( অপূৰ্ব দাস )
হোলী উৎসৱ আছিল। চাৰিওফালে ৰঙৰ উৎসৱ হোলী, ঢোল-নগাৰাৰ গুঞ্জন আৰু মন্দিৰবোৰত ভক্তৰে পৰিপূৰ্ণ পৰিৱেশ। গাঁওৰ চৌপালৰ পৰা আৰম্ভ কৰি প্ৰতিটো গলিত ৰঙৰ উন্মাদনা আছিল। কিন্তু এই হোলীত দুটা হৃদয়ৰ অপূৰ্ণ প্ৰেমৰ কাহিনীৰ ৰং মিহলি হৈছিল—কৃষ্ণ হোৱা ৰাজু আৰু ৰাধা হোৱা অনুৰাধাৰ কাহিনী।
ৰাজু আৰু অনুৰাধা একে গাঁৱৰ ল’ৰা-ছোৱালী। ৰাজু সৰুৰে পৰা অনুৰাধাক ভাল পাইছিল, কিন্তু কেতিয়াও নিজৰ অনুভূতি প্ৰকাশ কৰিবলৈ সাহস নাপালে। দুয়োটা একেলগে স্কুলত পঢ়িছিল। ৰাজু সদায় অনুৰাধাৰ ওচৰত থাকিবলৈ চেষ্টা কৰিছিল, কিন্তু অনুৰাধাই এই অনুভূতি কোনোদিন বুজি নাপালে।
গাঁৱত প্ৰতিবছৰে হোলী উপলক্ষে নাটকৰ আয়োজন কৰা হৈছিল। এইবাৰ ৰাজুক কৃষ্ণ আৰু অনুৰাধাক ৰাধাৰ চৰিত্ৰ দিয়া হৈছিল। সম্পূৰ্ণ গাঁৱৰ আগত তেওঁলোকৰ অভিনয় হৈছিল, কিন্তু ৰাজুৰ বাবে এইটো কেৱল অভিনয় নাছিল, এইটো তেওঁৰ অন্তৰৰ সত্য অনুভূতি আছিল। মঞ্চত অনুৰাধাক দেখি তেওঁৰ হৃদয় বিহ্বল হৈছিল।
হোলীৰ দিনা গাঁৱত ৰং খেলাৰ পৰম্পৰা আছে। ৰাজুই সিদ্ধান্ত লৈছিল যে, এইবাৰ অনুৰাধাক নিজৰ অনুভূতি কৈ দিবই। সি ফাকু গুড়ি লৈ অনুৰাধাৰ ওচৰলৈ গ’ল।
"অনু, মই তোমাক বহুত ভাল পাওঁ। তুমি এই হোলীত মোৰ জীৱন বৰঙীন কৰি দিবা নে ?" ৰাজুই লাজ আৰু ভয়ত কঁপা কঁপা মাতেৰে লাজত ক’লে।
অনুৰাধাই একো নক’লে, কিন্তু তাইৰ চকুত এক ব্যতিক্ৰমী হাঁহি দেখিবলৈ পোৱা গ’ল। তাই কিবা ক’ব লৈছিলহে, ঠিক তেতিয়াতে মাকে আহি অনুৰাধাক তাৰ পৰা লৈ গ’ল।
ৰাজুৰ মনে বিশ্বাস কৰিছিল যে, অনুৰাধাই হয়তো তাক ভাল পায়। তাৰ আশা জন্মিছিল যে, এইবেলিৰ পৰা দুয়ো একেলগে থাকিব।
কিন্তু ভাগ্যই যেন কপালত বেলেগ হে লিখি থৈছিল । কিছু দিনৰ পিছতে গাঁওত বাতৰি বিয়পি পৰিল যে, অনুৰাধাৰ বিয়া ঠিক হৈছে। ৰাজু হতভম্ব হৈ পৰিল যেতিয়া জনা গ’ল যে, অনুৰাধাৰ বিয়া ৫০ বছৰীয়া এজন ধনী মানুহৰ সৈতে হ’ব।
"এইটো কেনেকৈ সম্ভৱ?" ৰাজুৱে তাৰ বন্ধু অনুপলৈ সুধিলে।
"অনুৰাধাৰ দেউতাকে অনেক ধনৰ ঋণ লৈছিল। সেই ঋণ আদায় কৰিবলৈ তেওঁ অনুৰাধাক ধনী মানুহজনক বিয়া দিবলৈ বাধ্য হৈছে," অনুপে বিষাদভৰা কণ্ঠত ক’লে।
ৰাজু অনুৰাধাৰ ঘৰলৈ দৌৰ মাৰিলে। সি দেখিলে যে, অনুৰাধাৰ চকুপানী ওলাই আছে।
"অনু, তুমি এই বিয়াত সুখী নে?" ৰাজুই কম্পিত কণ্ঠত সুধিলে।
অনুৰাধাই কিছু সময়ৰ বাবে চুপ হৈ আছিল, তাৰ পিছত ক’লে, "সুখী হওঁ বা নোহওঁ, তাৰ প্ৰয়োজন নাই , ৰাজু । মোৰ হাতত কোনো পথ নাই। মোৰ দেউতাকক বচাবলৈ মই এই বলিদান দিব লাগিব। তুমি মোৰ অন্তৰত সদায় থাকিবা, কাৰণ মইও তোমাক ভাল পাওঁ - মই হ'ম ৰাধা আৰু তুমি হ'বা মোৰ কৃষ্ণ....... অহা জনমত.....
এই বুলি কৈ তাই খিড়িকীখনেৰে বাহিৰলৈ চাই ৰ'ল । দুচকুত চকুপানীৰ ধাৰ ববলৈ ধৰিল।
ৰাজু বাক্যহীন হৈ পৰিল। তাৰো চকুত চকুপানী ওলাই আহিল।
বিয়াৰ দিন আহি গ’ল। ৰাজুই দূৰৰ পৰা চালে, তাৰ ৰাধা আন এজনৰ হৈ পৰিল। সি একো কৰিব নোৱাৰিলে। তাৰ অন্তৰত এক ডাঙৰ ধুমুহা চলি আছিল, কিন্তু সমাজৰ শৃংখলই তেওঁক বান্ধি ৰাখিলে।
অনুৰাধাই বিদায়ৰ সময়ত এবাৰ পিছলৈ ঘূৰি চালে। তাৰ চকুত হাজাৰ প্ৰশ্ন আছিল, কিন্তু কোনো উত্তৰ নাছিল। সি ৰাজুক এৰি গৈছিল, চিৰদিনৰ বাবে।
ৰাজুৰ বাবে হোলী কেৱল এটা উৎসৱ নাথাকিল, এইটো তাৰ অপূৰ্ণ প্ৰেম কাহিনীৰ এক অপূৰ্ণ অধ্যায় হৈ পৰিল। প্ৰতিবছৰ হোলী আহিলে, ৰাজুৱে সেই দিনটোৰ কথা মনত পেলাইছিল যেতিয়া সি নিজৰ ৰাধাক সঁচাকৈয়ে হেৰুৱাই পেলাইছিল। ৰং উৰিছিল, ঢোল বজিছিল, কিন্তু ৰাজুৰ জীৱনৰ পৰা সকলো ৰং শেষ হৈ গৈছিল। এদিন শুনিলে অনুৰাধা আৰু এই পৃথিৱীত নাই । তাই বিষ পান কৰি চিৰদিনৰ বাবে দেহ ত্যাগ কৰিলে। তাই এটুকুৰা কাগজত লিখি থৈ গৈছিল "মই হ'ম ৰাধা আৰু তুমি হ'বা মোৰ কৃষ্ণ..... হোলী খেলো আহা...."
Porhi soku pani ulale
ReplyDelete