( অপূৰ্ব দাস )
তিলৰ তেলেৰে ভৰিৰ তলুৱা মালিচ কৰিলে শৰীৰত বহু উপকাৰ পোৱা যায়। আহক, ইয়াৰ বিষয়ে বিতংভাৱে জানো-
তিলৰ তেলেৰে ভৰিৰ তলুৱা মালিচ কৰাৰ উপকাৰিতা :
তিল তেলৰ ঔষধি গুণৰ বাবে জনাজাত। সাধাৰণতে ইয়াক ৰন্ধা-বঢ়াত ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও ইয়াৰ ব্যৱহাৰ ছাল আৰু চুলিৰ বাবেও অতি উপকাৰী বুলি বিবেচিত হৈছে। কিন্তু আপুনি জানেনে যে তিলৰ তেলেৰে ভৰিৰ তলুৱা মালিচ কৰিলেও স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে?
হয়, ইয়াত উপস্থিত থকা মৌলবোৰে বহু ধৰণৰ ৰোগ নিৰাময়ত সহায় কৰে। আয়ুৰ্বেদৰ মতে তিলৰ তেলেৰে ভৰিৰ তলুৱা মালিচ কৰিলে শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বাবে অতি উপকাৰী। নিয়মিতভাৱে তিল তেলেৰে তলুৱা মালিচ কৰিলে শৰীৰৰ বহু সমস্যাৰ পৰা উপশম পাব পাৰি। ইয়াৰ ফলত ৰক্ত সঞ্চালন উন্নত হয়, মানসিক চাপ কমি যায় আৰু লগতে টোপনিও ভাল হয়।
তেজৰ সঞ্চালন উন্নত হয় :
তিলৰ তেলেৰে ভৰিৰ তলুৱা মালিচ কৰিলে ৰক্ত সঞ্চালন ভাল হয়। ই ৰক্ত সঞ্চালন বৃদ্ধি কৰি শৰীৰত অক্সিজেন আৰু পুষ্টিকৰ উপাদান যোগান ধৰাত সহায় কৰে। ইয়াৰ ফলত পেশীৰ ক্লান্তি দূৰ হয় আৰু শৰীৰত শক্তিৰ মাত্ৰা বৃদ্ধি পায়।
গাঁঠিৰ বিষ আৰু ফুলাৰ পৰা সকাহ দিয়ে :
তিলৰ তেলেৰে ভৰিৰ তলুৱা মালিচ কৰিলে গাঁঠিৰ বিষ আৰু ফুলাৰ পৰা উপশম পোৱা যায়। আচলতে তিল তেলত প্ৰদাহ নিবাৰণকাৰী গুণ আছে, যিয়ে ফুলা আৰু বিষ কমোৱাত সহায় কৰে। বিশেষকৈ বাতবিষৰ বিষ আৰু ফুলা কমোৱাত সহায় কৰিব পাৰে।
মানসিক চাপ হ্ৰাস কৰে :
ৰাতি শুৱাৰ আগতে ভৰিৰ তলুৱাত তিলৰ তেলেৰে মালিচ কৰিলে মানসিক চাপ দূৰ কৰাত সহায় কৰে। ই স্নায়ুতন্ত্ৰক শান্ত কৰি মনক শান্তি প্ৰদান কৰে। তিলৰ তেলেৰে ভৰিৰ তলুৱা মালিচ কৰিলে শৰীৰৰ ভাগৰ আৰু মানসিক চাপ কমি যায়, যাৰ ফলত ব্যক্তিজনে ভাল আৰু গভীৰ টোপনি লাভ কৰাত সহায় কৰে।
ওজন হ্ৰাস কৰাত সহায়ক :
নিয়মিতভাৱে ভৰিৰ তলুৱাত তিলৰ তেলেৰে মালিচ কৰিলে ওজন কমাবলৈ সহায়ক হয়। আচলতে তিলৰ তেলেৰে ভৰিৰ তলুৱা মালিচ কৰিলে শৰীৰত উষ্ণতা আহে, যিয়ে শৰীৰত থকা চৰ্বি কমোৱাত সহায় কৰিব পাৰে। ইয়াৰ উপৰিও ইয়াত পলিঅনচেচুৰেটেড ফেটি এচিড থাকে, যিয়ে ওজন কমাবলৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
চকুৰ দৃষ্টিশক্তি ভাল হয় :
তিলৰ তেলেৰে ভৰিৰ তলুৱা মালিচ কৰিলে চকুৰ দৃষ্টিশক্তি ভাল হ’য়। ইয়াৰ উপৰিও চকুৰ বিষ, ভাগৰ আৰু গধুৰতাৰ সমস্যাও আৰোগ্য কৰিব পাৰি। বিশেষকৈ যিসকলে অনবৰতে কম্পিউটাৰ বা মোবাইলত কাম কৰে তেওঁলোকৰ বাবে এইটো উপকাৰী। ইয়াৰ দ্বাৰা চকুৰ লগত জড়িত সমস্যাৰ পৰা সকাহ আৰু প্ৰতিৰোধ পোৱা যায়।
ছাল - চুলিৰ বাবেও উপকাৰী:
অকালতে চুলি পকা আৰু সৰা সমস্যা দূৰ কৰিবলৈ দৈনিক তিলৰ তেল লগাই ৫ মিনিট লাহে লাহে ছাল আৰু চুলি মালিচ কৰিব লাগে। এনেদৰে দৈনিক কৰিলে ছালৰ উজ্বলতা বৃদ্ধি হয়। ছালত বলি ৰেখা নপৰে আৰু আকালতে চুলি পকা বা সৰাও দূৰ কৰে।