( অপূৰ্ব দাস )
যেতিয়াই পিম্পল বা ব্ৰণৰ কথা আহে তেতিয়াই বেছিভাগ মানুহেই মুখৰ ব্ৰণৰ সমস্যাৰ কথা ভাবিবলৈ আৰম্ভ কৰে। কিন্তু পিঠিত ব্ৰণ গঠন হোৱাটোও অতি বিৰক্তিকৰ সমস্যা হ’ব পাৰে।
নেচনেল ইনষ্টিটিউট অৱ আৰ্থাইটিছ এণ্ড মাস্কুলোস্কেলেটেল স্কিন ডিজিজৰ তথ্য অনুসৰি পিঠিৰ ব্ৰণৰ সমস্যা বেছিকৈ ক্ৰীড়া কাৰ্য্যকলাপ কৰা লোকৰ ক্ষেত্ৰত দেখা যায়। কাৰণ খেলা-ধূলা কৰা লোকসকলৰ ঘাম বেছি হয় আৰু লগতে সূৰ্যৰ পোহৰ আৰু ধূলিৰ সংস্পৰ্শ অধিক হয়। সাধাৰণতে ছালৰ ছিদ্ৰবোৰ কিবা কাৰণত বন্ধ হৈ গ’লে পিম্পল গঠন হয়।
ব্ৰণ হোৱাৰ অন্যান্য কাৰণ :
• শৰীৰৰ হৰম’নৰ কিছু পৰিৱৰ্তনে পিঠিৰ ব্ৰণ সৃষ্টি কৰিব পাৰে, যিটো সাধাৰণতে মাহেকীয়া বা গৰ্ভাৱস্থাত বেছিকৈ দেখা যায় আৰু পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত বেছিকৈ দেখা যায়।
• ইয়াৰ উপৰিও জিনীয় কাৰণো থাকিব পাৰে। উদাহৰণস্বৰূপে, যদি আপোনাৰ পৰিয়ালৰ কোনো এজন পিতৃ-মাতৃ বা ভাই-ভনীৰ আগতে ব্ৰণৰ সমস্যা হৈছিল, তেন্তে আপোনাৰো এই সমস্যা হোৱাৰ আশংকা বাঢ়ি যায়।
• কিছুমান ঔষধো আছে, যিবোৰ সেৱন কৰিলে ব্ৰণৰ সমস্যাৰ সম্ভাৱনা বৃদ্ধি পায়। এন্টিডিপ্ৰেছন, মৃগীৰোগ আৰু কিছুমান প্ৰকাৰৰ ষ্টেৰইড ঔষধে ব্ৰণৰ সৃষ্টি কৰিব পাৰে।
• অতিপাত গৰম বা চৰ্বি জাতীয় খাদ্য খালেও আৰু লিভাৰৰ ৰোগ থাকিলেও শালমইন হ'ব পাৰে।
ব্ৰণ প্ৰতিৰোধৰ উপায় :-
কিছুমান বিশেষ বস্তুৰ যত্ন ল’লে ব্ৰণ হোৱাৰ আশংকা কমি যাব পাৰে । এই টিপচ্ সমূহ তলত আগবঢ়োৱা হ'ল -
ছালখন পৰিষ্কাৰ কৰি ৰাখক :
• ছালখন পৰিষ্কাৰ কৰি ৰাখক, এনে কৰিলে ব্ৰণৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পাব পাৰে। ইয়াৰ বাবে নিয়মিতভাৱে ছালখন ধুই থাকিব আৰু এই সময়ত কোমল ফেচ ৱাছ ব্যৱহাৰ কৰিব।
• সঠিক খাদ্য গ্ৰহণ কৰক :
ছালখন সুস্থ কৰি ৰাখিবলৈ স্বাস্থ্যসন্মত আৰু ছালৰ অনুকূল খাদ্য গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়। যদি আপুনি অস্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰি আছে তেন্তে ই আপোনাৰ স্বাস্থ্যৰ লগতে আপোনাৰ ছালৰ ক্ষতি কৰিব পাৰে। যদি আপোনাৰ পিঠিৰ ব্ৰণ থাকে তেন্তে কিছুমান খাদ্যই ইয়াক বৃদ্ধি কৰিব পাৰে যেনে দুগ্ধজাত খাদ্য, মইদাৰ খাদ্য আৰু তেল-চৰ্বি জাতীয় খাদ্য, কণী জলকীয়া ইত্যাদি। এনে পৰিস্থিতিত আপুনি স্বাস্থ্য বিশেষজ্ঞ বা খাদ্য বিশেষজ্ঞৰ সহায়ত নিজৰ বাবে ছালৰ অনুকূল খাদ্য প্ৰস্তুত কৰিব পাৰে।
• ব্যায়াম :
স্বাস্থ্য বজাই ৰখাৰ লগতে সুস্থ ছালৰ বাবে নিয়মিতভাৱে ব্যায়াম কৰাটো অতি প্ৰয়োজনীয়। কিন্তু কেতিয়াবা কিছুমান ব্যায়াম বা ব্যায়ামৰ পদ্ধতিৰ ফলত ছালৰ ব্ৰণ হ’ব পাৰে। এনে পৰিস্থিতিত আপুনি আপোনাৰ ছালৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি কেনেকৈ আৰু কোনবোৰ ব্যায়াম কৰিব লাগে সেই বিষয়ে স্বাস্থ্য বিশেষজ্ঞৰ পৰা পৰামৰ্শ ল’ব পাৰে। এনে ক্ষেত্ৰত পাতল ব্যায়াম কৰিব লাগে। ইয়াৰ বাবে যোগাসনো অতি উত্তম।
• মানসিক চাপ দূৰ কৰক :
মানসিক চাপ থাকিলে শৰীৰ গৰম হৈ থাকে। ইয়াৰ ফলত শালমইনৰ সমস্যা বাঢ়ে। দেহত বেয়া কলেষ্টোৰেল বাঢ়িলেও শালমইন ওলায়।
• ইয়াক কম কৰিবলৈ বেক্টেৰিয়া নাশক কোমল চাবোন ব্যৱহাৰ কৰিব পাৰে।
• লং গুড়ি কৰি এচামুচ ল'ব, ইয়াৰ লগত ২/৩ চামুচ মুলতানি মাটি আৰু গোলাপ জল ব্যৱহাৰ কৰি মুখত ১৫/২০ মিনিট লগাই ভালদৰে ধুই অইল ফ্ৰী মইশ্বাৰাইজাৰ লগাব। এনেদৰে প্ৰতিদিনে দুপৰীয়া আৰু ৰাতি শুৱাৰ আগতে লগাব। এনেদৰে পিঠিতো লগাব পাৰে।