( অপূৰ্ব দাস )
বিশ্ব কবি দিৱস প্ৰতি বছৰে ২১ মাৰ্চত পালন কৰা হয়। ইউনেস্কোৱে কবি আৰু কবিতাৰ সৃষ্টিশীল গৌৰৱক সন্মান জনোৱাৰ লক্ষ্যৰে ১৯৯৯ চনত এই দিনটো বিশ্ব কবি দিৱস হিচাপে উদযাপন কৰাৰ কথা ঘোষণা কৰিছিল।
কবিতা হৈছে অনুভূতিৰ প্ৰকাশ। মানুহে যি কথা প্ৰত্যক্ষ শব্দৰে ক’ব নোৱাৰে, সেই কথা মালাত মুকুতা বান্ধি দিয়াৰ দৰেই কাগজত লিখি থৈ দিয়ে। দেশপ্ৰেমৰ তেজত শক্তি জগাবলৈ হওক বা পৰাজিতক সাহস দিবলৈ হওক, শক্তি-সাহস দিবলৈ হওক বা কাৰোবাৰ প্ৰতি প্ৰেম প্ৰকাশ কৰিবলৈ হওক, কবিতাই হৃদয়ৰ অৱস্থাক দুই এটা শব্দৰে প্ৰকাশ কৰে। কবিতাই হেৰাই যোৱাক গন্তব্যস্থান দেখুৱাই দিয়ে আৰু ভগ্ন হৃদয়কো পুণৰ জীপাল প্ৰদান কৰে। এই কবিতা আৰু কবিসকলক বিশ্ব কবি দিৱসত সম্বৰ্ধনা জনোৱা হয়। প্ৰতি বছৰে ২১ মাৰ্চত বিশ্ব কবি দিৱস পালন কৰা হয়। এই দিৱসত কবিতাৰ সৌন্দৰ্য্য, প্ৰকাশ আৰু অনন্য সৃষ্টি ৰাইজৰ মাজলৈ লৈ যাবলৈ চেষ্টা কৰা হয়। সাহিত্যৰ প্ৰতি উৎসৰ্গিত এই দিৱস উদযাপন ১৯৯৯ চনত পেৰিছত ইউনেস্ক’ৰ ৩০ সংখ্যক অধিবেশনৰ জৰিয়তে আৰম্ভ হৈছিল য’ত ২১ মাৰ্চক বিশ্ব কবি দিৱস হিচাপে ঘোষণা কৰা হৈছিল।
সাহিত্য সমাজৰ প্ৰতিফলন। এই সাহিত্যকো শান্তি আৰু অন্তৰ্ভুক্তিৰ মাধ্যম হিচাপে গণ্য কৰা হয়।
মোৰ কেইটিমগন কবিতা এই দিৱসত আপোনালোকলৈ আগবঢ়ালোঁ । পঢ়িব বুলি আশা কৰিলো।
ফাগুন মানেই যৌৱন
কবিতা: অপূৰ্ব দাস )
দেহত কাপোৰখন নহ'লেই দেখোন
লাজে আৱৰি ধৰে,
ফাগুন আহিলেই বলিয়া হ'য় মন-প্ৰাণ
এখনি এখনি কৈ কিয় বাৰু দেহৰ পাতবোৰ সৰে?
পছোৱা, তুমি দিবা আপোনজনক বাৰ্তা...
সৰা পাতত লিখি পঠিয়াম মোৰ হৃদয়ৰ গান,
ফাঁকুৱাৰ ৰং তুমি দিবা সানি
বিচাৰিছো তোমাৰ পৰশ যে অকণমান।
শীতৰ কুঁৱলী আৰু নিয়ৰ আঁতৰি
তোমাতেই বসন্তৰ আগমন হয়,
লঠঙা গছত কুঁহিপাত মেলিব
ফাগুনৰ পছোৱা উতলা যৌৱন দেহত এতিয়া বয়।
নগ্ন দেহৰ প্ৰতিটো ভাঁজত
তোমাৰ সপোন ৰচে,
তোমাৰ ঠিকনা বিচাৰি দিব
ন- কুঁহিপাত মেলা প্ৰতিজোপা সেউজীয়া গছে।
তৃষ্ণাতুৰ হৃদয়ৰ পিঁয়াহ আতঁৰিব
তোমাৰ মৰমৰ পৰশ পালে,
কুলি চৰাইটিয়ে বসন্তৰ আগমনত
যৌৱনৰ মিঠা গান গালে।
*********************
অ' মোৰ প্ৰিয়তম শাওণ
কবিতা: অপূৰ্ব দাস
শাওণ , তোমাৰ বাবে কিমান যে অপেক্ষাত
তুমি আহিলে জীপাল হয় পথাৰ
চাৰিওফালে সেউজ হয় বুকুখন
প্ৰেমৰ টোপালবোৰ বিচাৰি হাহাকাৰ কৰে
টান ৰʼদত ফাটিবলৈ লোৱা মোৰ হৃদয় খনিয়ে।
প্ৰেম বৰষিবলৈ দিয়ানা অ' শাওণ
মেঘৰ গাজনিত মোৰ হিয়া হয় চঞ্চল
দুহাত মেলি সাৱটি ধৰিম
টোপাল টোপাল তোমাৰ মৰমক লৈ
পথাৰত ৰুই যাম ভূই।
ধাৰাষাৰ প্ৰেমৰ মাদকতাত মিলন হʼব আমাৰ
সাৰ পাই উঠিব মিঠা সপোন
লহপহকৈ বাঢ়ি আহিব বুকুৰ শইচ
আমনি নকৰিবা অ' বাটৰুৱা ৰʼদালি
লাজতে আঁতৰি যাবগৈ মৰমৰ শাওণ।
অভিমানে আৱৰি ৰাখিছে মোৰ মন
তোমাৰ বাৰু মোলৈ মনত নপৰেনে?
এবছৰৰ মূৰত আহি দি থৈ যোৱা বহু সপোন
তথাপিও মন ভৰিয়ে নপৰে
থাকা যেন সদায় মোৰ কাষতে ৰৈ।
এবাৰ চোৱানা মোৰ দুচকুলৈ
বুজি পাবানে মোৰ কলিজাৰ ভাষা
নগ্ন শৰীৰেৰে সেউজীয়া চাদৰত
দুয়ো শুই মিলন হওঁ আহা
অ' শাওণ থাকক আমাৰ প্ৰেম চিৰ যুগমীয়া হৈ......
***********************
এপাহ ৰঙা গোলাপ
( অপূৰ্ব দাস)
আজি আকৌ আহিব…
দুহাতত সেউজীয়া ,
দুচকুত আকাশৰ নীলাখিনি লৈ৷
মৰম বিচাৰি যাওঁতে এবাৰ গোলাপৰ কাঁইটে বিন্ধিছিল৷
তেতিয়াৰ পৰা গোলাপফুল ল’বলৈ ভয় লাগে!
আজি আকৌ আহিব,
এবুকু মৰম লৈ৷
মোৰ কলিজাত মেঘৰ আশাৰ গাজনি;
এটি মিঠা শিহৰণ.....
বৰষুণৰ মিঠা মিঠা টোপালত হেৰাই যাব কাঁইটে বিন্ধা হেজাৰ তেজৰ টোপাল৷
এতিয়া বৰষুণে জীপাল কৰা মোৰ বুকুত ল’হ-প’হ কৈ
গজি উঠিছে এজোপা ৰঙা গোলাপ..
বসন্তৰ আগমনৰ লগে লগেই
এপাহ ফুল হৈ ফুলিব৷
*****
কবিতা : কাৰ কি বিষাদ
(অপূৰ্ব দাস)
ডাৱৰীয়া আকাশ তিমিৰ ৰং
ভেদি যায় বুকু,
তথাপিও সেই ৰং আঁতৰি নাযায়
নিষ্প্রভ হয় দুচকু।
জোন, বেলি, তৰা সকলো লুকাল
ডাৱৰৰ কলা ৰং দেখি,
নাপাহৰো আমি নিজৰ বিষাদ
থওঁ বুকুতে লিখি।
নিয়ৰ সনা শীতৰ ৰজনী
জাৰত কঁপি কঁপি,
জর্জৰিত দেহত নিহালী লওঁ
হৰি নাম জঁপি।
জীৱন-অন্ন দাত্রী হে আই ধৰিত্রী
বিপদ আজি তোৰ,
মাতৃৰ শোকত উঠক কঁপি
সহস্র জনৰ হৃদয় আৰু মোৰ।
জাকপাতি উৰি ফুৰা চৰাইবোৰৰ জাক
সোণাৰুৰ ডালত পৰি ইটো-সিটো পাতি কথা,
কোনে বুজিব সিহঁতৰ ভাষা
হায়! কোনো বুজিব সিহঁতৰ বেথা।
আকাশৰ বুকুত অজস্র তৰা
হাঁহি থাকিলেও তুমি নুবুজা,
হাঁহি-ধেমালিৰ মাজত থাকে লুকাই
দুখ-কান্দনৰ বিষাদময় ছাঁ ।
*******************
মই এচাটি মলয়া
কবিতা : অপূৰ্ব দাস
মই এচাটি মলয়া
কেৱল উৰি ফুৰোঁ,
সকলোকে আনন্দ দিওঁ
শীতলতা প্ৰদান কৰোঁ।
মই প্ৰতিটো ক্ষণতেই
তোমাৰ কাষত আছোঁ
সুখতো-দুখতো,
এমোকোৰা হাঁহি বিচাৰো
তোমাৰ মুখতো।
সকলোকৰে অন্তৰত
ধৈৰ্য্য সাহস প্ৰেৰণা জগাই,
আশাৰ বন্তি গছি জ্বলাই
বেদনাবোৰ লম ভগাই।
মই এচাটি বতাহ
সকলোৰে আপোন হৈ,
সকলোতে বিয়পি আছোঁ
অৰূপী মলয়া মই।
নাই মোৰ স্থায়িত্ব
নাই কোনো নিজা ৰূপ,
অনুভৱ কৰা মোক হৃদয়ত
তোৰেই অনুৰূপ।
প্ৰতিটো বসন্তৰ আগমনত
কুলি- কেতেকীৰ মিঠা মাতত,
তোৰ প্ৰেয়সী, প্ৰিয়জনৰ খবৰ আনিছো
চোৱাহি সৰি পৰা গছৰ পাতত।
মই মাথো এচাটি বতাহ
আপোনজনে এৰিলেও চকুলো নুটুকিবা,
তোৰ কাষৰ পৰা প্ৰিয়জন
আঁতৰি গলেও দুখ নকৰিবা।
কাৰণ মই আছো তোৰ কাষতেই
আজিও মলয়া বতাহ হৈ,
দুখৰ দিনবোৰ আঁতৰি যাওঁক
থাকক আপোনজন কাষতে ৰৈ।
*********************
আঘোণ
✍️ কবিতা অপূৰ্ব দাস
সোণোৱালী ধাননি পথাৰ দেখি
দাওনীৰ হেঁপাহৰ হাঁহি,
সোণগুটি লক্ষ্মীমি আদৰি আনোগৈ
আঘোণৰ সোণালী পথাৰ ছোৱাহি।
কোমল ৰʼদালি দেহত লাগি
মাটিত পৰে ঘাম,
আঘোণৰ মাহতেই আপোনজনৰ সৈতে
হেঁপাহ পলুৱাই ন-খাম।
মহোহো দিয়োগৈ আঘোণৰ পূৰ্ণিমাত
হাতে হাতে টাঙোন লʼ,
কোন কʼত আছʼ ওলাই আহ
ঘৰে ঘৰে খেদিমগৈ মহ।
নিহালীখন দিনতে ৰʼদাইলৈ
বাৰীৰ বগৰী বুটলিবলৈ লগৰবোৰ আনো মাতি,
আইতাৰ মুখৰ সাধু শুনিমগৈ
কুঁৱলিৰে ঢাকি ধৰা আঘোণৰ শীতল ৰাতি।
লাই পালেং মূলা বিলাহী
নানাবিধ বাৰীত শাক,
ঔটেঙাৰ সৈতে ৰৌমাছৰ আঞ্জা
ৰান্ধিবলৈ দিমগৈ মাক।
আপোনজনৰ সৈতে সদায়েই মৰমেৰে
আঘোণৰ সোণালী ৰং ল'বা সানি,
পুৱাৰ সূৰুযৰ কোমল ৰʼদালিয়ে
দিব দেহে মনে অনেক সুখ আনি।
*********************
সুখৰ শৰৎ
✍️ অপূৰ্ব দাস
শীতল পৰশে মধুৰ অনুভূতি
পুৱাতে দিয়ে জগাই,
আহিনৰ পথাৰত সেউজী সভাই
নিয়ৰৰ মুকুতাক লʼয় ভগাই।
সোনালী ৰʼদত চিকমিকাই উঠে
শইচৰ সঁজাল হাঁহি ,
অ' শৰৎ হেঁপাহবোৰ লৈ
আকৌ তুমি পালাহি আহি।
নঙলা মুখৰ শেৱালি জোপাই
নিশাবোৰক সুবাসত আমোল মোল কৰে,
নৈ পাৰত কঁহুৱাৰ নাচোন দেখি
মন-প্ৰাণ ভৰি পৰে।
উৎসৱ সমূহেৰে মুখৰিত হৈ পৰে
আকাশ বতাহ মাটি,
সুখৰ এই মধুৰ ক্ষণত মাতাৰ আশিৰ্বাদ
লোৱা দুহাত পাতি।
ঠন ধৰি উঠে জীৱনৰ মিঠা সপোন
শৰতৰ মিঠা পৰশতে,
আকাশৰ কʼলা ডাৱৰবোৰো যেন
যায় আঁতৰি পলকতে।
************************
প্ৰিয়তম শৰৎ
( কবিতা: অপূৰ্ব দাস )
শৰৎ তুমি আকৌ আহিবানে
কঁহুৱাৰ মাজে মাজে ৰচিম সপোন,
শেৱালী ফুলৰ সুৱাসেৰে সজাম ৰাতিটো
হʼবানে তুমি মোৰ বুকুৰ আপোন?
জোনাকত উমলিম তৰাৰ সৈতে খেলিম
গুটিমালী ফুলেৰে সজাম সপোনৰ ঘৰ,
দুহাত মেলি ৰৈ আছো কঁহুৱাৰ বনৰ মাজত
আকৌ এবাৰ আহি মোৰ দুহাতত ধৰ।
বকুল গছৰ ডালত বহি চৰাইটিয়ে গালে
শৰতৰ সুৱদি গীত,
নৈ-নিজৰাইও বৈ বৈ তালে তালে নাছিলে
পদূলি মুখতো আছে ৰৈ অবুজন হেমন্ত আৰু শীত।
আবেলিৰ বেলিৰ মিচিকিয়া হাঁহিত
প্ৰেম-বিষাদৰ বেদনাদায়ক এখনি ছবি,
আকৌ আহিবা তুমি হে মোৰ প্ৰিয়তম শৰৎ
মোৰ হৃদয়ৰ সঁচা মৰমবোৰ সযতনে সজাই থʼবি।
এন্ধাৰ ৰাতি হ'লে ভয় নকৰিবা
মই আছো সদায় তোমাৰেই লগত,
জোনাকী পৰুৱাই আমাক দেখুৱাব বাট
পৱিত্ৰ প্ৰেমেৰে গঢ়ো আহা এখনি প্ৰেমৰ জগত।
**********************************
তুমি আকাশৰ জোন
✍️ অপূৰ্ব দাস
চোৱানা আবেলিৰ বেলিটিৰ মিঠা ৰʼদ,
তুমি বাৰু আছা কʼত?
বিচাৰি ফুৰিছো কঁহুৱাৰ মাজত,
লাজুকী লতাবোৰে পাত জপাইছে লাজত।
আহিবানে তুমি উৰুখা পজালৈ এবাৰ মোৰ,
আছে যে কবলৈ তোমাক সাঁচিৰখা কথাবোৰ।
এইবেলি ফাকুৱাৰ ৰংবোৰ মৰমেৰে দিবা লগাই,
তোমাৰ হাতৰ পৰশে দিব কমনাবোৰ আকৌ জগাই।
সন্ধিয়াৰ আকাশত বগাকৈ বগলি উৰে,
তোমালৈ কিয় জানো সদায়েই মনতে পৰে।
কোনে তৰাৰ ধেমালি দেখি মিচিকিয়াই হাঁহে?
গধূলি হʼলেই তোমাৰ ছবিখন মোৰ মনলৈ আহে।
ৰাতি বাঁহীৰ মাত শুনি তোমাক বিছাৰি যাওঁ,
দূৰ-দূৰণিৰ আকাশত তোমাক হেঁপাহ পলুৱাই চাওঁ।
*******************
মোৰে চেনাই
✍️অপূৰ্ব দাস
আহিলে আকৌ ব'হাগৰ বিহুটি
গা-মন হ'য় ইচাত বিচাত ঢোল-পেঁপাৰ মাতত,
তোলৈ বিহুৱান আনিছো চেনাই ঐ
ৰৈ আছো অকলে বিয়লি নৈৰে ঘাটত।
কপৌ ফুলিছে গছৰে ডালতে
কুলিৰ সুৱদি মাত,
ঘৰে ঘৰে বিহুৱাই হুচৰি গাইছে
তোলৈ চাই আছোঁ বাট।
তিল পিঠা, তেল পিঠা, ঘীলা পিঠা পুৰিছো
বাঁহৰ চুঙাত ৰাখিছো দৈ,
থাকিব নোৱাৰো তোৰে ভাৱনাত
বিহুতেই নিয়াহি নিজৰ কৰি পলুৱাই লৈ।
গাওঁৰে ছোৱালী কথাবোৰ নুবুজো
জোকাইছিলা আকৰি বুলি,
ধুনীয়া ছোৱালীৰ মিঠা মাত শুনি
চেনাই ঐ নাযাবা দেই ভুলি।
হোৱা কিয় অভিমানী অ'মোৰে চেনাই?
অভিমান নকৰিবা তুমি,
গোটেই নিশা হেৰুওৱাৰ বিষাদত
জ্বলে মোৰ কোমল হিয়া উমি উমি।
******************
কবিতা : পণাংগনা ( বেশ্যা )
অপূৰ্ব দাস ✍
আন্ধাৰ ৰাতি কোন সেইজনী
কাৰ বাবে আছে ৰৈ
পেটৰ ক্ষুধাৰ বাবে নে
নে যৌন ক্ষুধাৰ বাবে ?
তামসীৰ মায়াবিনী হৈ
কামনাৰ গোন্ধ দেহত সানি
দুটি ওঁঠত জিলিকি উঠিছে
আদিম বাসনাৰ হাঁহি ৷
সহস্ৰ মুখা পিন্ধাৰ মুখা খুলি
লাজ সন্মান পাহৰি
শয্যাৰ সংগী আমি হট্টবিলাসিনী ৷
ডেকা কি বুঢ়া কি মুখাপিন্ধাৰ বলি
সহ্য কৰি যাওঁ
এখন সপোনৰ ঘৰ সঁজাৰ
আছেনে আমাৰো অভিলাষ ?
যি ফেটি সৰ্পৰ নিৰ্য্যাতন
কোমল দুলালীৰ ওপৰত শেনচকু
আমিয়েই ৰোধ কৰো
নিজকে সমৰ্পন কৰি
শৰীৰৰ বাবেই হেৰাই পেলাওঁ
অন্তৰ আত্মাৰ শান্তি ৷
মান-সন্মান ধূলিস্যাৎ কৰি
আজি ঘৃণাৰ কাৰণেই
বাঢ়নীৰে সৰা একো একোটা
তলসৰা ৰজনীৰ শেৱালি ৷
Ad
×
ইমান সুন্দৰ কবিতা। পঢ়ি বহুত ভাল লাগিল।
ReplyDelete