ৰহস্যময়ী কাল্পনিক গল্প: ঈৰ্ষা
কংক্ৰীটে গ্ৰাস কৰি পেলোৱা ব্যস্ত চহৰ সেউজপুৰ, এখন চাহ বাগিচাৰ স্বত্বাধিকাৰীৰ পুত্ৰ প্ৰবালৰ ফাৰ্মহাউচত তাৰ বাৰ্থডে পাৰ্টি চলি আছে। বাৰ্থডে পাৰ্টি চলি থকা কোঠাটোত উচ্চ শব্দত বাজি থকা পশ্চিমীয়া ইলেক্ট্ৰনিক সংগীতৰ তালে তালে নৃত্যৰত অৱস্থাত প্ৰবালৰ বন্ধু বান্ধৱীবোৰ।
তেনেতে নৃত্যৰত অৱস্থাত থকা দীপিকাই মন কৰিলে সিহঁতৰ মাজৰ পৰাই প্ৰবালে ইফালে সিফালে চাই কোঠাটোৰ পৰা বাহিৰলৈ ওলাই গৈছে। উক্ত কথাটো দীপিকাই মন কৰি তাইও কোঠাটোৰ পৰা ওলাই প্ৰবাল ওলাই যোৱাৰ দিশে খোজ ল’লে আৰু এটা সময়ত তাই গৈ বাথৰুমটোৰ ওচৰত প্ৰবালৰ সৈতে মুখামুখি হ’ল।
“হেই প্ৰবাল, তুমি কি কৰিছা এইবোৰ ! তুমি জানানে যতীনে এই কথা জানিলে তোমাক সুখেৰে নেৰে। বেয়া পাইছোঁ তোমাক বহুত।” দীপিকাই প্ৰবালক ক’লে।
“আ হা… একো নহয়, ইমান চিন্তা কিয় কৰা তুমি। তুমি মাথোঁ মনে মনে থিয় হৈ ৰৈ থকা।” প্ৰবালে দীপিকাক উদ্দেশ্যি ক’লে।
“চিন্তা হ’বই ন! আৰু শুনা… যি কৰিলা কৰিলা। মই বাৰু কথাটো গোপনে ৰাখিম যিহেতু সন্মানৰ কথাও জড়িত হৈ আছে। আৰু শুনা, এই স্বভাৱ এৰা। এই বাৰেই লাষ্ট কিন্তু কৈ থলোঁ, নহ’লে মই কিন্তু পুলিচৰ কাষ চাপিম।” সকীয়নী দি দীপিকাই প্ৰবালক ক’লে।
প্ৰবালে ক’লে, “ঠিক আছে বাবা, আৰু নহয় বে এনেকুৱা, কাণত ধৰিছোঁ চোৱা আৰু এতিয়া ব’লা পাৰ্টিত আকৌ ডান্স কৰোগৈ।”
দুয়ো পুনৰ বাৰ্থ ডে পাৰ্টি চলি থকা কোঠাটোৰ ফালে আগবাঢ়িল।
বিশ্ববিদ্যালয়ত একেলগে পঢ়া যতীন, প্ৰবাল আৰু অৰূপ ভাল বন্ধু, ডিপাৰ্টমেণ্ট একেই হোৱা বাবে সিহঁতৰ জুনিয়ৰ দীপিকা আৰু চন্দনাৰো খুবেই ঘনিষ্ঠতা সিহঁতৰ লগত, এই ঘনিষ্ঠতাই কালক্ৰমত ভাল বন্ধুত্বৰ ৰূপ ল’লেগৈ ফলত নাথাকিল কোনো চিনিয়ৰ জুনিয়ৰৰ সীমা।
দিন পাৰ হ’ল, সময়ৰ লগে লগে যতীনে অনুভৱ কৰিলে তাৰ আৰু দীপিকাৰ সম্পৰ্কটো যেন বিশেষ সম্পৰ্কৰ দিশে আগবাঢ়িছে! তাৰ দীপিকাক ভাল লাগিব ধৰিলে। এই কথা যতীনে নিজৰ বন্ধু প্ৰবালক ক’লে, “ঐ মোৰ দীপিকাক দিনক দিনে ভাল লাগি আহিব ধৰিছে, কি কৰো ভাবি পোৱা নাই কেনেকৈ কওঁ।”
“তইও বৰ চিন্তা কৰ দে! তাইক মেচেজতো কব পাৰিচোন কথাটো, কিনো টান কামটো।” প্ৰবালে ক’লে।
“কিন্তু… তাই বা মানি লয় নলয় মোক নাজানো আৰু !” প্ৰবালক উদ্দেশ্যি যতীনে ক’লে।
“অ… সেইটো হ’লে মই নাজানোঁ দেই ভাই, আজিকালিৰ ছোৱালী আছেই চাগৈ কোনোবা প্ৰেমিক! সেয়ে প্ৰথম পৰিস্থিতিটো চাই ল। মই আছোঁ দে তোৰ লগত চিন্তা নকৰিবি।” যতীনক প্ৰবালে ক’লে।
চাওঁতে চাওঁতে বিশ্ববিদ্যালয় সপ্তাহ পাবৰ হ’ল। যতীনৰ ধৈৰ্যৰ বান্ধ ছিঙিল, যতীনে ভাবিলে যি হয় হ’ব মই দীপিকাক ভালপাওঁ বুলি খুলি কমেই, তাই মোক ভাল পাওঁক বা নাপাওঁক! মই তাইক ভালপাওঁ যেতিয়া নিঃস্বাৰ্থ ভাবে ভালপাই থাকিম সদায়। যদি তাই মোৰ কপালত আছে তেন্তে তাই মোৰ হবই, আৰু এই কথাটো মই তাইক বিশ্ববিদ্যালয় সপ্তাহৰ প্ৰথম দিনটোতে কম।
কিছুদিনৰ পিছত বিশ্ববিদ্যালয় সপ্তাহ আৰম্ভ হ’ল, দীপিকাক মনৰ ভাব খুলি কম বুলি ভাবিও যতীনে মনত সাহস গোটাব পৰা নাই। বিবুদ্ধিত পৰি যতীনে নিজৰ ভাড়াঘৰৰ পৰাই তাৰ আন এজন বন্ধু অৰূপৰ মতামত বিচাৰি অৰূপলৈ ফোন কৰিলে আৰু ক’লে, “ঐ ক’ত আছ তই?”
সিটোমূৰৰ পৰা অৰূপে ক’লে, “মই নাটকৰ আখৰাত আছোঁ, তোৰ কি কথা আছিল ক।”
যতীনে ক’লে, “মই…. দীপিকাক ভালপাওঁ বুজিছ, তাইক ভালপোৱাৰ প্ৰস্তাৱটো দিব বিচাৰো, কিবা এটা আইডিয়া দে না ভাই।”
“হাঃ হাঃ হাঃ এতিয়া তোকো আইডিয়া লাগে ?” অৰূপে ক’লে।
যতীনে ক’লে, “তোকো বুলি কলি যে আৰু কোনোবাই আইডিয়া লৈছে নেকি হাঃ হাঃ হাঃ ?”
অৰূপে কলে, “তই গম নাপাৱ নেকি ? পৰহি প্ৰবালে দীপিকাক প্ৰেমৰ প্ৰস্তাৱ দিছে কিন্তু তাই তাৰ সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিলে।”
“অ…. মোৰ ফোন এটা আহিছে তোলৈ পিছত ফোন কৰি আছো ৰ” বুলি যতীনে ফোনটো থৈ নিজৰ ভাড়াঘৰৰ কোঠাত থকা বিচনাখনত বহি পৰি পৰিল। যতীনৰ বেয়া লাগিল, বন্ধু প্ৰবালে তাৰ লগত এনেকুৱা অন্যায় কৰিব নালাগিছিল।
যতীনে ভাবিলে এনেকৈ হাত সাৱটি বহি থাকিলে নহ’ব, মই দীপিকাক কথাটো কৈ দিয়াই ভাল। সেয়ে অলপো পলম নকৰাকৈ যতীনে মেছেজ যোগে দীপিকাক প্ৰেমৰ প্ৰস্তাৱটো দিলে আৰু মনত এবোজা চিন্তা লৈ অপেক্ষা কৰি ৰ’ল দীপিকাৰ উত্তৰলৈ।
পাৰিজাত হোষ্টেল, হঠাৎ দীপিকাই তাইৰ বান্ধৱী চন্দনাক সাৱটি ধৰি কৈছে, “আজি মই পাৰ্টি দিম কি খাবি ক ?”
চন্দনাই ক’লে, “কিয় কি হ’ল? আজি তই পাৰ্টি দিব ওলাইছ যে ?”
দীপিকাই ক’লে, “আজি মই বিৰাট সুখী জান, মনে বিচৰাটো হ’লগৈ! মোক আজি যতীনে প্ৰেমৰ প্ৰস্তাৱ দিছে। ক এতিয়া কি খাবি ? আজি ৰেষ্টুৰেন্টত পাৰ্টি মোৰ ফালৰ পৰা।”
চন্দনাই ক’লে, “ৱাহ…. বৰ ভাল লাগিল শুনি, পিছে মোৰ গাটো আজি বৰ ভাল নহয় অ’ পাৰ্টি বেলেগ এদিন খাম। পিছে তই যতীনক উত্তৰ দিলি নে নাই?”
দীপিকাই ক’লে, “দিয়া নাই ৰহ, দিম লাহে লাহে। অলপমান ধৈয্য ধৰি থাকক ৰহচোন সি। কষ্ট দিওঁ মজা লাগে, নে কি কৱ তই হাঃ হাঃ।
চন্দনাই ক’লে, “বেছি চোঁচৰাই নাথাকিবি, কৈ দে তাক এতিয়াই। নহলে চাবি আকৌ, লৰাৰ মনৰ কথা! এবাৰ পিছলিলে শেষ হাঃ হাঃ হাঃ।”
“এৰা… তই ঠিকেই ভাবিছ, ৰহ কওঁ তাক।” চন্দনাক দীপিকাই ক’লে আৰু তাই যতীনলৈ মেছেজ লিখাত লাগিল।
যতীনৰ ভাড়াঘৰ, যতীন ভয়ত পেপোঁৱা লাগি আছে, কি বা কয় দীপিকাই, গালি পাৰিব নেকি!
তেনেতে বহু উৎকণ্ঠাৰ ওৰ পেলাই প্ৰায় আধা ঘন্টাৰ পিছত যতীনলৈ আহিল সেই বাৰ্তাটো তাত দীপিকাই লিখিছে, “মইও তোমাক ভালপাওঁ যতীন দা, কিন্তু কবলৈ ভয় লাগে।”
দীপিকাৰ মেছেজটো পাই যতীন জঁপিয়াই উঠিল, যতীনে পৃথিৱীত থাকিয়েই স্বৰ্গৰ কাননখন ঢুকি পোৱাৰ দৰে অনুভৱ কৰিলে। অৱশেষত যতীন আৰু দীপিকাৰ বন্ধুত্বৰ সম্পৰ্কটো প্ৰেমৰ সম্পৰ্কলৈ ৰূপান্তৰ হ’ল।
তাৰ পৰা দুদিন পিছত যতীনে প্ৰবালক লগ পালে, লগ পাই প্ৰবালক ক’লে “তই মোৰ লগত তেনেকুৱা কৰিব নালাগিছিল ভাই, মই তোৰ কোনো অপকাৰ কৰা নাছিলোঁতো।”
“আবে চৰি ভাই, বাদ দে না… যি হ’ল হৈ গ’ল, তই কথাবোৰ ধৰি নাথাকি মোৰ পুৰণা বন্ধুটোৱেই হৈ থাক। আৰু তহঁতৰ নতুন ৰিলেশ্বনশ্বিপটোৰ কথা অৰূপৰ মুখেৰে জানিলো। এতিয়া পাৰ্টি লাগিব বে মোক, পাৰিলে ট্ৰিপ এটাকে উলিয়া, অসমৰ বাহিৰৰ কোনোবা হিল ষ্টেচনলৈকে যাওঁ তই, মই, অৰূপ, চন্দনা আৰু দীপিকা।” যতীনক উদ্দেশ্যি প্ৰবালে ক’লে।
“হু… হব দে, মই ইমান কথা ধৰি নাথাকো। যোৱাবোৰ হৈয়ে গ’ল, ধৰি থাকি লাভ নো কি। আৰু বাকী ট্ৰিপটোৰ কথা মই আৰু দীপিকা যামেই ধৰ, বাকী তই অৰূপ আৰু চন্দনাৰ লগত কথা পাত, যদি সিহঁত যায় আমিও যাম।” প্ৰবালক যতীনে ক’লে।
“ঠিক আছে দে, মই অৰূপ আৰু চন্দনাক ফোন কৰি কথাটো কম, সিহঁতো যাব বুলিয়েই ধৰ।” যতীনক প্ৰবালে ক’লে।
দুদিনৰ পিছত সকলোৱে সন্মতি প্ৰকাশ কৰি ট্ৰিপটোলৈ যাবলৈ ওলাল। এটা সময়ত এঠাইত সকলো লগ হৈ কাৰ এখন ভাড়া কৰি সকলোৱে যাত্ৰা আৰম্ভ কৰিলে পাহাৰৰ ফালে।
বহু দূৰ যাত্ৰাৰ অন্তত প্ৰবালে আগতীয়াকৈ বুক কৰি থোৱা চাৰি মহলীয়া হোটেলখনৰ সন্মুখত সিহঁতৰ গাড়ীখন ৰ’লগৈ। সকলোৱে গাড়ীৰ পৰা নামিয়েই ঘন কুঁৱলীৰে আৱৰা পাহাৰীয়া অঞ্চলটোৰ সৌন্দৰ্য্য দেখি মন্ত্ৰ মুগ্ধ হৈ পৰিল।
যতীনে চকুৰ ইংগিততে দীপিকাক সোধিলে, “কেনে লাগিছে তোমাৰ?” দীপিকাইও পৰম সন্তুষ্টিৰ হাঁহি এটা মাৰি ভাল লাগিছে বুলি ইংগিতত যতীনক বুজালে।
প্ৰত্যেকেই নিজৰ বেগবোৰ গাড়ীখনৰ পৰা নমাই হাতে হাতে লৈ হোটেলৰ ভিতৰত প্ৰৱেশ কৰিলে। সিহঁত ৰিচিপশ্বন গৈ পোৱাৰ আগতেই বাটেতে অৰূপে ক’লে, “যতীন আৰু দীপিকা তহঁত একেলগে হে থাকিবি ন আজি ? হাঃ হাঃ হাঃ”
দীপিকাই লাজতে মৌন হৈ ৰ’ল।
যতীনে অলপো পলম নকৰাকৈ উত্তৰ দিলে, “কি যে কৈ থাক নহয় অৰূপ ! দীপিকা আৰু চন্দনা দুয়োজনী একেলগে বেলেগ ৰুমত থাকিব, তই আৰু মই বেলেগ এটা ৰুমত থাকিম আৰু প্ৰবাল অকলে থাকিব, কাৰণ সি নিজৰ বাবে চিংগল ৰুম বুক কৰিছে। ব’ল এতিয়া, ৰিচিপশ্বনৰ পৰা নিজা নিজা ৰুমৰ চাবিবোৰ লৈ লওঁগৈ। ”
ৰিচিপশ্বনৰ পৰা সকলোৱে নিজৰ নিজৰ ৰুমৰ চাবিবোৰ লৈ ৰুমৰ ফালে আগবাঢ়িল। ৰুম গৈ পোৱাৰ পিছত সকলোৱে মুখ হাত ধুই অলপ জিৰণি ল’লে। তাৰ কিছুসময়ৰ পিছত সকলোৱে মিলি গাড়ী এখন ভাড়া কৰি পাহাৰীয়া অঞ্চলটো পৰিদৰ্শন কৰিবলৈ হোটেলৰ পৰা যাত্ৰা কৰিলে। পাহাৰীয়া ঠাইবোৰ দৰ্শন কৰি সিহঁত হোটেললৈ উভটি অহালৈ বেলি ডুব গ’ল, ইমানপৰে সিহঁতৰ ভোক আৰু ভাগৰে হেঁচা মাৰি ধৰিলে; সেয়ে উভটি অহাৰ পথতে গাড়ীখন ৰখাই ৰেষ্টুৰেন্ট এখনত সকলোৱে খোৱা বোৱা কৰিলে আৰু এটা সময়ত হোটেললৈ উভটিল। হোটেল আহি পাই সিহঁতে ভাগৰুৱা অনুভৱ কৰিলে সেয়ে সকলোৱে সোনকালে শোৱাৰ সিদ্ধান্ত ল’লে আৰু নিজৰ নিজৰ ৰুমত শুবলৈ গ’ল।
তেতিয়া নিশা এক বাজিছে। চন্দনাই কান্দি কান্দি যতীনক ফোন কৰিলে আৰু ক’লে, “যতীন দা, দীপিকা ৰুমত নাই, তাইৰ ফোনটোও ৰূমতে থৈ গৈছে! মোৰ বৰ ভয় লাগিছে, মই বাথৰুমত বিচাৰিলো তাতো নাপালোঁ তাইক।”
টোপনিৰ জালৰ মাজতে চন্দনাৰ ফোনটো ৰিচিভ কৰা যতীনে দীপিকা ৰুমত নাই বুলি কোৱা শব্দৰ শাৰীটো শুনি একে জাঁপে বিচনাৰ পৰা উঠি লগে লগে দীপিকাহঁতৰ ৰুমৰ ফালে দৌৰিলে। যতীনে সিহঁতৰ ৰুম গৈ পোৱাৰ পিছত দেখে সঁচাকৈয়ে দীপিকা ৰুমত নাই! কিন্তু ক’ত গ’ল দীপিকা ?
উপায়বিহীন হৈ যতীনে অৰূপ আৰু প্ৰবালক ফোন কৰি দীপিকাহঁতৰ ৰুমলৈ মাতিলে। লগে লগে সকলো এটা ৰুমত একগোট হ’ল আৰু দীপিকাৰ সন্ধানত সকলোৱে মিলি হোটেলখনৰ গোটেই দ্বিতীয় মহলাটো চলাথ কৰিবলৈ ধৰিলে। নাই! দীপিকাৰ কোনো সন্ধান নোলাল।
চিন্তিত মনেৰে সিহঁত আটাইকেইটা হোটেলৰ তলৰ মহলাত থকা ৰিচিপশ্বনৰ ফালে আগবাঢ়িল, ৰিচিপশ্বন আহি পায়েই শুই থকা হোটেল কৰ্মচাৰী জনক টোপনিৰ পৰা জগাই দীপিকা সন্ধানহীন হোৱাৰ কথাটো বিবৰি ক’লে।
ঠিক সেইমুহূৰ্ততে বাহিৰৰ পৰা হোটেলৰ নিৰাপত্তাৰ দায়িত্বত থকা কৰ্মচাৰীজনে “মৰিল ঐ…” বুলি চিঞৰ মাৰি হোটেলৰ ৰিচিপশ্বনৰ ফালে দৌৰি আহিল আৰু ক’লে, “হোটেলৰ চোতালত ডেড বডী এটা পৰি থকা দেখিছোঁ, হয়তো ওপৰৰ পৰা জাঁপ দিছে আগতেই।”
তাৰ কথা শুনি সকলোৱে হোটেলৰ চোতালৰ ফালে দৌৰি গ’ল! গৈ দেখে হোটেলৰ চোতালত নিথৰ অৱস্থাত দীপিকাৰ মৃতদেহ পৰি আছে, দুই মহলাৰ ওপৰৰ পৰা পৰি মূৰত আঘাত পাই গোটেইজনী তেজেৰে লুতুৰি পুতুৰি হৈ আছে।
দৃশ্যটো দেখি যতীন বলিয়াৰ দৰে হ’ল, “এইয়া তোমাৰ কি হ’ল!” বুলি চিঞঁৰ মাৰি যতীনে দীপিকাৰ মৃতদেহটোক ধৰিবলৈ যাওঁতেই যতীনক হোটেল নিৰাপত্তাৰ বাবে থকা কৰ্মচাৰীজনে থাপ মাৰি ধৰি ৰখালে আৰু ক’লে, “আপোনাৰ দুখ বুজি পাইছোঁ, এতিয়া আপুনি তেওঁক নুচুব দাদা। আপোনাৰ ভালৰ বাবেই কৈছোঁ; আমি পুলিচক খবৰ দিওঁ, তেওঁলোক আহিব এতিয়াই।”
সকলো দীপিকাৰ মৃতদেহৰ সন্মুখত জুম বান্ধি ৰৈ আছে, তেনেতে চাইৰেন বজাই পুলিচৰ বলেৰ’ গাড়ীখন আৰু লগতে এম্বুলেঞ্চ এখন তীব্ৰ বেগত আহি হোটেলৰ চোতালত ৰ’ল।
গাড়ীৰ পৰা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সাগৰ বৰুৱা আৰু তেওঁৰ সংগী পুলিচসকল নামি আহিল। নামি অহা বৰুৱাক দেখি যতীনে চিঞঁৰি কান্দি কান্দি ক’লে, “তাই আত্মহত্যা কৰিব নোৱাৰে ছাৰ; তাই তেনেকুৱা ছোৱালী নহয়, আঁৰত ৰহস্য আছে।”
বিষয়া সাগৰ বৰুৱাই প্ৰথমে পৰি থকা দীপিকাৰ মৃতদেহটোৰ ওচৰলৈ গ’ল আৰু টৰ্চ মাৰি ভালকৈ চালে আৰু ক’লে, “ইচ… ওপৰৰ পৰা পৰি বৰ বেয়াকৈ মৃত্যু ঘটিছে।”
বিষয়া বৰুৱা অলপ পিছুৱাই আহি জুম বান্ধি ৰৈ থকা যতীনহঁতৰ ওচৰ পাই ক’লে, “ঘটনাটোৰ বাবে আমি দুঃখিত, আমি এইখিনি সময়ত একো ক’ব নোৱাৰো, তথ্যৰ ভিত্তিত হে আমি আগবাঢ়িব পাৰিম। চাওঁ… কি হয়, মৃত গৰাকীৰ লগত আপোনালোক যিমান লোকৰ সম্পৰ্ক আছে আপোনালোক কোনেও যাতে এই হোটেল এৰি নাইবা চহৰ এৰি নাযায় আমি আহ্বান জনালোঁ।”
“ঠিক আছে ছাৰ, মইতো বিচাৰো দোষীয়ে শাস্তি পাওঁক।” প্ৰবালৰ ফালে চাই যতীনে আৰক্ষী বিষয়া বৰুৱাক উদ্দেশ্যি ক’লে।
বিষয়া বৰুৱাই ক’লে, “এই হোটেলৰ মেনেজাৰ ক’ত আছে ? চাওঁ ওলাই আহক এইফালে।”
জুম বান্ধি থকা মানুহজাকৰ মাজৰ পৰা ভয়ে ভয়ে মেনেজাৰজনে ওলাই আহি ক’লে, “কওঁক ছাৰ”
বিষয়া বৰুৱাই ক’লে, “আমাৰ অনুসন্ধান চলিব যিহেতু সেয়ে মৃতক থকা আপোনালোকৰ হোটেলৰ ৰূমটো ছিল কৰা হ’ব আৰু শুনক, আজিৰ দিনটোত হোটেলত কৰ্মৰত সকলো কৰ্মচাৰীৰ তথ্য মোক লাগে, লগতে আজিৰ দিনত ইয়াত কাম কৰা কৰ্মচাৰীক চহৰ এৰি নাযাবলৈ আহ্বান জনালোঁ।
“ঠিক আছে ছাৰ, যদিও এবাৰ আপুনি মালিকক কৈ দিয়ক ফোনত তেওঁ কৰ্মচাৰী সকলক নিৰ্দেশ দিব।” মেনেজাৰজনে আৰক্ষী বিষয়া বৰুৱাক কলে।
বিষয়া বৰুৱাই ক’লে, “মহাশয়, ইয়াত এগৰাকী মানুহৰ মৃত্যু হৈছে ! আত্মহত্যা নে হত্যা এতিয়াও সন্দেহৰ মাজতে আছে, ইয়াত কোনেও চান্দা বিচাৰি অহা নাই যে কথাটো আপুনি প্ৰথমে মালিকক সুধিব লাগিব। মই যিটো কৈছো, সেইটো কৰক।”
“চৰি ছাৰ, ঠিক আছে। মই সকলোকে এতিয়াই জনাই দিম।” মেনেজাৰজনে কলে।
বিষয়া বৰুৱাই যতীনহঁতলৈ চাই ক’লে, “মৃতকৰ লগত কোন আছিল ?”
যতীনে ক’লে, “ছাৰ আমি ফুৰিব আহিছিলোঁ পাঁচ জন, যদিও আমি বেলেগ বেলেগ ৰুমত আছিলোঁ, মৃতকৰ লগত কেৱল চন্দনা আছিল।”
বিষয়া বৰুৱাই ক’লে, “আপোনালোক আটাইকে আমাৰ বেছিকৈ প্ৰয়োজন হ’ব, আপোনালোকৰ ফোন নম্বৰ সমূহ আমাক দিব লাগিব, যেতিয়া আপোনালোকক প্ৰয়োজন হয় আমি থানালৈ মাতিম। তথাপিও আমি এই মুহূৰ্তত এটা প্ৰাথমিক তদন্ত কৰিম গতিকে সকলোৱে সহযোগিতা কৰি ঘটনাটো ঘটা ৰূমটোলৈ ব’লক।”
সকলো দীপিকাহঁত থকা ৰূমটোলৈ আগবাঢ়িল। সকলোৱে ৰুমৰ সন্মুখ পোৱাৰ পিছত বিষয়া বৰুৱাই ক’লে, “আপোনালোক এতিয়া বাহিৰতে দুৱাৰ মুখতে ৰওক, আমি তদন্ত আৰম্ভ কৰোঁ।”
বিষয়া বৰুৱা আৰু তেওঁৰ সংগীসকল ৰূমটোৰ ভিতৰলৈ সোমাই গৈ তন্ন তন্নকৈ সকলোবোৰ চালে আৰু আৰক্ষী বিষয়া বৰুৱা ৰূমটোৰ বেলকনিৰ ফালে গ’ল, ইফালে সিফালে চাই পুনৰ তেওঁ ৰূমটোলৈ ঘূৰি আহিল। হঠাৎ বৰুৱাই দেখিলে বিচনাখনত অকণমান মাত্ৰ তেজৰ দাগ এটা আছে, কিছুপৰ চিন্তা কৰি বিষয়া বৰুৱাই নিজৰ ফোনত সেই তেজৰ দাগটো সহিতে সম্পূৰ্ণ ৰূমটোৰ ভিডিঅ’ এটা কৰি ললে আৰু বাহিৰলৈ ওলাই আহিল।
বাহিৰলৈ ওলাই আহি আৰক্ষী বিষয়া বৰুৱাই সকলোকে উদ্দেশ্যি ক’লে, ‘পিছে… মৃতকৰ লগত কোন আছিল ? তেওঁ বিবাহিত নে অবিবাহিত ?”
চন্দনাই মাত লগালে, “ছাৰ, তাই অবিবাহিত। এই ৰূমটোত তাই মোৰ লগতে আছিল। দিনটো ঘূৰি ফুৰি আমি বহুত ভাগৰুৱা হৈ পৰিলোঁ বাবে সকলোৱে সোনকালে শুলো, কিন্তু এটা সময়ত অজ্ঞাত কাৰণত মোৰ টোপনি ভাঙিল। কাষৰ ফালে চাই দেখোঁ মোৰ লগত দীপিকা নাই! ইফালে সিফালে চালোঁ নেদেখিলোঁ, বাথৰুমত চালোঁ নাই , ইফালে বেলকনিতো নাপালোঁ তাইক! তাৰ পিছত মোৰ চিন্তা লগাত মই যতীন দাক ফোন কৰি মাতিলোঁ। আৰু তাৰ পিছত…. তাৰ পিছত সকলো আপুনি জানেই।”
বিষয়া বৰুৱাই ক’লে, “কিন্তু আপোনালোক শুৱা বিচনাত অলপমান তেজৰ চেঁকুৰা পাইছোঁ কিন্তু আমি।”
চন্দনাই ক’লে, “নাজানো ছাৰ মই সেই বিষয়ে, আঠুৱা নাই লগোৱা আমি সেয়ে মহে কামুৰি আছিল চাগৈ টোপনিতে গম নাপালোঁ, মহটোৱে তেজ খাই খাই নোদোকা হৈ যোৱাৰ পিছত সি হেঁচা খাই মৰিবও পাৰে, হয়তো তাৰেই তেজ চাগৈ।”
চন্দনাৰ কথাখিনি শুনি বিষয়া বৰুৱাই অলপ আঁতৰি গৈ লগত অহা আন এজন পুলিচ শৰ্মাক উদ্দেশ্যি ক’লে, “শৰ্মা, এওঁলোকৰ মোবাইল নম্বৰ আৰু আই ডি কাৰ্ডবোৰ জমা লৈ লোৱা আৰু মৃতকৰ আই ডি কাৰ্ড ও লবা, তেওঁৰ পৰিয়ালৰ মানুহক খবৰ দি থানালৈ মাতিব লাগিব। অ আৰু শুনা, ডেডবডী পোষ্টমৰ্টেমৰ বাবে পঠাই দিয়া, লগতে মৃতক থকা হোটেলৰ ৰুমটো এতিয়াই ছিল কৰি দিয়া আৰু বেডকভাৰখনৰ তেজ লাগি থকাখিনি কাটি সেই তেজৰ নমুনা লেবৰেটৰীলৈ পঠাই দিয়া।”
বৰুৱা সেই ঠাইৰ পৰা আঁতৰি গ’ল, পুলিচ কৰ্মী শৰ্মাই সকলোৰে ফোন নম্বৰবোৰ কেচ ডায়েৰীত লিখি লোৱাৰ লগতে সকলোৰে আইডি কাৰ্ডবোৰ জমা ল’লে আৰু ৰূমটোৰ ভিতৰত বিচনাত পোৱা তেজৰ চেঁকুৰাকণ কেচিৰে কাটি নিজৰ লগত লৈ ৰূমটো ছিল কৰি সেই ঠাইৰপৰা আঁতৰি গ’ল।
ইমান পৰে মৌন হৈ থকা যতীনে প্ৰবাললৈ কেৰাহিকৈ চাই মাত লগালে, “দোষী কোন অতি সোনকালে ধৰা পৰিব, ক’ত সাৰিব পাৰিব আইনৰ চকুত ধূলি দি। বডী লেংগুৱেজত বিষয়া বৰুৱা বাঘ যেন লাগিছে, দোষী মৰিল এইবাৰ।”
হোটেল কৰ্তৃপক্ষৰ দ্বাৰা চন্দনাক অন্য এটা ৰুমলৈ স্থানান্তৰ কৰা হ’ল আৰু এটা সময়ত সকলো নিজৰ ৰুমত শুবলৈ গ’ল, কিন্তু ৰাতিটো কাৰো চকুত টোপনি নাহিল।
পিছদিনা পুৱা আঠ বাজিছে, এটা বিষন্ন মন লৈ যতীন আৰু অৰূপে সিহঁতৰ ৰুমৰ বেলকনিত থিয় হৈ বাহিৰৰ ফালে মৌন হৈ চাই আছে। তেনেতে যতীনৰ ফোনটো বাজি উঠিল, যতীনে ফোনটো ৰিচিভ কৰি ক’লে, “হেল্ল’ কওঁকচোন…”
“আপুনি যতীন হয়নে ? মই উদয়পূৰ থানাৰ পৰা ক’লো, আপোনাক ছাৰে এতিয়াই থানালৈ মাতি পঠাইছে, কেৱল আপুনি আহিব।” থানাৰ পৰা অহা ফোনটোত ক’লে।
যতীনে ক’লে, “ঠিক আছে ছাৰ, মই এতিয়াই গৈ আছোঁ।”
অৰূপে যতীনক সুধিলে, “কি হ’ল ভাই ? কিবা ক্লু ওলাইছেনে ? কি ক’লে ?”
“নাই ৰ…. মোক অকলে মাতি পঠিয়াইছে, সেয়ে মই এতিয়া যাওঁ! কি হয় চাওঁগৈ।” যতীনে অৰূপক ক’লে।
লগে লগে যতীনে টিচাৰ্টটো পিন্ধি থানালৈ ওলাই গ’ল আৰু এটা সময়ত থানা গৈ পালেগৈ।
যতীনে থানা গৈ পাই দেখিলে থানাত দীপিকাৰ পৰিয়ালৰ লোক বহি আছে। সকলোৱে খঙেৰে যতীনলৈ চালে, যতীনে দোষী দোষী মনোভাৱেৰে তলমূৰ কৰি আগুৱাই গৈ আৰক্ষী বিষয়া সাগৰ বৰুৱাৰ টেবুলৰ মুখত উপস্থিত হৈ ক’লে, “ছাৰ… মোক মাতিছিল।”
“হয় যতীন, বহক আপুনি।” বিষয়া বৰুৱাই ক’লে।
বিষয়া বৰুৱাৰ টেবুলৰ সন্মুখত থকা চকী দুখনৰ এখন চকীত যতীন বহিল।
বিষয়া বৰুৱাই ক’লে, “আপুনি জানেনে কিমান নৃশংসভাবে দীপিকাক হত্যা কৰা হৈছে?”
“হয় ছাৰ, দেখিছোঁৱে! কিমান ওপৰৰ পৰা তাইক পেলাই দিছে।” যতীনে ক’লে।
“দীপিকাৰ পোষ্টমৰ্টেম ৰিপৰ্ট আহিল, তাইক কেৱল ওপৰৰ পৰা পেলাই দি হত্যা কৰা নাই!” বিষয়া বৰুৱাই ক’লে।
“মানে…. ছাৰ?” যতীনে ক’লে।
বিষয়া বৰুৱাই ক’লে, “দীপিকাৰ পোষ্টমৰ্টেম ৰিপৰ্টত তাইৰ দেহত অতিমাত্ৰা ড্ৰাগছৰ স্থিতি পোৱা গৈছে আৰু ৰিপৰ্টত অহা মতে দীপিকা ধৰ্ষণৰ বলিও হৈছে।”
বিষয়া বৰুৱাৰ কথা শুনি যতীনৰ বুকুখন ধমহকৈ মাৰিলে; সি কিবাকৈ নিজক চম্ভালি লৈ বিষয়া বৰুৱাক ক’লে, “ছাৰ কি হৈছে একো ধৰিব পৰা নাই।”
“শুনক, মই ভাবো সেই নিশা প্ৰথমে তাইক ড্ৰাগছৰ অভাৰ ড’জ দি সংজ্ঞাহীন কৰি লোৱা হ’ল আৰু তাৰপিছত অতি নাৰকীয়ভাবে ধৰ্ষণ কৰি তাইক ওপৰৰ পৰা তললৈ পেলাই দিয়া গৈছে! যাৰ ফলত তাইৰ মৃত্যু ঘটিল আৰু বিচনাত যিকণ তেজৰ চেকুৰা পাইছিলোঁ, সেই তেজৰ নমুনা দীপিকাৰ লগত মিলে, সেই তেজৰ চেকুৰাকণ হয়তো তাই ধৰ্ষিতা হোৱাৰ সময়ৰ নতুবা তাইক ড্ৰাগছ ইনজেক্ট কৰোতে ছালৰ পৰা ওলোৱা তেজ। এতিয়া আপুনি বুজি পাইছে হয়তো মোৰ কথাবোৰ।” আৰক্ষী বিষয়া বৰুৱাই ক’লে।
“অ… কি হয় নহয় নাজানো ছাৰ! মোৰ কিন্তু এজনৰ ওপৰত সন্দেহ হৈছে যিহেতু আপুনি ড্ৰাগছৰ কথাটো কৈছে, আৰু তাই ধৰ্ষিতা হোৱাৰ পৰা ফালৰ পৰা চাবলৈ গ’লেও একেজন মানুহৰ ওপৰতে মোৰ সন্দেহ হয়, কিয়নো সি তাইৰ প্ৰতি অতি দুৰ্বল।” যতীনে আৰক্ষী বিষয়া বৰুৱাক ক’লে।
“সন্দেহ ? কাৰ ওপৰত কৰে আপুনি ?” বিষয়া বৰুৱাই ক’লে।
যতীনে ক’লে, “মই সন্দেহ প্ৰবালক কৰোঁ, কিছুদিন আগতে মোক দীপিকাই কৈছিল প্ৰবালে বোলে নিজৰ দেহত ড্ৰাগছৰ বেজী লয়! দুমাহ মান আগতে প্ৰবালৰ বাৰ্থডে পাৰ্টিত প্ৰবালে বাথৰুমৰ ওচৰত ড্ৰাগছ লৈ থকা দীপিকাই নিজ চকুৰে দেখিছিল আৰু তাক সকীয়নীও দিছিল আৰু দ্বিতীয় দিন ড্ৰাগছ লোৱা দেখিলে পুলিচক জনাম বুলি। আৰু তাৰ কিছুদিনৰ পিছত প্ৰবালে দীপিকাক প্ৰেমৰ প্ৰস্তাৱো দিছিল কিন্তু তাই সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে। সেয়ে মই ভাবোঁ, প্ৰবালে প্ৰতিশোধ আৰু ঈৰ্ষান্বিত হৈ তাইক ধৰ্ষণ কৰি বৰ্বৰতাৰে হত্যা কৰিলে।”
“আচ্ছা… কথা মানে সেইটোহে! কোন এই প্ৰবাল, তেন্তে অলপ পিছত মই নিজে যাম হোটেললৈ। সকলোকে পুনৰ লগ পাই অনুসন্ধান চলাব লাগিব। এতিয়া আপুনি যাব পাৰে।” বিষয়া বৰুৱাই যতীনক ক’লে।
যতীন থানাৰ পৰা ওলাই পুনৰ হোটেললৈ ৰাওনা হ’ল আৰু ইফালে যতীন থানাৰ পৰা হোটেল আহি পোৱালৈ ইমানপৰে প্ৰবাল, চন্দনা আৰু অৰূপে যতীনলৈ অপেক্ষা কৰি আছিল, যতীন আহি হোটেল পালে মাত্ৰ, সকলো তাৰ ফালে দৌৰি গৈ সুধিলে “কি হল? কি কলে? কিবা তথ্য পালেনে?”
“নাই… একো নাই” বুলি এটা বিষন্ন মন লৈ যতীন নিজৰ কোঠাত সোমালগৈ।
তেতিয়া দুপৰীয়া ১২ বাজিছে, লেবৰেটৰীৰ এটা দল আৰু এজাক পুলিচকৰ্মীৰ সৈতে হোটেলত উপস্থিত হ’ল আৰক্ষী বিষয়া সাগৰ বৰুৱা। হোটেলত উপস্থিত হৈয়েই তেওঁ সকলোকে ৰিচিপশ্বনৰ সন্মুখলৈ মাতিলে। এটা সময়ত সকলো একগোট হৈ ৰিচিপশ্বন ৰুমত উপস্থিত হ’ল।
আৰক্ষী বিষয়া বৰুৱাই ক’লে, “আজিলৈকে এনেকুৱা এটা গোচৰ নাই, যিটো মই সমাধান কৰা নাই। এই গোচৰটোও মই বিফল হবলৈ নিদিওঁ, দোষী জালত পৰো পৰো।”
সকলোৱে পৰস্পৰৰ মুখলৈ চালে।
বিষয়া বৰুৱাই পুনৰ ক’লে, “আপোনালোকে হয়তো নাজানে, দীপিকাক ড্ৰাগছৰ অভাৰ ড’জ দি ধৰ্ষণ কৰি হত্যাকৰা গৈছে। কথা হয় সেই সময়ত তাইৰ লগতে থকা চন্দনাই কি কৰি আছিল? ক’ত আছিল তাই ?”
চন্দনাই কান্দি কান্দি ক’লে, “ছাৰ মোক বিশ্বাস কৰক মই এইবোৰ একো নাজানো, মই শোৱাৰ পৰা উঠি দৰ্জাখনো আনলক হৈ থকা পাইছিলোঁ! যদিও জপাই থোৱা আছিল। তাইতো আগতীয়াকৈ দৰ্জা খুলি ওলাই যাব পাৰে, তাই বেলেগতো ড্ৰাগছ ল’ব পাৰে আৰু ধৰ্ষিতা অন্য ৰূমটো হব পাৰে।”
“হাঃ হাঃ ভাল লাগিল বাৰু তোমাৰ কথা কেইটা শুনি। পিছে শুনাচোন, বিচনাখনত পৰি থকা তেজৰ চেঁকুৰাকণৰ যি নমুনা আছিল, সেয়া দীপিকাৰ তেজৰ লগত মিলে। এতিয়া কোৱা কি কবা তুমি ?”
চন্দনা মৌন হৈ ৰ’ল।
আৰক্ষী বিষয়া বৰুৱাই পুনৰ মাত লগালে, “প্ৰবাল কোন বাৰু ? ওলাই আহকচোন, চাওঁ মুখ খন।”
একগোট হৈ থকা মানুহখিনিৰ মাজৰ পৰা প্ৰবাল ওলাই গৈ ক’লে, “ছাৰ ময়েই প্ৰবাল।”
আৰক্ষী বিষয়া বৰুৱা প্ৰবালৰ ফালে আগুৱাই আহিল আৰু থাপ মাৰি প্ৰবালৰ হাত দুখনত ধৰি তাৰ হাত দুখন চাই ক’লে, “আপোনাৰ হাতৰ সিৰৰ লগে লগে এইবোৰ কিহৰ দাগ ? ইমানবোৰ খোঁচ খোৱা চিন যে ?”
প্ৰবালে থতমত খালে আৰু পৰিস্থিতি চম্ভালি ক’লে, “হাঃ হাঃ হাঃ অ’… এইবোৰ ন ? এইবোৰ ছাৰ গেচৰ আই ভি ইঞ্জেক্সন লোৱা দাগ। মোৰ গেচৰ সমস্যা আছে, সেয়ে প্ৰায় বেজী লৈ থাকোঁ।”
“আচ্ছা ? মই আকৌ অন্য কিবা বুলিহে ভাবিছিলোঁ।” বিষয়া বৰুৱাই ক’লে।
সকলো মৌন হৈ ৰৈ আছে, সকলোলৈ চাই চাই আৰক্ষী বিষয়া বৰুৱাই ইফালৰ সিফাল কৰি খোজ কাঢ়ি আছে আৰু এটা সময়ত বিষয়া বৰুৱাই মাত লগালে, “যিহেতু তাই ধৰ্ষিতাও হ’ল, এপাত তালটো অকলে নাবাজে ন ? নাইবা তাই নিজে নিজেতো ধৰ্ষিতা কেতিয়াও নহয়! কোনোবা পুৰুষ জড়িত থাকিবই লাগিব। গতিকে প্ৰবাল, যতীন আৰু অৰূপে এতিয়া নিজৰ বীৰ্যৰ নমুনা আমাৰ ফৰেঞ্চিক টিমক জমা দিব লাগিব। যাৰ বীৰ্যৰ নমুনা দীপিকাৰ দেহত পোৱা বীৰ্যৰ লগত মিলে, আমি নিশ্চিত হম দীপিকাৰ ধৰ্ষণৰ আঁৰত থকাজন তেওঁৱে। আশাকৰো আপোনালোকে আমাক সহযোগ কৰিব।”
” নাই নাই ছাৰ! এইবোৰ ভয় লাগে, কেনেকৈ গ্ৰহণ কৰিব সেয়া নমুনা ? আমি নোৱাৰো দেই অপাৰেচন চপাৰেচন কৰিব।” একগোট হৈ থকা মানুহজাকৰ মাজৰপৰা অৰূপে অলপ ওলাই গৈ ক’লে।
“চিন্তাৰ কাৰণ নাই, স্পাৰ্ম ডনেশ্যন চেণ্টাৰবোৰত মানুহে স্পাৰ্ম ডনেট কেনেকৈ কৰে ? সেই তেনেকৈয়ে দিব লাগিব আপোনালোকে।” আৰক্ষী বিষয়া বৰুৱাই ক’লে।
লগে লগে বিষয়া বৰুৱাৰ লগত অহা ফৰেঞ্চিক লেবৰেটৰীৰ দলটোক বিষয়া বৰুৱাই নিৰ্দেশ দি ক’লে, “এওঁলোকক পৃথকে পৃথকে নি তোমালোকে চেম্পুল বোৰ সংগ্ৰহ কৰি লোৱা, আৰু ৰিপৰ্ট যিমান পাৰি সোনকালে দিয়াৰ ব্যবস্থা কৰিবা।”
ফৰেঞ্চিক লেবৰেটৰীৰ দলটোৱে পৃথকে পৃথকে প্ৰবাল, অৰূপ আৰু যতীনৰ বীৰ্যৰ নমুনা সমূহ সংগ্ৰহ কৰি এটা সময়ত আৰক্ষীৰ দলটোৰ সৈতে হোটেলৰ পৰা প্ৰস্তান কৰিলে।
হোটেলত থকা প্ৰতিজন মানুহৰ মুখত কৌতুহল বিৰাজমান! সকলোৰে মনত ইটোৰ পিছত সিটো প্ৰশ্নৰ উদয় হৈছে, কোনে আৰু কি কাৰণে হত্যা কৰিলে দীপিকাক ? পুলিচ বিষয়া সাগৰ বৰুৱাই অনুসন্ধান চলাই উলিয়াব পাৰিব জানোঁ দোষী কোন ! হোটেলত থকা সকলোৱে সেই ৰাতিটো কৌতুহলৰ মাজতে পাৰ কৰিলে।
ৰাতিপুৱাল, চাইৰেন বজাই তীব্ৰ বেগত পুলিচৰ গাড়ীখন ঘটনাস্থলী হোটেলৰ সন্মুখত ৰ’লহি। গাড়ীৰ পৰা এদল সহকৰ্মীৰ লগত খৰ খোজে নামি আহিছে আৰক্ষী বিষয়া সাগৰ বৰুৱা। বিষয়া বৰুৱাই আহিয়েই ৰিচিপশ্বনত ক’লে, “যিমান পাৰে সোনকালে দীপিকাৰ লগত ফুৰিবলৈ অহা সকলক ইয়ালৈ মাতি দিয়ক।” আৰক্ষী বিষয়া বৰুৱাৰ আদেশমতে হোটেলৰ কৰ্মচাৰীয়ে সকলোকে ৰিচিপশ্বন ৰুমলৈ মাতিলে। এটা সময়ত সকলো আহি আৰক্ষী বিষয়া সাগৰ বৰুৱাৰ সন্মুখত উপস্থিত হ’ল আৰু বিষয়া বৰুৱাই ক’লে, “দীপিকাৰ সকলোবোৰ ৰিপৰ্ট আহিল, আমি সদায় তথ্যভিত্তিত কাম কৰি আহিছো আৰু আমাৰ ফৰেঞ্চিক এক্সপাৰ্ট সকলে দিয়া ৰিপৰ্ট কেতিয়াও মিছা নহয়।”
“ছাৰ… কি আহিল বাৰো শেহতীয়া ৰিপৰ্টত?” প্ৰবালে ক’লে।
“কিহে তোমাৰচোন বৰ উৎপাত লাগিছে, কিয় ?” বিষয়া বৰুৱাই ক’লে।
“নহয় মানে ছাৰ….!” প্ৰবালে ক’লে।
আৰক্ষী বিষয়া বৰুৱাই ক’লে সহকৰ্মী আৰক্ষীৰ দলটোলৈ চাই ক’লে, “এই চন্দনা আৰু অৰূপক এতিয়াই গ্ৰেপ্তাৰ কৰক, দীপিকাৰ দেহত পোৱা বীৰ্যৰ নমুনা অৰূপৰ বীৰ্যৰ লগত মিলে।”
লগে লগে আৰক্ষীৰ দলটোৰ পুৰুষ আৰু মহিলা আৰক্ষী মিলি চন্দনা আৰু অৰূপক গ্ৰেপ্তাৰ কৰিলে।
হোটেলৰ সকলো আচৰিত হ’ল! সকলোৰে মনত এটাই প্ৰশ্ন উদয় হ’ল, “চন্দনা বাৰু মানিব পাৰি কিয়নো তাই দীপিকাৰ লগতে আছিল, কিন্তু অৰূপ ! অৰূপ কিয় ?”
আৰক্ষী বিষয়া সাগৰ বৰুৱাই দোষী চন্দনা আৰু অৰূপৰ ফালে চাই ক’লে, “এতিয়া মই কিবা কম নে তহঁতে নিজে স্বীকাৰুক্তি দিবি ?”
অৰূপে চিঞঁৰি ক’লে, “নাই ছাৰ মই দোষী নহয়, আপোনালোকৰ লেবৰেটৰীত কিবা ভুল হৈছে।”
“হয় নেকি ? এক মিনিট তেনেহলে, এইটো ভিডিঅ’ত কোন এইজন ?” নিজৰ মোবাইলত থকা ভিডিঅ’ ক্লিপ এটা দেখুৱাই অৰূপক উদ্দেশ্যি বিষয়া বৰুৱাই ক’লে।
অৰূপ মৌন হৈ ৰ’ল।
বিষয়া বৰুৱাই পুনৰ ক’লে, “কালি মই ইয়াৰপৰা যোৱাৰ আগতে হত্যাকাণ্ড হোৱা তাৰিখটোৰ সকলো CCTV ফুটেজ চালোঁ, ফুটেজত দেখা পালোঁ অৰূপ দীপিকাৰ ৰুমত সোমাই গৈ প্ৰায় ডেৰ ঘণ্টা পিছতহে ঘূৰি আহিছে। কোন দোষী মই তেতিয়াই বুজিব পৰিছিলোঁৱে কিন্তু এই গোচৰৰ উপযুক্ত তথ্য বীৰ্যৰ নমুনাৰ পৰা অহা উত্তৰলৈ ৰৈ আছিলোঁ আৰু মই CCTV অপাৰেটৰজনক এই কথা প্ৰথমে মুকলি কৰিবলৈ মানা কৰিছিলোঁ যাতে দোষীয়ে আগতীয়াকৈ পলাবলৈ সুযোগ নাপায়। হাঃ হাঃ হাঃ হাঃ কৈছিলোঁ ন, আমি তথ্যৰ ভিত্তিতহে কাম কৰোঁ।”
হোটেলত নিস্তব্ধতা বিৰাজ কৰিলে।
আৰক্ষী বিষয়া বৰুৱাই চন্দনাক কলে, ” লাজ লগা কথা নহয় নে ? লগৰে এজনী ছোৱালীক ধৰ্ষণ কৰা হ’ল তোমাৰ চকুৰ আগত! এই চকুহালে কেনেকৈ চাই থাকিব পাৰিলে বাৰু সেই বৰ্বৰতা ! আৰু তাৰ পিছত দুয়ো মিলি হত্যা কৰিলা। ”
চন্দনাই কান্দি কান্দি ক’লে, “ছাৰ মোৰ ভুল হ’ল, দীপিকাক যতীন দাই ভালপাইছিল আৰু মই যতীনদাক ভালপাইছিলোঁ, সেয়ে মই ঈৰ্ষান্বিত হৈ অৰূপদাৰ লগত লগ লাগি এই নৃশংস হত্যাকাণ্ড কৰিলোঁ।”
চন্দনাৰ একো কথাৰ উত্তৰ নিদি আৰক্ষী বিষয়া বৰুৱাই অৰূপৰ ফালে চালে; অৰূপে লগে লগে ক’লে, “আচলতে দীপিকাক মইও ভালপাইছিলোঁ! মই আগতেই জানিছিলোঁ তাই কেতিয়াও মোৰ হ’ব নোৱাৰে, কাৰণ তাই যতীনক ভালপাই। মনৰ মাজত যিকুৰা অপ্ৰাপ্তিৰ জুই জ্বলি আছিল মই তাক শান্ত কৰিব পৰা নাছিলোঁ, সেয়ে ভাবিলোঁ দীপিকা মোৰ নহয় যেতিয়া আন কাৰো হ’ব নোৱাৰে। এইক মই শেষ কৰি দিম, কিন্তু শেষ কৰাৰ আগতে এবাৰৰ বাবে হ’লেও তাইক নিজৰ কৰি হে এৰিম, সেয়ে মই তাইক ধৰ্ষণ কৰিলোঁ।”
“কিন্তু তই কেনেদৰে পৰিকল্পনা কৰি আগবাঢ়িছিলি ?” আৰক্ষী বিষয়া বৰুৱাই অৰূপক সোধিলে।
অৰূপে ক’লে, “সেইদিনা ৰাতি আমি সকলো শুলো যদিও টোপনিৰ ভাও জুৰি মই আৰু চন্দনা সাৰ পাই থাকিলোঁ। তেতিয়া চাৰে এঘাৰ মান বাজিছিল, মই মোৰ কাষৰ বিচনাত শুই থকা যতীনলৈ চালোঁ, দেখা পালোঁ সি টোপনিত লাল কাল হৈ শুই আছে। হাতৰ সাৰে ভৰিৰ সাৰে মই আমাৰ ৰুমৰ পৰা ওলাই দীপিকাৰ ৰুমৰ ফালে খোজ ল’লো। আগতীয়া পৰিকল্পনা অনুসৰি চন্দনাই সিহঁতৰ ৰুমৰ দুৱাৰৰ হুক লগাই থোৱা নাছিল, মই সিহঁতৰ ৰুম পাই দুৱাৰখন লাহেকৈ খুলিলোঁ। দুৱাৰ খুলি দেখোঁ দীপিকা টোপনিত লাল কাল হৈ শুই আছে, তেনেতে মই যোৱা গম পাই টোপনিৰ ভাও জুৰি শুই থকা চন্দনাও উঠি বহিল। লগে লগে চন্দনাক মই আবেলিতে দি থোৱা ড্ৰাগছৰ ইঞ্জেকচনটো চন্দনাই ৰেডী কৰিলে, মই একো নাভাবি দীপিকাৰ গাত জঁপিয়াই পৰিলোঁ আৰু তাইৰ মুখত সোপা দি ধৰিলোঁ, সেই সুযোগতে চন্দনাই তাইৰ হাতত থকা ড্ৰাগছৰ ইঞ্জেক্সনটো দীপিকাৰ গাত ভৰাই দিলে আৰু লাহে লাহে দীপিকা সংজ্ঞাহীন হৈ পৰিল, আৰু তাৰ পিছত মই দীপিকাক ধৰ্ষণ কৰিলোঁ চন্দনাৰ চকুৰ সন্মুখতে। দীপিকা বিচনাত অচেতন অৱস্থাত আছিল, সুযোগ বুজি চন্দনা আৰু মই মিলি দীপিকাক দাঙি বেলকনিৰ দুৱাৰ খুলি বেলকনিলৈ লৈ গলো আৰু তাইক ওপৰৰ পৰা তললৈ পেলাই দিলো। কিন্তু তেতিয়া মোৰ মনত চিন্তা হ’ল, মোৰ লগত ৰুমত থকা যতীনে যদি সাৰ পাই আমি ধৰা পৰি যাম সেয়ে যিমান পাৰোঁ সোনকালে মই সেই স্থানৰ পৰা উভতি আহি নিজৰ ৰুমত শুই পৰিলোঁ আৰু আগতীয়া পৰিকল্পনা মতে মই ৰুম আহি পোৱাৰ ১০ মিনিট পিছত দীপিকাক বিচাৰি পোৱা নাই বুলি চন্দনাই যতীনলৈ ফোন কৰিলে।”
“হু…. ঘটনাৰ আঁৰৰ কথা এইখিনিয়ে, সাগৰ ফুকনৰ হাতৰ পৰা কোনো দোষী সাৰি যাব নোৱাৰে আৰু ভুক্তভোগীয়েও উচিত ন্যায় পাই, এতিয়া ব’ল কাৰাগাৰ তহঁতৰ বাবে ৰৈ আছে।” আৰক্ষী বিষয়া বৰুৱাই ক’লে।
ক্ষন্তেক পিছতে আৰক্ষীৰ দলটোৱে চন্দনা আৰু অৰূপক লৈ গ’ল।
“ঐ… তোৰ দুখ বুজি পাইছোঁ, কি কবি আৰু! মোৰ ভাষা নাই কবলৈ একো। যি হ’ল হ’ল ভাই, জীৱনটো তই এতিয়া নতুনকৈ আৰম্ভ কৰ, মইও নতুনকৈ নিজৰ জীৱনটো ভালকৈ গঢ় দিও ভাবিছোঁ নিচাযুক্ত দ্ৰব্য আৰু নাখাও।” প্ৰবালে যতীনক উদ্দেশ্যি ক’লে।
“হব দে ভাই, ঘৰলৈ যাওঁগৈ ব’ল এতিয়া… তাইক জীৱনত পাহৰিব নোৱাৰিম অ’ মই।” এনেকৈ কৈ যতীনে প্ৰবালক সাৱটি ধৰি হুকহুকাই কান্দি উঠিল।
এদিন পাৰ হ’ল, প্ৰবাল আৰু যতীনে সেই ঠাইৰ পৰা নিজৰ ঠাইলৈ ঘূৰি আহিল।
আৰক্ষী বিষয়া বৰুৱাই হাতত বাতৰি কাকতখন লৈ পঢ়িব লৈছে, তেনেতে বৰুৱাৰ চকু পৰিল বাতৰি কাকতৰ এটা শিৰোনামাত; তাত লিখা আছিল, “আৰক্ষীৰ পিষ্টল কাঢ়ি পাহাৰীয়া যাত্ৰাপথত গাড়ী ৰখাই আৰক্ষীলৈ গুলি কৰি পলায়নৰ চেষ্টা কৰা দুই হত্যাকাৰী আৰক্ষীৰ গুলিত নিহত।”
হাঃ হাঃ কৈ হাঁহি এটা মাৰি আৰক্ষী বিষয়া সাগৰ বৰুৱাই বাতৰি কাকতখন জপাই থ’লে।
লিখক : নিলোৎপল বৰা