন্তু ক্ষন্তেকপৰ পাছতেই তাই যমুনাৰ হাত এখন চেপি ধৰি ক'লে— যমুনা, তুমি মাজে মাজে আহি থাকিবা। তুমি আহি থাকিলে মোৰ ভাল লাগিব। কিন্তু প্লিজ ‘তুমি সুখীনে’, ‘ভালে আছানে’ জাতীয় প্ৰশ্ন মোক নুসুধিবা। মই সুখী। বহুত ধনী, সুন্দৰ, উচ্চ পদবীধাৰী স্বামী বিয়া কৰালো। প্ৰকাণ্ড ঘৰ, গাড়ী, লগুৱা, মালী সকলো আছে। সন্তান এটাও আছে। সু-শিক্ষাৰ নামত হোষ্টেলত। বয়স ৬ বছৰ। মাহত দুদিনৰ বাবে ওচৰত পাওঁ। সকলোৱে জানে আৰু মানে যে ‘মই বৰ ভাগ্যৱতী আৰু সুখী’, তুমিও মানিবা। কিন্তু তুমি ঘনাই আহিবা। প্লিজ যমুনা, তুমি আহি থাকিলে এছাটি মুকলি বতাহ যেন মই পাই থাকিম। মোৰ বৈবাহিক জীৱনটো বাদ দি তুমি আৰু মই একান্ত আপোন হৈ কলেজত কটোৱা সেই সময়খিনিকে আকৌ উপভোগ কৰিম....।


  যমুনাৰ গাটো স্থবিৰ হোৱা যেন লাগিল। বহুপৰ তেনেকৈয়ে বহি থাকি তাই গা লৰালে। বহুপৰ হ’ল বৰ্ণালী, আজি যাওঁগৈ। পাছত লগ পাম, আহিম।

 —আহিম নহয় যাম। ফোনযোগে ঠিক কৰি দুয়োৰে আজৰি পৰত দুয়ো ফুৰিম, ফূৰ্তি কৰিম। ঘৰৰ বন্ধ বেৰৰ মাজত মোৰ বৰ অসহ্য লাগে অ’।


  হৃদয় ভেদি নিয়া এটা গভীৰ চাৱনি বিনিময় কৰি যমুনাই ঘনাই লগ পোৱাৰ মন লৈ উঠি আহিল। 





লেখিকা: প্ৰণামিকা অধিকাৰী


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.