‘দীৰ্ঘদিনীয়া বিষ’ কেনেকৈ দূৰ কৰিব? বিষৰ পৰা উপশম পোৱাৰ এই তিনিটা প্ৰাকৃতিক উপায় জানিবলৈ পঢ়িব।
( অপূৰ্ব দাস )
আজিৰ দ্ৰুত গতিৰ জীৱনত দীৰ্ঘদিনীয়া বিষ অৰ্থাৎ স্থায়ী বিষ এটা সাধাৰণ সমস্যা হৈ পৰিছে। এই বিষ সপ্তাহ, মাহ বা কেতিয়াবা বছৰ ধৰি থাকিব পাৰে। কঁকালৰ বিষ, ডিঙিৰ বিষ, মূৰৰ বিষ বা মাইগ্ৰেইন, বাতবিষ বা স্নায়ুৰ বিষ - এই সকলোবোৰ দীৰ্ঘদিনীয়া বিষৰ শ্ৰেণীত আহে। ই কেৱল শাৰীৰিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলোৱাই নহয় মানসিক স্বাস্থ্যতো প্ৰভাৱ পেলায়।
প্ৰায়ে মানুহ দীৰ্ঘদিনীয়া বিষৰ পৰা সকাহ পাবলৈ বিষনাশক বা অন্যান্য ঔষধৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে। কিন্তু ঔষধৰ অত্যধিক সেৱনে যকৃত, বৃক্ক আৰু পাচনতন্ত্ৰৰ ক্ষতি কৰিব পাৰে। এনে পৰিস্থিতিত প্ৰাকৃতিক আৰু ঔষধবিহীন প্ৰতিকাৰ অতি ফলপ্ৰসূ বুলি প্ৰমাণিত ।
এই লেখাটোত আপোনালোকক দীৰ্ঘদিনীয়া বিষৰ পৰা সকাহ পোৱাৰ তিনিটা ফলপ্ৰসূ প্ৰাকৃতিক উপায়ৰ বিষয়ে ক’ম, যিয়ে কেৱল বিষ কমোৱাত সহায় কৰাই নহয়, আপোনাৰ সামগ্ৰিক স্বাস্থ্যও উন্নত কৰিব।
• যোগ আৰু ধ্যান-
শাৰীৰিক, মানসিক আৰু আৱেগিক চাপ কমোৱাত যোগ আৰু ধ্যান অতি ফলপ্ৰসূ। বৈজ্ঞানিক গৱেষণাই প্ৰমাণ কৰিছে যে যোগাসন কৰিলে শৰীৰত এণ্ড’ৰ্ফিন অৰ্থাৎ ‘প্ৰাকৃতিক বিষনাশক’ৰ মাত্ৰা বৃদ্ধি পায়। ধ্যান-ধাৰণাই মনক শান্ত কৰে আৰু বিষৰ প্ৰতি সংবেদনশীলতা হ্ৰাস কৰে।
কোনবোৰ যোগাসন ফলপ্ৰসূ?
ভুজংগাসন (Cobra Pose) – কঁকালৰ বিষ আৰু ছাৰ্ভাইকেলৰ বাবে উপকাৰী।
মাৰ্জাৰী আসন (Cat-Cow Pose) – মেৰুদণ্ড আৰু ডিঙিৰ বিষৰ পৰা উপশম।
বজ্ৰাসন (Thunderbolt Pose) – আঁঠু আৰু কঁকালৰ বিষত উপকাৰী।
পৱনমুক্তাসন (Wind-Relieving Pose) – গেছ, বদহজম আৰু কঁকালৰ বিষৰ পৰা উপশম।
শৱাসন (Corpse Pose) – গোটেই শৰীৰটোক শিথিল কৰিবলৈ।
ধ্যান কেনেকৈ কৰিব?
(১) প্ৰতিদিনে পুৱা বা সন্ধিয়া ১০ৰ পৰা ২০ মিনিট ধ্যান-ধাৰণা কৰক।
(২) নিস্তব্ধ ঠাই বাছি লওক।
(৩) চকু দুটা মুদি দীঘলকৈ উশাহ লৈ উশাহ এৰিব।
(৪) কেৱল নিজৰ উশাহ-নিশাহৰ ওপৰত গুৰুত্ব দিয়ক। বেলেগ কথা নাভাবিব।
যদি কোনো চিন্তা মনলৈ আহে, সেইটো এৰি দিয়ক আৰু পুনৰ উশাহত মনোনিৱেশ কৰক।
ইয়াৰ উপকাৰিতা:
(১) বিষ কমি যায়।
(২) টোপনি ভাল।
(৩) মানসিক চাপ, হতাশা আৰু উদ্বেগ কমি যায়।
(৪) শক্তি শৰীৰত আহে।
• বিষ কমাব পৰা খাদ্য:
কিছুমান খাদ্যৰ এন্টি-ইনফ্লেমেটৰী গুণ থাকে যিয়ে শৰীৰৰ প্ৰদাহ আৰু বিষ কমোৱাত সহায় কৰে।
(১) হালধি : কাৰকুমিন নামৰ এবিধ উপাদান থাকে যিটো বিষ আৰু প্ৰদাহ দুয়োটাতে উপকাৰী। প্ৰতিদিনে হালধিৰ গাখীৰ বা গৰম পানীৰে খাব লাগে।
(২) আদা: ইয়াত জিঞ্জাৰল থাকে যিয়ে বিষ আৰু প্ৰদাহ কমায়। আদাৰ চাহ খাব পাৰে বা কেঁচা আদা খাব পাৰে।
(৩) নহৰু : ইয়াৰ প্ৰদাহ নিবাৰণকাৰী গুণ আছে। প্ৰতিদিনে ৰাতিপুৱা খালী পেটত ১-২ ফোট নহৰু খালে উপকাৰ হয়।
(৪) ওমেগা-৩ ফেটি এচিড: Flaxseed , মাছ, বাদাম, আখৰোট আদিত পোৱা যায়। ই গাঁঠি আৰু পেশীৰ বিষৰ পৰা উপশম দিয়ে।
(৫) সেউজীয়া শাক-পাচলি আৰু ফল-মূলঃ ভিটামিন আৰু এন্টিঅক্সিডেন্টৰ দ্বাৰা সমৃদ্ধ যিয়ে শৰীৰৰ প্ৰদাহ কমায়।
• এইবোৰ নাখাব?
(১) অতিৰিক্ত তেল থকা খাদ্য, ভজা খাদ্য।
(২) বেছি মিঠা।
(৩) প্ৰচেছড খাদ্য আৰু পেকেটত ভৰোৱা খাদ্য।
(৪) অত্যধিক কেফেইন আৰু মদ্যপান।
• আয়ুৰ্বেদিক আৰু ঘৰুৱা উপায়ঃ
(১) তিল তেল বা নাৰিকল তেলেৰে মালিচ কৰক।
(২) এড়ি তেলৰেও মালিছ কৰিব।
(৩) গাখীৰৰ লগত হালধি আৰু আধা চামুচ মেথি গুড়িৰ মিশ্ৰণ মিহলাই খাব পাৰে।
(৪) অশ্বগন্ধা, শিলাজিত সেৱন কৰিব পাৰে।
৩/ সামগ্ৰিক চিকিৎসা (মালিচ, একুপ্ৰেচাৰ আৰু ফিজিঅ’থেৰাপি) অত্যাধিক উপকাৰী।
মালিচ থেৰাপী:
(১) দৈনিক কুহুমীয়া গৰম তেলৰ দ্বাৰা আক্ৰান্ত অংশত মালিচ কৰিলে ৰক্ত সঞ্চালন উন্নত হয়।
(২) তিল তেল, নাৰিকল তেল বা সৰিয়হৰ তেলত লং দি গৰম কৰি মালিচ কৰক।
• আকুপ্ৰেচাৰ আৰু আকুপাংচাৰ:
(১) শৰীৰৰ কিছুমান বিশেষ বিন্দুত চাপ দিলে বিষৰ পৰা উপশম পোৱা যায়।
(২) মূৰৰ বিষ, কঁকালৰ বিষ, ডিঙিৰ বিষ আৰু আঁঠুৰ বিষত অতি ফলপ্ৰসূ।
(৩) আকুপাংচাৰত বিষ হোৱা ঠাইত পাতল বেজীৰে চিকিৎসা কৰা হয়, যাৰ ফলত স্নায়ুতন্ত্ৰ সক্ৰিয় হয় আৰু বিষ কম হয়।
• ফিজিঅ'থেৰাপি:
(১) বিশেষজ্ঞৰ ফিজিঅ’থেৰাপিষ্টৰ দ্বাৰা নিৰ্ধাৰিত ষ্ট্ৰেচিং আৰু শক্তিৰ ব্যায়ামে বিষৰ পৰা দীৰ্ঘম্যাদী সকাহ দিয়ে।
(২) দীৰ্ঘদিনীয়া বিষত বৈদ্যুতিক উদ্দীপনা, আল্ট্ৰাছাউণ্ড থেৰাপী, আৰু তাপ বা ঠাণ্ডা চিকিৎসাও ফলপ্ৰসূ।
• অন্যান্য সহায়ক ব্যৱস্থা:
(১) গৰম পানী কম্প্ৰেছ বা গা ধোৱা।
(২) ফুলি থাকিলে ঠাণ্ডা কম্প্ৰেছ কৰক।
(৩) যথেষ্ট টোপনি লওক। ৭-৮ ঘন্টা টোপনি গ'লে শৰীৰ মেৰামতি হয়। বিষ দূৰ হয়।
(৪) মানসিক চাপ কম কৰক, কিয়নো মানসিক চাপে বিষো বৃদ্ধি কৰে।
(৫) লঘু খোজ কঢ়া, সাঁতোৰ, বা চাইকেল চলোৱাৰ দৰে কাৰ্য্যকলাপ গ্ৰহণ কৰক।
দীৰ্ঘদিনীয়া বিষ ঠিক কৰাটো সহজ নহয়, কিন্তু সঠিক জীৱনশৈলী, সুষম খাদ্য, যোগ-ধ্যান, আৰু প্ৰাকৃতিক প্ৰতিকাৰৰ দ্বাৰা আপুনি বিষ বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পাৰে। ঔষধৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে এই প্ৰাকৃতিক পদ্ধতিসমূহ দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰক। ইয়াৰ ফলত আপোনাৰ বিষ কম হোৱাই নহয় জীৱনৰ মানদণ্ডও উন্নত হ’ব।
যদি বিষ অত্যধিক বাঢ়ি যায় বা দীৰ্ঘদিন ধৰি থাকে তেন্তে নিশ্চিতভাৱে চিকিৎসক বা আয়ুৰ্বেদ বিশেষজ্ঞৰ পৰামৰ্শ লওক।