আত্মা কি? – আত্মাৰ প্ৰকৃতি, প্ৰকাৰ আৰু ৰহস্য
( অপূৰ্ব দাস )
আত্মা মানে সূক্ষ্ম শৰীৰ, যিটো আমাৰ স্থূল শৰীৰৰ পৰা পৃথক (যেনে হাড়, মাংস, তেজ ইত্যাদি নথকা বায়ুৰ দ্বাৰা গঠিত শৰীৰ)। মানুহৰ মৃত্যু হ’লে তেওঁৰ স্থূল শৰীৰটো ধ্বংস হয়, কিন্তু আত্মাৰ মৃত্যু নহয়। আত্মা সদায় জীয়াই থাকে আৰু নিজৰ কৰ্ম অনুসৰি এটা শৰীৰৰ পৰা আন এটা শৰীৰলৈ প্ৰৱেশ কৰি থাকে। আত্মা হৈছে প্ৰকৃত “মই” বুলি ভবাটো– যিয়ে চিন্তা কৰে, অনুভৱ কৰে আৰু কাম কৰিবলৈ ইচ্ছা বা অনিচ্ছা কৰে।
আত্মা দুই প্ৰকাৰৰ:
(১) নাৰী আত্মা
(২) পুৰুষ আত্মা
বহুতে এই কথা বিশ্বাস নকৰে। বহুতে কয় যে আত্মাৰ কোনো লিংগ নাই, কিন্তু সেয়া নহয়। মৃত্যুৰ পিছতো শৰীৰ নাথাকিলেও আত্মাৰ মৌলিক স্বভাৱ (শক্তি ৰূপ) – দুবিধ।
ঠিক যেনেকৈ শক্তি দুবিধ –
(১) এবিধ ধনাত্মক শক্তি
(২) আনবিধ ঋণাত্মক শক্তি
একেদৰে আত্মাও দুটা ৰূপত পোৱা যায়।
নাৰী আত্মা কি?
নাৰী আত্মা ইতিবাচক শক্তিৰে গঠিত। ইয়াক “নাৰী শক্তি” বুলিও কোৱা হয়। এই আত্মা কোমল, সংবেদনশীল, প্ৰেমময় আৰু সৃষ্টিশীল।
নাৰী আত্মা যদি কোনো পুৰুষ শৰীৰত জন্ম লয় তেতিয়া সেই আত্মাক চিনি পোৱা যায় যে সেইটো পুৰুষ নহ'য়।
সেয়ে ই নাৰীৰ দৰে আচৰণ কৰে, আৰু ই নিজকে নাৰী বুলি গণ্য কৰে। যেনে - কিন্নৰ, Transgender Woman, সমকামী নাৰী চৰিত্ৰৰ পুৰুষ ।
পুৰুষ আত্মা কি?
পুৰুষ আত্মা ঋণাত্মক শক্তিৰে গঠিত। ইয়াক “পুৰুষ শক্তি” বুলি কোৱা হয়। এই আত্মা শক্তিশালী, চিন্তাশীল, বিশ্লেষণাত্মক আৰু সুৰক্ষামূলক।
এই আত্মাই যদি নাৰী শৰীৰত জন্ম লয়, তেন্তে ই পুৰুষৰ দৰে আচৰণ কৰে আৰু ই নিজকে নাৰী বুলি নহ'য়, পুৰুষ বুলিহে গণ্য কৰে।
যেনে - লেচবিয়ান, Transgender Man, সমকামী পুৰুষ সুলভ নাৰী।
আত্মা বা ভূত দেখিবলৈ ভয়ংকৰ নেকি ?
আচলতে আত্মা বা ভূত দেখিবলৈ ভয়ংকৰ নহ'বও পাৰে। ধুনীয়া ৰূপটো আত্মা বা ভূত দেখা পোৱা যায়।
আত্মাৰ স্বভাৱ – ভাল আত্মা আৰু বেয়া আত্মা :
আত্মাৰ স্বভাৱক দুই প্ৰকাৰত ভাগ কৰা হৈছে:
ভাল আত্মা – যি প্ৰেম, দয়া, সেৱা, সত্য আৰু জ্ঞানৰ পথ অনুসৰণ কৰে। এনে আত্মাই আনৰ মংগলৰ কথা চিন্তা কৰে আৰু শান্তিপূৰ্ণ।
বেয়া আত্মা – যি ক্ৰোধ, ঘৃণা, লোভ, প্ৰতাৰণা আৰু হিংসাৰ পথ অনুসৰণ কৰে। এই আত্মাটো নেতিবাচক শক্তিৰে ভৰপূৰ, আৰু যদি ই শৰীৰহীন হয়, তেন্তে ই আনক ভয় খুৱাবলৈ বা ক্ষতি কৰিবলৈ চেষ্টা কৰে।
আত্মা ক'ত থাকে?
যেতিয়ালৈকে আত্মা শৰীৰত থাকে তেতিয়ালৈকে ই হৃদযন্ত্ৰ আৰু মগজুৰ মাজত অৱস্থিত শক্তি কেন্দ্ৰত বাস কৰে। মৃত্যুৰ পিছত আত্মাই শৰীৰ এৰি সূক্ষ্ম জগতলৈ যাত্ৰাত নামি পৰে। ইয়াৰ শৰীৰ বায়ুৰে গঠিত হোৱাৰ বাবে ইয়াক স্থূল চকুত দেখা নাযায়। বায়ু যেনেকৈ দেখা নাযায় কিন্তু অনুভৱ হয়, সেইদৰে আত্মাও তেনেকুৱাই।
আত্মা থকা ঠাই হৈছে - মন্দিৰ, গছ-গছনি, শ্মশান, পুৰণি ঘৰ, কিছুমান নদী, জলাশয় বা পুখুৰী , দুৰ্ঘটনা হোৱা ঠাই ইত্যাদি।
কিয় আত্মা হৈ থাকে ?
এইটো এটা গভীৰ প্ৰশ্ন। যেতিয়া কোনো মানুহ এজনৰ অস্বাভাৱিক মৃত্যু হয় তেতিয়া তেওঁৰ আত্মাটো মুক্তি লাভ নকৰে বুলি কয়। মুক্তি লাভ কৰিবলৈ বহু দিন লাগিব পাৰে বা কম দিন লাগিব পাৰে বুলিও কয়। সেইটো তেওঁৰ ভাল বা বেয়া কৰ্মৰ ওপৰত নিৰ্ভৰ কৰে। আচলতে জন্ম গ্ৰহণ কৰাৰ আগতে সকলোৱে আত্ম হৈ থাকিব লগা হ'য় । নিজৰ কৰ্মৰ ওপৰত ভিত্তি কৰিহে বিভিন্ন জন্ম লাভ কৰে আৰু সুখ বা দুখ ভোগ কৰে।
আত্মা কেতিয়াবা দেখা যায়নে ?
হয়, এটা আত্মাক কিছুমান বিশেষ পৰিস্থিতিত দেখা পোৱা যায়। যেতিয়া নিজৰ শক্তিৰে ই এটা বিশেষ ৰূপ লয়, তেতিয়া ই কাৰোবাৰ বাবে দৃশ্যমান হৈ পৰে। এই ৰূপ ধোঁৱা, ছাঁ, পোহৰ বা ছাঁৰ ৰূপত হ’ব পাৰে। কেতিয়াবা কোনো বাৰ্তা বা কামৰ বাবে আত্মাবোৰ দেখা দিয়ে — যেনে কোনো অসমাপ্ত কাম, প্ৰতিশোধ, বা সহায় বিচৰা।
অসমত পোৱা কিছুমান ভয়ংকৰ আত্মা বা ভূত :
অসমত এনে বহু ৰহস্যময় স্থান আৰু আত্মাৰ কাহিনী প্ৰচলিত হৈছে:
(১) গছত থকা পিশাচ – গছত বাস কৰা আৰু পথচাৰীক বিভ্ৰান্ত কৰা বেয়া আত্মা।
(২) পোহোনীয়া বীৰা – এই আত্মা বিশেষ মন্ত্ৰৰ দ্বাৰা বান্ধ খাই থাকে আৰু কাৰোবাৰ নিয়ন্ত্ৰণত থাকে।
(৩) নাগিন আত্মা – সাপৰ ৰূপৰ বাবে কাৰোবাৰ প্ৰতিশোধ ল’বলৈ অহা আত্মা।
(৪) ডাকিনি – তান্ত্ৰিক পদ্ধতিৰ লগত জড়িত শক্তি, যিবোৰ ৰাতি আত্মাৰ ৰূপত দেখা দিয়ে।
(৫) দʼত বা বাক : এই ধৰণৰ ভূত বা আত্মাই মাছ খায় আৰু পথাৰ বা নদীত দেখা পোৱা যায়।
(৭) বা মাৰলি : কেতিয়াবা বা মাৰলিৰ ৰূপতো এনে ভয়ানক আত্মাই ক্ষতি সাধন কৰে।
(৮) বাওনা ভূত : এনে ধৰণৰ ভূত বাওনা কাৰণে এনে নাম পায়।
(৯) মানুহৰ ৰূপত ভূত : এনে ভূত বা আত্মাই বিভিন্ন মানুহৰ ৰূপত দেখা দিব পাৰে।
(১০) ঘোড়া পাক : এই ধৰণৰ ভূত আছে বুলি মুখে মুখে প্ৰচলিত। কোনোবাই দেখা বুলিও মন্তব্য কৰে। এই ধৰণৰ ভূতৰ দেহটো ঘোড়াৰ দৰে আৰু মূৰটো মানুহৰ দৰে ভয়ানক।
(১১) বিভিন্ন জীৱ-জন্তুৰ ৰূপত ভূত: এনে ধৰণৰ ভূতে গৰু, মেকুৰী, বাদুলী আদিৰ ৰূপত দেখা দিয়ে।
(১২) বুঢ়া দাঙৰীয়া : এনে ধৰণৰ ভূত নামঘৰত থকা বুলি অসমীয়া লোকে বিশ্বাস কৰে। কোনে কোনেৱে এনে ভূত দেখা পাইছে বুলি জনাইছে।
(১৩) যক্ষিণী : ই হৈছে হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ পৌৰাণিক আখ্যানসমূহত উল্লেখ থকা এক শ্ৰেণীৰ জীৱ। যক্ষিণীসকল যক্ষসকলৰ সহচৰী। তেওঁলোক দেৱতা, অসুৰ, ৰাক্ষস, আৰু গন্ধৰ্ব বা অপ্সৰাসকলতকৈ ভিন্ন। যক্ষিনী আৰু যক্ষ ভাৰতৰ শতিকাজুৰি পুৰণি পৱিত্ৰ বনাঞ্চলসমূহৰ সৈতে জড়িত বহুতো আতিভৌতিক জীৱসমূহত ভিতৰত অন্যতম।
(১৪) ৰাক্ষস: ই একপ্ৰকাৰৰ শক্তিশালী মানৱ জাতি। যি পূৰ্বতে অসম আৰু ভাৰতত থকা বুলি পুৰণি ধৰ্ম গ্ৰন্থ আৰু ইতিহাসত আছে। আমাৰ অসমত নৰকাসুৰ নামৰ ৰাক্ষসে প্ৰাগজ্যোতিষপুৰৰ ৰজা আছিল। এই ৰাক্ষস জাতীয়ে সাধাৰণ মানুহক আহাৰ হিছাপে গ্ৰহণ কৰে বুলি প্ৰচলিত।
সৃষ্টি আৰু আত্মাৰ সম্পৰ্ক :
সমগ্ৰ সৃষ্টি দুটা শক্তিৰ সংযোগেৰে গঠিত – ধনাত্মক (নাৰী) আৰু ঋণাত্মক (পুৰুষ)। এই দুই আত্মাই যেতিয়া ইজনে সিজনৰ লগত ভাৰসাম্য ৰক্ষা কৰে তেতিয়া সৃষ্টিৰ অগ্ৰগতি হয়। কিন্তু যেতিয়া ভাৰসাম্যহীনতা হয় তেতিয়া ধ্বংস আৰম্ভ হয়।
আত্মা এক ৰহস্যময় আৰু চিৰন্তন সত্তা। ই কেৱল এটা শৰীৰ নহয়, ই শক্তি – যিটো ইতিবাচক বা ঋণাত্মক হ’ব পাৰে, আৰু পুৰুষ বা নাৰী প্ৰকৃতিৰ হ’ব পাৰে। আত্মাৰ স্বভাৱ, ইয়াৰ লিংগ আৰু ইয়াৰ শক্তি – এই সকলোবোৰ এই মহাজাগতিক শক্তিৰ ভাৰসাম্যৰ সৈতে জড়িত।
মৃত্যুৰ পিছত শৰীৰৰ ধ্বংস হ’ব পাৰে, কিন্তু আত্মাই নিজৰ পৰিচয়, আৱেগ, কৰ্মৰ সৈতে আগবাঢ়ি যায় – আৰু এইটোৱেই হৈছে আত্মাৰ সৰ্ববৃহৎ শক্তি।