বহুদিন ধৰি পেটত পঁইতাচোৰা জীৱিত অৱস্থাত , দিল্লীৰ চিকিৎসকে ক্ষুদ্ৰান্ত্ৰৰ পৰা উলিয়াই আনিলে। এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে।
( অপূৰ্ব দাস ) Date : 14/10/2024
ৰাজধানী দিল্লীৰ চিকিৎসকে ২৩ বছৰীয়া যুৱকৰ অন্ত্ৰৰ পৰা তিনি চেণ্টিমিটাৰ আকাৰৰ এটা জীয়া পঁইতাচোৰা উলিয়াই আনিছে। দিল্লীৰ বসন্ত কুঞ্জৰ ফৰ্টিছ হাস্পতালত ভৰ্তি কৰোৱাত ৰোগীজনক বহুদিন পেটৰ বিষ আৰু বদহজম ৰোগত ভুগি থকা বুলি কয়।
চিকিৎসালয়খনৰ গেষ্ট্ৰ’ বিভাগৰ ডাঃ শুভম ভাটছৰ নেতৃত্বত চিকিৎসকৰ দলটোৱে তেওঁক জি আই এণ্ড’স্কপিৰ বাবে পৰামৰ্শ দিয়ে, তাৰ পিছত দেখি চিকিৎসকসকল স্তম্ভিত হৈ পৰে। তদন্তৰ সময়ত ৰোগীৰ ক্ষুদ্ৰান্ত্ৰত দৌৰি থকা এটা জীয়া পঁইতাচোৰা উদ্ধাৰ হয়। চিকিৎসকে এণ্ড’স্কপি কৰি এই জীয়া পঁইতাচোৰাটো সফলতাৰে উলিয়াই আনে। এই পদ্ধতিৰ বাবে এণ্ড’স্কপিৰ সহায় লোৱা হৈছিল আৰু ১০ মিনিটত সহজেই উলিয়াই আনিছিল।
এনেকুৱা কেনেকৈ হ'য় বাৰু? আচলতে পঁইতাচোৰাই বাহি খাদ্যত কণী পাৰে। বাহি খাদ্য খালে এনেকুৱা হ'ব পাৰে।
কণী ফুটি পোৱালি ওলায় আৰু ই ডাঙৰ হৈ আহে। পঁইতাচোৰা এনে এবিধ প্ৰাণী যি একেবাৰে কম অক্সিজেনত আৰু নিজৰ বিষ্ঠা খাই জীয়াই থাকিব পাৰে। বিশ্বাস হোৱা নাই নেকি?
এটা পঁইতাচোৰা বটল এটাত ভৰাই ল'ব । বায়ু সোমাব নোৱাৰাকৈ টানকৈ ঢাকোন মাৰি থব। ২/৩ বছৰ পিছত দেখিব কণী পাৰি পোৱালি জগাই ৩/৪ টা মান হৈ আছে। লগতে দেখিব বিষ্ঠাও বটল বা টেমাটোৰ আধা ভৰি আছে।
ইয়াৰ পৰা অনুমান কৰিব পাৰি যে পঁইতাচোৰাক কম অক্সিজেনৰ প্ৰয়োজন হয় আৰু নিজৰ বিষ্ঠা খাই জীয়াই থাকিব পাৰে। এই অভিজ্ঞতা মই নিজৰেই ঘৰত ১৫ বছৰ আগতে দেখিছিলো। কাৰণ এটা পঁইতাচোৰা বটলত সোমাই আছিল । মই টানকৈ ঢাকনি মাৰি এখন মোনাত ভৰাই থৈ দিছিলোঁ । কিন্তু মই পাহৰি গৈছিলো যে পঁইতাচোৰাটোক তেনেকৈ থৈছিলো। তিনি বছৰ পিছত বটলটো পাই মই আচৰিত হৈছিলো। তিনিটা পোৱালি ডাঙৰ হৈছে। সিহঁতৰ ৰং বগা হৈছিল। আৰু টেমাটোৰ আধা অংশ সিহঁতৰ বিষ্ঠাৰে ভৰি আছিল । এই ঘটনা প্ৰকাশ কৰিলো এই বাতৰিটোৰ সৈতে।