ক'লা মেঘ আঁতৰি যা
( উপন্যাস )
অপূৰ্ব দাস ✍
আজি বহু দিন পাৰ হ’ল ৷ ৰাতি ৰাতি অনুৰাধাৰ ভালদৰে টোপনি নাহে ৷ বহু চিন্তাই তাইৰ মনত দোলা দি থাকে ৷ কাহিলী পুৱাৰ সময়ত ওলপ চিল-মিলকৈ টোপনি আহিছিল যদিও ঘড়ীটোৱে পুৱা ছয় বজাৰ সংকেত দিয়াত সাৰ পালে৷ গাৰুটোৰ কাষতে থোৱা মোৱাইলটোৰ চুইচটো অন কৰি লৈ প্ৰতি দিনাৰ দৰে এটা মেছেজ লিখিবলৈ ধৰিলে
“ সুপ্ৰভাত মোৰ মৰমৰ......."
তাই প্ৰতিদিনৰ পুৱাতেই এনেদৰে মেছেজ লিখি পঠিয়াই দিয়ে, কিন্তু কোনো হ’লে প্ৰতুত্তৰ নাপায়৷ ফোন এটা কৰিব নেকি, যদি খং কৰি গালি দিয়ে ? নাই নাই , ফোন কৰিব নোৱাৰি !
মনত হেজাৰ চিন্তাৰ বাবেই তাইৰ মুখখনি সেতা পৰি গৈছে ৷ খাবলৈ-শুবলৈ মন নোযোৱা হৈছে ৷ এটা যন্ত্ৰৰ দৰে কৰিবলগীয়া সকলো কাম কৰি গৈছে ৷ মুখৰ হাঁহি-মাত স্তব্ধ ৷ আজি বতৰটোও গোমা ৷ বিচনাৰ পৰা উঠিয়েই প্ৰাত কৰ্মবোৰ কৰি ল’লে৷ আজি স্কুল বন্ধ ৷ সেয়েহে তাই ভাত নাৰান্ধিলে৷ চাহ একাপ বনাই লৈ দুখন বিস্কুট টেমাটোৰ পৰা উলিয়াই লৈ বেলকনিত থকা চকীখনত বহি চাহ খোৱাত লাগিল৷ হায়াৰচেকেণ্ডাৰী টো পাছ কৰিয়েই ঘৰৰ অমতত অনুৰাগ নামৰ ল’ৰা জনৰ লগত পলাই আহিছিল ৷ সেইদিনাৰ পৰাই মাক-দেউতাকৰ লগত সম্পৰ্ক হেৰুৱাইছে ৷ বহু আশা বুকুত বান্ধি লৈ অনুৰাগৰ লগত পলাই আহিছিল ৷ তাই পাগলীৰ দৰে অনুৰাগক বহুত ভাল পায় কাৰণে ঘৰৰ সকলো সম্পৰ্ক ত্যাগ কৰিব পাৰিছিল ৷ অনুৰাগৰ মৰমে বহু সুখী কৰি ৰাখিছিল৷ অনুৰাগৰ দেউতাকৰ বাহিৰে অনুৰাগহঁতৰ ঘৰৰ মানুহে অনুৰাধাক ভাল পোৱা নাছিল ৷ সদায়েই অনুৰাগৰ মাকৰ পৰা গালি-ঠাট্টা শুনিব লগা হৈছিল৷ হথাতে এদিন অনুৰাগৰ এটা চাকৰি হ’ল ৷ চাকৰিটো পোৱাৰ পাছত অনুৰাগ তাইৰ পৰা দূৰৈত থাকিব লগা হ’ল ৷ হ’লেও অনুৰাগৰ মৰমে তাইৰ হৃদয়খনি জীপাল কৰি ৰাখিছিল৷
এনেদৰে দুবছৰ পাৰ হ’ল ৷ অনুৰাগে আগতকৈও চাকৰিৰ কৰ্মত ব্যস্ত থাকিব লগা হোৱা কাৰণে তাইলৈ সপ্তাহত মাথো এবাৰ হে ফোন কৰা হ’ল৷
: ৰাগ, মই ইয়াত তোমাৰ অবিহনে অকলে থাকি বৰ দুখ অনুভৱ কৰোঁ ৷
: কিয়? কি হ’লনো ?
: মাই মোক ভাল নাপায় ৷ দেউতাৰ বাহিৰে এইখন ঘৰত মোক মৰম কৰা মানুহ দ্বিতীয়জন মাথো তুমি ৷ তুমিও আজি কালি মোৰ খবৰ লবলৈ এৰি দিলা ৷ কেনেকৈ মই সুখত থাকিম ?
: মূৰ গৰম কৰা এনেবোৰ কথা নকবি !
মোৰ মা বেয়া হ’ল নেকি? কামৰ ব্যস্ততা এৰি তোৰ লগত প্ৰেমৰ গান গাবলৈ মোৰ সময় নাই ! - অনুৰাগৰ খঙৰ ভমকত ওলোৱা কথা কেইটাই অনুৰাধাৰ হৃদয়ত আঘাত দিলে৷
: ৰাগ, আগতে তুমি মোক ইমান মৰম দিছিলা ...
তোৰ কাৰণেই মোৰ মা-দেউতাৰ লগতো সম্পৰ্ক ত্যাগ কৰিলোঁ ৷ এতিয়া মোক ফোন কৰিবলৈও সময় নোহোৱা হ’ল ৷ তোমাৰ এটা মেছেজৰ অপেক্ষাত মই চটফটাই থাকোঁ ৷ তোমাৰ মৰম অবিহনে দিন নাযায় ৰাতি নুপুৱায় ৷ কিয় বাৰু তুমি মোৰ হৃদয়ৰ কথা নুবুজা? মোৰ মৰমৰ মূল্য ইয়াতেই সমাপ্ত হ’বলৈ দিব খোজা নেকি?
: ৰাগ, হেলো...ৰাগ... - হথাৎ সিফালৰ পৰা ফোন লাইন কাটি দিলে অনুৰাগে৷
আজি-কালি অনুৰাগ বহুত সলনি হ’ল৷
আগতে কিমান যে মধুৰ মধুৰ কথা কৈছিল...
ফোনত সদায় ৰাতি বাৰ বজালৈকে কথা পাতিছিল... কিমান যে মৰম দিছিল... তাই লিখা কবিতা শুনি সি খুব ভাল পাইছিল...
অনুৰাগে দিয়া উৎসাহৰ বাবেই তাই কবিতা লিখিব পাৰিছিল...
প্ৰতি বছৰে তাইৰ জন্ম দিনত এটা সৰু হ’লেও উপহাৰ দিছিল... ৰেষ্টোৰাই ৰেষ্টোৰাই ইবিধ-সিবিধ খাদ্যৰ জুতি আৰু প্ৰেমৰ আলাপ আলোচনাত দুয়ো মগ্নহৈ উৰি ফুৰিছিল এখন নতুন সেউজীয়া পৃথিৱীত৷ সেইজন অনুৰাগ দুটা বছৰৰ পাছতেই যে এনেদৰে সলনি হ’ব তাই সপোনতো ভবা নাছিল৷
অনুৰাগে বাৰু সঁচাকৈয়ে নিজৰ কামত ব্যস্ত আছিল নে?
অনুৰাগে নিজৰ কামৰ ব্যস্ততাৰ মাজতে তাৰ নতুন প্ৰেয়সী একেলগে অফিচত কাম কৰা হিয়াৰ খবৰ ল’বলৈ, প্ৰতিদিনে ফোনত কথা পাতিবলৈ আৰু মেছেজ দিবলৈ পাহৰা নাছিল৷ অফিচতটো সদায়েই ল’গ পাইছিল দুয়ো-দুয়োকে ৷ কামৰ বোজা এৰি দুয়ো সন্ধিয়াৰ সময়ত ঘূৰি ফুৰিছিল প্ৰেমত মতলীয়া হৈ আৰু গোপনে গোপনে দুয়োজনৰে সেই চহৰৰ হোটেলৰ কোনো এটা কোঠালিত যৌন সম্পৰ্কও গঢ়ি উঠিছিল ৷
: অনুৰাগ, দেহা ৷ তোমাক পাই মই বহুত সুখী ৷ সদায়েই তুমি মোক এনেদৰে সুখ দি থাকিবা বুলি মই আশা কৰিলো৷
: মোৰ জান, মইতো তোৰ কাৰণেই সকলো ত্যাগ কৰিব পাৰোঁ ৷ মোৰ মৰমৰ sweety তোলৈ ৰাতি ৰাতি বহুত মনত পৰে ৷
: অনুৰাধাক মনত নপৰে?
: বাদ দিয়া তাইৰ কথা ! মই তাইক সঁচা হৃদয়েৰে ভালপোৱা নাই নহ’য়৷
: কিয় বাৰু তাইৰ লগত প্ৰেমৰ অভিনয় কৰিছিলা?
: পঢ়ি থকা সময়ত ঘৰৰ পৰা যিমানখিনি মোক টকাৰ প্ৰয়োজন সিমানখিনি টকা পোৱা নাছিলোঁ ৷ আমাৰ ঘৰখনৰ আৰ্থিক অৱস্থা ভাল নাছিল ৷ মই বিচৰা সকলো বস্তু আৰু টকা অনুৰাধাৰ পৰাই পাইছিলোঁ ; কাৰণ তাই ধনী ঘৰৰ ছোৱালী ৷ সেইকাৰণে মই তাইৰ লগত প্ৰেমৰ অভিনয় কৰিছিলোঁ৷
: যদি ভাল পোৱা নাছিলা, পলুৱাই আনিছিলা কিয়?
: তাইৰ মৰমে মোক ওলপ হ’লেও বলিয়া কৰিছিল৷ কেৱল যৌনতাৰ বাবেহে !
: তুমি কিন্তু অনুৰাধাৰ প্ৰতি অন্যায় কৰিছা৷ এতিয়াও সময় আছে তাইক আকোৱালি লোৱা৷
: বাদ দিয়া তাইৰ কথা ৷ মোৰ আাগত উলিয়াই নাথাকিবা ৷
: মোৰ দেহা , ৰাতি বহুত হ’ল ৷ ঘৰলৈ যাওঁ দেই, ন’হলে মাই সন্দেহ কৰিব ৷
: মোৰ sweety , আৰু ওলপ সময় থাকা না!
: মই দেখোন তোৰেই ৷ বিয়াৰ পাছত যিমান মৰম কৰা কৰিবা ৷ বাৰু , বহু দেৰি হ’ল; এতিয়া যাওঁ ৷ কাইলৈ আকৌ ল’গ পাম৷ ৰাতি ফোনত কথা পাতিম ৷
কিছুদিন পাছত অনুৰাধাই এই কথা গম পালে যে অনুৰাগে অন্য এজনী ছোৱালীৰ প্ৰেমত মচগুল৷ যেতিয়া অনুৰাগ ঘৰলৈ আহিছিল তেতিয়া অনুৰাগৰ মোবাইলত হিয়াই মেছেজ দিছিল আৰু অনুৰাধাই সেই মেছেজটো পঢ়িছিল৷ তাইৰ সৰ্বশৰীৰ এক ঘৃণা আৰু যন্ত্ৰণাত কঁপি উঠিছিল ৷ মেছেজৰ অশ্লীল যৌনতাৰে ভাৰ কথাবোৰ পঢ়ি তাইৰ বুজিবলৈ বাকি নাথাকিল ৷ অনুৰাগ সেই সময়ত বাথৰুমত গা ধুই আছিল ৷
: ৰাগ, এইবোৰ তোমাৰ মোবাইল কাৰ মেছেজ?
অনুৰাগ ধৰাত পৰাৰ ভয়ত মিছাকৈ কঁপা কঁপা মাতেৰে ক’লে-
: মোৰ বান্ধৱী হ’য় !
: বান্ধৱীৰ ল’গত ইমান অশ্লীল মেছেজ! মোক মেছেজ দিবলৈ তোমাৰ সময় নাথাকে৷ এটা ফোন কৰিবলৈও সময় নাই ৷ মই ফোন কৰিলে কোৱা - মই কামত ব্যস্ত আছোঁ৷ এয়াই নেকি মোলৈ তোৰ মৰম, ভালপোৱা? কিয় মোৰ জীৱন ধ্বংস কৰিলা, মই তোমাৰ কাৰনে কি কৰা নাছিলো... সেই সময়ত মই তোমাক সহায় নকৰিলে আজি চাকৰি পালাহৈনে ? তোমাৰ মৰম পাবলৈ তোমাক সহায় কৰিছিলোঁ ৷ ভাবিছিলোঁ তুমি মোৰ আপোন, তুমি মোৰ সকলোঁ ৷ দিনে-ৰাতিয়ে কেৱল তোমাৰেই চিন্তাত ভাত-পানী পেটলৈ নগৈছিল ৷ মোৰ মৰম আৰু মই কৰা সকলো সহায় তুমি পলকতে ধূলিসাৎ কৰি দিব পাৰিলা ?
: মনে মনে থাক ! মোৰ খং উঠি যাব ৷ তই মিছাতে সন্দেহ কৰি লাভ নাই ৷
: মোৰ শপত খাই কোৱা !
অনুৰাগে তাইৰ মূৰত ধৰি শপত খাই ক’লে-
: তাই মোৰ বান্ধৱীহে মাথো৷ কোনো বেলেগ সম্পৰ্ক নাই ৷
ৰাতি অনুৰাধাৰ টোপনি নাহিল ৷ অনুৰাগক বিস্বাস কৰি তাই সকলো দুখ পাহৰি ঘৰখনৰ সকলো কাম এটা এটাকৈ কৰি গ’ল৷
ৰাতিপুৱা অনুৰাগ নিজৰ চাকৰি কৰা ঠাইলৈ গ’লগৈ ৷
এমাহ পাৰ নৌহোতেই অনুৰাগে হিয়াক বিয়া কৰোৱাৰ খবৰে তাইৰ শৰ্বশৰীৰ যন্ত্ৰণাত আকৌ এবাৰ কঁপাই তুলিলে ৷ তাই সেইদিনা গোতেই নিশা একো নোখোৱাকৈ খুব কান্দিছিল ৷ নিজৰ মনৰ মানুহজন যেতিয়া এনেদৰে আঁতৰি যায় তেতিয়া মনত কেনে আঘাত পাই চটফটাব লাগে সেয়া হ’য়তো এনেদৰে ভগ্ন হৃদয়ৰ মানুহ জনেহে অনুভৱ কৰিব পাৰিব ৷
পুৱা সোনকালে উঠি নিজৰ কাপোৰ-কানি বেগত ভৰাই লৈ অনুৰাগৰ দেউতাকৰ ওচৰলৈ গ’ল আৰু দুচকু চলচলীয়া কৰি ক’লে-
: দেউতা, কিবা ভুল হ’লে ক্ষমা কৰিব৷ মই আৰু এই ঘৰত এক মিনিটো থাকিব নোৱাৰোঁ ৷
আাপুনি সকলো কথা গ’ম পাইছে ৷ বাহিৰত কোনোবা চহৰত ঘৰ ভাড়া কৰি থাকিম৷ নিজৰ কাৰণে এটা চাকৰি বিচাৰিম জীয়াই থকা দিন কেইটাৰ কাৰণে ৷
মৰমৰ বোৱাৰীয়েকৰ দুচকুৰ চকুপানী দেখি আৰু কথাখিনি শুনি কিদৰে সান্তনা দিব একো ভাষা বিচাৰি পোৱা নাছিল৷ দেউতাকৰ ভৰি দুখন চুই সেৱা লৈ তাই সেইখন ঘৰৰ পৰা বিদায় লৈছিল ৷
শিলপৰা কপৌৰ দৰে মাথো নিৰৱে থিয় হৈ তাইলৈ চাই ৰৈছিল প্ৰৱীণ বুঢ়াই ৷
অনুৰাধাই গুৱাহাটীলৈ গৈ তাৰে এখন প্ৰাইভেত প্ৰাথমিক বিদ্যালয়ত কাম কৰি থাকিল ৷ এটি ৰুম ভাড়া লৈ তাতেই থাকিবলৈ ল’লে ৷ আজৰি সময়ত চিলাই কাম কাৰি নিজকে ব্যস্ত ৰাখিলে ৷ এনেদৰে ব্যস্ত হৈ থাকিলে দুখে আমনি নকৰে ৷ দিনৰ সময়ত স্কুলত কণ কণ ল’ৰা-ছোৱালী কেইটাৰ লগত থাকি খুবেই ভাল লাগে ৷ সেই সময়ত মনটো পাতল পাতল লাগে৷ ৰাতি হ’লে আকৌ জীৱনত ঘটা ধুমুহাই হেঁচা মাৰি ধৰে ৷ সেইদিনা স্কুলত শিকাই থাকোতে হথাতে বেয়া খবৰটো বান্ধৱী এজনীৰ পৰা পালে৷ অনুৰাগৰ দেউতাক হৃদ ৰোগত আক্ৰান্ত হৈ মৃত্যু হ’ল ৷ অনুৰাধাই খবৰটো পাই ৰ’ব নোৱাৰি দেউতাকৰ মৃত শৰীৰটো শেষবাৰলৈ চাবৰ বাবে সেইখন ঘৰলৈ গৈছিল ৷
তাইক মৰম কৰা মাথো ইজনেই মানুহ আছিল, যি জনে তাইক নিজৰ জীয়েকৰ দৰে মৰম কৰিছিল ৷ আজি সেই জন মানুহ তাই চিৰ দিনৰ বাবে হেৰুৱালে ৷ দুখে-বেদনাই তাইৰ হৃদয়ত বৰকৈ আঘাত দিলে৷
আাপোন মানুহৰ মৃত্যুৱে এনেদৰে হৃদয়খন শূন্য কৰি আঁতৰি গ’লে কিমান বেদনা পোৱা যায় সেয়া তাই ভালদৰে অনুভৱ কৰিলে ৷
এই পৃথিৱীত অনুৰাগৰ দেউতাকৰ বাহিৰে মৰম কৰা মানুহ যেন আন দ্বিতীয়জন নাছিল ৷ আনকি নিজৰ মাক-দেউতাকেও এবাৰো তাইৰ খবৰ নল’লে ৷
কিছুমান মানুহৰ জীৱনত এনেদৰে যন্ত্ৰণাই চিৰ জীৱন লগৰী হ’য় ৷ অনুৰাধাৰ জীৱনত হ’য়তো কোনো দিনেই সুখ নাহিব ৷ এটি অকলশৰীয়া বেদনা ভৰা জীৱন লৈ তাই তথাপিও জীয়াই আছে ৷ অনুৰাগ তাইৰ পৰা বহু আঁতৰত , যেন এটি আকাশৰ তৰাহে মাথো ৷ তাই বাওঁনা হৈ তৰাটিলৈ হাত মেলিব খুজিলে পাৰিবনে চুব?
বহু দিন পাৰ হ’ল ৷ কেতিয়াবা অনুৰাগক ফোন এটা কৰিম বুলি ভাবিও তাইৰ হাতখন ৰৈ যায় ৷ যানোচা সি খং কৰেই ! ফোন নম্বৰ টি অনুৰাগে সলাইছে ৷ তাইৰ বান্ধৱী চয়নিকাৰ দ্বাৰাইহে অনুৰাগৰ নম্বৰটো লাভ কৰিছে ৷
অনুৰাগক তাই কেতিয়াও দুখ দিব নোৱাৰে, কাৰণ আজিও অনুৰাগক প্ৰাণ ভৰি ভাল পায় ৷ তাৰ সুখৰ কাৰণে আগতেও সহায় কৰি আহিছে৷ অনুৰাগৰ মৰম পাবলৈ তাই অপেক্ষা কৰিব জীৱনভৰ ৷ মৃত্যুৰ সময়লৈকে বাট চাব অনুৰাগলৈ.....
প্ৰতিদিনেই ৰাতিপুৱা "সুপ্ৰভাত মোৰ মৰমৰ ৰাগ" বুলি তাই এটা মেছেজ অনুৰাগলৈ পঠিয়ায় ৷ সি বাৰু মেছেজটো পঢ়ি চায়নে?
নিজৰ নতুন পত্নীৰ সৈতে থাকিবলৈ এৰি তাইৰ সেই মূল্য নোহোৱা মেছেজটো পঢ়িব জানো?
এটা হুমুনিয়াহ কাঢ়ি তাই বেলকনিৰ চকী খনৰ পৰা উঠি নিজৰ আন্ধাৰ আৰু বন্ধ কোঠালিটোৰ ভিতৰলৈ সোমাই গৈ বিচনাখনত বাগৰি গাৰুটোৰ ওপৰত মূৰটো থৈ যন্ত্ৰণাত হুক হুকাই কান্দিবলৈ ধৰিল ৷ চকুৰ পানীৰে গাৰুটো তিতি সেমেকি উঠিল ৷ এজাক বৰষুণ আহিব চাগে ! মেঘৰ গাজনিত তাইৰ কান্দোনৰ শব্দ কোঠাৰ ভিতৰতে আবদ্ধ হৈ ৰ’ল ৷
(দ্বিতীয় খণ্ড)
আজিৰ পৰা স্কুলৰ ল’ৰা-ছোৱালীহঁতৰ বছৰেকীয়া পৰীক্ষা শেষ হ’ব ৷ পৰীক্ষাৰ ফলাফল পাবলৈ আৰু স্কুলৰ পাঠদান আৰম্ভ হ’বলৈ পঁছিশ দিনমান বন্ধ থাকিব ৷ এই কেইদিন তাইৰ হাতত বহুত সময় থাকিব ৷ তাই মনতে ভাবিলে - মই যদি এবাৰ নিজৰ মা-দেউতাৰ ঘৰলৈ যাওঁ ; কথাটো বেয়া নহ’ব চাগৈ ! মা-দেউতাই জানো নিজৰ সন্তানৰ ভুল ক্ষমা কৰি নিদিবনে ?
তাই নিজৰ মাক-দেউতাকৰ ওচৰলৈ যাবৰ কাৰণে ঠিৰাং কৰিলে৷
অহা কাইলৈ পুৱাতেই নামনি অসমলৈ যোৱা অৰ্থাৎ পাঠশালালৈ যোৱা বাছ এখনত নিজৰ মাকৰ ঘৰলৈ যাব ৷
পুৱা সোনকালে উঠি গা-মূৰ ধুই আনন্দতে অনুৰাগে দিয়া মেখেলা চাদৰ জোৰকে পিন্ধি ল’লে ৷ মুখখন দাপোনত চাই কপালত ৰঙা সেন্দূৰৰ ফোট আৰু সেওঁতাত সেন্দূৰ ল’ব খুজিও তাই ৰৈ গ’ল ..... দুচকুৰে দুধাৰি চকুলোঁ নিগৰি দুগালেৰে বৈ মাটিত পৰিল ৷
: অনু, তই কৰবালৈ যাৱ নেকি ?
পিছফালৰ পৰা ঘৰৰ মালিকিনীৰ মাতত অনুৰাধাই লগে লগে দুগালৰ চকু পানীখিনি হাতেৰে মচি লৈ ঘূৰি চাই মাত লগালে -
: হ’য় বাইদেউ , মাৰ ঘৰলৈ যাবলৈ ওলাইছোঁ৷
: তোৰ সকলোবোৰ কথা ঘৰত গ’ম পায়নে?
: গ’ম নাপায় বাইদেউ ৷
: যা বাৰু, কেইদিনমান মাৰাৰ ঘৰতে থাকিবি৷ মনটো পাতলিব ৷ তোক দেখি খং নকৰে ; ভাল হে পাব ৷
অনুৰাধাই গুৱাহাটীৰ পৰা পাঠশালা অভিমুখী এখন বাচত উঠি মাকৰ ঘৰলৈ যাত্ৰা কৰিল৷
********
অনুৰাধাৰ মাকে কেইখনমান নিজৰ কাপোৰ ধুই ৰ’দত মেলি দি থাকোতে পিছফালৰ পৰা "মা" বুলি মাত শুনাত ঘূৰি চালে-
: অনু, তই ?
: মা, মই আহিলোঁ৷ - তাই ভয় ভয় কৈ মাকক মাত লগালে৷
মাকে নিজৰ জীয়েকক দেখি আনন্দতে ৰ’ব নোৱাৰি জোৰকৈ সাৱতি ধৰি ক’লে -
: আজিহে মায়েৰালৈ মনত পৰিল নে? সেইজনক পাই মোকো এৰিব পাৰিলি তই ! কিমান কষ্টোৰে ডাঙৰ দীঘল কৰিলোঁ তহঁত দুটাক ; এতিয়া নিজৰ মাকক এৰিব পৰা হ’লি ৷
অনুৰাধাই ভাবিছিল, মাকে আজি তাইক খুব গালি পাৰিব ৷ ঘৰত সোমাব নিদিব ৷ কিন্তু, তাই ভবাৰ দৰে একোৱে নহ’ল৷
: দাদাই ঘৰত নাই নেকি? মা !
: কিনো ক’ম তাৰ কথা ! -হথাৎ মাকৰ চকু দুটি ৰঙা পৰি চলচলীয়া হ’ল৷
: দাদাৰ কিবা হৈছে নেকি ? - তাই মাকৰ চলচলীয়া চকুজুৰি দেখি আচৰিত হৈ সুধিলে-
: দাদাৰ কি হৈছে ? সকলো কথা কোৱা মা !
: ব’ল ঘৰৰ ভিতৰলৈ৷ আগতে কাপোৰ সলাই ল’ ৷
: আৰু দেউতা ভালে আছেনে মা?
: ভালে আছে ৷ তই যিদিনাৰ পৰা এই ঘৰ এৰি পলাই গ’লি, সেইদিনাৰ পৰা তোৰ দেউতাৰই মোকেই সকলো দোষ জাপি দিলে৷ আজিও তোৰ দেউতাৰাই মোক ভালদৰে নামাতে৷ মোৰ ল’গত কথা নকয়৷
: আচলতে সব মোৰ কাৰণেই হৈছে, মা ৷ মই যদি তেনে ভুল নকৰিলোহৈ সকলো ঠিকে থাকে থাকিল হেতেন !
: বিধাতাৰ লিখন ! নাজানো, কোন জনমত পাপ কৰিছিলোঁ ; এতিয়া ভুগিব ধৰিছো ৷ সুখৰ ঘৰখন হেৰাই গ’ল৷ জয়ন্ত এজন ডাঙৰ মানুহ হ’ব বুলি দূৰৈত বি এচ চি পঢ়ুৱাইছিলোঁ ৷
পিছে কি হ’ব ! সি ড্ৰাগচ ল’বলৈ ধৰিল ৷ এজনী ছোৱালীৰ প্ৰেমত পৰি বহু টকা ধ্বংস কৰি দিলে ৷ তাক এৰি ছোৱালীজনী অন্য এজনৰ লগত পলাই গ’ল কাৰণেই দিনে ৰাতিয়ে ভাত-পানী এৰি, চিন্তাতে পগলা হ’ল ৷
তাৰ চিকিৎসাৰ কাৰণে বহু টকা খৰচ কৰিলো৷ কিন্তু ভাল নহ’ল ৷
চকুৰ পানীখিনি মচি অনুৰাধাৰ মাক জয়াই অনুৰাধাক হাতত ধৰি টানি নি জয়ন্ত থকা কোঠালৈ লৈ গ’ল-
: সৌ জন ৷ এতিয়া সি শুই আছে ,জগাব নালাগে ৷
অনুৰাধাৰ মনৰ আকাশত আকৌ এচপৰা কলা ডাৱৰে ঘেৰি ধৰিল ৷ ঘৰখনৰ সকলো সুখ হেৰাই গ’ল ৷ তাইৰ নিজকেই অপৰাধী যেন লাগিল৷
: মা, দেউতা কেতিয়া আহিব ?
- অনুৰাধাই নিৰৱতা ভংগ কৰি মাকক সুধিলে ৷
: কলেজৰ ক্লাছ শেষ হোৱাৰ পাছত সুৰা পিবলৈ যোৱা হৈছে৷ আগতে মানুহ জনে সুৰাৰ গোন্ধ সহ্য নকৰিছিল!
: সকলো পৰিৱৰ্তন হ’ল, মা !
: এইয়া কপালৰ লিখন ! - এই বুলি কৈ জয়াই পাক ঘৰলৈ দুপৰীয়াৰ ভাত ৰান্ধিবলৈ সোমাই গ’ল৷ মাকৰ পিছে পিছে তাইও মাকক সহায় কৰিবলৈ সোমাই গ’ল৷
: মা, মই ৰান্ধিম ! তুমি মাথো কি কি ৰান্ধিব লাগে কৈ দিয়া ৷
: আজি আহিয়েই তই ৰান্ধিবি নে? সেইখন ঘৰলৈ গৈ ৰান্ধিয়েই থকা দেখোন ! বাৰু কোৱাচোন , তোৰ কথা ৷
: মই বহুত সুখী , মা ৷ সকলোৱে বহুত মৰম কৰে ৷ হথাৎ তোলৈ মনত পৰাই আহিলো৷ মই ভাবিছিলো তই মোক গালি পাৰিবি ! -
অনুৰাধাই নিজৰ সকলো দুখ-যন্ত্ৰণা লুকুৱাই থৈ মাকক থোকা-থোকি মাতেৰে ক’লে ৷
: সন্তানে যিমান ভুল কৰিলেও আৰু মাক জনীয়ে দুখ পালেও এৰিব নোৱাৰে ৷
: মা, এতিয়া এইবোৰ কথা বাদ দিয়া ৷ মই কিছু দিন থকাকৈ আহিছো যেতিয়া সকলো ভাল হ’ব ৷ - অনুৰাধাই মনৰ বেদনা বোৰ আঁতৰাবলৈ কিছু চেষ্টা কৰি কথাখিনি কৈ মাকক সাৱতি ধৰিলে৷
ৰাতি অনুৰাধাৰ দেউতাক হৰকান্তই ঢলং-পলং কৈ সুৰা পি আহি ঘৰ সোমালহি৷ দেউতাকৰ এনে অৱস্থা দেখি অনুৰাধাৰ দুচকু চলচলীয়া হ’ল৷ দেউতাকক ধৰিবলৈ যাওঁতে তাইক বাধা দি ক’লে -
: মো...ৰ ছো..ছো..ৱালী নহ’য় তই ৷ তই সো..নকালে ইয়াৰ পৰা যাবি ৷
- কথাখিনি কৈ হৰকান্ত সুৰাৰ নিচাত ধলি পৰিল ৷ মাক আৰু অনুৰাধাই ধৰি বিচনাত শুৱাই থলে৷
*********
আজি দহ দিন মান পাৰ হ’ল ৷ অনুৰাধাক আমন-জিমন কৈ অকলে বহি চিন্তা কৰি থকা মাকে দেখি আহিছে ৷
: আইজনী, ইয়াত থাকি তোৰ অনুৰাগলৈ মনত পৰাছে নেকি? মই দেখিছো তই এনেদৰে বহি মনমাৰি সদায়েই চিন্তা কৰি থাকা ৷ আজি দহ দিনেই হ’ল৷ অনুৰাগে এবাৰলৈও ফোন কৰা নাই যে! কিবা কাজিয়া কৰি গুছি অহা নাইতো !
: নহ’য় মা , সি আজিকালি বহুত ব্যস্ত থাকে অফিচত ৷ মোক ফোন কৰিবলৈ সময়ে নাপায়৷
- কথা খিনি কওঁতে অনুৰাধাৰ দুচকু চলচলীয়া হ’বলৈ আৰম্ভ কৰিলে৷
: অনু, কেতিয়াবা এনেকুৱা সৰু সৰু কাজিয়া হ’য়েই ৷ তাকে লৈ মন মাৰি থাকিব নাপায় নহ’য়৷ নিজৰ ভুল স্বীকাৰ কৰি ক্ষমা খুজিবা সকলো থিক হৈ যাব৷
মাকৰ কথাখিনি শুনাৰ পাছত অনুৰাধাই মাকক সাৱতি ধৰি হুক হুকাই কান্দিবলৈ ধৰিলে৷
: অনু, কিয় কান্দিছা ? কোৱা আইজনী ৷ মই তোৰ মা হওঁ ৷ মোক নকলে তই কাক কবি ?
: মা, অনুৰাগ বহুত সলনি হৈ গ’ল ! মোক এৰি আৰু এজনীৰ লগত সম্পৰ্ক ৰাখি বিয়া কৰাইছে ৷ মই ঘৰ এৰি গুৱাহাটীত এখন স্কুলত কাম কৰি তাতে অকলে আছিলো ৷ তাৰ পৰাই ইয়ালৈ আহিছো, মা ৷
- অনুৰাধাই মাকক সকলো কথাই কৈ দিলে৷
কথাবোৰ শুনি মাকৰ মূৰ আচন্দ্ৰাই কৰিবলৈ ধৰিল৷ হথাতে যেন ভৰিৰ তলৰ মাটি টুকুৰা ঘূৰিব ধৰিছে এনে লাগিল৷
: সকলো শেষ হৈ গ’ল ! হে ভগৱান ! - এই বুলি কৈ মাকে কপালত হাত দি অনুৰাধাৰ কাষতে বহি পৰিল ৷
*********
এইকেইদিন অনুৰাধাক ল’গ পাই ককায়েক জয়ন্তই হাঁহিবলৈ আৰম্ভ কৰিলে ৷ ভনীয়েকৰ লগত খেলিলে ৷ যেন কোনো মানসিক ৰোগী নহ’য় এনে লাগিছে জয়ন্তক৷ অনুৰাধাই অহা কাৰণে ঘৰখনত কিছু হাঁহি-ধেমালি হ’বলৈ আৰম্ভ হৈছে৷ অনুৰাধাৰো দুখৰ বোজা কিছু কমিছে৷ কিন্তু একমাত্ৰ হৰকান্তই নিজৰ জীয়েকক এতিয়াও ক্ষমা কৰিব পৰা নাই ৷ অনুৰাধাৰ ফালে এবাৰলৈও চোৱা নাই৷
: দেউতা, মই বুজিছো তোমাৰ দুখ ৷ মই কৰা ভুলৰ বাবে ক্ষমা কৰি দিয়া ৷ মই তোমাৰ ওচৰলৈ ক্ষমা বিচাৰি আহিছো ৷ যাম, মই গুছি যাম ৷ মাথো তোমাৰ আশিৰ্বাদ লৈ যাব বিচাৰিছোঁ ৷ তোমাৰ আশিৰ্বাদ অবিহনে মোৰ জীৱন সুন্দৰ নহ’য় ,দেউতা ৷ -
ৰাতিপুৱা দেউতাকে বেলকনিত বহি আলচোনী পঢ়ি থাকোতে অনুৰাধাই দেউতাকৰ ওচৰলৈ গৈ ভৰিত ধৰি কান্দিবলৈ ধৰিলে ৷
অনুৰাধাই কৰা ভুলৰ কাৰণে খং কৰি থাকিলেও হৰকান্তৰ হৃদয় শিলৰ দৰে নহ’য় ৷ অনুৰাধা আৰু জয়ন্তই দিয়া দুখৰ কাৰণেই হ’য়তো হৰকান্তৰ হৃদয় শিল হ’বলৈ বাধ্য হৈছে ৷ অনুৰাধাই ভৰিত ধৰি কান্দি কান্দি কোৱা কথা কেইটা শুনি শিলৰ হৃদয় মমৰ দৰে গলি গ’ল৷ বহাৰ পৰা থিয় হৈ কিছু সময় মৌনতাৰে থাকি অনুৰাধাক বুকুৰ মাজত সুমুৱাই ল’লে আৰু ক্ষমা কৰি দিলে ৷ হৰকান্তৰ দুচকু চলচলীয়া হৈ আহিছিল ৷
বহু দিনৰ অন্তত আজি কিছু সুখে ঘৰখনত বিৰাজ কৰিছে ৷ জয়ন্তক কিছু মানসিক ভাৱে সুস্থ দেখিও সকলোৱে আশাৰ ৰেঙনি দেখা পালে ৷
স্কুল খুলিবলৈ আৰু পৰীক্ষাৰ ফলাফল ওলাবলৈ মাথো দুই-তিনি দিন বাকী আছে ৷
দিন কেইটা ইমান সোনকালে পাৰ হল অনুৰাধাই অনুমানেই কৰিব নোৱাৰিলে৷ আজি তাই মাকৰ ঘৰ এৰি গুৱাহাটীলৈ যাব ৷ এই কেইদিন মাকৰ ঘৰত থাকি মনৰ দুখবোৰ বহু পাতলিছিল ৷
গুৱাহাটীলৈ গ’লে আকৌ সেই একেই দুখৰ কলা ডাৱৰে তাইক ঘেৰি ধৰিব৷ মাক দেউতাকক সেৱা কৰি আৰু আশিৰ্বাদ লৈ তাই গুৱাহাটীলৈ যাবলৈ ওলাল ৷ দেউতাক হৰকান্তই চকু চলচলীয়া কৰি অনুৰাধাৰ ওচৰলৈ আহি ক’লে -
: তই বৰ সাহসী নাৰী ! নিজৰ দুখ-যন্ত্ৰণাৰ কথা মোৰ পৰা লুকুৱাই ৰাখিছিলি ৷ যোৱা ৰাতি তোৰ মায়েৰাই সকলো খুলি কৈছে ৷ মই তোৰ আপোন নহ’য় জানো? মোক যে নোকোৱাকৈ আছিলি!
: তেনেকুৱাকৈ নাভাবিবা দেউতা ৷ তুমি বহুত দুখ পাবি বুলি কোৱা নাছিলোঁ ৷ এনেই ঘৰখনত অশান্তিয়ে বিৰাজ কৰিছে ৷ মোৰ এইবোৰ কথাই আৰু আঘাত দিব বুলি ভাবিয়েই কোৱা নাছিলো ৷ আজি মই বহুত সুখী, নিজৰ মাক-দেউতাকৰ মৰম, আশিৰ্বাদ পাই ৷
নিজৰ মাক-দেউতাৰ দৰে এই পৃথিৱীত কোনো আপোন নাই ৷ মই এই কথা বুজি পালোঁ ৷
: তই দেখোন ইয়াতেই থাকিব পাৰ ! আমাৰো ভাল লাগিব ৷
: অনু, তই গুৱাহাটীলৈ যাব নালাগে ৷ ইয়াতেই থাক ৷ - মাকেও কাতৰে অনুৰোধ কৰিলে৷
: নহ’য় মা, এইয়া মোৰ জীৱন ৷ মই যি ভুল কৰিলো তাৰ প্ৰায়চিত্ত মই অকলেই কৰিব লাগিব ৷ এই সমস্ত দুখ-যন্ত্ৰণাৰ ভাড় ওকলেই সহ্য কৰিম ৷ মোক যাবলৈ বাধা নিদিবা মা ! গুৱাহাটীত থাকি কণ-কণ ল’ৰা-ছোৱালী কেইটাক পঢ়ুৱাই থাকিলে মোৰ মনৰ দুখ কিছু হ’লেও পাতলিব ৷ মই নিজেই স্বাৱলম্বী হ’ব বিছাৰো মা ৷
মাক-দেউতাকৰ হেজাৰ বাধা আৰু কাতৰ অনুৰোধ ৰক্ষা নকৰি অনুৰাধাই যাবলৈ ওলাল৷
যাবৰ সময়ত মৰমৰ ভায়েক জয়ন্তই অনুৰাধাক টানি ধৰি ক’লে -
: ভন্টী, তই মোক এৰি নাযাবি !
: ধেৎ, অকৰাটো ৷ মই আকৌ আহিম নহ’য়৷
: এইবাৰ আহিলে মোলৈ এটি টি ছাৰ্ট আনিবানে?
: হ’ব, তোৰ কৰণে এটি ধুনীয়া টি ছাৰ্ট আনিম৷
: আৰু তোৰ অনুৰাগক লৈ আহিবানে? মই দুটিমান কথা সুধিম ৷
অনুৰাধাৰ দুচকু হথাতে চলচলীয়া হ’ল ৷ সকলোকে মাত লগাই তাই যাবলৈ সাজু হ’ল ৷ তাই ৰৈ থকা বাছখনত উঠিলগৈ৷ আহিবৰ সময়ত মাক-দেউতাক আৰু ককায়েকৰ চকুত চকু পানী দেখি অনুৰাধাই ওৰে বাটেই বাছখনত চকুলো বোৱালে ৷
(তৃতীয় খণ্ড)
অনুৰাধাই এটি নতুন জীৱনৰ পাতনি আৰম্ভ কৰিবলৈ আগবাঢ়িল ৷ গুৱাহাটীত তিনি- চাৰিটা বছৰেই প্ৰাইভেট স্কুলখনত শিক্ষকতা কৰাৰ বাহিৰেও তাই মডেলিং জগতত খোজ দিলে ৷ মডেলিং জগতত প্ৰথমে তাই খোজ দিবলৈ ভয় খাইছিল আৰু মান্তি হোৱা নাছিল৷ তাইৰ সৰু কালৰ বান্ধৱী মডেল জগতত খোজ দিয়া পৰিণীতাক গুৱাহাটীত লগ পালে আৰু তাইক এখন নতুন গ্লেমাৰ জগতৰ সৈতে পৰিচয় কৰাই দিলে ৷
: শুনা অনু, তই ভয় খাব নালাগে। মই আছোঁ তোৰ লগত।
: মডেলিং জগতৰ বিষয়ে বাতৰি কাকতত পাই থকা কথাবোৰ মনত পৰিলে খুব ভয় লাগে। নিজৰ দেহ সমৰ্পণ নকৰিলে হেনো আগবাঢ়িব নোৱাৰি!
: তুমি ভবাটোও ভুল নহ'য়। কিছুমাণ নাৰীক কষ্ট নকৰাকৈয়ে উচ্চ আসন লাগে। তেনেবোৰ নাৰীয়ে নিজৰ দেহ সমৰ্পণ কৰিবলৈও কুণ্ঠাবোধ নকৰে। আৰু কিছুমান এনেকুৱা মানুহ আছে যাৰ সন্মুখত হৰিণাৰ মাংসই বৈৰী হৈ পৰে। অকল মডেলিং জগততেই বেয়া মানুহ থাকে তেনে নহ'য় ; বেয়া মানুহ সকলতে আছে আৰু ভাল মানুহো আছে। কথাতেই আছে যে আপোন ভালেই জগত ভাল।
অনুৰাধাই পৰিণীতাৰ কথাবোৰ একান্ত মনে শুনি গৈ থাকিল। কিছুদিন ইয়াৰ বিষয়ে ভবা-চিন্তা কৰাৰ পিছত অনুৰাধাই সাহস আৰু উৎসাহেৰে এই জগত খনত খোজ দিবলৈ আৰম্ভ কৰিলে।
মানুহৰ মুখেৰে এই মডেলিং জগত খনৰ প্ৰতি যিমানবোৰ বেয়া মন্তব্য শুনিছিল, কিন্তু তেনেকুৱা একোৱেই নালাগিল৷ নিজৰ ভৰিত নিজে থিয় হৈ কেনেকৈ সাহসেৰে আগবাঢ়ি যাব পাৰি সেয়া তাই মডেলিং জগত খনৰ পৰাই শিকিলে৷ জীৱনৰ কলা মেঘ বোৰ লৈ লৈ জীয়াই থকাতকৈ এখন নতুন পৃথিৱীত খোজ পেলাই আগবাঢ়ি যাবলৈ পাই তাই আজি বুহুত সুখী ৷ মাজে মাজে তাইৰ জীৱনত ঘটি যোৱা কলা মেঘবোৰে ঘেৰি ধৰি তাইক নিথৰুৱা আৰু দিশহাৰা কৰি দিয়ে ; জীয়াই থকাৰ আশাবোৰ ক্ষীণ হৈ পৰে আৰু অকলশৰীয়া কৈ নিজৰ বন্ধ কোঠাৰ ভিতৰত সোমাই খুব কান্দে ৷
অনুৰাগে দিয়া দুখবোৰ চকুলো হৈ বৈ পৰে ৷
*********
মডেলিং মেন্টৰ শ্যাম শৰ্মাই পৰিণীতাক ক'লে-
: অনুৰাধা ভাল ছোৱালী। তাইক দেহ ব্যৱসায়ৰ লাইনত আনিবলৈ বহু কষ্ট কৰিব লাগিব। তই চেষ্টা কৰি থাকিবি ভাল কমিচন পাবি।
: ছাৰ, আপুনি চিন্তা নকৰিব। মই চেষ্টা কৰি থাকিম। তাইক এই লাইনত আনিবলৈ কিছুদিন লাগিব।
: তই কিন্তু লাগি থাকিবি। অনুৰাধাক প্ৰথমে খুব উৎসাহ দিবি আৰু ভাল ভাল কথাৰে তাইৰ মন জয় কৰিবলৈ চেষ্টা কৰিবি।
: Thank you,ছাৰ।
: okey, My Darling... my sweet heart.
- এই বুলি কৈ শ্যাম শৰ্মাই অবৈধভাবে পৰিণীতাক সাৱতি ধৰি ওঁঠত চুমা খালে।
: তোমালোকে ভুল কৰিবলৈ ওলাইছ। অনুৰাধা বহুত পবিত্ৰ মনৰ। তাইৰ দৰে সাহসী নাৰী পাবলৈ টান। - মডেলিং ইণ্ডাষ্ট্ৰিৰ আন এজন জ্যেষ্ঠ মেণ্টৰ অৰুণ দাসে মাত লগালে।
অৰুণ দাসৰ মাত শুনি পৰিণীতা আৰু শ্যাম শৰ্মাই ধৰা পৰাত লাজে ভয়ে এটি এটি মিঠা হাঁহি মাৰি কোনো প্ৰত্যুত্তৰ নিদিয়াকৈ জিম হাউচলৈ সোমাই গ'ল।
**********
: অনুৰাধা হয়নে? - মিঠা বৰণৰ এগৰাকী নাৰী। বয়স ২৬-২৭ মান হ'ব চাগৈ। পিন্ধনত নতুন ডিজাইনৰ স্কাৰ্ট টপ আৰু জিন্চ।
: হ'য়, মইয়েই অনুৰাধা। আপোনাক মই চিনি পোৱা নাই।
এটি মিঠা হাঁহি মাৰি ক'লে -
: হয়, আচৰিত নহবা। মোৰ নাম প্ৰাৰ্থনা বৰুৱা। মই তোৰ সকলো কথাই জানো। তোৰ বান্ধবী পৰিণীতাই মোক কৈছে।
: পিচে আপোনাক হে মই চিনি পোৱা নাই। ভিতৰলৈ আহক আৰু বহক। - অনুৰাধাই বহিবহৈ কৈ নিজেও বহি ললে।
: এক সময়ত মইও তোৰ দৰে সপোন লৈ গুৱাহাটী পাইছিলোঁ । উচ্চ শিক্ষাৰ বাবে ইয়ালৈ আহি হেৰাই গ'ল মোৰ জীৱন। - প্ৰাৰ্থনাৰ দুচকু সেমেকি উঠিল।
: তাৰ পাছত কি হ`ল? - অনুৰাধাই কৌতুহল মনেৰে প্ৰশ্ন কৰিলে। অনুৰাধাৰ জানিবলৈ খুব মন গ’ল।
: সেই সময়ত মই শ্যাম শৰ্মাক ল'গ পালো। আমাৰ প্ৰথম চিনাকিতে প্ৰেম হ`ল। মই মডেল হোৱাৰ। সপোন দেখিলোঁ। মুম্বাই, কলকতা বহু ঠাই শ্যামৰ লগত ফেশ্বন শ্ব' কৰিলো। সেই সময়ত মই বহু সুখী হৈছিলোঁ। এদিন শ্যাম শৰ্মাই মোক নিজৰ ৰুমলৈ লিভিং টু গেডাৰৰ বাবে কৈছিল আৰু মই তাৰ লগতেই বহু দিন আছিলোঁ। লাহে লাহে মোক শ্যাম শৰ্মাই এৰি চলিবলৈ ধৰিল। তাৰ ফোনত নতুন প্ৰেয়সীৰ ফটো, ফোন কল আহিবলৈ ধৰিল। মোক ধমকি-মাৰপিট কৰা হ'ল। তাৰ বন্ধুবোৰৰ লগত নিশা কটাবলগীয়া হ'ল।
: যিখিনি সুবিধা দিব লগা আছিল দিলো। যদি মই কোৱা মতে তই মোৰ বন্ধুবোৰৰ সৈতে নৈশ যাপন নকৰা তেনেহলে মই তোক বাধ্য কৰাম।
: কি কৰিবা মোক? তোৰ দৰে লম্পট এটাক মৰম দি মোৰ সকলো নাশ কৰিলোঁ।
: তই সতী সাবিত্ৰী নেকি? যদি ভালেই আছিলি এই পথ বাছি লৈছিলি কিয়? তোৰ দৰে ধান্দা কৰা ছোৱালী বহুত আছে। সকলোকে উচ্চ আসন লাগে। যদি তই এই কাম নকৰা তেনেহলে তোৰ সকলো পৰ্ণ ফটো ইন্টাৰনেটত দিয়া হ'ব।
: মোৰ প্ৰেম, মোৰ মৰমৰ মূল্য নুবুজি তুমি এনে ব্যৱহাৰ কৰিব পাৰিলা! কেৱল টকাৰ লোভত ,চি !
: মৰম কিমান লাগিব? যদি আকৌ বিচৰা দি দিম ; কিন্তু মই কোৱা মতে তই কাম কৰিব লাগিব।
এনেদৰে মই বাধ্য হৈ নিজৰ বদনামৰ ভয়ত তাৰ কথা মানিব লগা হৈছিল।মোক দেহ ব্যৱসায়ৰ কামত লগাই দিলে। তেনে কাম কৰি জীয়াই থকাতকৈ মৰাই ভাল বুলি এদিন তিনি মহলীয়াৰ ওপৰৰ পৰা জপিয়াই মৰিবলৈ চেষ্টা কৰিবলৈ ওলাইছিলো, কিন্তু বিফল হৈছিলো। ফেশ্বন ডিজাইনাৰ আৰু মেণ্টৰ অৰুণ দাসে মোক বাধা দিলে। মোৰ সপোন মোৰ আশা সকলো শেষ হ`ল। তাৰ পৰা এদিন মনে মনে পলাই আহিলো । শ্যাম শৰ্মাৰ বিৰুদ্ধে পুলিচ থানাত গোচৰ দিব নোৱাৰিলো নিজৰেই বদনাম হ'বৰ ভয়ত। সেই লম্পট টো এতিয়াও মুখা পিন্ধি বহু নাৰীৰ যৌৱন লুটিছে। মই অকলে একো কৰিব নোৱাৰিলো। - প্ৰাৰ্থনা বৰুৱাই দুচকু চলচলীয়া কৰি দুখতে ভাগি পৰিল।
কিছু সময় মৌনতাৰে পাৰ হ`ল। তাৰ পাছত পুনৰ কবলৈ আৰম্ভ কৰিল -
: এতিয়া মই দেহ ব্যৱসায়ৰ কামতেই জীৱন ৰক্ষা কৰি আছো। আপোন নহ'লেও তোৰ জীৱনৰ দুখৰ কাহিনী জানি এই সত্য অবগত কৰিবলৈ আহিছো।
: বাইদেউ, আপুনিতো এইবোৰ পাহৰি নিজৰ গাওঁৰ ঘৰলৈ গুচি গৈ কোনোবা এজন ভাল মানুহৰ লগত বিয়া হৈ জীৱন সুন্দৰ কৰিব পাৰে!
: অনুৰাধা, তই কোৱাৰ দৰে কৰিব পাৰিলেতো চিন্তাই নাছিল। মোৰ প্ৰেম মোৰ জীৱন সকলো শেষ। নতুন জীৱন গঢ়িবলৈ যানো পাৰিবি? ঘৰখনত দুজনীকৈ ভনী আৰু বেমাৰী বুঢ়া দেউতাক কোনে চাব?
প্ৰাৰ্থনা বৰুৱা যাবলৈ উঠিল । অনুৰাধাক মাত লগাই তাই তাৰ পৰা গলগৈ।
প্ৰাৰ্থনা বৰুৱাৰ কথাবোৰ শুনি অনুৰাধাৰ মনটো সেমেকি উঠিল৷ অনুৰাগে কৰা বিস্বাস ঘাটকতাই তাইৰ মূৰটো গৰম কৰি তুলিলে। যিয়েই নহওক আকৌ এটি হ'ব ধৰা নতুন বিপদৰ পৰা তাই যেন ৰক্ষা পৰিল এনে লাগিল। লাহে লাহে আকাশৰ কলা কলা ডাৱৰ বোৰো আঁতৰি বেলিটোৱে পুনৰ ভুমুকি মাৰিলে।
( চতুৰ্থ খণ্ড )
তই কিন্তু বহুত স্মাৰ্ট মহিলা দেই! - অৰ্ণৱ হাজৰিকাই সুৰাৰ পিয়লাটো টেবুলৰ ওপৰত থৈ হিয়াৰ ওঁঠত চুমা দি বখানিবলৈ ধৰিলে।
: অকল স্মাৰ্টৈনেই নে চেক্সীও ? - হিয়া বৰুৱাৰ নিজকে এক উচ্চ আসনৰ আধুনিক নাৰীৰ দৰে লাগিল।
: Oh sweetheart, very very sexy ! তই মোক পাগল কৰি দিছা। sweetheart, মোৰ সমান অনুৰাগে তোক মৰম কৰে নে ?
: কৰে, বহুত পাগল। সেই কাৰণে অনুৰাধাক এৰি দি মোক বিয়া পাতিলে।
: মইও তোৰ কাৰনে পাগল অ'.....
: এই পাগলামী ইয়াতেই সীমাবদ্ধ থকা উচিত। নহ'লে আমাৰ সম্পৰ্কৰ কথা গ'ম পাই যাব।
হঠাতে দুৱাৰত কলিং বেলটো বজাৰ শব্দত দুয়ো সজাগ হʼল।
: অনুৰাগ, তুমি ইয়াত? -হিয়াই দুৱাৰখন খুলি দি আচৰিত হʼল।
: কিয়, মই ইয়াত অহাৰ কাৰণে আচৰিত হৈছা যে?
: নহয় মানে....! তুমি কোম্পানীটোৰ অন্য এটা প্ৰকল্পৰ কাৰণে গৈছিলা । ইমান সোনকালে আহি পালা নে? - হিয়াৰ মনত ধৰা পৰাৰ ভয়ত কিছু ভয় ভাৱ সোমাল।
: ইমান আচৰিত হৈছা কিয়? শুনা, ৰাস্তাতে গাড়ীখন বেয়া হ'ল। সেই কাৰণে বেলেগ এখন গাড়ীত উভতি আহিলোঁ।
: ভালেই কৰিলা । তেতিয়া হʼলে তুমি আজি ষ্ট্ৰেইনতে ডিব্ৰুগড় যাবা আৰু প্ৰকল্পটো সম্পূৰ্ণ কৰিবা।
: Sir, আজি নগ'লে নহয় নে ?
: না, কাম কামেই, তুমি যাবই লাগিব। -
- অৰ্ণৱ হাজৰিকাই এই বুলি কৈ চকীখনৰ পৰা উঠি প্ৰচাৱগাৰলৈ গ'ল।............
********
: অৰ্ণৱ যে গ'ল বৰ ভাল লাগিল। - হিয়াই সুখৰ নিশ্বাস এৰিলে।
: তাৰ লগত যদি মনেই নাই তেন্তে বিয়া হৈছিলা কিয়?
: টকাৰ কাৰণে। বেচেৰী অনুৰাধাজনীলৈহে বেয়া লাগে। ইমান ধুনীয়া আৰু পৱিত্ৰ হৃদয়ৰ ঘৈনীয়েকজনীক ত্যাগ কৰি মোৰ সৈতে দ্বিতীয় বিবাহ পাতিলে।
: মোৰ লগতো টকাৰ কাৰণে সম্পৰ্ক স্থাপন কৰিছা নেকি?
: ধেৎ, তুমি মোৰ দেহা! মই সঁচাকৈয়ে তোমাক ভাল পাওঁ। কাৰণ তোমাৰ লগত বেংক বেলেন্স, বিল্ডিং, গাড়ী থকাৰ বাহিৰেও যৌন সুখ দিব পৰা শক্তি আছে.... যিটো মোক বহুতেই প্ৰয়োজন। অনুৰাগৰ কমি গ'ল। ভাল নলগা হৈছে।
: হাঁ.....হাঁ..... হাঁ...... তুমি সঁচাকৈয়ে স্মাৰ্ট আৰু চেক্সীও!
এই বুলি কৈ অৰ্ণৱ হাজৰিকাই জোৰেৰে হাঁহিবলৈ ধৰিল।
*************
অনুৰাগে বাতৰি চাম বুলি টিভিটো অন কৰি Prag News চেনেলটোৰ নম্বৰ লগালে। তাৰ অতিকৈ প্ৰিয় অসমীয়া নিউজ চেনেল প্ৰাগ নিউজ। নিউজ এটা হঠাতে দেখি সি আচৰিত হ'ল - "Miss Anuradha Das won the crown of Miss Assam Sundari first winner......
"সৌন্দৰ্য্য কেৱল শৰীৰৰ পৰাই নহয়, ই মনৰ পৰাও প্ৰকাশ পায়। মই এগৰাকী দুৰ্ভগীয়া নাৰী, জীৱনৰ ঘাট-প্ৰতিঘাট নেওচি আজি মই বিজয়ী হলো একমাত্ৰ মোৰ বান্ধৱী পৰিণীতা আৰু মাক-দেউতাৰ কাৰণে। সকলোকে বহুত বহুত ধন্যবাদ। - এই বুলি কৈ অনুৰাধাই বিজয়ীৰ মুকুত মূৰত পৰিধান কৰিলে। অনুস্থানত অনুৰাধাৰ মাক-দেউতাকৰ লগতে বহুতো বিশেষ ব্যক্তি উপস্থিত আছিল। তাৰে মাজৰ এজনে উঠি আহি অনুৰাধাক শুভেচ্ছা প্ৰদান কৰি ক'লে - তুমি আগুৱাই যোৱা, মোৰ শুভ কামনা সদায় থাকিব তোমাৰ লগত।
অনুৰাগ আচৰিত হ'ল! এইয়া অনুৰাধাৰ দৰে বুৰ্বক নাৰী জনীয়ে কেনেকৈ...... আৰু সেইজন দেখোন তাৰ সৰু কালৰ বন্ধু দেৱজিৎ। তেওঁ এজন বিখ্যাত ফেশ্বন ডিজাইনাৰ। সি বেছি সময় বাতৰিটো চাব নোৱাৰিলে। তাৰ মূৰটো ঘূৰাই দিলে।
**********
অনুৰাগৰ এখন মিটিং আছে। সি সোনকালে অফিচলৈ ওলাই গ'ল। হিয়াই অৰ্ণৱ হাজৰিকাক ফোন কৰি জনালে-
: দেহা, মইও মিটিঙলৈ গৈ আছোঁ। তুমি অপেক্ষা কৰা।
: তই আহিব নালাগে, নাহিলেও হ'ব। মিটিং কেনচেল। তই মোৰ ৰুমত আহি যোৱা।
: ভালেই হল, দেহা। অনুৰাগে গম পালে?
: অনুৰাগে নিজৰ ৰুমতে থাকিব। আজি অফিচো বন্ধ। তই কিবা এটা বাহানা বনাই আহি যোৱা মোৰ ৰূমত।
হিয়া বৰুৱাই অৰ্ণৱৰ ৰুমলৈ যাবলৈ ওলাল। আজি অৰ্ণৱৰ দুবাহুৰ মাজত সৰ্বসুখ বিচাৰি পাব। বহুদিনৰ পৰাই দুয়োজনে প্লেনিং কৰি আছিল, কিন্তু সময় আৰু সুবিধা লাভ কৰা নাছিল। আজি দুয়ো সেই সুবিধা হেৰুৱাব নিবিচাৰে।
: কলৈ যোৱা? - হঠাত অনুৰাগে পিছৰ পৰা প্ৰশ্ন কৰিলে।
: মোৰ অলপ কাম আছে, লগতে বজাৰো কৰিম।
: মোৰ লগত বলা। আজি অফিচ নাই যিহেতু মইও যাম।
: নালাগে দিয়া। তুমি জিৰণি লোৱা। - এইবুলি কৈ তাই ফোনত কথা পাতি পাতি ওলাই গ'ল।
অনুৰাগৰ সন্দেহ উপজিল। কাৰণ এনেদৰে বহুদিনৰ পৰাই তাই ফোনত কাৰোবাৰ সৈতে কথা পাতি ওলাই যায় । সুধিলে কয় - বান্ধৱী।
সি তাইৰ পিছে পিছে এখন বেলেগ গাড়ীত উঠি পিছ ললে।
আজি সি পৰীক্ষা কৰিব। হিয়াই এখন বিউটি পাৰ্লাৰৰ ভিতৰলৈ সোমাই গৈ আধা ঘণ্টা পিছত ওলাই আহিল। তাৰ পিছত অৰ্ণৱ হাজৰিকাই থকা ফ্লেটটোত সোমাই গ'ল।
সিও মনে মনে পিছে পিছে গ'ল। অৰ্ণৱে দুৱাৰ খুলি দিলে আৰু হিয়াই সোমাই গ'ল।
এতিয়া অনুৰাগৰ বুজিবলৈ বাকি নাথাকিল। Delivery boy এজনক সিহঁতৰ ৰূমলৈ খাদ্য দিবলৈ যোৱা দেখিলে। সি লগে লগে Delivery boy জনক মাতিলে। Delivery ৰ টকাখিনি অনুৰাগে নিজেই পৰিশোধ কৰি তাক যাবলৈ দি খাদ্য খিনি লৈ ল'লে। কিছু সময়ৰ পিছত অনুৰাগে দুৱাৰৰ কলিংটো বজালে। ১০ মিনিট মানৰ পিছত দুৱাৰখন খুলি দিলে অৰ্ণৱে।
সিহঁত দুয়োজনে বিচনাত বাসনাত লিপ্ত হৈ আছিল। অৰ্ণৱে কেৱল টাৱেলখন পিন্ধি লৈ দুৱাৰ খুলিছিল। কিন্তু হিয়াই বিচনাত সম্পূৰ্ণ নগ্ন হৈ আছিল। হঠাতে অৰ্ণৱ আৰু হিয়াই অনুৰাগক দেখি আচৰিত হ'ল। লগে লগে অনুৰাগে ৰুমৰ ভিতৰলৈ সোমাই গৈ হিয়াৰ গালত দুই চৰ সোধালে।
ঘটনাটো ইয়ান ডাঙৰ হৈ পৰিল যে ফ্লেটত থকা আন বাকি বিলাকেও চাবলৈ আহিল।
অনুৰাগৰ এনে লাগিল যেন সি জীয়াই জীয়াই হিয়াক জুই জ্বলাই মাৰিব। ঘৰলৈ উভতি আহি সি ডেউকা ভঙা কপৌৰ দৰে বিচনাত বাগৰি থাকিল। তাৰ বৰকৈ আজি অনুৰাধালৈ মনত পৰিল। সিও অনুৰাধাৰ লগত এনেকুৱা কৰিছিল। তাইক ত্যাগ কৰি হিয়াৰ লগত জীৱন উপভোগ কৰিছিল। আজি সিও তাৰেই প্ৰতিফল পালে।
কিছু সময়ৰ পিছত হিয়াও অনুৰাগৰ ৰুমত আহি সোমাল।
: তই ওলাই যা মোৰ ৰুমৰ পৰা। তোৰ লগত কোনো সম্পৰ্ক নাই । - অনুৰাগৰ ঘৃণা উপজিল।
: মই তোৰ সৈতে থাকিবলৈ অহা নাই। এইখন divorce paper, চাইন কৰি দে।
: সঁচাকৈ মোক এৰিব পাৰিবি তই ? কিয় মোৰ সৈতে অভিনয় কৰি আছিলি?
: টকাৰ কাৰণে! গম পালা। - সোনকালে চাইন কৰ, মোৰ ৰৈ থাকিবলৈ সময় নাই।
: যি হৈ গ'ল পাহৰি যোৱা, এতিয়া নতুনকৈ জীৱন আৰম্ভ কৰা মোৰ লগত। মই সঁচাকৈয়ে তোক বহুত ভাল পাওঁ।
- অনুৰাগে কান্দি কান্দি কলে ।
: না, অনুৰাধাৰ লগত তেনেকুৱা কৰোঁতে বেয়া লগা নাছিল নে? তাই এতিয়া এগৰাকী মিছ অসম সুন্দৰী.... মডেল জগতত উজ্বলি উঠিছে.... এদিন মোৰ লগতো তুমি এনেকুৱা কৰিবা... যেতিয়া ধুনীয়া ছোৱালী ওচৰত পাবা।
অনুৰাগ নিমাত হৈ ৰ'ল..... তাৰ কেৱল দুচকুৰে চকুলো বৈ থাকিল। সি উঠি আহি হাতত কলমটো লৈ চাইন কৰি দিলে। হিয়াই divorce পেপাৰখন লৈ ৰুমৰ পৰা ওলাই গ'ল। হিয়াই ওলাই যোৱা সি একেথিৰো চাই ৰ'ল......
এক বুজাব নোৱাৰা যন্ত্ৰনাত সি চটফটাবলৈ আৰম্ভ কৰিলে।
এনে লাগিল যেন তাৰ সকলো শেষ হৈ গ'ল।
***************
দুৱাৰত কোনোবাই টুকুৰিয়াই আছে। অনুৰাধাই দুৱাৰখন খুলি দিলে।
: দেৱজিৎ, আপুনি? মোৰ ৰুমলৈ?
: কিয় আচৰিত হৈছা, মই আহিব নোৱাৰো নেকি?
: আহক, আহক। - এইবুলি কৈ অনুৰাধাই ভিতৰলৈ আহি বহিবলৈ দিলে।
: স্কুলৰ কাম কেনে চলি আছে?
: অʼ ভালেই। সৰু সৰু লʼৰা-ছোৱালী কেইটাক পঢ়ুৱাই বৰ ভাল লাগে। জানেনে? দুখ-চিন্তা-ভাগৰ সকলো আঁতৰি যায়।
: এতিয়াৰ পৰা দুখ-চিন্তা-ভাগৰত আৰু জীৱন কটাব নালাগে।
: সেইটো জানো সম্ভৱ? মই এগৰাকী মিছ অসম হ'লো বুলিয়েই সকলো চিন্তা আঁতৰি যাব নে?
: মই সেইটো কোৱা নাই অ'..... মই এটা বিশেষ কাৰণত আহিছো আজি।
: কি কাৰণত?
: মই.... মই বিবাহৰ প্ৰস্তাৱ লৈ আহিছো। মই তোমাক বিয়া কৰাবো বিচাৰোঁ।
: কি? - অনুৰাধা আচৰিত হ'ল।
: হ'য়, ঠিকেই শুনিছা। মই তোৰ দৰে পৱিত্ৰ মনৰ নাৰী খুব কমেইহে দেখিছোঁ। তুমি বহুত সাহসী। মই প্ৰথম চিনাকিৰ পিছতেই ভাল পাই পেলাইছো।
অনুৰাধাক লাজে ভয়ে আৱৰি ধৰিলে। তাইৰ মুখৰ মাত হঠাতে বন্ধ হৈ গ'ল.....
: আগৰ কথাবোৰ পাহৰি এটি নতুন জীৱনৰ পাতনি মেলা । আশা কৰোঁ অতি সোনকালে উত্তৰ পাম। এতিয়া বেছি আমনি নকৰোঁ, মই যাওঁ ।
- এই বুলি কৈ দেৱজিৎ যাবলৈ ওলাল।
এক সুখৰ অনুভূতিৰে সি যোৱাৰ ফালে তাই চাই ৰ'ল.....
*************
অনুৰাধাৰ বিয়াখন দেৱজিৎৰ লগত ধুম-ধামেৰে হৈ গ'ল। সকলোৰে আশীৰ্বাদ আৰু মৰমে অনুৰাধাৰ জীৱন আকৌ জীপাল কৰি তুলিলে। অনুৰাধা এতিয়া বহুত সুখী কাৰণ এনে এখন ঘৰত বিয়া হৈছে, য'ত শাহুৱেক-শহুৰেকে নিজৰ জীয়েক বুলি মৰম কৰে আৰু দেৱজিৎ.... সিটো অনুৰাধাৰ কাৰণে পাগল। অনুৰাধাক পাই সি বহুত সুখী।
: জানা অনু, মই জীৱনত দুবাৰকৈ ঠগ খোৱাৰ পিছত প্ৰেমৰ আশা হেৰুৱাই পেলাইছিলো। মই নিজৰ ভৰিত থিয় হৈ বহু কষ্টৰে এজন ফেশ্বন ডিজাইনাৰ হ'বলৈ সক্ষম হ'লো।
মোৰ মা-দেউতাৰ আশীৰ্বাদৰ বাবে সু-নাম অৰ্জন কৰিব পাৰিলোঁ। জীৱনত বহু দুখ আৰু কষ্ট পাইছো, কাৰণ আমি দুখীয়া আছিলোঁ। আজি তোৰ দৰে ঘৈনী এজনী পাই মোৰ সকলো দুখ আঁতৰি গ'ল। সঁচাকৈ তুমি ৰাধাৰ দৰে.....
: মইও তোমাক পাই বহুত সুখী। মোৰ হেৰুৱা জীৱন আকৌ ঘূৰাই পালোঁ।
দেৱজিতে অনুৰাধাক ওচৰ চপাই আনি সাৱটি ধৰিলে। অনুৰাধাইও তাক সাৱটি ধৰিল।
**************
ফোনটো বাজি আছে। এটি অচিনাকী নম্বৰ....তাই ৰিচিভ কৰি ক'লে-
: হেল্লো, কোন হ'য় ?
: অনুৰাধা ......
: অ' হয়, কোনে কৈছে?
: আজি বহুদিনৰ মূৰত তোমাৰ মাত শুনিলো।
: কোন হ'য় নকয় কিয়?
: মোৰ মাত তুমি পাহৰি গলা ? মই আন কোনো নহয়, অনুৰাগ....
- সি কাহিবলৈ আৰম্ভ কৰিলে। মদ খাই খাই তাৰ দিনকে দিনে অৱস্থা শোচনীয় হৈ গৈছে।
: তুমি? মোৰ নম্বৰ ক'ত পালা আৰু কিয় ফোন কৰিলা? অ' মিছ অসম হোৱা কাৰণে মোৰ ওপৰত চকু পৰিছে নেকি ?
: তুমি ভুল ভাবিছা অনু, মই কৰা ভুলৰ বাবে আজি ক্ষমা বিচাৰি ফোন কৰিছোঁ। মো...ক ক্ষমা কৰি দিয়া অনু আৰু তোমাৰ নতুন জীৱনলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
- কথাখিনি কৈ অনুৰাগে খুব কান্দিব ধৰিল।
: হ'ব, এতিয়া কান্দি দেখুৱাব নালাগে। হ'ব মই ক্ষমা কৰি দিছোঁ। তাই কলটো কাটি দি ঘৰুৱা কামত ব্যস্ত হৈ পৰিল।
***************
বতৰটো ক'লা কৰি আনিছে, লগতে খুব জোৰকৈ ধুমুহা.....
শুকুৱাবলৈ মেলি দিয়া কাপোৰবোৰ অনুৰাধাই চপাই আনি থলে। শাহুৱেক আৰু শহুৰেকক ভাই খাবলৈ দি তাই দেৱজিৎ অহালৈ বাট চাই থাকিল.... একেলগে ভাত খাব....
: বহু দেৰি হ'ল যে?
: এফালে গৈছিলো, সেইকাৰণে পলম হ'ল। তুমি ভাত খাইছানে ?
: নাই খোৱা, তোমাকে ৰৈ আছো। বতৰটোও খুব বেয়া, ধুমুহা-বৰষুণ আহিব চাগৈ!
: এটা বেয়া খবৰ.......
: কি বেয়া খবৰ'নো?
: অনুৰাগ আৰু এই পৃথিৱীত নাই! আত্মহত্যা কৰি মৰিল.....
: কি?........ - হঠাত তাইৰ বুকুখনত কিহবাই প্ৰচণ্ড খুন্দা মাৰি ধৰাৰ নিচিনা লাগিল । নিমাত হৈ তাই আকাশৰ ফালে চাই ৰ'ল ....কিয় জানো তাই চিঞৰি চিঞৰি কান্দিব খুজিও কান্দিব নোৱাৰিলে...... নিশা তাইৰ টোপনি নাহিল।
সেই খবৰটো শুনাৰ পৰা তাই একো খোৱা নাই। দেৱজিতে ধৰিব পাৰিলে তাইৰ মনৰ কথা।
: অনু, এতিয়া তই মোৰ। আনৰ কথা ভাবি সময় নষ্ট নকৰিবি। আহা, মই আজি ভাত ৰান্ধিছো খোৱাহি। তোমাৰ প্ৰিয় মটৰ পনীৰ। সৌ আকাশখন চোৱাচোন, এতিয়া কলা ডাৱৰ আৰু নাই.... ক'লা মেঘ আতঁৰি গ'ল.....
দেৱজিতে তাইক টানি আনি ডাইনিং টেবুলত বহুৱাই দিলে আৰু সি মৰমেৰে ৰন্ধা খাদ্য অকণমান তাইক খুৱাই দিলে....
( সমাপ্ত )
বৰ দুখ লগা উপন্যাস। পঢ়ি বৰ ভাল লাগিল।
ReplyDeletePorhi sokuoani ulal.
ReplyDelete