( অপূৰ্ব দাস )
নেমুৰ আচাৰ আমাৰ খাদ্যৰ এক গুৰুত্বপূৰ্ণ অংশ যিয়ে বিশেষকৈ গ্ৰীষ্মকালত খাদ্যৰ সোৱাদ দুগুণ কৰে। যদি আপুনি ঘৰতে সতেজ নেমুৰ আচাৰ বনাব বিচাৰে তেন্তে এই পদ্ধতি অনুসৰণ কৰক।
সামগ্ৰী :
৬-৭ টা নেমু (ডাঙৰ আকাৰ)
৩-৪ চামুচ নিমখ দিব
১ চামুচ হালধিৰ গুড়ি
১ চামুচ ৰঙা জলকীয়াৰ গুড়ি
১ চামুচ জিৰাৰ গুড়ি
১ চামুচ চফ ( গুৱামুৰি )
১ চামুচ সৰিয়হৰ তেল
২-৩ টা লং
আচাৰ প্ৰস্তুত কৰা পদ্ধতি :
(১) প্ৰথমে নেমু ভালদৰে ধুই শুকুৱাই লওক। তাৰ পিছত সৰু সৰুকৈ কাটি গুটিবোৰ উলিয়াই লব। কাজি নেমু হ'লে বাকলি আঁতৰ কৰিব।
(২) নিমখ আৰু মছলা মিহলাই লওক। কটা নেমুৰ টুকুৰাত নিমখ, হালধি গুড়ি, ৰঙা জলকীয়াৰ গুড়ি, জিৰাৰ গুড়ি আৰু চফ দিব। এই সকলোবোৰ বস্তু ভালদৰে মিহলাই লওক যাতে মছলাবোৰ নেমুৰ লগত ভালদৰে লাগি থাকে।
(৩) তেল দিয়াৰ আগতে ভিনেগাৰ 30-40 ml দি ভালদৰে সানিব।
(৪) তেল দিব: এতিয়া তাত গৰম কৰা সৰিয়হৰ তেল দি ভালদৰে মিহলাই লওক। সৰিয়হৰ তেলে আচাৰ বহুদিন সতেজ কৰি ৰাখে আৰু সোৱাদ বৃদ্ধি কৰে।
(৫) বৈয়ামত আচাৰ ভৰাই লওক: প্ৰস্তুত কৰা মিশ্ৰণটো এটা পৰিষ্কাৰ আৰু শুকান জাৰ বা ভৈয়ামত ভৰাব । জাৰটো ভালদৰে বন্ধ কৰি ৰ’দৰ পোহৰত ৰাখিব।
(৬) দৈনিক জোকাৰিব: প্ৰতিদিনে জাৰটো ভালদৰে জোকাৰিব যাতে মছলা আৰু তেল প্ৰতিটো টুকুৰাৰ লগত ভালদৰে লাগি যায় । আপোনাৰ নেমুৰ টেঙা আচাৰ ৭-১০ দিনৰ ভিতৰত তৈয়াৰ হ’ব।
(৭) পৰিবেশনৰ পদ্ধতি: এতিয়া আপোনাৰ টেঙা নেমুৰ আচাৰ সাজু হৈ গ'ল । আপোনাৰ প্ৰিয় খাদ্যৰ লগত পৰিবেশন কৰিব পাৰে। ই খাদ্যৰ সোৱাদ দুগুণ কৰে।
স্বাস্থ্য উপকাৰীতাঃ নেমুৰ আচাৰে হজম শক্তি উন্নত কৰে আৰু লগতে শৰীৰত পানীৰ অভাৱ দূৰ কৰে। ইয়াৰ উপৰিও ই আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে।