By Good Assam
লক্ষ্মীপূজা , কাতি বিহু, দীপাৱালী এই উৎসৱ সমূহ মহালক্ষ্মী পূজাৰ শুভ অনুষ্ঠান, এই দিনকেইটাত আমি সকলোৱে ৰীতি-নীতি অনুসৰি দেৱী লক্ষ্মীক পূজা কৰি সন্তুষ্ট কৰিব বিচাৰো। ইয়াত শাস্ত্ৰত উল্লেখ কৰা পৌৰাণিক পদ্ধতিটো উপস্থাপন কৰা হৈছে, প্ৰথমে জানো আহক দেৱী লক্ষ্মীয়ে কি ভাল পায়-
১. দেৱী লক্ষ্মীয়ে ফুলৰ মাজত পদুম ফুল বৰ ভাল পায়।
২. ফলৰ ভিতৰত বেল, আতলছ, বগৰী, ডালিম আৰু আপেল প্ৰিয়।
৩. লক্ষ্মী মাতাৰ পূজাত কেওৰা, গোলাপ আৰু চন্দন কাঠৰ সুগন্ধি নিশ্চয় ব্যৱহাৰ কৰিব।
৪. শস্যৰ মাজত চাউল বা ধান ব্যৱহাৰ কৰিব।
৫. মিঠাইৰ ভিতৰত ঘৰতে বনোৱা বিশুদ্ধ কেশৰ মিঠাই বা লাড়ু, মগু দাইল ,বাদাম ,আলু আদিৰ খিচিৰি উপযুক্ত।
৬. বন্তি প্ৰজ্বলনৰ বাবে গৰুৰ ঘিউ, বাদাম বা তিলৰ তেলে মাতৃক সোনকালে সন্তুষ্ট কৰে।
৭. মাতৃ লক্ষ্মীয়ে সোণৰ গহনা ভাল পায়।
৮. মাতৃ লক্ষ্মীৰ ৰত্নৰ প্ৰতি বিশেষ স্নেহ আছে।
৯. মাতাৰ আন আন প্ৰিয় উপাদানসমূহ হ’ল- পাণ-তামোল, পদুম, হালধি, বেল পাত , পঞ্চমৃত, গংগা পানী, কুঁহিয়াৰ, ভোজপত্ৰ, সেন্দুৰ ইত্যাদি।
১০. লক্ষ্মী দেৱীৰ পূজাস্থলীখন গৰুৰ গোবৰেৰে মচিব লাগে।
১১. ঊন সূতাৰ আসনত বহি লক্ষ্মী পূজা কৰিলে তাৎক্ষণিক ফল পোৱা যায়।
লক্ষ্মী পূজাৰ বাবে কেনেদৰে প্ৰস্তুতি চলাব ? জানিবলৈ পঢ়িব -
• প্ৰথমে লক্ষ্মী আৰু গণেশৰ মূৰ্তিত ,পূজা স্থানত আৰু নিজৰ গাত গংগা পানী ছটিয়াই আসনত ৰাখিব আৰু মন্ত্ৰ উচ্চাৰণ কৰিব -
ঔঁম অপৱিত্ৰ: পৱিত্ৰ ৱা সৰ্বাৱস্থাং গতোপি ৱা ।
য: স্মৰেত্ পুণ্ডাৰিকাক্ষম স: বাহ্যভংন্তৰ: শুচি: ||
ইয়াৰ পিছত আসন ৰখা ঠাইখন শুদ্ধ কৰি পৃথিৱী মাক প্ৰণাম কৰক। এই প্ৰক্ৰিয়াত তলত দিয়া মন্ত্ৰ উচ্চাৰণ কৰিব -
পৃথিৱী মন্ত্ৰস্য: মেৰুপৃস্থ: গ ঋষি: সুতলং ছন্দ: কুৰ্মোদেৱতা আসনে বিনিযোগ: ॥
ওম পৃথ্বী ত্যয়া ধৃতা লোকা দেৱী ত্ৱম বিষ্ণু ধৃতা।
তবং চ: ধাৰয় মা দেৱী পৱিত্ৰং কুৰু চাচনম্ ॥
• মাতা লক্ষ্মী, গণেশৰ সোঁফালে ৰাখিব।
• উপাসকসকলে মূৰ্তিৰ সন্মুখত বহি থাকিব।
• মাতা লক্ষ্মীৰ ওচৰত চাউল বা ধানৰ কলহ ৰাখক।
• ৰঙা কাপোৰেৰে তামোলখন এনেদৰে মেৰিয়াই ল'ব যাতে তামোলৰ আগফালৰ অংশ দেখা যায় আৰু ইয়াক কলহৰ ওপৰত ৰাখক। এই কলহ বৰুণ দেৱতাৰ প্ৰতীক।
• মন্দিৰৰ দুয়োকাষে দুটা ডাঙৰ বন্তি ৰাখক। এটা ঘিউৰ, আনটো তেলৰ। মূৰ্তিবোৰৰ সন্মুখতো বন্তি ৰাখক।
• ৰঙা কাপোৰ এখনত নৱগ্ৰহৰ প্ৰতীক হিচাপে এমুঠি চাউলৰ নটা স্তূপ কৰি কলশৰ ওচৰত বনাওক। নটা ফুল আৰু ফল প্ৰদান কৰক।
• মাতা লক্ষ্মী আৰু গণেশৰ মূৰ্তিৰ সন্মুখতো চাউলৰ ঔম লিখক। গণেশ মূৰ্তিৰ সন্মুখত স্বস্তিকা চিহ্ন অংকণ কৰিব।
• গণেশ প্ৰভুক এখন কলপাতত ধূপ, বন্তি, ফল , প্ৰসাদ , ফুল আদি অৰ্পণ কৰিব। তুলসী পাত ব্যৱহাৰ নকৰিব।
• একেদৰে মাতা লক্ষ্মীকো ধূপ, বন্তি, ফুল ,ফল, প্ৰসাদ এখন কলপাতত আগবঢ়াব।
• প্ৰথমে গণেশক প্ৰণাম কৰি মন্ত্ৰ উচ্চাৰণ কৰিব -
" ঔঁম শ্ৰী গণেশায় নম: " ২১ বাৰ বা ১০৮ বাৰ।
ইয়াৰ পিছত মাতা লক্ষ্মীক প্ৰণাম কৰি মন্ত্ৰ উচ্চাৰণ কৰিব -
“ঔঁম শ্রীং হৃীং শ্রীং কমলে কমলালয়ে প্রসীদ প্রসীদ শ্রীং হৃীং শ্রীং ওম মহালক্ষ্মী নমঃ।।"
ওপৰত লিখা মন্ত্ৰটো হৈছে মা লক্ষ্মীৰ বিজা মন্ত্ৰ। মাতৃৰ আশীৰ্বাদ পাবলৈ পদুম মালাৰে এই বীজ মন্ত্ৰ জপ কৰক ১০৮ বাৰ।
২) শ্ৰী লক্ষ্মী মহামন্ত্ৰ:-
“হে শ্ৰী সোহোগা মহালক্ষ্মী মহালক্ষ্মী য়েহিহি সৰ্ব সোহোগম স্বাহা।”
মা লক্ষ্মীৰ এই মহামন্ত্ৰ জপ কৰিলে সম্পদ, সমৃদ্ধি আৰু সৌভাগ্য হয়। বৃহস্পতিবাৰে ১০৮ বাৰ এই মন্ত্ৰ জপ কৰিব লাগে। জপ কৰি থাকোঁতে এটা তিল তেলৰ বন্তি জ্বলাব লাগে
লক্ষ্মীৰ ধ্যান মন্ত্র :
"ঔঁম শ্রীং ক্লীং মহালক্ষ্মী মহালক্ষ্মী এহ্যোহি সর্ব সৌভাগ্যং দেহি মে স্বাহা।।"
এই লক্ষ্মী মন্ত্র জপ কৰিলে আর্থিক সমস্যা আৰু টকা বা ধনৰ সমস্যা বা বাস্তু দোষ দূৰ হয়। ১০৮ বাৰ এই মন্ত্র জপ কৰা উচিত।
৩) ধন লাভৰ মন্ত্র :
"যা ৰক্তাম্বুজবাসিনী বিলাসিনী চণ্ডাংশু তেজস্বিনী। যা ৰক্তা ৰুধিৰাম্বৰা হৰিসখী যা শ্রী মনোল্হাজিনী।। যা ৰত্নাকৰমন্থনাত্প্রংগটিতা বিষ্ণোস্বয়া গেহিনা। সা মাং পাতু মনোৰমা ভগবতী লক্ষ্মীশ্চ পদ্মাবতী।।
মা লক্ষ্মী ধনৰ দেৱী। যদি আপুনি কোনো আৰ্থিক সমস্যাৰ সন্মুখীন হৈছে বা যিকোনো ধৰণৰ ঋণত আবদ্ধ হৈ আছে তেন্তে নিশ্চিতভাৱে মা লক্ষ্মীৰ এই মন্ত্ৰ জপ কৰক।
৪) মনস্কামনা পূৰণৰ মন্ত্র -
শ্রীং হৃীং ক্লীং এং কমলবাসিন্যৈ স্বাহা।
৫) সুখ-সমৃদ্ধিৰ মন্ত্র
দুঃখ-কষ্ট দূৰ কৰা আৰু জীবনত সুখ-সমৃদ্ধি লাভ কৰাৰ বাবে নিয়মিত লক্ষ্মী গায়ত্রী মন্ত্র জপ কৰা উচিত।
"ঔঁম শ্রী মহালক্ষ্ম্যৈ চ বিদ্মহে বিষ্ণু পত্নৈ চ ধীমহি তন্নো লক্ষ্মী প্রচোদয়াৎ ঔঁম"।
বৃহস্পতিবাৰে আৰু লক্ষ্মী পূজাত দেৱী লক্ষ্মীৰ এই মন্ত্ৰ জপ কৰিলে ঘৰলৈ সুখ আৰু সমৃদ্ধি লাভ কৰে। এই মন্ত্ৰ জপ কৰাৰ সমান্তৰালকৈ মাতৃক সুগন্ধি, বস্ত্ৰ , ফল-মূল অৰ্পণ কৰিলে ঘৰত সুখ আৰু সমৃদ্ধিৰ অভাৱ নহ’ব। ইয়াৰ লগতে মাতৃৰ পাঁচালী পঢ়ি ধূপ-দীপ জ্বলাব, মা খুবেই সন্তুষ্ট হৈ আশা কৰা মতেই বৰদান দিয়ে।