বাক্সা জিলাৰ অঞ্চলিত মানুহ এঘৰক মা কামাখ্যাই সপোন দেখুওৱা । তেওঁলোকৰ ঘৰত মা কামাখ্যাই নিজৰ ইচ্ছা মতে আহিছে । তেওঁলোকৰ ঘৰত মা কামাখ্যাক বাঁহৰ ৰূপতো পূজা কৰে।
তেওঁলোকৰ ঘৰত বাঁহডাল সুন্দৰকৈ সজাই লৈ পূজা অৰ্চনা কৰি ডেকা সকলে দৌৰায় আৰু পূজা কৰা মূল স্থান কুজিদেওঁৰ দেৱালয়লৈ লৈ যায়। তাতে স্থাপন কৰি আকৌ বিধি মতে পূজা অৰ্চনা কৰে। কিছুমান লোকৰ বিশ্বাস অনুসৰি স্থাপন কৰা বাঁহ যি ফালে হালি থাকে সেই স্থানৰ মানুহৰ বেমাৰ-ব্যাধি হ'য় বুলি কয়।
এনেদৰে পূৰ্বৰ দৰেকৈ এইবাৰো বাক্সা জিলাৰ কুজিদেওঁৰত শ্ৰীশ্ৰী কুজিদেওঁৰ দেৱালয়ত ১৭৫ সংখ্যক পাৰতোলা উৎসৱ সম্পন্ন হয়।
কিছুমান ঠাইত ভঠেলিত কম পক্ষেও দুটা পাৰ থাকে– এটা দীঘল আনটো চুটি। দীঘল পাৰটোক দৰা আৰু চুটি পাৰটোক কইনা বুলি কোৱা হয়। যিখন গাঁৱত ভঠেলি উৎসৱ পতা হয়, সেই গাঁৱখনে দীঘল পাৰটো পোতে; আন গাঁৱৰ ডেকাই কইনা পাৰটো স্থাপন কৰেহি।
পাৰৰ ওচৰতে কলপাতৰ সৰুকৈ ঘৰ সাজি তাত বিগ্ৰহ স্থাপন কৰা হয়। এই ঘৰটোক ভঠেলি ঘৰ বোলে।
ভঠেলি ঘৰত স্থাপন কৰা বিগ্ৰহৰ আগত পইচা, নৈবেদ্য আদি দিয়া হয়। ভক্তসকলে পাৰবোৰক ভক্তিভাৱে স্পৰ্শ কৰি সেৱা জনায়।
ভঠেলি উৎসৱৰ দিনা ল’ৰা-ছোৱালী, ডেকা -বুঢ়া সকলোৱে এক হৈ নৃত্য-গীত প্ৰদৰ্শন কৰে। কিছুমান ঠাইত গধূলি ভঠেলি ঘৰটো ডেকাসকলে ভাঙি পেলায় আৰু ‘ভঠেলি সমাপ্ত হয়’ বুলি চিঞৰি চিঞৰি উৎসৱৰ সামৰণি পেলায়।
বিভিন্ন জনৰ মতে ভঠেলি শব্দই বহু অৰ্থ বহন কৰে।
ড° বাণীকান্ত কাকতিয়ে ‘ভঠেলি’ শব্দটো আকাশ বুজোৱা ভস্থলিকা শব্দৰপৰা আহিব পাৰে বুলি অনুমান কৰে। আন কিছুমানে আকৌ ভাটিয়ালী শব্দৰপৰা এই শব্দটো অহা বুলি ক’য়। বিহগী কবি ৰঘুনাথ চৌধাৰীৰ মতে ভঠেলি শব্দটো ভূঁইথলী শব্দৰপৰা আহিছে।
নামনি অসমৰ এক পৱিত্ৰ আৰু ভক্তিৰ উৎসৱ হৈছে এই ভঠেলি উৎসৱ। এই উৎসৱত সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে গোট খায় আৰু ভক্তি ভাৱেৰে মিলিত হৈ পূজা -অৰ্চনা কৰে।